পথাৰ: আদিতম মানুহৰ এক সংগ্ৰামৰ ইতিহাস


থাৰ…য’ত কৃষকৰ কপালৰ ঘাম পৰি সোণগুটি হয়৷ ই গ্ৰাম্য জীৱনৰ কৃষ্টিৰ আধাৰ৷ গাঁৱৰ অধিকাংশ লোকৰ জীৱন নিৰ্ভৰ কৰে পথাৰৰ ওপৰত৷ পথাৰৰ অবিহনে গ্ৰাম্য জীৱনৰ কোনো অস্তিত্ব নাই৷ সভ্যতাৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে পথাৰক কেন্দ্ৰ কৰি চলি আহিছে চহা জীৱন৷ পথাৰ মানেই প্ৰতিটো চহা পৰিয়ালৰ জীৱন সংগীত৷ কবিৰ ভাষাত ক’বলৈ গ’লে-

‘তুমি প্ৰাণময়, মোহময় জীৱন মালিকা৷ পথাৰ

তোমাৰো স্বীকৃতি আছে, তুমি কোনোবা

আদিতম মানুহৰ সংগ্ৰামৰ ইতিহাস.. `(পথাৰ-ৰাম গগৈ)

আদিম সমাজে কৃষি কাৰ্য কৰিবলৈ লোৱাৰ পৰা বৰ্তমানলৈকে সভ্যতাৰ প্ৰতিটো স্তৰত পথাৰে নিজকে এক সংগ্ৰামৰ ইতিহাস হিচাপে স্বীকৃতি দিবলৈ সক্ষম হৈ আহিছে৷ কৃষকৰ প্ৰতিটো ক্ষোভ, প্ৰতিটো সুখ, প্ৰতিটোপাল চকুপানীৰ সাক্ষী হৈ আহিছে পথাৰ৷ পথাৰ কৃষকৰ আত্মা৷ কৃষকৰ বুকুত মৰা প্ৰতিটো ছলনা আৰু দুৰ্নীতিৰ পদাঘাত কৃষকৰ বুকুত পৰে৷ পথাৰৰ বুকু ফাটিলে,কৃষকৰ কলিজা ফাটে৷ কৃষকৰ বাবে পথাৰ,পথাৰৰ বাবে কৃষক৷

প্ৰত্যেক সমাজৰ দৰে অসমীয়া সমাজতো পথাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷ প্ৰত্যেক জনগোষ্ঠীৰ পথাৰ সম্বন্ধীয় নিজস্ব পৰম্পৰা আছে৷ অসমীয়া সমাজত ন-ভূই, ন-খোৱা আদিৰ দৰে পৰম্পৰা চলি আহিছে৷ এটা সময় আছিল, য’ত পথাৰ হৈছিল এক সমন্বয় থলী৷ বসন্তৰ আগমনত প্ৰকৃতিৰ লগত উৰ্বৰা হৈ উঠিছিল পথাৰ৷ গাঁৱৰ জীয়ৰী-বোৱাৰী, ডেকা-বুঢ়া সকলো মিলি পথাৰত ন-ভূই পাতিছিল৷ গাঁৱৰ ঐক্যৰ খোজবোৰত পথাৰ সেউজীয়া হৈ উঠিছিল৷ সেউজীয়াবোৰ সোণালী হৈ ভঁৰাললৈ উভতিছিল৷ আঘোণৰ ন-খোৱা পৰ্বত সোমাই আছিল ওচৰ-চুবুৰীয়াৰ ইজনে সিজনৰ প্ৰতি থকা সীমহীন আন্তৰিকতা৷ এই সম্প্ৰীতিৰ ধাৰা বোৱাই আনিছিল পথাৰে আৰু পুৰুষ পুৰুষ ধৰি এই ধাৰা ধৰি ৰখা হৈছিল৷

সময়ৰ গতি সলনি হ’ল৷ সময়ৰ লগত কৃষ্টিৰ বৰভেঁটিলৈও পৰিবৰ্তন আহিল৷ অসমীয়াৰ কৰ্মবিমুখ মানসিকতাৰ বাবে অসমৰ পথাৰত ভাৰাতীয়া বনুৱা জাক পাতি পৰিলহি আৰু লগে লগে সম্প্ৰীতিৰ ছবিখন ধূসৰ হৈ পৰিবলৈ ধৰিলে৷ জীয়ৰী-বোৱাৰীৰ খিলখিল হাঁহি, ডেকা ল’ৰাৰ মন উজাৰি মৰা উকিবোৰ পথাৰত নাইকিয়া হ’ল৷ কোনো কোনো ঠাইত পথাৰত কাম কৰিবলৈ অনা বনুৱাকলৈ এক শ্ৰেণীৰ দালালৰ সৃষ্টি হ’ল৷ পথাৰক লৈ সৃষ্টি হোৱা এই খেলত দুটা পৰিস্থিতিৰ সৃষ্টি কৰিলে৷ এটা হ’ল- অসমীয়াৰ মনবোৰ ক্ৰমশঃ কৰ্মবিমুখ মানসিকতাৰ চিকাৰ হ’ল আৰু আনটো হ’ল- ওচৰ-চুবুৰীয়াৰ মাজত থকা সম্প্ৰীতিৰ ডোলডালত ঘূণে ধৰিলে৷ আজি পৰিস্থিতি এনে পৰ্যায় পালেগৈ, সৌ সিদিনালৈকে কাষৰ ঘৰৰ পৰা ন-ভূঁই খাবলৈ দৌৰি অহা খুৰী-পেহী, দদাইদেউ-ককাইদেউ হঁতেও এতিয়া দিন-হাজিৰা বা মাননি নাপালে সহায় নকৰা হ’ল৷

পথাৰ…য’ত কৃষকৰ কপালৰ ঘাম মাটিত পৰি সোণগুটি হয়৷ সেই পথাৰ এতিয়া বৰ্ধিত জনসংখ্যা আৰু উদ্যোগিকৰণে গ্ৰাস কৰি পেলাইছে৷ আজি দহ বছৰ আগলৈকে সেউজীয়া, সোণ বৰণীয়া চাদৰ পিন্ধি থকা পথাৰবোৰৰ লাহে লাহে অস্তিত্ব হেৰাই গৈছে৷ উদ্যোগিকৰণে কৃষকৰ বাবে এক ভাবুকি কঢ়িয়াই আনিছে৷ পথাৰৰ মাজত গঢ়ি উঠা ইটা ভাটা বা অন্যান্য কল-কাৰখানাই ইয়াৰ আশে-পাশে থকা পথাৰৰ উৎপাদন কাৰ্যত কু-প্ৰভাৱ পেলাইছে৷ যি এক চিন্তনীয় বিষয় হৈ পৰিছে৷

পথাৰ আমাৰ প্ৰাণ৷ পথাৰে আমাৰ সৃষ্টিৰ চেতনাক জাগ্ৰত কৰি আহিছে৷ আমি আমাৰ কৃষ্টিক জীয়াই ৰাখিবলৈ হ’লে, পথাৰৰ অস্তিত্বক জীয়াই ৰাখিবই লাগিব৷ পথাৰৰ যোগেদিহে আমি আমাৰ পৰম্পৰা আৰু কৰ্ম-সংস্কৃতিক জীয়াই ৰাখিব পাৰিম৷ তাৰ বাবে আমি উভতি যাব লাগিব আমি তাহানিতে এৰি অহা পথাৰখনলৈ৷ য’ত সম্প্ৰীতিৰ এনাজৰীৰে সকলোকে বান্ধি ৰাখিছিল৷ য’ত জীৱন উদযাপনৰ কচৰৎ চলিছিল৷ সেই পথাৰক আমি আজিৰ প্ৰজন্মৰ হাতত তুলি দিব লাগিব৷ কবি ৰাম গগৈয়ে কোৱা দৰে -সেউজীয়া প্ৰাণৰ পথাৰখনক৷

Previous অমাতৰ মাত!
Next চিকিৎসা বিজ্ঞানত শুশ্ৰূষা শিক্ষাৰ প্ৰয়োজনীয়তা আৰু কিছু অন্যান্য প্ৰসংগ