নিতু-হিমু কীৰ্ত্তন


https://biriyaa.com/

কালি এজনে দম্ভালি মাৰি সকলো জনাৰ দৰে প্ৰশ্ন কিছুমান সুধিলে। ইজনে সাহসেৰে উত্তৰ দিলে। মানুহে দেখিলে। ‘ফালি দিছে, বঢ়িয়া দিছে’ আদি শুনিবলৈ পোৱা গ’ল। ইজনে এতিয়া আকৌ কি কয় শুনিবলৈ ৰৈ আছো।

কালি ৰাতিৰ ভিতৰতে কেইজনমান অভাৰইন্টেলেকচুৱেলৰ জন্ম হ’ল। সাংবাদিক জনকেই ওলোটাই গালি পাৰা হ’ল। এথিকছ ৰ কথা ক’বলৈ ধৰিলে। কাৰণ তেওঁলোকেও জানে যে এথিকছৰ কথা ৰাজনীতিৰ মানুহক কৈ লাভ নাই, সাংবাদিক এজনকেই কৈ চাওঁ চোন। কিজানিবা শুনেই! এই ইন্টেলেকচুৱেলৰ মতে ২০২১ত নেতাজন হে লাভৱান হ’ব এই কাজিয়াখনৰ পৰা। যদি সেইটোৱেই হয় তেন্তে আপুনি আৰু মই জুবিন গাৰ্গৰ ভাষাত ‘ঘেন্টা’ৰ বাহিৰে আন একো নহয়।

সাংবাদিকজন জাতীয়তাবাদী। সন্দেহ নাই। নেতাজন পিছে জাতীয়তাবাদী, ৰাষ্ট্ৰীয়তাবাদী, হায়দৰাবাদী নে চিকণ্ডৰাবাদী সেইটো তেওঁ নিজেই হে জানিব। কথাবোৰতো জোৰ নোহোৱা হ’ল আগৰ নিচিনাকৈ। পলিটিকেল ফৰ্মূলাটোও ভালদৰে কাম কৰা নাই এইবাৰ। কি কৰা যায়?

মিম বনোৱাখিনিয়ে ৰাতিৰ ভিতৰতে মিম বনাই শ্বেয়াৰ কৰাত লাগি গ’ল। পলিটিক্স নামৰ বস্তুটো ইমান সহজ হোৱা হ’লে কথাই নাছিল। ‘কাকনো বুলিম ককা…মোৰ নিজৰেই ডাঢ়ি-চুলি পকা’।

সা য় ন্ত ন শ ই কী য়া

চিন্তা উদ্ৰেককাৰী ব্যংগৰে পঢ়ুৱৈক আকৰ্ষণ কৰা  অসমৰ নতুন প্ৰজন্মৰ এগৰাকী ব্যংগ লেখকৰ লগতে ৰাজনৈতিক বিশ্লেষক আৰু কুইজমাষ্টাৰ। বিৰিয়াৰ পাঠকৰ বাবে শইকীয়াৰ নিয়মীয়া ব্যংগৰ শিতান - 'শুনা শুনা সৰ্বজন'।

Previous পাল্লাৰ ফেৰ
Next অসম দেশখন তহঁতৰ জানো পৈতৃক পৰীক্ষাগাৰ : ভূপেন হাজৰিকা

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে