দেশত অনলাইন শিক্ষাৰ গুৰুত্ব আৰু বৰ্তমানৰ বাস্তৱ ছবিখন


ম্প্ৰতি বিশ্বায়নৰ যুগত অনলাইন শিক্ষা ব্যৱস্থাই সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা লাভ কৰিছে৷ শেহতীয়াভাৱে ভাৰতৰ লগতে অসমতো অনলাইন শিক্ষাৰ প্ৰাংসগিকতা বৃদ্ধি পাইছে৷ কৰ’না মহামাৰীৰ সংক্ৰমণ ৰোধ কৰিবলৈ দেশৰ সকলো শিক্ষানুষ্ঠান বন্ধ ৰাখিবলগীয়া হোৱাত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক চাহিদা পূৰণৰ বাবে বিভিন্ন ৰাজ্যত অনলাইন শিক্ষা পদ্ধতিক আঁকোৱালি লোৱা হৈছে৷ এই অনলাইন শিক্ষা ব্যৱস্থা আমেৰিকা যুক্তৰাষ্ট্ৰত ১৯৯০ চনতে আৰম্ভ হৈছিল৷ কিন্তু আমাৰ দেশত যোৱা দহ বছৰৰ ভিতৰত হে উন্নত মহানগৰবোৰত অনলাইল শিক্ষা ধাৰণাটোৱে অধিক প্ৰসাৰ লাভ কৰিছে৷ পিছপৰা, অনুন্নত ঠাইবোৰত এতিয়াও অনলাইন শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীক স্পৰ্শ কৰিব পৰা নাই৷ আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সফল প্ৰয়োগৰ ফলত সৃষ্টি হোৱা ডিজিটেল পৃথিৱীৰ শিক্ষা লাভৰ ফলপ্ৰসূ পদ্ধতিটোৱেই হৈছে এই অনলাইন শিক্ষা৷ এই অনলাইন শিক্ষা ব্যৱস্থাক বহুতে ই-শিক্ষা বুলিও কয়৷ বহুতে আকৌ দূৰ শিক্ষা আৰু অনলাইন শিক্ষা ব্যৱস্থাক সমকক্ষ বুলি ক’ব বিচাৰে৷ কিন্তু দূৰ শিক্ষাতকৈ অনলাইন শিক্ষা কিছু পৃথক৷ অৱশ্যে দূৰ শিক্ষাৰ দৰে অনলাইন শিক্ষাৰ জৰিয়তেও ঘৰতে বহি ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন বিষয়ত ডিগ্ৰী আৰু ডিপ্ল’মা লাভ কৰিব পাৰে৷ অনলাইন শিক্ষাৰ অৰ্থ হৈছে ইণ্টাৰনেটৰ জৰিয়তে কম্পিউটাৰৰ দ্বাৰা সজ্জিত পাঠ ঘৰতে বহি লাভ কৰিব পৰা এক ব্যৱস্থা৷ ইয়াৰ বাবে কোনো বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ চৌহদত যোৱাৰ প্ৰয়োজন নাথাকে৷ অৰ্থাৎ অনলাইন শিক্ষা হ’ল চৌহদবিহীন (শিক্ষানুষ্ঠান) এক বহল পৰিসৰৰ শিক্ষা ব্যৱস্থা। এই শিক্ষা ব্যৱস্থা সম্প্ৰতি গোটেই বিশ্বৰ লগতে ভাৰততো জনপ্ৰিয় হৈ উঠিছে৷ অনলাইন শিক্ষা ব্যৱস্থাত পঠনীয় পাঠসমূহ ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে সংশ্লিষ্ট বিষয়ৰ শিক্ষকৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব পাৰে৷ এই শিক্ষাত শিক্ষক আৰু শিক্ষাৰ্থীয়ে এটা শ্ৰেণীকোঠাত মুখামুখিকৈ বহাৰ প্ৰয়োজনীয়তা নাথাকে৷ ডাকযোগে শিক্ষা লাভ বা মুক্ত শিক্ষাৰ বিপৰীতে এই অনলাইন শিক্ষাৰ মাধ্যমত শিক্ষাৰ্থীয়ে শিক্ষকৰ সৈতে প্ৰত্যক্ষভাৱে সংযুক্ত হৈ থকাৰ সুযোগ লাভ কৰে৷

প্ৰযুক্তিবিদ্যাৰ দ্ৰুত প্ৰসাৰ আৰু সাম্প্ৰতিক সময়ৰ পৰিপ্ৰেক্ষিতত অনলাইন শিক্ষাই সমগ্ৰ দেশতে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছে৷ এই ক্ষেত্ৰত আমাৰ দেশ ভাৰতবৰ্ষও পিছপৰি থকা নাই৷ কিন্তু অনলাইন শিক্ষাৰ ফলপ্ৰসূতাৰ বাবে ল’বলগীয়া আনুষঙ্গিক ব্যৱস্থাবোৰৰ ক্ষেত্ৰত আমাৰ দেশ অন্যান্য দেশৰ তুলনাত এতিয়াও বহুখিনি পিছপৰি আছে৷

ভাৰতত ১৯৮৫ চনত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় স্থাপনৰ জৰিয়তে অনলাইন শিক্ষা বা মুক্ত শিক্ষা ব্যৱস্থাৰ শুভাৰম্ভ কৰা হৈছিল৷ একেদৰে অসমতো ২০০৫ চনত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হয়৷ অৱশ্যে প্ৰাৰম্ভিক স্তৰত ইয়াৰ জৰিয়তে ডাকযোগে শিক্ষা লাভৰ ব্যৱস্থা হে ফলপ্ৰসূ হৈছিল। ঘৰত বহিয়েই ছাত্ৰ-ছাত্ৰীসকলে যিকোনো বিষয়ত ডিগ্ৰী আৰু ডিপ্ল’মা লাভ কৰিব পাৰিছিল আৰু আঞ্চলিক কেন্দ্ৰবিলাকলৈ গৈ নিৰ্দ্দিষ্ট সময়সূচী অনুসৰি অনুষ্ঠিত হোৱা পৰীক্ষাত বহাৰ সুযোগ লাভ কৰিছিল৷ সম্প্ৰতি অনলাইন ব্যৱস্থাৰ প্ৰসাৰৰ লগে লগে মুক্ত বিশ্ববিদ্যালয়বোৰত ভালেমান পাঠ্যক্ৰম অনলাইন শিক্ষাৰ মাধ্যমত গ্ৰহণ কৰাৰ ব্যৱস্থা কৰা হৈছে৷ শিক্ষাৰ্থীসকলে কোনো আঞ্চলিক কেন্দ্ৰলৈ নোযোৱাকৈও নিজে প্ৰত্যক্ষভাৱে ই-মেইলযোগে গৃহকৰ্মাৱলী জমা দিয়াৰ ব্যৱস্থা কৰা হৈছে৷

প্ৰযুক্তিবিদ্যাৰ দ্ৰুত প্ৰসাৰৰ লগে লগে আধুনিক পৃথিৱীত শিক্ষা ব্যৱস্থাৰ আধুনিকীকৰণ হোৱাতো নিতান্তই স্বাভাৱিক কথা৷ ভাৰতৰ অনলাইন শিক্ষা উদ্যোগে ২০২১ চনৰ ভিতৰত ১.৯৬ বিলিয়ন মাৰ্কিন ডলাৰ উপাৰ্জন কৰিব বুলি এক তথ্যত প্ৰকাশ পাইছিল৷ আনহাতে ভাৰতত অনলাইন শিক্ষাৰ জৰিয়তে ২০১৬ চনত ২৪৭ মিলিয়ন ডলাৰ আয় হৈছিল৷ অৰ্থাৎ ভাৰতত এতিয়া অনলাইন শিক্ষাৰ বাণিজ্যিক প্ৰসাৰ আৰম্ভ হৈছে৷ আজিৰ পৰা বিশ বছৰ পূৰ্বেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইনষ্টিটিউট অৱ টেকন’লজীয়ে এক সমীক্ষাত প্ৰকাশ কৰিছিল যে, পানী আৰু স্বাস্থ্যৰ পাছতে গোটেই বিশ্বত শিক্ষা এক ডাঙৰ ব্যৱসায়ত পৰিণত হ’ব৷ সঁচাকৈয়ে শিক্ষা এতিয়া এক লাভজনক ব্যৱসায়লৈ পৰিণত হৈছে৷ ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশত জধে-মধে অনলাইন শিক্ষাৰ প্ৰতিষ্ঠানসমূহ চৰকাৰী অনুমতি অবিহনে গঢ়ি উঠা দেখা যায়৷ সম্প্ৰতি লকডাউন, আনলক ব্যৱস্থাৰ মাজত এনে শৈক্ষিক প্ৰতিষ্ঠানসমূহে যোৱা চাৰিটা মাহত দ্ৰুত প্ৰসাৰ লাভ কৰা দেখা গৈছে৷ কোনো কোনো ভুৱা প্ৰতিষ্ঠানে অনলাইন শিক্ষা প্ৰদানৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা বৃহৎ অংকৰ ধন আদায় কৰি মানদণ্ডহীন শিক্ষা প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীক অন্ধকাৰ ভৱিষ্যতলৈ ঠেলি দিয়াৰ দৰে উদ্বেগজনক ঘটনাও সংঘটিত হৈছে৷ অনলাইন শিক্ষাৰ জৰিয়তে একাংশ ছাত্ৰ-ছাত্ৰী লাভান্বিত হৈছে যদিও আন একাংশ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা লাভৰ পৰা বঞ্চিতও হ’বলগীয়া হৈছে৷ কিয়নো ঠাইবিশেষে ইণ্টাৰনেট সেৱাৰ দুৰাৱস্থা, লেপটপ, কম্পিউটাৰ, এনড্ৰইড মোবাইল, টেবলেট আদিৰ ক্ৰয়ৰ সামৰ্থ নোহোৱা, বিদ্যুত সংযোগ নথকা বা থাকিলেও ২৪ ঘণ্টা উপলব্ধ নোহোৱা বা পৰিয়ালৰ ৫/৬ জনৰ মাজত মাত্ৰ এটা ইলেক্ট্ৰনিক ডিভাইচ/ মোবাইল থকা আদি আনুষঙ্গিক সমস্যাবোৰে অনলাইন শিক্ষা ব্যৱস্থাক ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশত সম্পূৰ্ণ সফল কৰি তোলাৰ পৰিৱেশ এতিয়াও সৃষ্টি হোৱা নাই৷ উন্নত দেশবোৰৰ তুলনাত ভাৰতে এতিয়াও বহুখিনি পিছপৰি আছে৷ ভাৰতৰ মাত্ৰ ২৪ শতাংশ লোকৰ মাজত হে স্মাৰ্ট ফোন আছে আৰু ১১ শতাংশ লোকৰ মাজত কোনো বৈদ্যুতিন মাধ্যম উপলব্ধ নহয়৷ আন এক তথ্য অনুসৰি ভাৰতৰ প্ৰায় ৯৯.৯ শতাংশ পৰিয়ালত বিদ্যুতৰ সংযোগ আছে৷

কিন্তু ২০১৭-১৮ বৰ্ষত দেশৰ গ্ৰামাঞ্চলত চলা এক সমীক্ষা অনুসৰি ভাৰতৰ ১৬ শতাংশ পৰিয়ালে দৈনিক একৰ পৰা আঠ ঘণ্টা, ৩৩ শতাংশ পৰিয়ালে ৯/১০ ঘণ্টা আৰু ৪৭ শতাংশ লোকে ১২ ঘণ্টাৰ অধিক সময়হে বিদ্যুৎ সেৱা লাভ কৰে। অৰ্থাৎ গ্ৰামাঞ্চলৰ ৯৬ শতাংশ লোকেই নিয়মীয়া বিদ্যুৎ সেৱাৰ পৰা এতিয়াও বঞ্চিত হৈ আছে৷ এনে পৰিপ্ৰেক্ষিতত দৰিদ্ৰসীমাৰেখাৰ তলত বসবাস কৰা লোকসকলৰ বাবে এই অনলাইন শিক্ষা ব্যৱস্থাটোৱে অৰ্থহীন যেন হৈ পৰিছে৷ অসমৰ দৰে অনগ্ৰসৰ ৰাজ্যৰ লগতে কেৰেলাৰ দৰে শৈক্ষিক ক্ষেত্ৰত আগৰণুৱা ৰাজ্য এখনতো লকডাউনৰ সময়ছোৱাত এনড্ৰইড মোবাইল ফোন নোহোৱাৰ বাবে ৬৬ গৰাকী শিক্ষাৰ্থীয়ে আত্মহত্যাৰ দৰে কঠোৰ পথ ল’বলৈ বাধ্য হৈছে৷ তদুপৰি অনলাইন শিক্ষা ব্যৱস্থাত আভিযান্ত্ৰিক, চিকিৎসা, বিজ্ঞান, প্ৰযুক্তিবিদ্যা আদি ব্যৱহাৰিক পাঠ্যক্ৰমৰ শিক্ষা প্ৰদান কৰা সম্ভৱপৰ নহয়৷ এটা নিৰ্দ্দিষ্ট শ্ৰেণীকোঠাৰ তুলনাত অনলাইন শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত কিছুমান সুবিধা অৱশ্যে উপলব্ধ হয়৷ অনলাইন শিক্ষা ব্যৱস্থাত প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে সমানভাৱে শিক্ষকৰ সৈতে যুক্ত হোৱাৰ সুযোগ লাভ কৰে৷ বহু ক্ষেত্ৰত এজন শিক্ষাৰ্থীয়ে সকলো সময়তে শ্ৰেণীকোঠাত মনোসংযোগ কৰিব নোৱাৰে৷ কিন্তু অনলাইন শিক্ষা ব্যৱস্থাত যিহেতু ঘৰতে বহি শিক্ষা লাভ কৰিব পাৰি সেয়ে মনোসংযোগৰ ক্ষেত্ৰত কোনো সমস্যাৰ সৃষ্টি নহয়৷ বহু সময়ত আকৌ অভিভাৱকৰ অজ্ঞতা, মোবাইল, কম্পিউটাৰৰ অপব্যৱহাৰৰ ফলতো অনলাইন শিক্ষাৰ ফলপ্ৰসূতা হ্ৰাস পোৱা দেখা যায়৷ অনলাইল শিক্ষা ব্যৱস্থাৰ বহুতো সুবিধা আৰু অসুবিধা থাকিলেও আধুনিক শিক্ষা ব্যৱস্থাত ইয়াৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব কোনোপধ্যে নুই কৰিব নোৱাৰি৷

কিন্তু অতি পৰিতাপৰ বিষয় যে, ভাৰতৰ ২৪ শতাংশ পৰিয়ালত হে মাত্ৰ নিজা ইণ্টাৰনেট সংযোগ আছে৷ ভাৰতৰ প্ৰায় ৬০ শতাংশ লোক গ্ৰামাঞ্চলত বসবাস কৰে। এই গ্ৰামাঞ্চলত বসবাস কৰা মাত্ৰ ১৫ শতাংশ পৰিয়ালত হে ইণ্টাৰনেট সংযোগ আছে।

বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ভিড-১৯ ৰ প্ৰভাৱে আমাৰ দেশৰো শৈক্ষিক, অৰ্থনৈতিক আদি দিশত অত্যন্ত নেতিবাচক প্ৰভাৱ পেলাইছে৷ শৈক্ষিক দিশৰ এই নেতিবাচক প্ৰভাৱক ৰোধ কৰাৰ উদ্দেশ্যে মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে এই দুৰ্যোগৰ সময়ত কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকে শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ মুৰব্বীৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে নিয়মীয়াকৈ যোগাযোগ ৰক্ষা কৰিছে আৰু প্ৰয়োজনীয় নীতি-নিৰ্দেশনা প্ৰদান কৰি আহিছে৷

আমাৰ ৰাজ্য চৰকাৰেও এই ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে। বিদ্যালয়, মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়সমূহে অনলাইন ক্লাছৰ ব্যৱস্থা কৰিছে৷ আনকি নামভৰ্তিকৰণ ব্যৱস্থাও অনলাইলযোগে সমাপণ কৰা হৈছে৷ শিক্ষকসকলে সাধাৰণতে স্কাইপ, জুম, গুগল ক্লাছৰূম, গুগল হেংআউট, পিয়াজা আদি এপচৰ মাধ্যমেৰে এই অনলাইন ক্লাছসমূহ পৰিচালনা কৰিছে৷ ঠায়ে ঠায়ে ইউটিউৱ, হোৱাটছ এপ, ফেচবুক কোনো এটা বিষয়ৰ ভাষণ আপলোড বা শ্বেয়াৰ কৰিও শিক্ষা প্ৰদানৰ চেষ্টা কৰা হৈছে৷ গোট পৰীক্ষা আদিও অনলাইনযোগে অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক অগ্ৰগতিৰ খতিয়ান লোৱাৰ ব্যৱস্থাও বহুত শিক্ষক বা শিক্ষা প্ৰতিষ্ঠানে কৰা দেখা গৈছে৷ দেশৰ আগশাৰীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ প্ৰায় ৫০-৬০ শতাংশ শিক্ষাৰ্থীয়ে অনলাইন শিক্ষাৰ সুবিধা গ্ৰহণ কৰিছে৷ কিন্তু নগৰ, চহৰৰ পৰিৱৰ্তে গ্ৰামাঞ্চল বা বস্তি অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে এই সুবিধাৰ পৰা কিছু পৰিমাণে বঞ্চিত হোৱাও পৰিলক্ষিত হৈছে৷ অৱশ্যে মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ বিভিন্ন অনলাইন শিক্ষা প্লেটফৰ্মত যোৱা ২৩ মাৰ্চৰ পৰা প্ৰায় ১.৪ কোটি লোকৰ পৰা সঁহাৰি লাভ কৰিছে৷ ৰাষ্ট্ৰীয় অনলাইন শিক্ষা মঞ্চ স্বয়ম ইতিমধ্যে প্ৰায় ২.৫ লাখ জনসাধাৰণে দৰ্শন কৰিছে৷ এতিয়ালৈ অনলাইন শিক্ষা মঞ্চ দৰ্শন কৰা ইণ্টাৰনেট ব্যৱহাৰকাৰী ৫০, ০০০ বুলি এক তথ্যত প্ৰকাশ পাইছে৷ আনহাতে স্বয়ম প্লেটফ’ৰ্মত উপলব্ধ ৫৭৪টা বিষয়ৰ পাঠ্যক্ৰমৰ সৈতে প্ৰায় ২৫ লাখ শিক্ষাৰ্থী যুক্ত হৈ আছে৷


প্ৰতিদিনে প্ৰায় ৫৯০০০ লোকে স্বয়ম প্ৰভা ডিটিএইচ টিভি চেনেলত শৈক্ষিক ভিডিঅ’ প্ৰত্যক্ষ কৰি আছে৷ দেশত লকডাউন আৰম্ভ হোৱাৰ সময়ৰ পৰা এতিয়ালৈ প্ৰায় ৬.৮ লাখ জনসাধাৰণে এইটো টিভি চেনেলৰ জৰিয়তে শৈক্ষিক ভিডিঅ’ উপভোগ কৰিছে৷ আন এক সমীক্ষা মতে, বিশ্বজুৰি অনলাইন শিক্ষাৰ জৰিয়তে সম্প্ৰতি ৩০০ তকৈ অধিক পাঠ্যক্ৰম চলি আছে৷ কিন্তু অতি পৰিতাপৰ বিষয় যে, ভাৰতৰ ২৪ শতাংশ পৰিয়ালত হে মাত্ৰ নিজা ইণ্টাৰনেট সংযোগ আছে৷ ভাৰতৰ প্ৰায় ৬০ শতাংশ লোক গ্ৰামাঞ্চলত বসবাস কৰে৷ এই গ্ৰামাঞ্চলত বসবাস কৰা মাত্ৰ ১৫ শতাংশ পৰিয়ালত হে ইণ্টাৰনেট সংযোগ আছে৷ তদুপৰি ভাৰতত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ মাজত লিংগ বৈষম্যও দেখা যায়৷ পুৰুষৰ তুলনাত মহিলা ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা যথেষ্ট কম৷ ইণ্টাৰনেট আৰু মোবাইল এছোশ্যিয়েচন অফ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি ২০১২ বৰ্ষত ৬৭ শতাংশ ইণ্টাৰনেট ব্যৱহাৰকাৰী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা আছিল মাত্ৰ ৩৩ শতাংশ৷ আনহাতে বিভিন্ন ৰাজ্যসমূহৰ মাজতো কম্পিউটাৰ, ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ ভিন্নতা চকুতলগা ধৰণৰ৷ দিল্লী, কেৰালা, হিমাচল প্ৰদেশ, হাৰিয়ানা, পঞ্জাৱ, উত্তৰপ্ৰদেশত ৪০ শতাংশ পৰিয়ালত ইণ্টাৰনেটৰ সুবিধা থকাৰ বিপৰীতে উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, অসম, বিহাৰ, পশ্চিমবংগ, ছত্তিশগড়, ঝাৰখণ্ড, মধ্যপ্ৰদেশত এই সংখ্যা মাত্ৰ ২০ শতাংশ৷

প্ৰযুক্তিবিদ্যাৰ দ্ৰুত প্ৰসাৰ আৰু সাম্প্ৰতিক সময়ৰ পৰিপ্ৰেক্ষিতত অনলাইন শিক্ষাই সমগ্ৰ দেশতে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছে৷ এই ক্ষেত্ৰত আমাৰ দেশ ভাৰতবৰ্ষও পিছপৰি থকা নাই৷ কিন্তু অনলাইন শিক্ষাৰ ফলপ্ৰসূতাৰ বাবে ল’বলগীয়া আনুষঙ্গিক ব্যৱস্থাবোৰৰ ক্ষেত্ৰত আমাৰ দেশ অন্যান্য দেশৰ তুলনাত এতিয়াও বহুখিনি পিছপৰি আছে৷ প্ৰথমে এইবোৰ সমস্যা দূৰ নকৰাকৈ অনলাইন শিক্ষা ব্যৱস্থাক প্ৰয়োগ কৰিবলৈ গ’লে সুফলৰ সলনি বিফলতা হে লাভ কৰাৰ আশংকাই দেখা দিছে৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ বিভিন্ন পদক্ষেপৰ পাছতো দূৰ আৰু মুক্ত শিক্ষা, অনলাইন শিক্ষাৰ ফলপ্ৰসূতাৰ বাবে চৰকাৰে আজিকোপতি পৰ্যাপ্ত ধন ব্যয় কৰিবলৈ সক্ষম হোৱা নাই৷ দেশৰ আয়ৰ আধাখিনি ধন আজিও প্ৰতিৰক্ষাৰ নামত ব্যয় কৰা হয়৷ সম্প্ৰতি বিশ্বায়নৰ যুগতো বিশ্বৰ উন্নত দেশবোৰৰ দৰে ভাৰতে শিক্ষাখণ্ডত অধিক ব্যয় কৰিব পৰা নাই৷ আনকি দেশৰ মানৱ সম্পদ উন্নয়ন বিভাগৰ ২০২০-২১ বৰ্ষৰ বাজেট, ২০১৯-২০ বৰ্ষতকৈ কমাই আনি ৬০৪ কৌটিৰ পৰিৱৰ্তে ৪৬৯ কৌটি টকা ধাৰ্য কৰা হৈছে৷ অনলাইন শিক্ষা ব্যৱস্থাক সৰ্বজনীন কৰি তুলিবলৈ হ’লে কিন্তু চৰকাৰী পৃষ্ঠপোষকতাৰ খুবেই প্ৰয়োজন৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সমান সহযোগিতা আৰু মনোযোগেহে দেশত সৰ্বত্ৰে অনলাইন শিক্ষাক সুগম কৰি তুলিব পাৰিব৷ অন্যথা অনলাইন শিক্ষা ব্যৱস্থা ফুটুকাৰ ফেনলৈ হে পৰিৱৰ্তিত হৈ পৰিব৷

Previous অসমৰ নাট্য জগতত সহ-অভিনয়ৰ সৃষ্টিকৰ্তা সৈনিক শিল্পী ব্ৰজনাথ শৰ্মা
Next চাৰিখন শেহতীয়া মালায়ালম চিনেমা