যোগী আদিত্যনাথৰ জংঘলৰাজত দলিত পৰিয়ালৰ তৰুণী এগৰাকীক গণধৰ্ষণ কৰি জিভা কাটি পেলাই পাশৱিক অত্যাচাৰেৰে হত্যা কৰা হ’ল৷ উত্তৰ প্ৰদেশৰ হাথৰাসত সংঘটিত এই নৃশংস অত্যাচাৰৰ ঘটনাৰ পিছত শিয়ৰি উঠিছে সমগ্ৰ দেশবাসী৷ ধৰ্ষণ কৰি হত্যা কৰা এই তৰুণীৰ ন্যায়ৰ বাবে সমগ্ৰ দেশত আজি জনজাগৰণৰ সৃষ্টি হৈছে৷ ৰাজনৈতিক দলৰ পৰা সাধাৰণ জনতাৰ দৰবাৰলৈ সৰ্বত্ৰ সৃষ্টি হৈছে ব্যাপক জল্পনা কল্পনা আৰু ন্যায়প্ৰাপ্তিৰ বাবে চিৎকাৰ৷ দেশত নিৰ্ভয়া কাণ্ড সংঘটিত কৰা অপৰাধীকেইটাক ফাঁচি দিয়াৰ পিছতো দেশত নকমিল এই ধৰণৰ নাৰকীয় কাণ্ড কাৰখানা৷ আনকি প্ৰতিদিন নাৰীজনিত অপৰাধৰ সংখ্যা বৃদ্ধিহে হৈ গৈ থাকিল৷ ৰামৰাজ্যৰ কথা সততে আওৰাই থকা যোগী আদিত্যনাথৰ ৰাজ্যত প্ৰকৃততে চলি থাকে জংঘলৰাজ৷ এই ৰাজ্যত অপৰাধ আৰু অপৰাধীক ৰক্ষণাবেক্ষণ দিয়ে প্ৰশাসনৰ তৰফৰ পৰা৷ শেহতীয়া ঘটনাৰাজি ইয়াৰ উৎকৃষ্ট উদাহৰণ৷

এই সময়তে ২০১৯ চনৰ ভিত্তিত নেশ্যনেল ক্ৰাইম ৰেকৰ্ডচ ব্যুৰোই(এন চি আৰ বি) প্ৰকাশ কৰা এখন প্ৰতিবেদনে সকলোৰে চকু কপালত তুলি নিছে৷ দেশত মহিলাৰ ওপৰত হোৱা নানা ধৰণৰ অত্যাচাৰৰ এই ভয়ংকৰ ৰিৰ্পটে তুলি ধৰিছে দেশৰ ভয়ংকৰ পৰিস্থিতিক৷ ভাৰতবৰ্ষৰ পৰিস্থিতি যে ভিতৰি ভিতৰি ইমান ভয়ংকৰ সেই কথা সততে অনুমান কৰিব পৰা নাযায়৷ এটা এটা তথ্যই আপোনাক আৰু মোক ভয় কিম্বা আতংকত পেলাই দিব পাৰে৷
নেশ্যনেল ক্ৰাইম ৰেকৰ্ডচ ব্যুৰোৰ তথ্য অনুসৰি—–
১) ভাৰতবৰ্ষত প্ৰতি ১৬ মিনিটত সংঘটিত হয় এটাকৈ ধৰ্ষণৰ ঘটনা৷

২) প্ৰতি ২ ঘণ্টাত কোনোবা নহয় কোনোবা মহিলাক ধৰ্ষণৰ চেষ্টা কৰা হয়৷

৩) প্ৰতি ৬ মিনিটৰ অন্তৰালত এগৰাকী মহিলাক অশ্লীল মন্তব্য, অশালীন ব্যৱহাৰ কৰা হয়৷

৪) প্ৰতি ৪ ঘণ্টাত এগৰাকী নাৰী অপহৃত হ’ব লগা হয়৷ নাৰী সৰবৰাহকাৰী চক্ৰৰ চিকাৰ হয় শিশুৰ পৰা তৰুণী আৰু সকলো বয়সৰ মহিলাই৷

৫) এই দেশত প্ৰতি ৩০ ঘণ্টাত এগৰাকী মহিলাক গণধৰ্ষণ কৰি হত্যা কৰা হয়৷

৬)  প্ৰতি ১ ঘণ্টা ১৩ মিনিটত অৰ্থাৎ ৭৩ মিনিটত যৌতুকৰ দাবীত নিৰ্যাতিত হয় এগৰাকী মহিলা৷

৭) ২ দিন কিম্বা ৩ দিনৰ অন্তৰালত এই দেশৰ কোনোবা নহয় কোনোবা প্ৰান্তত এচিড আক্ৰমণৰ বলি হয় এগৰাকী নাৰী৷

৮) প্ৰতি ৪ মিনিটত স্বামী কিম্বা শহুৰ-শাহুৰ দ্বাৰা গ্ৰাহস্থ্য হিংসাৰ বলি হয় এগৰাকী মহিলা৷

এন চি আৰ বিৰ এই ৰিৰ্পটৰ পিছত সাধাৰণতে শিহৰিত হৈ উঠিছে দেশৰ সাধাৰণ মানুহ৷ দেশৰ সংবাদপত্ৰ, টেলিভিচন চেনেলত প্ৰতিদিন প্ৰকাশিত নিত্যনতুন আলোচনাৰ পিছতো কোনেও হয়তো অনুমান কৰিব পৰা নাছিল যে আমাৰ দেশৰ অৱস্থা ভিতৰি ভিতৰি ইমান ভয়ংকৰ হৈ উঠিছে৷ নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ এই পৰিসংখ্যাই দেশৰ মানুহক কি শিক্ষা দিয়ে সেয়া সময়ে ক’ব৷ কিন্তু বৰ্তমানৰ পৰিস্থিতি যে ভয়ংকৰ সেয়া সৰ্বজনবিদিত৷

Previous লকডাউন সৃষ্ট পৰিহাসত ঋণগ্ৰস্ত নাৰীৰ হাহাকাৰ৷
Next সমস্যাৰ মাৰ্কেটিং আৰু ৰাজনৈতিক দলৰ ৰাজনীতি