হামাৰে পাছ ভোট হে! ফটো সৌজন্য ইণ্ডিয়া টুডে

ভোটদানৰ হাৰ বৃদ্ধি হ’লে গণতন্ত্ৰ অধিক শক্তিশালী হোৱা বুলি ধৰা হয়। কিন্তু আমাৰ দেশত বহুত ভোটাৰে ভোটদানৰ প্ৰতি আগ্ৰহ নেদেখুৱা।নেতা বা দলৰ প্ৰতি অনাস্থাই ইয়াৰ প্ৰধান কাৰণ।ইয়াৰ উত্তৰ হিচাপে প্ৰৱৰ্তন কৰা হৈছে ন’টা (ন’ন অৱ দা এব’ভ্‌)।এটা সমষ্টিত যদি ভোটাৰে এজনো প্ৰাৰ্থী পচন্দ নকৰে, তেন্তে তেওঁ আগতে ভোট দিবলৈ নাযায়।এতিয়া কিন্তু নোটাত ভোট দিব পাৰিব। বৰ্তমান নোটাৰ ভোট কাৰ্য্যকৰী হোৱা নাই যদিও ভৱিষ্যতে হ’ব । যদি নোটাত সৰ্বাধিক ভোট পৰে, তেন্তে তাত পুনৰ ভোট লোৱা হ’বে। আৰু আগৰ প্ৰাৰ্থীবোৰে পিছৰবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব ।

আচলতে আমাৰ দেশৰ বহুত নাগৰিকেই ভোটদানৰ গুৰুত্ব বুজি নাপায় । আমি বুজাব লাগিব ।

মই ধেমালিৰ ছলেৰে এনেকৈ কওঁ – ( মূল সংলাপখিনি দীৱাৰ চিনেমাৰ )
নেতা : মেৰে পাছ বুদ্ধি হে, যুক্তি হে, ফৰ্মূলা হে –
তেৰে পাছ ক্যা হে ??
নাগৰিক : মেৰে পাছ  ‘ভোট ‘ হে !!!

ইফটিখাৰ হুছেইন

সমাজ, জীৱন আৰু সময়ক লৈ সচেতন লেখক তথা তাৎক্ষণিক টিপ্পনীকাৰ

Previous ৰেডিঅ’ জ্ঞানমালিনী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অগ্ৰণী পদক্ষেপ
Next শ্ৰীশ্ৰী সৰস্বতী পূজাৰ ভোগঘৰৰ পৰা লাইভ...