নাম-উপনাম


https://biriyaa.com/

মানুহৰ নাম ৰখাটো এটা কম কথা নহয়। কোৱা হয় যে মাংস / নামৰ পৰাই মানুহজনৰ বিষয়ে কেইবাটাও বস্তু উলিয়াব পাৰি। কিন্তু কেতিয়াবা সেইটো নিমিলে। আমাৰ কাষতে এটা মানুহ থাকে। জীৱনত সি কাহানিও স্কুলত ভৰি থৈ নাপালে। তাৰ নাম ‘বিদ্যাসাগৰ’। আৰু এটা ভিখাৰী বহে আমাৰ ঘৰৰ কাষতে। নাম তাৰ ‘ৰাজা’। এইবোৰৰ লগতে আৰু এটা সাংঘাটিক বস্তু হ’ল উপনাম। মা-দেউতাই বা আন কোনোবাই দিয়া নামটোৰ লগতে সমাজেও কিছুমান নাম দিয়ে কিছুমান মানুহক। কালক্ৰমত সেই উপনামটো মানুহজনৰ আচল নামটোত কৈ বেছি জনপ্ৰিয় হৈ পৰে। আজি মোৰ ঘৰৰ কাষতে থকা কেইজনমান ইন্টাৰেষ্টিং মানুহৰ কেইটামান ইন্টাৰেষ্টিং উপনামৰ কথাই লিখোঁ :

১. মানুহজন জোতা দোকানী। চকু দুটা আধা মুদাকৈয়ে কথা কৈ থাকে দিনটো। তেওঁক সমাজে বিশ বছৰ মান আগতে এটা নাম দিলে। নাম ‘আন্ধা কানুন’

২. মানুহজনক ডেকা হৈ থাকোতে এবাৰ জুয়ে দহিছিল। তেতিয়াৰ পৰা তেওঁৰ নাম ‘হাফ বইল’

৩. মানুহজন নিজৰ ঘৈণীৰ আধাহে মাত্ৰ উচ্চতাত। তেওঁক সমাজে মাতিবলৈ ল’লে ১/১ (ওৱান বাই ওৱান)

৪. মানুহজনে এগ চপ, চিংৰা আদিৰ দোকাণ দিছিল এসময়ত। তেতিয়াৰ পৰা তেওঁৰ নাম আলু সৰকাৰ।

৫. মানুহজনে দুৰ্গা পূজাত ঢাক বজায়। তেওঁৰ নাম ‘টাক ধুমা ধুম’

উপনামবোৰ বৰ জমনি থাকে। এতিয়া নিজৰ ঠাইৰ বিখ্যাত উপনামবোৰ মনত পেলাবলৈ চেষ্টা কৰকচোন। 

সা য় ন্ত ন শ ই কী য়া

চিন্তা উদ্ৰেককাৰী ব্যংগৰে পঢ়ুৱৈক আকৰ্ষণ কৰা  অসমৰ নতুন প্ৰজন্মৰ এগৰাকী ব্যংগ লেখকৰ লগতে ৰাজনৈতিক বিশ্লেষক আৰু কুইজমাষ্টাৰ। বিৰিয়াৰ পাঠকৰ বাবে শইকীয়াৰ নিয়মীয়া ব্যংগৰ শিতান - 'শুনা শুনা সৰ্বজন'।

Previous ছহিদৰ চিতাৰ জুইত হাত সেকি সেকি গাম জানো ‘মোদী জিন্দাবাদ’?
Next শ্ৰদ্ধাস্পদেষু