বিজ্ঞানৰ প্ৰয়োগ বিহীন পৃথিৱী এখনৰ কল্পনা কৰকচোন। চৰাইৰ কিচিৰ-মিচিৰ মাত, চৌদিশে সেউজীয়া বিৰিখ , নিৰ্মল নদী, বাঘ-সিংহ-শিয়াল-হৰিণা আৰু দলে-বলে অঘৰী মানুহ। এদিনৰ বাবে এইয়া খুউব ৰোমাঞ্চিত যাত্ৰা হ’ব, যদি বাঘ-সিংহৰ লগত সংঘৰ্ষ নহয়। কাৰণ, যুঁজিবলৈ শিলৰ অস্ত্ৰ তৈয়াৰ কৰাটোও এটা বিজ্ঞান। এতিয়া মানুহে জুই জ্বলাবও নাজানে। খোজ কাঢ়ি ভাগৰিলে ল’বলৈ  চকাৰ ব্যৱহাৰো শিকা নাই। মনত পৰিলেই প্ৰিয়তমলৈ ভাম্যভাষযোগে সংযোগ কৰিবলৈ ভাম্যভাষ নাই, নাই টাৱাৰ, বিজুলী , গণমাধ্যম , সংবাদ মাধ্যম। যিহেতু বিজ্ঞান নাই, আমাৰ অত্যাৱশ্যকীয় একোয়ে নাই। অৰ্থাৎ , বিজ্ঞানৰ অবিহনে মানৱ জাতি এটি অবুজ বান্দৰৰ শিশু। এইয়াই মানুহৰ বাবে বিজ্ঞান।

বিজ্ঞানৰ অবিহনে মানৱ জাতি এটি অবুজ বান্দৰৰ শিশু। যুঁজিবলৈ শিলৰ অস্ত্ৰ তৈয়াৰ কৰাটোও এটা বিজ্ঞান। এইয়াই মানুহৰ বাবে বিজ্ঞান।  আকৌ, যিজন আদিম মানুহে প্ৰথমবাৰৰ বাবে শিলে শিলে ঘঁহনি খুৱাই জুই জ্বলাইছিল তেওঁ বিজ্ঞানৰ বাবে এজন অজ্ঞাত অথচ গুৰুত্বপূৰ্ণ মানুহ। সেইয়াই বিজ্ঞানৰ বাবে মানুহ : অন্য অৰ্থত বিজ্ঞান মানুহৰ পেটৰ পো, যি আজি হৈ পৰিছে কণাৰ লাখুটি।

এতিয়া, জুই জ্বলোৱাটো এটা বিজ্ঞান। যিজন আদিম মানুহে প্ৰথমবাৰৰ বাবে শিলে শিলে ঘঁহনি খুৱাই জুই জ্বলাইছিল তেওঁ বিজ্ঞানৰ বাবে এজন অজ্ঞাত অথচ গুৰুত্বপূৰ্ণ মানুহ। একেদৰেই গুৰুত্বপূৰ্ণ চকাৰ আৱিষ্কাৰ কৰা আদিম মানুহজন যাৰ অবিহনে আৰম্ভ কৰিব নোৱাৰিলোহেঁতেন সভ্যতা আৰু বিজ্ঞান। যদি নিউটনৰ দ্বাৰা মধ্যাকৰ্ষণৰ কিম্বা গতিবিজ্ঞানৰ সূত্ৰ আৱিষ্কাৰ নহ’লহেঁতেন? যদি এডিচনে বিজুলী বাল্বৰ উদ্ভাৱন নকৰিলহেঁতেন পঢ়া কোঠাত বিজ্ঞানৰ কিতাপখন পঢ়িবলৈও জানো পোহৰ থাকিলহেঁতেন ? যদি ডাৰউনে বিৱৰ্তনৰ বাখ্যা আগ নবঢ়ালেহেঁতেন, আমি হয়তো এতিয়াও ভাবিলোহেঁতেন আমাক ঈশ্বৰে কোনোবা ঐশ্বৰিক যানত পৃথিৱীলৈ পঠাই দিছিল। সেইয়াই বিজ্ঞানৰ বাবে মানুহ : অন্য অৰ্থত বিজ্ঞান মানুহৰ পেটৰ পো, যি আজি হৈ পৰিছে কণাৰ লাখুটি।

প্ৰাচীন চকাৰ অৱশেষ

বিজ্ঞানৰ ভেটিতে বিজ্ঞানৰ ইটা-বালি-চিমেণ্টেৰে নিৰ্মিত চিলিকন ভেলীৰ মানুহৰ সভ্যতাৰ অট্টালিকা। তথাপিও দুখৰ বিষয় এয়ে যে মানুহৰে আৱিষ্কাৰ বিজ্ঞানে মানুহক জ্ঞান তথা জীৱন যাত্ৰাক সহজ কৰি তোলা সহস্ৰ উপাদান দিয়াৰ পাছতো একাংশ মানুহে আজিও ডাইনীৰ নামত বিধৱা দুখুনীগৰাকীক জ্বলাই দিয়ে; পুৱা বিজ্ঞানৰ সভাত ভাষণ দি গধূলি দাঁতৰ বিষ হ’লে বেজ আনি জাৰিবলৈ দিয়ে; বিজ্ঞানৰ নৱতম সংযোগ কৃত্ৰিম উপগ্ৰহৰ দ্বাৰা প্ৰচাৰিত বৈদ্যুতিন সংবাদ মাধ্যমত পাঁচ-দহ বছৰ পঢ়ি চিকিৎসা বিজ্ঞানৰ অ আ ক খ শিকিছো বুলি ভবা ডাক্তৰক অংগুষ্ঠ প্ৰদৰ্শন কৰি ফেচবুকত গৰু ঘিঁউৰ চাকি জ্বলালে অক্সিজেন উৎপাদন হয় বুলি মন্তব্য কৰা পংকজ পাঠকৰ বিশ্লেষণ চলি থাকে;  অংক শাস্ত্ৰত ডিগ্ৰী লাভ কৰা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীজনে গৰুৰ মূত্ৰক স্বৰ্গ প্ৰাপ্তিৰ জখলা বুলি অভিহিত কৰে আৰু অসমৰ স্বাস্থ্য মন্ত্ৰীয়ে মন্তব্য কৰে, “কেঞ্চাৰ পাপৰ ফলত হয়”। আজিও সৰহসংখ্যক কৃষকেই মাটি পৰীক্ষা কৰি সাৰ প্ৰয়োগ নকৰে, যাৰ ফলত অধিকাংশ কৃষি ভূমিয়ে প্ৰদূষণৰ কবলত। ইপিনে অনিয়ন্ত্ৰিত প্ৰদূষণ, তাজমহলৰ শুভ্ৰতাকো ম্লান কৰা এচিড বৰষুণ, বিশ্বজুৰি হোৱা জলবায়ু পৰিৱৰ্তনৰ পৰা আৰম্ভ কৰি অজ’ন স্তৰৰ ক্ষয়লৈকে বৃহৎ সমস্যাবোৰ আছেই। আৰু তেতিয়াই পুনৰ শোভাযাত্ৰা-সমদল বাহিৰ কৰা হয় আৰু আশা কৰা হয় এদিন প্ৰতিটো স্তৰত গঢ় লৈ উঠিব বৈজ্ঞানিক মানসিকতা। তাতো ভেজাল হয় মাজে-সময়ে – যেতিয়া পৰিস্কাৰ পৰিচ্ছন্নতাৰ বিষয়ে আড্ডা দি দি শ্ৰেণী কোঠাৰ চুকলৈ পাণ মচলা মাৰি পঠিওৱা হয়, অবৈধভাৱে পাহাৰ কাটি, বনাঞ্চল তহিলং কৰি অৰ্থৰ জোৰত বৈধতাৰ মোহৰ লগাই স্থাপন কৰা বিদ্যালয়ৰ ছাত্ৰই ‘অনাহকত গছ নাকাটিবা’ বুলি শ্ল’গান দিয়ে আৰু বেনাৰখন লৈ খোজ কাঢ়িবৰ বাবে দুডাল বাঁহ নতুনকৈ কাটি আনে অথবা যেতিয়া অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা সভাত ভাষণ দিবলৈ পুৱাই ৰচী- তাবিজ- মাদুলী বান্ধি উপস্থিত হোৱা দেখা যায়। সেইবাবেই আজি একবিংশ শতিকাৰ উনবিংশতম বৰ্ষতো ইমান অদূৰদৰ্শিতা আৰু বৈজ্ঞানিক মানসিকতাৰ অভাৱ।

বিজ্ঞানৰ অপপ্ৰয়োগে ধ্বংস কৰিব মানৱ জাতিকে। তেতিয়া দোষী কিন্তু বিজ্ঞান নহয়। দোষী হ’ব মানৱেই। কাৰণ, “বিজ্ঞান ভাল চাকৰ, গৰাকীহে বেয়া”।

বৈজ্ঞানিক সকলে বিজ্ঞানৰ উত্তৰণৰ বাবে অহোৰাত্ৰ কাম কৰি আছে। বিজ্ঞানৰ লগত পোনপটীয়াকৈ জড়িত যিসকল নহয়, তেওঁলোকেও জনপ্ৰিয় বিজ্ঞানক বুজিবলৈ আৰু সমাজৰ প্ৰতিটো স্তৰত অধিক জনপ্ৰিয় কৰি তুলিবলৈ গুৰুত্ব প্ৰদান কৰা উচিত। অন্ধবিশ্বাসে শিপাব নোৱাৰাকৈ শিশু কালতে বিদ্যালয় সমূহত , বিশেষকৈ চৰকাৰী বিদ্যালয়সমূহত বিজ্ঞান শিক্ষা অধিক গুৰুত্ব সহকাৰে প্ৰদান কৰা উচিত, য’ত শিশুৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ মৰহিব নোৱাৰাকৈ ৰোপন কৰা হ’ব আৰু ভৱিষ্যতে সেই বীজ মানৱতাক ছায়া দিয়া জ্ঞান বৃক্ষ হৈ থিয় দিব। আমি শিশুৰ মানিসকতাক নতুনকৈ চাবৰ হ’ল। ভূত , জলপৰী আৰু ডাইনীৰ সাধুবোৰৰ বাস্তৱ ভিত্তি নাই বুলি বুজা জ্যেষ্ঠ সকলৰ বাবেহে এই শ্ৰেণীৰ কাহিনীবোৰ হোৱা উচিত। কাৰণ , গোটেই শৈশৱত প্ৰতি ৰাতি ভূতৰ সাধু শুনি ভয় খাই টোপনি যোৱা ল’ৰাজন নিজে এটি সন্তানৰ পিতৃ হোৱাৰ পাছতো ভূতৰ ভয়ত লোহাৰৰ আঙুঠি পিন্ধাটো, কিম্বা জৰা-ফুকা কৰি বিহলঙনী পাতৰ কোব খোৱাটো মুঠেই অস্বাভাৱিক নহয়। গতিকে আমি লক্ষ্য কৰা উচিত যে আমাৰ অনুজসকলৰ কোমল মনত যাতে অন্ধবিশ্বাসৰ বীজ ৰোপিত নহয়।

উৎস: ইণ্টাৰনেট

 

বিজ্ঞান যে কেৱল সৃষ্টিৰ ফুল সেইয়া নহয়। প্ৰয়োগ নাজানিলে বিজ্ঞানেই ধ্বংসৰো মূল। দ্বিতীয় বিশ্বযুদ্ধত হিৰোচিমা আৰু নাগাচাকিৰ চকুলোৱে সেইয়া স্পষ্ট কৰি দিছিল। মানুহে সৃষ্টি কৰা বিজ্ঞান: বিজ্ঞানে দিয়া বন্দুক,বাৰুদ,ক্ষেপণাস্ত্ৰ আৰু পাৰমাণৱিক অস্ত্ৰ। 

অন্ধবিশ্বাসে শিপাব নোৱাৰাকৈ শিশু কালতে বিদ্যালয় সমূহত , বিশেষকৈ চৰকাৰী বিদ্যালয়সমূহত বিজ্ঞান শিক্ষা অধিক গুৰুত্ব সহকাৰে প্ৰদান কৰা উচিত, য’ত শিশুৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ মৰহিব নোৱাৰাকৈ ৰোপন কৰা হ’ব আৰু ভৱিষ্যতে সেই বীজ মানৱতাক ছায়া দিয়া জ্ঞান বৃক্ষ হৈ থিয় দিব।
অপপ্ৰয়োগে ধ্বংস কৰিব মানৱ জাতিকে। তেতিয়া দোষী কিন্তু বিজ্ঞান নহয়। দোষী হ’ব মানৱেই। কাৰণ, ” বিজ্ঞান ভাল চাকৰ , গৰাকীহে বেয়া”। আনহাতে, আজিৰ প্ৰেক্ষাপটত কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশৰ কথাও কোৱা হৈছে, যি কৃত্ৰিম স্নায়ৱিক জালিকা( আৰ্টিফিচিয়েল নিউৰেল নেটৱৰ্ক )ৰে কাম কৰিব আৰু যদি সেইয়া পূৰ্ণ বিকশিত হয় তেন্তে ই হ’ব বিজ্ঞানৰ বাবে বিৰল কৃতিত্ব। এইখিনিতে আমি মনত ৰখা ভাল যে, ইতিমধ্যে একাংশ মানুহে গাড়ী পাই খোজকাঢ়িবলৈ কেতিয়াবাই এৰিলে।  গতিকে এতিয়া কৃত্ৰিম বুদ্ধিমত্তাক লাভ চিন্তা কৰিবলৈ এৰি দিলে, সভ্যতাই যথেষ্ট সংখ্যক পিছফালে দৌৰ মৰা লোক  লাভ কৰিব।

অদূৰ ভৱিষ্যতে আমাৰ সভ্যতা আৰু বিজ্ঞানে হয়তো মহাকাশ বিজ্ঞানৰ পৰা জীৱবিজ্ঞানলৈকে নতুন – নতুন আৱিষ্কাৰ আৰু উদ্ভাৱনেৰে চমক সৃষ্টি কৰিব । কিন্তু তাতকৈয়ো সুখৰ খবৰ হ’ব, যেতিয়া এখন বৈজ্ঞানিক মানসিকতা কিম্বা সজাগতা সৃষ্টিৰ শ্ল’গান বিহীন পৃথিৱী আমি লাভ কৰিম য’ত সকলোৱে বিজ্ঞানৰ লাভালাভসমূহ গ্ৰহণ কৰাতে সীমাবদ্ধ নাথাকি অন্তৰৰ পৰা বিজ্ঞানক বুজিব। বিজ্ঞান যে কেৱল গৱেষণাগাৰত সীমিত নহয়, বৰঞ্চ আমাৰ ঘৰে-চোতালে-সমাজে সকলোতে বিয়পি আছে, সেয়া প্ৰত্যেকেই হৃদয়ংগম কৰিব। পৰিশেষত, মানুহৰ বাবে বিজ্ঞান আৰু বিজ্ঞানৰ বাবে মানুহৰ একাত্ম বান্ধোন সকলো ৰাসায়নিক বান্ধোনতকৈও গভীৰ আৰু ইয়াক বৈজ্ঞানিক মানসিকতাৰে জীপাল কৰি ৰখাটো সকলো প্ৰজন্মৰ দায়িত্ব। 

 

আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে প্ৰকাশিত।

ক স্তু ৰী চু তী য়া

লেখক, তাৰ্কিক আৰু বিৰিয়াৰ নিয়মীয়া স্তম্ভলেখক।

 

Previous যুদ্ধ নহয়, শান্তি লাগে
Next বিজ্ঞান দিৱসত অসমীয়া খিলঞ্জীয়া বিজ্ঞানীলৈ শুভেচ্ছা