পাকিস্তান অথবা ভাৰতবৰ্ষ বুলি ক’লে তাৰ জনসাধাৰণক বুজা যায় নে চৰকাৰী ব্যৱস্থাটোক বুজা যায়- সেয়া নাজানো, কিন্তু সাধাৰণ মানুহৰ পৰিচয় আচলতে কোনো দেশে দাঙি ধৰিব নোৱাৰে। দেশপ্ৰেম যেতিয়া ৰাজনৈতিক উন্মাদনা হৈ পৰে, তেতিয়া ফল ভুগিব লগা হয় জনতাই। পঞ্জাৱ, সিন্ধ, বেলুচ আৰু পাচটু প্ৰদেশৰে লৈ গঠন হোৱা পাকিস্তানৰ জনতাই যি ধৰ্মীয় উন্মাদনাৰ চিকাৰ হৈছে- তালৈ লক্ষ্য কৰিলে এটা সিদ্ধান্তলৈ আহিব পাৰি যে দেশ- বিদেশভেদে মানুহৰ বাস্তৱিক পৰিস্থিতিসমূহৰ বিশেষ একো পাৰ্থক্য নাই।

গুলজাৰ আলম। পাকিস্তানৰ খাইবাৰ পাখটুনৱালা প্ৰদেশৰ জনপ্ৰিয় গায়ক। তেওঁৰ বহুকেইটা পাচটুন লোকগীতৰ এলবামে এসময়ত পেছোৱাৰ চহৰ উখল মাখল কৰি ৰাখিছিল। কেইবছৰমানৰ আগতে মোল্লা-মৌলবাদী কিছুমানে তেওঁৰ ওপৰত ফটোৱা জাৰি কৰিলে যে নাচ-গান কৰি থাকিলে মানুহে আল্লাক পাহৰি যায়। আফগানিস্তানৰ কাষতে থকা পেছোৱাৰ চহৰ ইছলামিক সন্ত্ৰাসবাদীৰ অন্যতম ঘাটি- শ্ৰীলংকাৰ ক্ৰিকেট টীমটোক ইয়াতে সন্ত্ৰাসবাদীবিলাকে আক্ৰমণ কৰিছিল। এসময়ৰ বিখ্যাত শিল্পী গুলজাৰ আলমে শেষত পইচাৰ বাবে ট্ৰাক চলাব লগাত পৰিছিল।

খাইবাৰ গিৰিপথৰ পৰা কৰাচীৰ সাগৰীয় বন্দৰলৈকে পাকিস্তানৰ ৰাজপথত এটা দৃশ্য অতি সুলভ- বিভিন্নধৰণে আৰ্ট আৰু ডেকৰেচন কৰা মালগাড়ীৰ বৃহৎ ট্ৰাকবোৰ। ট্ৰাকবোৰক সজোৱাৰ ধৰণটোক পাকিস্তানত ফুল-পট্টী বোলা হয়। এই ফুল-পট্টীৰ কাৰবাৰটো এটা বৃহৎ ইণ্ডাষ্ট্ৰী হিচাপে পৰিগণিত হৈছে। কৰাছীৰ হায়দৰ আলি নামৰ শিল্পীজন এই শিল্পটোৰ বাবেই পৃথিৱী ভ্ৰমি ফুৰে। মোল্লা- মৌলবাদীবিলাকৰ তাতো আপত্তি- এনেধৰণৰ সাজোন কাচোনৰ প্ৰভাৱত মানুহহে আল্লাক পাহৰি যায়।

সীমা কিৰমানি, কৰাছীৰ কথক শিল্পী আৰু মানৱাধিকাৰ কৰ্মী। গোড়া মুছলমানসকলে কথক নৃত্যক মোগলে আদৰি লৈছিল বাবে এইটো ইছলামিক সংস্কৃতি বুলিয়ে ভাবে; কিন্তু ভাৰত নাট্যম অথবা ওদিছি- নহ’ব, এইবিলাক মূৰ্তি পুজা কৰা হিন্দুৰ নাচ-গান। সীমা কিৰমানিয়ে গোটেই জীৱন মোল্লা মৌলবাদীৰ পৰা বিভিন্নধৰণৰ ভাবুকি পাই অহাৰ পাছতো কথক নেৰিলে। শেহতীয়াকৈ লাল চাহবাজ কল’ণ্ডাৰৰ দৰগাহত তেও চুফিসকলৰ ধামাল নৃত্য পৰিৱেশন কৰে। সততে ইছলামিক বুলি কৈ অহা পাকিস্তানত এইটো অত্যন্ত চকুত লগা কথা।

দমাদম মস্ত কল’ণ্ডাৰ, আলি দম দিল মে অণ্ডৰ…’। চুফী কলাম বুলিলেই আমিৰ খুশ্ৰু আৰু বুল্লে শ্বাহৰ হাতৰ পৰশ থকা এই গানটোকে মনলে আহে। গানটোত থকা জুলেলাল হৈছে সিন্ধ প্ৰদেশৰ এজন কিংবদন্তি পুৰুষ- যাক হিন্দুৱেও মানে, মুছলমানেও মানে। গানটোৰ দ্বাৰা জুলেলালক চুফী সাধু লাল শ্বাহবাজ কল’ণ্ডাৰক একেশাৰীতে ৰাখিছে। শ্বাহবাজ কল’ণ্ডাৰৰ দৰগাহ চেহৱান শ্বৰীফ হিন্দু মুছলিমৰ মিলনভূমি, চুফীসকলে ইয়াত নৃত্য গীতেৰে পৰমাত্মাক অনুভৱ কৰে। দুহেজাৰ সোতৰ চনৰ ষোল্ল ফেব্ৰুৱাৰীত ইছলামিক সন্ত্ৰাসবাদীয়ে ইয়াত চুইচাইদ বম্বিং কৰি অষ্টাশীজন নিৰীহৰ প্ৰাণ লয়। কট্টৰ ইছলামিকসকলে তচউফ অৰ্থাৎ চুফিপন্থক ইছলামৰ শত্ৰু বুলি ভাবে। এই কট্টৰ ইছলামৰ ভাৱধাৰাৰ আহিছে চৌদি আৰবৰ ৱাহাবী পন্থাৰ পৰা। ইছলামৰ উৎপত্তিৰ পৰা এই ধৰমত বিভিন্ন দৰ্শনৰ আৱিৰ্ভাৱ হয়; এই দৰ্শনসমূহে নিজস্ব ভৌগোলিক বাতাবৰণ আৰু মানুহৰ সাংস্কৃতিক জীৱনচৰ্যাক দাঙি ধৰে। পাৰস্য আৰু আৰৱ তথা চীয়া- চুন্নীৰ সংঘাতৰো কাৰণ সেইটোৱেই। ৱাহাবীসকলে ভাবে ইছলাম ধৰ্ম গ্ৰহণ কৰা সকলো দেশে চৌদী আৰৱৰ জনজাতীয় সমাজক অনুকৰণ কৰক; য’ত কোনো নৃত্য-গীত তথা শিল্পৰ অনুমতি দিয়া নহয় আৰু ইছলাম ধৰ্মৰ কোনো সন্তৰ দৰগাহত আৰাধনা কৰাটো নিবিচাৰে, কেৱল মক্কাৰ জনজাতীয় কাব্বালৈ হজযাত্ৰা কৰাৰ বাদে। এই কৰ্তৃত্ববাদৰ প্ৰতিবাদ বুল্লে শ্বাহে চুফী কলামৰ দ্বাৰা সজোৰে কৰিছিল। ৱাহাবী আৰু চৌদী ৰাজবংশৰ ৰাজনৈতিক বুজাবুজিৰ ফলত চৌদী আৰৱৰ জনসাধাৰণ পৰাধীন আৰু সন্ত্ৰাসৰ মাজেৰে পাৰ কৰি আহিছে। ইছলাম ধৰ্মৰ প্ৰচাৰৰ বাবে চৌদী আৰৱে বিভিন্ন দেশলৈ পুঁজি আগবঢ়ায়- যাৰ বাবে ইছলামিক সন্ত্ৰাসবাদীৰ গোটবিলাক আধুনিক বিশ্বৰ প্ৰতি ভাবুকি হৈ পৰিছে। পাকিস্তানৰ সৃষ্টি হওতে তেওঁলোকে ইয়াক জেহাদৰ অংগ বুলিয়ে গণ্য কৰিছিল; আৰৱৰ তুলনামূলকভাৱে আধুনিক মানসিকতাৰ ৰজা ফইজলৰ নামত ফইজলাবাদ চহৰ স্থাপন কৰিছিল। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল সমগ্ৰ পৃথিৱীৰ গণতন্ত্ৰৰ ঠিকা লোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতি সম্পূৰ্ণ নিৰ্ভৰ কৰে চৌদী আৰৱৰ তেলৰ ওপৰত। ড’ণাল্ড ট্ৰাম্পে কাৰ্য্যভাৰ লৈয়েই চৌদী আৰৱলৈ আহি ৰজাৰ স’তে তৰোৱাল নৃত্যত ভাগ লৈছিল; আনহাতে চৌদী আৰৱৰ জিঅপলিটিকেল বৈৰী ইৰাণকে ধৰি কেইবাখনো মুছলিম ৰাষ্ট্ৰৰ নাগৰিকৰ ওপৰত নিষেধাজ্ঞা আৰোপ জাৰি কৰিছিল।

পাকিস্তানৰ গণতান্ত্ৰিক শক্তিটোক প্ৰতিনিধিত্ব কৰিছিল জুলফিকৰ আলি ভুট্টো আৰু বেনজিৰ ভুট্টোৰ দৰে ৰাজনীতিকসকলে, কিন্তু বিভিন্নধৰণে তেওঁলোকক আঁতৰাই পঠোৱা হ’ল। শেহতীয়াকে ইমৰাণ খানক পাকিস্তানৰ জনসাধাৰণে আস্থাত লৈছে, চুফীবাদৰ প্ৰতি গভীৰভাৱে আসক্ত পাকিস্তানৰ নেচনেল হিৰ’ ইমৰাণ খানে প্ৰগতিশীল মধ্যবিত্তীয় ৰাজনৈতিক শিবিৰটোক প্ৰতিনিধিত্ব কৰে। ভাৰত আৰু পাকিস্তান দুয়োখন দেশত উমৈহতীয়া ধৰ্ম ক্ৰিকেট; এজন অপ্ৰতিদ্বন্দী ক্ৰিকেটাৰ বৈৰী দেশ এখনৰ মুখীয়াল হোৱাত ভাৰতবৰ্ষৰ জনসাধাৰণো আশ্বস্ত হৈছিল। কিন্তু শেহতীয়া ঘটনাৱলীয়ে ইমৰাণ খানৰ ইমেজতো দাগ পেলাব। দেশ বিভাজনৰ পাছত ভাৰত আৰু পাকিস্তানৰ দেশপ্ৰেম বুলিলে উভয়পক্ষৰ মাজত থকা শত্ৰুতাকে দুয়ো দেশৰ শাসকপক্ষই নিৰন্তৰভাৱে মানুহৰ মাজত সুমুৱাই দিছে আৰু সফল হৈছে। উনৈশ শ একসত্তৰ চনৰ আগভাগত ভাৰতৰ ৰাজনীতিত যেতিয়া কংগ্ৰেছবিৰোধী শক্তি সবলভাৱে মূৰ দাঙি উঠিছিল, তেতিয়া ইন্দিৰা গান্ধীয়ে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল। ভাৰতীয়ৰ দেশপ্ৰেমক পাকিস্তানবিদ্বেষলৈ ৰূপান্তৰ কৰি আচলতে শাসকসকল টিকি থাকে। কাশ্মীৰ ৰক্তাক্ত হয়।

পাকিস্তান সুন্দৰ মানুহৰ দেশ; ইয়াৰ সাধাৰণ মানুহ ক্ৰিকেট বুলিলে পাগল, আধ্যাত্মিকভাৱে চুফিবাদী। তেওঁলোক কৰ্তৃত্বশীল মোল্লা মৌলবীৰ দ্বাৰা পীড়িত। য’ত শিল্প সাহিত্য তথা মানুহৰ ৰুচি অভিৰুচিক ধৰ্মৰ দোহাই দি আক্ৰমণ কৰা হয়, তাত মানুহে কিদৰে মুকলিকৈ বাস কৰিব?

প্ৰচলিত বাগধাৰাৰ উৰ্ধত গৈ ক’ব পাৰি পাকিস্তান সুন্দৰ মানুহৰ দেশ; ইয়াৰ সাধাৰণ মানুহ ক্ৰিকেট বুলিলে পাগল, আধ্যাত্মিকভাৱে চুফিবাদী। তেওঁলোক কৰ্তৃত্বশীল মোল্লা মৌলবীৰ দ্বাৰা পীড়িত। য’ত শিল্প সাহিত্য তথা মানুহৰ ৰুচি অভিৰুচিক ধৰ্মৰ দোহাই দি আক্ৰমণ কৰা হয়, তাত মানুহে কিদৰে মুকলিকৈ বাস কৰিব? ভাৰতবৰ্ষত যদি সাংবাদিক গৌৰী লংকেশক হিন্দু মৌলবাদীয়ে হত্যা কৰে, পাকিস্তানত মানৱাধিকাৰ কৰ্মী ছাবিন মেহমুদক ইচলামিক মৌলবাদীয়ে হত্যা কৰে। তেনেহ’লে ভাৰত আৰু পাকিস্তানৰ মাজত তফাৎ কি? 

প্ৰদ্যুম্ন কুমাৰ গগৈ

গল্পকাৰ, লেখক-বিশ্লেষক

Previous ডিছলেক্সিয়া : প্ৰধান মন্ত্ৰীৰ তাচ্ছিল্য আৰু ৰোগীৰ যন্ত্ৰণা
Next মনোহৰ পাৰিকৰ : কৰ্মনিষ্ঠ ৰাজনীতিৰে ল'লে বিদায়