শেহতীয়া লেখাসমূহ

প্ৰকৃতিয়ে দিয়া খ্যাতি: পদ্মশ্ৰী বঁটাৰে জিলিকিল দুই অগ্ৰগামিনী
কমলা পূঝাৰী তেওঁৰ নাম। উৰিষ্যাৰ কৰাপুট জিলাৰ পাত্ৰপূত গাঁৱৰ এগৰাকী সাধাৰণ জনজাতীয় মহিলা।কৃষিয়েই জীৱন তেওঁৰ। দুই পুত্ৰৰ সতে পেটৰ ভাতমুঠিৰ বাবে খেতি কৰা ৭০ৰোৰ্ধৰ এইগৰাকী মহিলাই বুজিছিল, খেতিয়কৰ বাবে বীজেই জীৱন। বীজ থাকিলেহে থাকিব ভাত। সেয়েই এবিধ দুবিধ কৰি থলুৱা বীজবোৰ সাঁচি গৈছিল, সংৰক্ষণ কৰিছিল। ‘কালাজিৰা’ নামৰ এবিধ উৰিষ্যাৰ এবিধ সুগন্ধী ধানৰ জাতকে ধৰি এইদৰে …

মনোহৰ পাৰিকৰ : কৰ্মনিষ্ঠ ৰাজনীতিৰে ল’লে বিদায়
শাৰীৰিক যন্ত্ৰণায়ো ৰুদ্ধ কৰিব নোৱাৰা এক কৰ্মঠ জীৱন সামৰি অৱশেষত বিদায় ল’লে গোৱাৰ মুখ্যমন্ত্ৰী তথা দেশৰ প্ৰাক্তন প্ৰতিৰক্ষামন্ত্ৰী মনোহৰ পাৰিকৰে। আজি সন্ধিয়া ৬-৪০ বজাত পানাজীস্থিত নিজৰ পুত্ৰৰ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰা নেতাগৰাকীৰ বয়স হৈছিল ৬৩ বছৰ। আই আই টি ব’ম্বেৰ পৰা ১৯৭৮ চনত ধাতৱীয় অভিযন্ত্ৰণ বিষয়ৰ স্নাতক পাৰিকাৰ আছিল ভাৰতৰ কোনো ৰাজ্যৰ বিধায়ক হিচাপে …

পাকিস্তানী মোল্লা-মৌলবাদীৰ ফটোৱা, দু-দেশৰ শাসকৰ পৰস্পৰ বিদ্বেষৰ ৰাজনীতি
পাকিস্তান অথবা ভাৰতবৰ্ষ বুলি ক’লে তাৰ জনসাধাৰণক বুজা যায় নে চৰকাৰী ব্যৱস্থাটোক বুজা যায়- সেয়া নাজানো, কিন্তু সাধাৰণ মানুহৰ পৰিচয় আচলতে কোনো দেশে দাঙি ধৰিব নোৱাৰে। দেশপ্ৰেম যেতিয়া ৰাজনৈতিক উন্মাদনা হৈ পৰে, তেতিয়া ফল ভুগিব লগা হয় জনতাই। পঞ্জাৱ, সিন্ধ, বেলুচ আৰু পাচটু প্ৰদেশৰে লৈ গঠন হোৱা পাকিস্তানৰ জনতাই যি ধৰ্মীয় উন্মাদনাৰ চিকাৰ হৈছে- তালৈ …

ডিছলেক্সিয়া : প্ৰধান মন্ত্ৰীৰ তাচ্ছিল্য আৰু ৰোগীৰ যন্ত্ৰণা
কিছুদিন আগতে বহুলভাৱে প্ৰচাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভিডিঅ এটাই বিতৰ্কৰ সৃষ্টি কৰিছে৷ প্ৰধান মন্ত্ৰীজনে ডিছলেক্সিয়া ৰোগক লৈ আইআইটি খড়গপুৰৰ ভিডিঅ’ কনফাৰেঞ্চৰ অনুষ্ঠানত আগবঢ়োৱা এক টিপ্পনীয়ে এতিয়া সৰ্বত্ৰ চৰ্চা লাভ কৰিছে৷ মূলতঃ ডিছলেক্সিয়া ৰ দৰে জটিল ৰোগক মোডীয়ে ৰাজনৈতিক অস্ত্ৰ কৰিব বিছাৰিছে বুলিও বহুজনে মত পোষণ কৰিছে৷ এই কথাৰ আঁত ধৰিয়েই আজি আমি লিখিব লৈছো মানসিক ৰোগৰ …

পৰিৱৰ্তন
মগজুৰ বিকাশৰ বাবেই মানুহ অন্য জীৱ জন্তুতকৈ আগবাঢ়ি আহিল। চিন্তা চৰ্চাই নতুন জ্ঞান দিলে। বিজ্ঞানে আধুনিক সভ্যতা দিলে। মানুহে যদি চিন্তা-চৰ্চা নকৰিলেহেঁতেন, তেন্তে আমি আজিৰ অৱস্থা নাপালোঁহেঁতেন। ধৰ্ম প্ৰৱৰ্তক বা সমাজ সংস্কাৰকসকলেও নতুন নতুন চিন্তাৰে সমাজৰ পৰিৱৰ্তন কৰি আহিছে। তেওঁলোকেও পূৰ্বৰ পৰা চলি অহা নীতি নিয়মবোৰ শুদ্ধ বুলি ধৰা হ’লে নতুন ধৰ্মৰ প্ৰৱৰ্তনেই নহ’লহেঁতেন। কিন্তু …

চুনীহঁতৰ সপোন
আগকথা– প্ৰথমতেই কৈ থওঁ, এই লেখাটোৰ তথ্যবোৰহে সংগ্ৰহ কৰা৷ বাকী চৰিত্ৰবোৰৰ মাজত হোৱা কথা বাৰ্তাবোৰত কল্পনাৰ ৰহণ সনা হৈছে৷ অফিচৰ কামত প্ৰায়েই কলকতালৈ গৈ থকা হয়৷ কলকতা মানেই কলেজ ষ্ট্ৰীট্৷ গ’লেই স্বপনদাৰ দোকানত এপাক মৰা হয়৷ খেলৰ বিষয়ে কিবা বিশেষ কিতাপ পালেই স্বপনদাই মোৰ বাবে ৰাখি থয়৷ তেঁৱেই এদিন চিনাকী কৰাই দিছিল বিমোচন দা আৰু …

ৰাজনীতিৰ ৰণত পৰিছে ৰৌ-বৰালি
লোকসভা নিৰ্বাচনৰ প্ৰেক্ষাপটত প্ৰথমেই আহোঁ বিজেপিৰ কেইজনমান নেতাৰ কথালৈ; এই কেইজন নেতাই নিজেই স্বীকাৰ কৰি লৈছে যে তেওঁলোকে ৰাজনীতিৰ পৰা অৱসৰ ল’ব বিচাৰিছে আৰু সেয়া এনেই নহয় তেওঁলোকৰ অকৰ্মণ্যতা, দূনীৰ্তি আৰু তেওঁলোকৰ বিৰুদ্ধে থকা নাৰী নিৰ্য্যাতনৰ গোচৰৰ বাবেহে। খুব গুৰুত্বপূৰ্ণ কথাটো হৈছে যে, দেশৰ ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহায়ে আজি স্বীকাৰ কৰিছে যে, মহিলা নিৰ্য্যাতনৰ …

লোকসভা নিৰ্বাচন ২০১৯ : দিকভ্ৰান্ত ভোটাৰ আৰু মোডী মেজিক
বিজ্ঞাপনবোৰ প্ৰচাৰ হৈ আছে৷ বাটে পথে বেনাৰ হৰ্ডিংবোৰ ওলমি পৰিছে ইতিমধ্যে৷ শাসক-বিৰোধীৰ প্ৰচাৰৰ প্ৰতিযোগিতা চলিছে জোৰদাৰভাবে৷ আকৌ এবাৰ মোডী চৰকাৰ! যোৱা পাঁচটা বছৰৰ পূৰ্বৰ কথা নিশ্চয় সকলোৰে মনত আছে৷ মনত আছে নিশ্চয় সেই শ্লোগানধৰ্মী বিজ্ঞাপনবোৰলৈ৷ আব কী বাৰ মোডী চৰকাৰ৷ পাঁচটা বছৰ পূৰ্বৰ টিভিৰ পৰ্দাত চলি থকা সেই দীঘলীয়া নিৰ্বাচনী বিজ্ঞাপনবোৰ ইমান সোনকালে ৰাইজে নিশ্চয় …

কিতাপ আৰু পাঞ্জাৰ এটা শক্তিশালী নাম সুভাষ দাস
সুভাষ দাস৷ পেছাত এগৰাকী গ্ৰন্থ বিক্ৰেতা আৰু নিচাত এগৰাকী পাঞ্জা খেলুৱৈ৷ বৰপেটা জিলাৰ পাঠশালাৰ ৰায়পুৰত ঘৰ তেওঁৰ৷ আজিৰ পৰা ২০ বছৰ আগতে কিতাপৰ সৰু টোপোলা পিঠিত বান্ধি লৈ ঘৰে ঘৰে কিতাপ বিক্ৰী কৰি ফুৰিছিল তেওঁ৷ লাহে লাহে তেওঁ নিজৰ একাণপতীয়া প্ৰচেষ্টাত সাহিত্য সভা, পূজা আদিৰ গ্ৰন্থমেলাত কিতাপৰ বিপণি দিব পৰা হ’ল৷ কেইবছৰমান আগৰে পৰা তেওঁ শিক্ষানুষ্ঠান …

শ্ৰেণী বৰ্জন গ্ৰেটা থানবাৰ্গৰ : মনোনীত শান্তিৰ নোবেল বঁটাৰ বাবে
নাম গ্ৰেটা থানবাৰ্গ। পৰিচয় – ছুইডেনৰ এগৰাকী স্কুলীয়া কিশোৰী, যিয়ে সমগ্ৰ বিশ্বত জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদী কাৰ্য্যসূচীৰ গুৰি ধৰিছে। ২০১৮ চনৰ আগষ্ট মাহত, বিশ্বত প্ৰথমবাৰলৈ ‘জলবায়ুৰ বাবে প্ৰথমটো বিদ্যালয় ধৰ্মঘট’ কাৰ্য্যসূচীৰ অৱতাৰণা কৰি গ্ৰেটাই ছুইডেনৰ সংসদৰ সন্মুখত অকলেই ধৰ্ণাত বহে আৰু তেতিয়াৰে পৰা তেওঁ প্ৰত্যেক শুক্ৰবাৰে স্কুলৰ শ্ৰেণী বৰ্জন কৰি জলবায়ু পৰিৱৰ্তন …