সমত কবি , গল্পকাৰ , গায়ক , অভিনেতা আদি কিমান আছে বাৰু ? হিচাব হয়তো দিবলৈ অসম্ভৱ। পিছে অসমত বাৰু বিজ্ঞানী কিমান আছে ? বহুতৰে ধাৰণা যে অসমত বিজ্ঞানী নাথাকে, সকলো উচ্চ শিক্ষা সাং কৰিয়েই বাহিৰলৈ যায়গৈ। ইউনিৰ্ভাচিটিবোৰৰ বাহিৰে অসমত বিজ্ঞানত উচ্চশিক্ষা থকা বা বিজ্ঞানত গৱেষণা কৰা লোক নাই। ইয়াৰ বিপৰীতে এইখন অসমতে কিন্ত বহু অসমীয়া বিজ্ঞানীয়ে সীমিত সা-সুবিধাৰে নিজৰ গৱেষণাত ব্যস্ত , নীৰৱে।

নেইষ্ট

অসমৰ বিভিন্ন স্থানত কেন্দ্ৰীয় চৰকাৰৰ অধীনত ভিন ভিন বিষয়ৰ বহুকেইখন বিজ্ঞানৰ গৱেষণা কেন্দ্ৰ আছে। যেনে ডিব্ৰুগড়ৰ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ) ৰ অধীনত থকা আঞ্চলিক গৱেষণা কেন্দ্ৰত বহু কেইজন অসমীয়া বিজ্ঞানীয়ে অসম তথা উত্তৰ-পুৰ্বাঞ্চলৰ মেলেৰিয়া , ছুৱাইন-ফ্লুৰ দৰে ৰোগৰ গৱেষণা কৰি ৰাইজৰ উপকাৰ সাধিছে । ইফালে যোৰহাটত অৱস্থিত আৰ আৰ এল ( বৰ্তমানৰ নেইষ্ট )ত যোৱা কেইবাদশক জুৰি অসমীয়া বিজ্ঞানীয়ে জনসাধাৰণৰ কামত অহা নানানটা গৱেষণা কৰি আছে। ঠিক তেনেদৰে তেজপুৰত থকা ডিফেন্স ৰিছাৰ্ছ লেৱৰেটৰীত ভাৰতীয় সেনাৰ প্ৰয়োজনত অহা বিভিন্ন বৈজ্ঞানিক বিষয়ত গোস্বামী, বৰা, বৰঠাকুৰ উপাধিৰ অসমীয়া বিজ্ঞানীয়েই গৱেষণা কৰি আছে। যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানটোও অসমৰ অন্যতম বিজ্ঞান গৱেষণা প্ৰতিষ্ঠান । ইয়াতো বহু অসমীয়া বিজ্ঞানী আৰু গৱেষকে নীৰৱে কাম কৰি আছে। ৰাজ্যত গৰু-মহৰ চবকা ৰোগ নিয়ন্ত্ৰণ কৰাত গুৱাহাটীৰ এফএমডি কেন্দ্ৰৰ বিজ্ঞানীসকলে খেতিয়কসকলক সকলো সময়তে সহযোগ কৰি ৰাজ্যখনৰ পশুধন ৰক্ষা কৰাত অৰিহণা যোগাই আহিছে। গুৱাহাটীৰ দাঁতি কাষৰীয়া অঞ্চল ৰাণীত দেশৰ একমাত্ৰ গাহৰি গৱেষণা আৰু উৎপাদন কেন্দ্ৰ নেচনেল ৰিছাৰ্ছ চেণ্টাৰ অন পিগ  স্থাপন হৈছে আৰু ইয়াত বহুকেইজন অসমীয়া পশুবিজ্ঞানীয়ে গাহৰি আৰু ইয়াৰ মাংসৰ ওপৰত গৱেষণা কৰি ৰাজ্যখনৰ গাহৰি পালন কৰা খেতিয়কসকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। 

বহুতৰে ধাৰণা যে অসমত বিজ্ঞানী নাথাকে, সকলো উচ্চ শিক্ষা সাং কৰিয়েই বাহিৰলৈ যায়গৈ। ইউনিৰ্ভাচিটিবোৰৰ বাহিৰে অসমত বিজ্ঞানত উচ্চশিক্ষা থকা বা বিজ্ঞানত গৱেষণা কৰা লোক নাই।  ইয়াৰ বিপৰীতে এইখন অসমতে কিন্ত বহু অসমীয়া বিজ্ঞানীয়ে সীমিত সা-সুবিধাৰে নিজৰ গৱেষণাত ব্যস্ত , নীৰৱে।  অসমত এনেদৰে নীৰৱে বিজ্ঞানক অসমৰ জন-জীৱনত প্ৰভাৱ পেলোৱাকৈ কৰ্মৰত বিজ্ঞানীসকলৰ কথা আমাৰ দৰে সাধাৰণলোকে বেছিকৈ নাজানো।
ইফালে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰৰ সহযোগত স্থাপন কৰা এনইআৰডিডিএলৰ বিজ্ঞানীসকলে ৰাজ্যত বাৰ্ড-ফ্লুৰ দৰে মাৰাত্মক ৰোগ নিয়ন্ত্ৰণ কৰি অসমৰ হাঁহ আৰু মুৰ্গী পালকসকলক সহায় কৰি আছে। ১৯৭৯ চনতে অসম বিজ্ঞান সমিতিৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত স্থাপন হোৱা ইনষ্টিটিউট ফৰ এডভান্সড ষ্টাডি ইন চাইন্স এণ্ড টেকন’লজি  নামৰ প্ৰতিষ্ঠানটো প্ৰাথমিক অৱস্থাত যথেষ্ঠ আৰ্থিক অসুবিধাৰ মাজেৰে পাৰ কৰিছিল আৰু ২০০৯ চনত ই কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনলৈ আহে আৰু এইয়া সম্ভৱ হৈছে একমাত্ৰ তাত গৱেষণাৰত বিজ্ঞানীসকলৰ নিৰলস প্ৰচেষ্টাত। অসমৰ একমাত্ৰ স্বায়ত্তভাবে পৰিচালিত এই গৱেষণা প্ৰতিষ্ঠানটো অসমৰ গৌৰৱ আৰু অন্যতম জাতীয় সম্পদ। সোণাপুৰত থকা চেণ্টাৰ অৱ প্লাজমা ফিজিক্সৰ দৰে প্ৰতিষ্ঠানো আমাৰ বাবে এক উল্লেখযোগ্য সম্পদ।অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত থকা আইচিএআৰৰ দৰে উত্তৰ পুৰ্বাঞ্চলৰ কৃষি ক্ষেত্ৰৰ বাবে গৱেষণা কৰি থকা প্ৰতিষ্ঠানতো বহু অসমীয়া বিজ্ঞানীয়ে কাম কৰি আছে। ১৯৫৩ চনতে জন্ম হোৱা অসম বিজ্ঞান সমিতিয়ে ১৯৬১ চনৰ পৰা একেৰাহে অসমৰ আগশাৰীৰ বিজ্ঞান ভিত্তিক আলোচনী বিজ্ঞান জেউতিৰ প্ৰকাশ কৰি আহিছে আৰু এই গুৰুত্বপুৰ্ণ কামটোত জড়িত হৈ আছে অসমৰেই এচাম অসমীয়া বিজ্ঞানী আৰু অসমত বিজ্ঞানক জনপ্ৰিয় কৰা কামত জড়িত হৈ থকা বহু কেইজন ব্যক্তি।

আই এ এছ এছ টি

অসমত এনেদৰে নীৰৱে বিজ্ঞানক অসমৰ জন-জীৱনত প্ৰভাৱ পেলোৱাকৈ কৰ্মৰত বিজ্ঞানীসকলৰ কথা আমাৰ দৰে সাধাৰণলোকে বেছিকৈ নাজানো। জানিমেই বা কেনেকৈ? যিখন ৰাজ্যৰ মুৰব্বী তথা অভিভাৱকজনে হাতে-ডিঙিয়ে আঙুঠি-মাদলি পিন্ধি মঠ-মন্দৰি আৰু ধৰ্মগুৰুক পৰি পৰি সেৱা কৰি থাকে, য’ত ব্ৰহ্মপুত্ৰক নিয়ন্ত্ৰণ কৰিবলৈ বিজ্ঞানসন্মত আঁচনি লোৱাতকৈ নমামী পূজা পাতি কোটি কোটি টকাৰ শৰাধ কৰে , য’ত আজিও সৰ্বসাধাৰণে খোৱা সুৰাক বিজ্ঞানসন্মতভাবে পৰীক্ষা নকৰে, সেইখন ৰাজ্যৰ সংবাদ-মাধ্যমবোৰৰ আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ দিনাও সেইসকল বিজ্ঞানীৰ খৱৰ লবলৈ আৰু আমাক তেওঁলোকৰ খৱৰ দিবলৈ আহৰি নাই, গুৰুত্বও নাই। আজি ২৮ ফেব্ৰুৱাৰী, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ দিনা সেইসকল অসমীয়া বিজ্ঞানীলৈ আমি শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছো, যিসকলে বিদেশ আৰু দেশৰ আন ৰাজ্যৰ তুলনাত সীমিত সা-সুবিধা, সহযোগ তথা প্ৰতিকুল সামাজিক পৰিৱেশ আৰু পৰিস্থিতিৰ মাজতো তেওঁলোকৰ গুৰুত্বপুৰ্ণ গৱেষণাৰ কাম-কাজবোৰ আগুৱাই ৰাজ্য আৰু জাতিটোলৈ নীৰৱে গুৰুত্বপুৰ্ণ অৱদান আগবঢ়াই আছে। 

 

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে প্ৰকাশিত

দেৱব্ৰত গগৈ

সমসাময়িক ঘটনাপ্ৰৱাহৰ টিপ্পনীকাৰ

Previous মানুহৰ বাবে বিজ্ঞান আৰু বিজ্ঞানৰ বাবে মানুহ
Next দাফাদাৰ!