গৰ দিনত আমাৰ ককা-আজো ককা সকলোৰ মুখত শুনা সাধুকথাবোৰৰ মতে আমাৰ অসমখন নদীৰ বাহিৰেও জান-জুৰি, খাল-বিল-পুখুৰী আদি বহুতো জলাশয়ৰে ভৰি আছিল৷ সেইসময়ত জলাশয়বোৰত মাছ আছিল অপৰ্যাপ্ত৷ মন গ’লেই মানুহে জাল,জাকৈ,পল,বৰশী আদি লৈ মাছ মাৰিবলৈ গৈছিল৷ কিন্তু মাছলৈ যোৱা মানুহবোৰে বিশেষকৈ নিশাৰ ভাগত মাছ মাৰি উভতি আহোঁতে খুব সাৱধানে আহিছিল৷ মাছ থোৱা খালৈ আৰু নাৱৰ পৰা ডাঙৰ ডাঙৰ মাছ নাইকিয়া হোৱাৰ কাহিনী অনেক শুনা গৈছিল৷ মাছ খোৱা বাঁকৰ কাহিনী সকলোৰে মুখে মুখে প্ৰচলিত আছিল৷ কিছুমানে আকৌ মাছ মাৰি থাকোঁতেই বিভিন্ন মাছুৱৈ জন্তুৰ মুখামুখি হৈছিল৷ কিন্তু আজিকালি নেদেখা হৈ যোৱাৰ বাবে এই জন্তুবোৰক মানুহে পাহৰিয়েই পেলাইছে৷ এসময়ত আমাৰ ওচৰ-চুবুৰীয়া এই জন্তুবোৰ যেনে হেপা, উদ, মেছেকা আদি আজিকালি দেখিবলৈকে নাইকিয়া হ’ল৷ অদূৰ ভৱিষ্যতত এই জন্তুবোৰ নিজেই হয়তো সাধুকথাত পৰিণত হ’বলৈ গৈ আছে৷ এই জীৱ-জন্তুবোৰৰ বিষয়ে জানিবলৈ মন নাযায়নে বাৰু?

প্ৰথমেই আৰম্ভ কৰো উদৰ বিষয়ে৷ উদ (otter) হৈছে একপ্ৰকাৰৰ মাংসহাৰী স্তন্যপায়ী প্ৰাণী৷ অষ্ট্ৰেলিয়া আৰু এণ্টাৰ্কটিকাৰ বাহিৰে আটাইকেইখন মহাদেশতে উদ পোৱা যায়৷ গোটেই পৃথিৱীতে মুঠ ১৩টা প্ৰজাতিৰ উদ আছে আৰু ইয়াৰ ভিতৰত ৩টা প্ৰজাতি ভাৰতৰ বিভিন্ন অঞ্চলৰ লগতে অসমতো পোৱা যায়৷ সেইকেইটা হৈছে ইউৰেছিয়ান উদ (Eurasian otter/Lutra lutra ), মিহি নোমেৰে আবৃত উদ (Smooth coated otter/ Lutrogale perspicillata), এছিয়ান সৰু হাতোঁৰাযুক্ত উদ (Asian Small clawed otter/ Aonyx cinereus)৷ উদৰ শৰীৰটো দীঘলীয়া আৰু দুটা তৰপৰ জলৰোধক নোমেৰে আবৃত্ত৷ মুৰটো চেপেটা আৰু কাণদুখন সৰু৷ নাকৰ অংশটো বহল হয় আৰু নাকত মেকুৰীৰ দৰে দীঘল আৰু ঠৰঙা দাড়ি থাকে৷ উদৰ ঠেং চাৰিখন যথেষ্ট চুটি হয়৷ পানীত সাতুৰিবলৈ সুবিধা হোৱাকৈ পাচঁটা আঙুলি ছালেৰে সংযোজিত হৈ একোখন পতাৰ (webbed feet)দৰে থাকে আৰু নখবোৰ যথেষ্ট ধাৰ থকা৷ আটাইকেইবিধ প্ৰজাতিৰ ভিতৰত সৰু হাতোঁৰাযুক্ত উদ আকাৰত আটাইতকৈ সৰু আৰু সিহঁতৰ সমুখৰ হাতোৰা কেইখন বাকীবোৰ উদতকৈ যথেষ্ট সৰু৷ নখবোৰ চুটি হোৱাৰ বাবে হাতোৰাখনেৰে শামুক, সৰু মাছ আদি ধৰিবৰ বাবে সুবিধাজনক৷ সিহঁতৰ দেহঁৰ ওজন মাত্ৰ ৫ কেজি মানহে হয়৷

গোটেই পৃথিৱীতে মুঠ ১৩টা প্ৰজাতিৰ উদ আছে আৰু ইয়াৰ ভিতৰত ৩টা প্ৰজাতি ভাৰতৰ বিভিন্ন অঞ্চলৰ লগতে অসমতো পোৱা যায়৷ সেইকেইটা হৈছে ইউৰেছিয়ান উদ (Eurasian otter/Lutra lutra ), মিহি নোমেৰে আবৃত উদ (Smooth coated otter/ Lutrogale perspicillata), এছিয়ান সৰু হাতোঁৰাযুক্ত উদ (Asian Small clawed otter/ Aonyx cinereus)।

এই উদবিধ সাধাৰণতে সমূহীয়াভাৱে থাকে আৰু কেতিয়াবা ১৫টা লৈকে একেলগে দেখাৰ প্ৰমাণ আছে৷ ইউৰেছিয়ান উদ মানুহৰ কাৰ্যকলাপৰ প্ৰতি বেছি স্পৰ্শকাতৰ৷ সেয়েহে ইহঁতক সহজতে দেখিবলৈ পোৱা নাযায় আৰু অতি নিৰ্জন দুৰ্গম এলেকাতহে ইহঁতে বাস কৰে৷ উদৰ প্ৰধান খাদ্য হৈছে মাছ কিন্তু কেতিয়াবা ইহঁতে শামুক, কেকোঁৰা, মিছা মাছ, নিগনি, এন্দুৰ, সাপ,বেং,সৰু চৰাই আদিও চিকাৰ কৰে৷ বাসস্থানৰ ক্ষেত্ৰত ইহঁতে কোলাহলৰ পৰা আঁতৰত শান্তিপূৰ্ণ আৰু পৰিষ্কাৰ পানীযুক্ত এলেকাৰ লগতে উপযুক্ত খাদ্যৰ অভাৱ নথকা ঠাইক প্ৰাধান্য দিয়ে৷ ইহঁতে জলাশয়ৰ দাঁতিকাষৰীয়া ঠাইত বিশেষকৈ শিলৰ ফাঁক,গছৰ শিপাৰ মাজত থকা খোৰোং, জোপোহাৰ তলৰ গাঁত আদিত বাঁহ সাজে আৰু চিকাৰৰ বাবে মাটি আৰু পানী এই দুয়ো ঠাইতেই বিচৰণ কৰে৷ উদে দুই ধৰণেৰে চিকাৰ কৰে৷ বেছিভাগ উদে পানীত সাঁতুৰি গৈ মুখেৰে চিকাৰ ধৰে, কিন্তু কেইটামান প্ৰজাতিৰ উদে সমুখৰ হাতোৰা দুখনেৰে চিকাৰ ধৰে৷ কেইটামান প্ৰজাতিৰ উদে মলত্যাগ কৰিবলৈ জলাশয়ৰ সমীপৰ এডোখৰ ঠাই নিৰ্দিষ্ট কৰি লয় আৰু সমজুৱাভাৱে সেই নিৰ্দিষ্ট ঠাইতে সদায় মলত্যাগ কৰে৷


বৰ্তমান সময়ত জনস্ংখ্যা বৃদ্ধিৰ লগত সংগতি ৰাখি প্ৰচুৰমাত্ৰাত চলি থকা বনাঞ্চল ধ্বংস আৰু জলাশয় অঞ্চলসমূহৰ দখলীকৰণে উদৰ বাসস্থানবোৰ ধ্বংস কৰি সিহঁতৰ বাবে উপযুক্ত বাসস্থানৰ নাটনিৰ সৃষ্টি কৰিছে৷ তদুপৰি জলপ্ৰদুষণে উদৰ বাসস্থানৰ লগতে সিহঁতৰ প্ৰধান খাদ্য মাছৰো ক্ষতিসাধন কৰিছে৷ খেতিবাতিত ব্যৱহাৰ কৰা ৰাসায়নিক কীটনাশক, অপতৃণৰোধক আদিত থকা কিছুমান গধুৰ ধাতৱ পদাৰ্থ আৰু অন্যান্য ৰাসায়নিক দ্ৰব্যৰ জৈৱআৱৰ্ধন (biomagnifications)হৈ পৰিবেশত ৰৈ যোৱাৰ লগতে সিহঁতৰ শৰীৰতো প্ৰবেশ কৰিছে৷ তাৰফলত উদে বিভিন্ন বেমাৰত ভুগি মৃত্যুমুখত পৰাৰ উপৰিও প্ৰজননৰ বিসংগতিয়ে দেখা দিয়ে৷ ইউৰোপৰ কেইগৰাকীমান বিজ্ঞানীৰ অধ্যয়নত এই তথ্য পোহৰলৈ আহিছে যে ৱেল্‌ছ অঞ্চলৰ কিছুমান ভিতৰুৱা নিৰ্জন ঠাইত গঢ়ি উঠা বিভিন্ন খননকাৰ্য্যই হ’ল তাত বসৱাস কৰা ইউৰেছিয়ান উদবোৰৰ বাবে উপযুক্ত খাদ্য আৰু বাসস্থান ধ্বংসৰ মুল কাৰণ৷

স্কটলেণ্ডৰ কিছু অধ্যয়নৰ মতে পানীৰ হাইদ্ৰ’জেন আয়ন ঘনত্ব (pH)ৰ লগত উদৰ বাসস্থান নিৰ্বাচনৰ সম্বন্ধ আছে৷ বেছি আম্লিক (acidic) হৈ উঠা জলাশয় অঞ্চলসমূহ উদে সাধাৰণতে ব্যৱহাৰ নকৰে৷ জলপৰিৱহণত আৰু কল-কাৰখানাৰ পৰা নিৰ্গত তেল জাতীয় পদাৰ্থ, খাৰুৱা তেলৰ খনিৰ পৰা তেল কঢ়িয়াই নিয়া বাহন আৰু পাইপ আদি কেতিয়াবা অসাৱধানতাৰ বাবে ফাটি যোৱাৰ ফলত পানীৰ পৃষ্ঠভাগত বিয়পি পৰা তেলে উদৰ লগতে অন্যান্য জলজ জীৱলৈও মাৰাত্মক বিপদ মাতি আনে৷ এই তেলে উদৰ শৰীৰৰ নোমৰ তৰপবোৰক নষ্ট কৰি ইহঁতক অসুস্থ কৰি তোলে৷ মাছ্মৰীয়াসকলেও বহু ঠাইত মাছচোৰ বুলি উদক ফান্দ পাতি চিকাৰ কৰে৷ ইয়াৰ বহুমূলীয়া নোমাল ছালখনৰ বাবে পৃথিৱীৰ বিভিন্ন ঠাইত উদ চিকাৰ কৰা হয়৷ দুৰ্ঘটনাৱশতঃ মাছ ধৰা জালত লাগিও উদ কেতিয়াবা মৃত্যুমুখত পৰে৷ দক্ষিণ এছিয় দেশ বিশেষকৈ ইণ্ডোনেচিয়া, চীন, জাপান, মালয়েছিয়া, ভিয়েটনাম, থাইলেণ্ড আদিত সৰু আকাৰৰ উদ পোহনীয়া কৰি ৰাখি চোৰাং বজাৰত বহু দামত বেচা-কিনা কৰা হয়৷ এই চোৰাং ব্যৱসায়ত হোৱা লাভালাভলৈ চাই পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতৰো এক চোৰাং বন্যপ্ৰাণী-ব্যৱসায়ী চক্ৰ উদৰ চোৰাং ব্যৱসায়ত জড়িত হৈ পৰিছে৷

দক্ষিণ এছিয় দেশ বিশেষকৈ ইণ্ডোনেচিয়া, চীন, জাপান, মালয়েছিয়া, ভিয়েটনাম, থাইলেণ্ড আদিত সৰু আকাৰৰ উদ পোহনীয়া কৰি ৰাখি চোৰাং বজাৰত বহু দামত বেচা-কিনা কৰা হয়৷এই চোৰাং ব্যৱসায়ত হোৱা লাভালাভলৈ চাই পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতৰো এক চোৰাং বন্যপ্ৰাণী-ব্যৱসায়ী চক্ৰ উদৰ চোৰাং ব্যৱসায়ত জড়িত হৈ পৰিছে।

ভাৰতত বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানসমূহকে ধৰি সংৰক্ষিত এলেকাসমূহৰ বাহিৰে বেলেগ অঞ্চলত উদ অতি কমেইহে দেখিবলৈ পোৱা যায়৷ ইহঁতৰ সামগ্ৰিক অৱস্থাৰ ওপৰত অধ্যয়ন তেনেই নগণ্য৷ ভাৰতত উদৰ অধ্যুষিত নদী বুলি ক’লে তুংগভদ্ৰা, মান্দভি, চম্বল, গংগা আৰু ব্ৰহ্মপুত্ৰ নদীয়েই প্ৰধান৷ ভাৰতীয় বন্যপ্ৰাণী সংৰক্ষণ আইন ১৯৭২ ত এছিয়ান সৰু হাতোঁৰাযুক্ত উদক (Asian small clawed otter)১নং তালিকাভুক্ত আৰু বাকী দুই প্ৰজাতিক (Eurasian otter and Smooth coated otter ) ২নং তালিকাভুক্ত কৰা হৈছে৷ তদুপৰি সকলো উদৰ প্ৰজাতিয়েই ৰপ্তানি (বাণিজ্য) নিয়ন্ত্ৰণ আদেশ ১৯৮৮ ৰ ১ নং তালিকাৰ দফা ‘ক’ ৰ অন্তৰ্গত অৰ্থাৎ উদৰ হত্যাৰ উপৰিও ইহঁতৰ চোৰাং ৰপ্তানি আইনমতে দণ্ডনীয়৷ বিশ্ব প্ৰকৃতি সংৰক্ষণকাৰী সংস্থাই (IUCN) এছিয়ান সৰু হাতোঁৰাযুক্ত উদ আৰু মিহি নোমেৰে আবৃত উদক ক্ৰমাগতভাৱে  বিপদাপন্ন হ’বলৈ গৈ থকা (vulnerable) প্ৰাণী হিচাপে স্বীকৃতি দিয়ে৷ ভাৰত চৰকাৰে ২০১৬ চনত কৰ্ণাটকৰ তুংগভদ্ৰা নদীত ৩৪ কিলোমিটাৰ অঞ্চল (বালাৰি জিলাৰ মুদলাপুৰা গাঁৱৰ পৰা কাম্পলি লৈকে) উদৰ সংৰক্ষণকলৈ লক্ষ ৰাখি “তুংগভদ্ৰা উদ সংৰক্ষিত বনাঞ্চল” ঘোষণা কৰে৷ অসমতো বৰ্তমান ৰাষ্ট্ৰীয় উদ্যান আৰু সংৰক্ষিত বনাঞ্চল সমূহতহে উদ দৃষ্টিগোচৰ হয়, সেয়েহে সংৰক্ষিত অঞ্চলৰ গাতে লাগি থকা জলাশয় সমূহো উদৰ বাবে উপযুক্ত বাসস্থান হিচাপে সংৰক্ষণ কৰি ৰাখিবলৈ চেষ্টা কৰাটো বাঞ্ছনীয়৷ আমি সকলোৱে জনা উচিত যে শিহুৰ অৱস্থিতিয়ে নদীতন্ত্ৰক উচ্চমান সম্পন্ন কৰি তোলাৰ দৰেই যিকোনো জলাশয়ত উদৰ অৱস্থিতিয়ে সেই অঞ্চলৰ সুস্থ আৰু সৱল বাতাবৰণৰ ইংগিত দিয়ে৷ গতিকে আজিৰ বস্তুবাদী ব্যস্ত জীৱনৰ বাবে খুবেই অদৰকাৰী সাধাৰণ কথা যেন লাগিলেও, সকলোৰে অজানিতেই আমাৰ চৌপাশৰ জলাশয় সমূহৰ পৰা লাহে লাহে উদ নামৰ প্ৰাণীবিধ নাইকিয়া হৈ গৈ থকাৰ এই প্ৰক্ৰিয়াটো নিশ্চিত ভাৱেই এক চিন্তনীয় বিষয়৷

Previous অসম চৰকাৰৰ কৃষি-ভুমি হস্তান্তৰৰ সিদ্ধান্ত: লাভান্বিত কৰিব উদ্যোগপতি-বণিয়াক
Next দেশপ্ৰেমৰ জোৱাৰ আৰু আৰ্ট অফ ৱাৰ