বিজ্ঞান চৰ্চা


ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞান মানসিকতা গঢ়িব নোৱৰাটো আমাৰ শিক্ষা ব্যৱস্থাৰ আটাইতকৈ ডাঙৰ বিফলতা বুলি কোৱা হয়। এনেকি উচ্চ শিক্ষিত মানুহৰ মাজতো বিজ্ঞান মানসিকতাৰ বিপৰীতে অন্ধবিশ্বাসৰ দপদপনি দেখা পাওঁ। সেয়ে বিজ্ঞানপ্ৰেমী তথা কৰ্মীসকলৰ হাতত বহুত বেছি দায়িত্ব আহি পৰিছে।

তাহানিতে মানুহে প্ৰাকৃতিক ঘটনাবোৰৰ বিষয়ে ভালকৈ নজনা বাবেই সেয়া ওপৰৰ পৰা কোনোবাই নিয়ন্ত্ৰণ কৰা বুলি ভাবিছিল। তাৰ ওপৰত ভিত্তি কৰিয়েই ভগৱান আৰু ধৰ্মৰ ধাৰণা গঢ়ি উঠে। চকা আৰু জুইৰ আৱিষ্কাৰে মানৱ সভ্যতাক নতুন গতি দিলে। বিদ্যুতৰ আৱিষ্কাৰে প্ৰগতি দিলে। আধুনিক বিজ্ঞানে প্ৰকৃতিৰ বাধা নেওচি আধুনিক সভ্যতা দিলে। স্বাস্থ্য বিজ্ঞানে সুস্বাস্থ্য আৰু দীৰ্ঘজীৱন দিলে। আজি আমি চেটেলাইট আৰু ইণ্টাৰনেট যুগত বাস কৰিছোঁ।

কি, কিয়, কেনেকৈ – এই তিনিটা প্ৰশ্নৰ উত্তৰ বিচৰাৰ পৰাই বিজ্ঞান চিন্তাৰ আৰম্ভণি হয়। সন্তান তথা ছাত্র ছাত্ৰীক এই বিষয়ে আগ্ৰহী কৰি তুলিব লাগিব। দৈনন্দিন ব্যৱহাৰ হৈ থকা বস্তুবোৰেনো কেনেকৈ কাম কৰে – তাক জানিবলৈ চেষ্টা কৰিলেও বহুত। একেসময়তে সমাজত প্ৰচলিত অন্ধবিশ্বাসৰ বিৰুদ্ধেও তেওঁলোকক জ্ঞান দিব লাগিব। বিজ্ঞানৰ কথা বেছিকৈ পঢ়িব, লিখিব, আলোচনা কৰিব লাগিব। আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে এয়া মোৰ সৰল আহ্বান । জয় বিজ্ঞান ! 

ইফটিখাৰ হুছেইন

সমাজ, জীৱন আৰু সময়ক লৈ সচেতন লেখক তথা তাৎক্ষণিক টিপ্পনীকাৰ

Previous বিজ্ঞান দিৱস : ড০ ভূপেন্দ্ৰ নাথ গোস্বামী, ড০ মনষিতা বৰা আৰু নেইষ্ট'লৈ বিজ্ঞান বঁটা
Next বিজ্ঞান দিৱস বনাম শ্লোগান দিৱস