মলা পূঝাৰী তেওঁৰ নাম। উৰিষ্যাৰ কৰাপুট জিলাৰ পাত্ৰপূত গাঁৱৰ এগৰাকী সাধাৰণ জনজাতীয় মহিলা।কৃষিয়েই জীৱন তেওঁৰ। দুই পুত্ৰৰ সতে পেটৰ ভাতমুঠিৰ বাবে খেতি কৰা ৭০ৰোৰ্ধৰ এইগৰাকী মহিলাই বুজিছিল, খেতিয়কৰ বাবে বীজেই জীৱন। বীজ থাকিলেহে থাকিব ভাত। সেয়েই এবিধ দুবিধ কৰি থলুৱা বীজবোৰ সাঁচি গৈছিল, সংৰক্ষণ কৰিছিল। ‘কালাজিৰা’ নামৰ এবিধ উৰিষ্যাৰ এবিধ সুগন্ধী ধানৰ জাতকে ধৰি এইদৰে সংৰক্ষণ কৰা ধানৰ সংখ্যাই পাৰ হৈছিল এশৰ ঘৰ। নিজৰ আগ্ৰহ আৰু হেঁপাহত কৰা এই কামৰ বাবে তেওঁ সুযোগ পাইছিল জয়পুৰত এম এছ স্বামীনাথন ৰিছাৰ্ছ ফাউণ্ডেচনে আয়োজন কৰা এক প্ৰশিক্ষণ লাভৰ। এই প্ৰশিক্ষণৰ পাছতেই গাঁওবাসীক জৈৱিক পদ্ধতিৰে কৃষি কৰিবলৈ সংগঠিত কৰাত নামি পৰে কমলা। ২০০২ চনত জোহানেছবাৰ্গত ‘ইকুৱেটৰ ইনিচিয়েটিভ পুৰস্কাৰ’  লাভ কৰা কমলাক ২০০৮চনত উৰিষ্যা চৰকাৰে শ্ৰেষ্ঠ কৃষক হিচাপে পুৰস্কৃত কৰাৰ লগতে ২০১৮ চনত ৰাজ্যৰ পৰিকল্পনা আয়োগৰ সদস্য হিচাপে মনোনীত কৰে। উল্লেখনীয় যে, থলুৱা বীজৰ সংৰক্ষণেৰে ৰাজ্যক অনুপ্ৰাণিত কৰা এই গৰাকী   দৰিদ্ৰতাপিষ্ট নাৰীৰ কিছুদিন আগলৈকে নাছিল নিজাকৈ এটা পকীঘৰ। যিগৰাকী মহিলাৰ নামত উৰিষ্যাৰ কৃষি বিশ্ববিদ্যালয়ত স্থাপিত হৈছে ছাত্ৰী নিবাস, তেনে এগৰাকী মহিলা নিজে বাস কৰে ভঙা কেঁচাঘৰত।  অৰ্থাভাৱৰ হাজাৰ বাধাকো নেওচি থলুৱা সম্পদনিৰ্ভৰ কৃষি আৰু প্ৰাকৃতিক কৃষি পদ্ধতিক জনপ্ৰিয় কৰিবলৈ অহৰহ চেষ্টা চলাই অহা এইগৰাকী মহিলাক এইবছৰ কৃষিক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছে।

০০০০

নাম ছালুমাৰাডা থিম্মাক্কা। বয়স ১০৬ বছৰ। জীৱনৰ আগলি বেলিকাত গছত চিপ লৈ আত্মহত্যা কৰিবলৈ ওলোৱা থিম্মাক্কাই এইবছৰ গছৰ বাবেই পালে পদ্মশ্ৰীৰ সন্মান। থিম্মাক্কাৰ ঘৰ কৰ্ণাটকৰ হুলিক্কালু গাঁৱত। সন্তানহীন থিম্মাক্কাই মাতৃ হ’ব নোৱাৰাৰ বাবে স্বামীৰ পৰিয়ালৰ পৰা পোৱা লাঞ্চনা-গঞ্জনা-অত্যাচাৰ সহিব নোৱাৰি আত্মহত্যা কৰিবলৈ যাওঁতে স্বামী বিক্কালু চিক্কাইয়াই দিয়া সাহ আৰু বুজনিত উভতি আহি আৰম্ভ কৰে গছপুলি ৰুবলৈ, নিজৰ সন্তানৰ দৰে প্ৰতিপালন কৰিবলৈ। বিগত ৬৫ বছৰে ৮০০০ গছপুলি ৰুই সন্তানৰ দৰে প্ৰতিপালন কৰা বিক্কালু আৰু থিম্মাক্কা দম্পতিয়ে নিজৰ অঞ্চলত ৰুইছে ৪০০ৰো অধিক আঁহত গছ। গছপুলিক পানী দিবৰ বাবে ৪ কিলোমিটাৰলৈকে পানী কঢ়িয়াওৱা থিম্মাক্কা-বিক্কালু দম্পতিয়ে ৰোৱা গছৰ শাৰীৰ নয়নাভিৰাম দৃশ্যৰ বাবে তেওঁৰ নাম হ’লগৈ ছালুমাৰাডা থিম্মাক্কা, যাৰ অৰ্থ কানাড়া ভাষাত গছৰ শাৰী। প্ৰকৃতিৰ যত্ন আৰু প্ৰতিপালনেৰে সন্তানহীনতাৰ বেদনা লংঘি ‘বৃক্ষমাতা’ হৈ উঠা থিম্মাক্কাই এতিয়া বেছ গৌৰৱেৰে কয় – ‘মোৰ আটাইতকৈ ডাঙৰ সন্তানৰ বয়স ৬৫ বছৰ’ ! ২০১৬ চনত বিবিচিৰ দ্বাৰা ১০০ গৰাকী সৰ্বাধিক প্ৰভাৱশালী আৰু অনুপ্ৰেৰণাদায়ক মহিলাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা থিম্মাক্কা এই বয়সতো সমানেই সক্ৰিয় আৰু সমাজৰ হকে কৰ্মৰত। এই বয়সতো দুখীয়াৰ বাবে সৰ্বোৎকৃষ্ট চিকিৎসা সেৱা সুলভ কৰিব পৰা এখন চিকিৎসালয়ৰ সপোন বান্ধি অহোপুৰুষাৰ্থ কৰা থিম্মাক্কাই দাঙি ধৰিছে অতুলনীয় দৃষ্টান্ত।

০০০০

বিৰিয়াৰ সাঁউৰি
Previous মনোহৰ পাৰিকৰ : কৰ্মনিষ্ঠ ৰাজনীতিৰে ল'লে বিদায়
Next  সৰল সচেষ্ট!