সমৰ ৰাজনৈতিক বালিঘড়ীটোত দুটাই পৰ্ব : নিৰ্বাচনৰ আগত অবৈধ বিদেশী বিতাড়ন প্ৰসংগ আৰু নিৰ্বাচনৰ পাছত অবৈধ বিদেশীক ভোট বেংকৰ ৰূপত ব্যৱহাৰ কৰাৰ অভিসন্ধি | বিগত শতিকাৰ আশী দশকৰ পৰা এই দুই দশাই চলি আছে | এক কথাত বাংলাদেশী বিতাড়ন এতিয়া এক ৰঙীণ টুপী যাক পিন্ধিলেই এজন নেতা খিলঞ্জীয়াৰ নায়ক হৈ পৰে। ” মই অসমীয়া ৰাইজৰ সমস্যা আৰু আৱেগ বুজো আৰু অসমীয়া ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত আমি আপোচ নকৰো। অসমৰ বাংলাদেশী বিতাড়নৰ বাবে মই ব্যৱস্থা ল’ম। দেশমাতৃৰ সেৱা কৰিবলৈ মই ঘৰ এৰি আহিছো | অসমো মোৰ মাতৃভূমি।” – উদ্ধৃত কথাখিনি অসমৰ কোনো বিপ্লৱীৰ নহয়। কথাখিনি দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ২০১৪ চনৰ ৩০ নৱেম্বৰ তাৰিখ, দেওবাৰে গুৱাহাটীত একাংশ ৰাইজক সম্বোধি কৰা বক্তব্য। টালি-টোপোলা লৈ বাংলাদেশী যাব লাগিব বুলি নিৰ্বাচনী ৰণশিঙা বজোৱা দলটোৰে সাম্প্ৰদায়িক ৰাজনীতিত ভোটবেংকৰ অংকত এতিয়াৰ স্থিতি, “হিন্দু বাংলাদেশী স্বাগতম ” আৰু এই স্বাৰ্থ পূৰণৰ বাবে পাশুপাত অস্ত্ৰ হিচাপে প্ৰক্ষেপ কৰা হৈছে – ‘নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬’ যি হৈছে ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ সংশোধনীৰ বাবে প্ৰস্তাৱিত এক বিধেয়ক। ২০১৬ চনৰ ১৯ জুলাইত প্ৰথম বাৰৰ বাবে উত্থাপন কৰা বিধেয়কখনক আইনলৈ পৰিণত কৰি আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ কিছু সংখ্যালঘু সম্প্ৰদায়ৰ অবৈধ অনুপ্ৰৱেশকাৰীক ভাৰতীয় নাগৰিকত্ব দিব বিচৰা হৈছে । হিন্দু ৰাষ্ট্ৰৰ আদৰ্শৰে পৰিচালিত শাসক গোষ্ঠীৰ বাবে ই ৰাজনৈতিক অভিসন্ধি আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ভাষিক, সাংস্কৃতিক আৰু নৃ-গোষ্ঠীয় অস্তিত্বৰ যুঁজ।

 

ভীমৰাও আম্বেদকাৰে নাগৰিকত্ব সন্দৰ্ভত সংবিধানত মন্তব্য কৰিছিল, ‘কোনো লোক জন্মসূত্ৰে ভাৰতীয় হ’লে, যদিহে তেওঁৰ পিতৃ-মাতৃ বৈধ ভাৰতীয় তেন্তে তেওঁ ভাৰতীয় নাগৰিক। তাৰ উপৰিও পূৱ পাকিস্তান, পশ্চিম পাকিস্তান আৰু আফগানিস্তানৰ কোনো ধৰ্মীয় সংখ্যালঘু লোকে উক্ত দেশৰ নাগৰিকৰ প্ৰমান পত্ৰসহ ১১ বছৰ ভাৰতত বাস কৰিলে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব পাৰিব।’ ভাৰতীয় সংবিধানৰ ৫/১১ অনুচ্ছেদত নাগৰিকত্বৰ কথা উল্লেখ আছে। সংবিধানে ভাৰতীয় সংসদত নাগৰিকত্ব আইন গ্ৰহণৰ ক্ষমতাও দিছিল। ১৯৫৫ চনত এই আইন সংসদত গৃহীত হৈছিল। য’ত ৫টা প্ৰক্ৰিয়াৰে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব পাৰিব বুলি উল্লেখ আছে। কিন্তু ২০১৬ চনত লোকসভাত উত্থাপন কৰা নাগৰিকত্ব সংশোধনী বিধেয়কত কেইটামান নিৰ্দিষ্ট ধৰ্মৰ লোকক ভাৰতীয় নাগৰিক হোৱাৰ সুবিধা দিয়াৰ বাবে যি প্ৰচেষ্টা লোৱা হৈছে সেই প্ৰচেষ্টাই সংবিধানৰ ১৪ নং অনুচ্ছেদত থকা সম অধিকাৰ ভংগ কৰাৰ লগতে প্ৰশ্ন উঠিব ভাৰতৰ ধৰ্ম নিৰপেক্ষতাত | কাৰণ, কোৱা হয় ধৰ্মনিৰপেক্ষতা ভাৰতৰ আত্মা যদিও আত্মাৰ ধাৰণাটো সকলো ধৰ্মই বিশ্বাস নকৰে | এই নাগৰিকত্বৰ ধাৰণাটো নাগৰিক সকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ | কাৰণ, নাগৰিকৰ সংখ্যা, ৰুচিবোধ, ধৰ্ম, সংস্কৃতিয়ে দেশৰ আৰ্থ-সামাজিক স্থিতিক প্ৰভাৱান্বিত কৰে। আনহাতে, অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বাবেও নাগৰিকত্ব গুৰুত্বপূৰ্ণ প্ৰসংগ। কাৰণ, নাগৰিকত্বৰ অবিহনে ভোটাধিকাৰৰ পৰা ৰেচন কাৰ্ডলৈকে একো নাপায় । নাগৰিকত্বৰ অবিহনে তেওঁলোকে আন্দোলন কৰিব নোৱাৰে, প্ৰভাৱশালীগোষ্ঠী হ’ব নোৱাৰে, ৰাজনীতিত নামিব নোৱাৰে আৰু আনহে নালাগে কোনো দল-সংগঠনক জখলা ক্ষমতাৰ গাদী দখল কৰিব নোৱাৰে |

সৰুতে সকলো উদ্ভিদকে একেধৰণৰ বুলি ভাবিছিলো। নামবোৰহে বেলেগ – আমগছ, চামগছ, কঁঠালগছ.. ইত্যাদি | সেইদৰো মানুহবোৰো একেধৰণৰ বুলিয়ে ভাবিছিলো।বেছ অজ্ঞান আছিলো । পাছতহে গম পালো যে গছক তৃণৰ পৰা বৃক্ষলৈ ভগোৱাৰ দৰে সমাজখনক দুখীয়াৰ পৰা অত্যন্ত ধনী শ্ৰেণীলৈকে বিভাজিত কৰা হৈছে | একেদৰেই সকলো অবৈধ অনুপ্ৰৱেশকাৰীক অবৈধ অনুপ্ৰৱেশকাৰী বুলিয়ে ভাবিছিলো | ২০১৬ চনৰ ১৯ জুলাইৰ পাছত জ্ঞানচক্ষু মুকলি হৈ অবৈধ অনুপ্ৰৱেশকাৰীৰো দুটা ভাগ আছে বুলি গম পালো – হিন্দু বাংলাদেশী আৰু মুছলমান বাংলাদেশী। 

সৰুতঃ সকলো উদ্ভিদকে একেধৰণৰ বুলি ভাবিছিলো। নামবোৰহে বেলেগ – আমগছ, চামগছ, কঁঠালগছ.. ইত্যাদি | সেইদৰো মানুহবোৰো একেধৰণৰ বুলিয়ে ভাবিছিলো।বেছ অজ্ঞান আছিলো । পাছতহে গম পালো যে গছক তৃণৰ পৰা বৃক্ষলৈ ভগোৱাৰ দৰে সমাজখনক দুখীয়াৰ পৰা অত্যন্ত ধনী শ্ৰেণীলৈকে বিভাজিত কৰা হৈছে | একেদৰেই সকলো অবৈধ অনুপ্ৰৱেশকাৰীক অবৈধ অনুপ্ৰৱেশকাৰী বুলিয়ে ভাবিছিলো | ২০১৬ চনৰ ১৯ জুলাইৰ পাছত জ্ঞানচক্ষু মুকলি হৈ অবৈধ অনুপ্ৰৱেশকাৰীৰো দুটা ভাগ আছে বুলি গম পালো – হিন্দু বাংলাদেশী আৰু মুছলমান বাংলাদেশী | দেশত হলাহলৰ বিষাক্ত বতাহ বলিবলৈ বাধ্য কৰোৱা এনে বিভাজনৰ জ্ঞান লাভ কৰি আমি নিজৰ ভৱিষ্যতক লৈ শংকিত। পূৰ্বৰ কেন্দ্ৰীয় চৰকাৰখন আছিল সংখ্যালঘু প্ৰেমী। ফলত তেওঁলোকে অসমৰ ভূমি বেদখল কৰা অবৈধ অনুপ্ৰৱেশকাৰীসকলক ‘লুঙী-টুপী মানেই বাংলাদেশী নহয়’ শ্লোগানেৰে নাগৰিকত্ব নোহোৱাকৈয়ে থকাৰ অঘোষিত অনুজ্ঞাপত্ৰ প্ৰদান কৰিছিল। এই প্ৰক্ৰিয়াত বাঘ হাজৰিকাৰ লগত অঘৰী চোৰ এজনৰ তুলনা কৰিবলৈ তেওঁলোকে কুণ্ঠাবোধ কৰা নাছিল । শ্বহীদ মোজ্জ্বামিল হকৰ প্ৰাণক নিৰ্বাচনৰ বিজ্ঞাপনৰ অংশ কৰিবলৈ তেওঁলোক থমকি ৰোৱা নাছিল। বৰ্তমানৰ চৰকাৰখন হৈছে কট্টৰ হিন্দুত্ববাদী । ফলত ‘অবৈধ মুছলমান বাংলাদেশী ‘বিতাড়িত কৰাৰ পৰিৱৰ্তে হিন্দুৰ সংখ্যা বঢ়োৱাৰ অভিযানত নামিছে | এওঁলোক হৈছে ঘৰত এন্দুৰৰ সংখ্যা বাঢ়িলে সাপ আনি পোহা লোক । আনহাতে এবাৰ হিন্দু বাংলাদেশী আহি বৈধ ভাৰতীয় হৈ যোৱাৰ পৰৱৰ্তী সময়ত সংখ্যালঘু প্ৰেমী চৰকাৰ আহিলে অবৈধ মুছলমানো বৈধ ভাৰতীয় যে হৈ পৰিব তাৰ আশংকা নুই কৰিব নোৱাৰি।

কাজিৰঙাৰ বাঘ আৰু অসমৰ খিলঞ্জীয়া জনতাৰ বৰ্তমানৰ অৱস্থা একেই – বিলুপ্তিৰ ভয় দুয়োৰে।

দেশৰ প্ৰথমটো লোক পিয়লৰ তথ্য অনুসৰি ১৮৮১ চনত ত্ৰিপুৰাত থলুৱা ত্ৰিপুৰীৰ সংখ্যা আছিল ৮৭.০৬ শতাংশ, বঙালী ভাষী লোকৰ সংখ্যা আছিল ১২.৯৪ শতাংশ। ২০১১ চনৰ লোক পিয়লৰ তথ্য মতে ত্ৰিপুৰাত থলুৱা ত্ৰিপুৰী লোকৰ সংখ্যা ৩১.৭৮ শতাংশ আৰু বঙালী ভাষী লোকৰ সংখ্যা ৬৮.২১ শতাংশ।  জনগাঁঠনিৰ এই পৰিৱৰ্তনৰ ফলত ত্ৰিপুৰীসকলে সবল কণ্ঠ হেৰুৱালে। কাৰণ তেওঁলোক আজি গৌণ। চৰকাৰ -প্ৰশাসন তেওঁলোকৰ হাতত নাই। অথচ সেইখন ত্ৰিপুৰাত ৮৩ শতাংশই হিন্দু লোক। ‘গুজৰাট মডেল’ৰ কথা কৈ ক্ষমতালৈ অহা চৰকাৰখনে এতিয়া অসমক ‘ত্ৰিপুৰা মডেল’ দিব বিচাৰিছে। আনহাতে, ‘কাশ্মীৰ মডেল’ প্ৰয়োগ কৰিব বিচৰাখিনি আছেই।  মুঠতে অস্তিত্বৰ সংকট এতিয়া চূড়ান্ত পৰ্য্যায়ত। এফালে অসমতে অসমীয়া কৃষ্টি- সংস্কৃতিক অংগুষ্ঠ প্ৰদৰ্শন কৰা একাংশ লোক যি নিজৰ ভাষা-সংস্কৃতিক নাজানো বুলি গৌৰৱ কৰা এটি প্ৰজন্মৰ কিছু প্ৰতিনিধি, আনহাতে এফালে অৱশিষ্ট পৰিচয়ক বাংলাদেশৰ পৰা অহা বোজাৰ হেঁচাৰে নিঃশেষ কৰিব বিচৰাসকল। কাজিৰঙাৰ বাঘ আৰু অসমৰ খিলঞ্জীয়া জনতাৰ বৰ্তমানৰ অৱস্থা একেই – বিলুপ্তিৰ ভয় দুয়োৰে।


১২ শতিকাত ৰাজা বাল্লাৰ সেনাৰ দ্বাৰা বাংলাদেশত ঢাকেশ্বৰী মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছিল | ঢাকেশ্বৰী মন্দিৰৰ পৰাই বাংলাদেশৰ ৰাজধানী ঢাকা | যিখন দেশৰ ৰাজধানীৰ নামেই হিন্দু মন্দিৰৰ দেৱীৰ নামৰ পৰা অনুপ্ৰাণিত আৰু য’ত প্ৰতি বছৰে হাজাৰ হাজাৰ পূজামণ্ডপত দুৰ্গাপূজা অনুষ্ঠিত হয়, তাত হিন্দু নিৰ্যাতন হৈছে বুলি কোৱা হৈছে । ইয়াক লৈ বাংলাদেশ চৰকাৰ শংকিত নহ’লেও ভাৰত চৰকাৰৰ চিন্তা যথেষ্ট। তাৰ বাবেই হিন্দু বাংলাদেশী সকলক নাগৰিকত্ব দিবৰ বাবে ‘নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬”ৰ উত্থাপন। ভাৰতত মুছলমান নিৰ্যাতনৰ কথাও আমি শুনো। যদিও আচল কথাবোৰ আমি সকলোয়ে জানো। বাংলাদেশৰ পৰা যিসকল লোক অসমলৈ আহে তেওঁলোক উচ্চশিক্ষিত কিম্বা স্বাৱলম্বী হোৱাৰ পৰিৱৰ্তে ভোকাতুৰ আৰু অসমৰ্থ হয় সৰহভাগ সময়ত। যাৰ বাবে ৰুটি আৰু কাপোৰৰ তাড়নাত তেওঁলোকে সীমান্ত পাৰ হয় আৰু অসমত জীৱিকাৰ সন্ধান কৰে । দাৰিদ্ৰ্য লৈ অহা এই শ্ৰেণীৰ লোকক নাগৰিকত্ব দিয়াৰ পিছতে তেওঁলোকে অধিকাৰ পাব ৰাস্তাৰ পৰা আৰ্থিক অনুদানলৈকে সকলো দাবী কৰাৰ ।

ইপিনে অসমত খিলঞ্জীয়াৰে ভাত-কাপোৰৰ যুঁজ অন্তহীন। তেনে অৱস্থাত অসমে কিদৰে বৈধ বিদেশীৰ বোজা ল’ব? আনহাতে, এইসকল লোকৰ মাতৃভাষা অসমীয়া নহয় : বাংলা। ফলত অসমীয়া ভাষাই অস্তিত্ব সংকটত ভুগিব আৰু ভাষা অবিহনে জাতি কল্পনাৰো অগোচৰ।

 

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ এক প্ৰকাৰৰ তুলাচনীৰ ফেৰ য’ত ৰাজনৈতিক স্বাৰ্থৰ ফলত নেতা জনতাতকৈ গুৰুত্বপূৰ্ণ আৰু অবৈধ অনুপ্ৰৱেশকাৰী বৈধ হোৱাৰ ফলত পাবলগীয়া ভোটবেংকৰ ওজন খিলঞ্জীয়াতকৈ অধিক।

 

অসমৰ এটা ডাঙৰ সমস্যা ৰাজনৈতিক অস্থিৰতা আৰু নেতাসকলৰ পাহাৰসম দুৰ্নীতি আৰু জাতিক বেছি খোৱাৰ প্ৰৱণতা। একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দলটো য’ত এবাৰ তৃণমূল , এবাৰ প্ৰগতিশীল আদি ভাগত বিভক্ত হোৱাৰ ইতিহাস ৰাইজৰ জ্ঞাত, সেই ৰাজ্যত আঞ্চলিক শক্তিসমূহৰ গাদীপ্ৰেমী চৰিত্ৰ ৰাইজৰ জ্ঞাত। এওঁলোকৰ অৱস্থা এতিয়া স্বৰ্গচ্যুত ৰজা নহুষৰ দৰে । আন্দোলন হৈ থাকিলে ভাল পোৱা বহুত নেতা অসমৰ দল-সংগঠনসমূহত বিৰাজমান। তথ্য মতে, চীনদেশে কৃত্ৰিম চন্দ্ৰ নিৰ্মাণৰ প্ৰস্তুতি কৰিছে আৰু ভাৰত ব্যস্ত হিন্দু-মুছলমানৰ ৰাজনীতিত।  নাছাই মহাকাশক আমেৰিকাৰ দখললৈ অনাৰ পৰিকল্পনা কৰি আছে আৰু অসমত আজি প্ৰায় চাৰিটা দশক জুৰি এটাই সমস্যা- অবৈধ বাংলাদেশী। অথচ, কেৱল চিঞৰ-বাখৰ আৰু আন্দোলনে সমস্যাৰ সমাধান নকৰে | জেওৰা দুৰ্বল হ’লে চুবুৰীয়াৰ গৰু সোমাই বাৰী তহিলং কৰাটো স্বাভাৱিক। অসমৰ জেওৰা কেৱল সীমাৰ কাঁটাতাৰৰ বেৰ এখন হ’ব নোৱাৰে। অসমৰ সুৰক্ষাৰ বাবে জেওৰা হৈ থিয় দিব লাগিব অসমৰ প্ৰজন্ম। এইয়া বন্দুক-বাৰুদৰ দ্বাৰা কিম্বা ভাষণৰ ফুলজাৰিৰে সম্ভৱ নহয়।  তাৰ বাবে অসমৰ প্ৰজন্ম ৰাজনৈতিকভাৱে সচেতন, বৌদ্ধিকভাৱে আগবঢ়া, অৰ্থনৈতিকভাৱে সবল আৰু মানসিকভাৱে দূৰদৰ্শী হ’ব লাগিব।  যেতিয়া এই পৰিৱেশৰ সূচনা নহয়, অসমৰ অৰ্থনীতি ,ৰাজনীতি তথা সমাজ-ব্যৱস্থা অস্থিৰ হৈ থাকিব। নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ এক প্ৰকাৰৰ তুলাচনীৰ ফেৰ য’ত ৰাজনৈতিক স্বাৰ্থৰ ফলত নেতা জনতাতকৈ গুৰুত্বপূৰ্ণ আৰু অবৈধ অনুপ্ৰৱেশকাৰী বৈধ হোৱাৰ ফলত পাবলগীয়া ভোটবেংকৰ ওজন খিলঞ্জীয়াতকৈ অধিক। এই বিধেয়কখনক প্ৰতিহত কৰিব পৰাকৈ চৰকাৰৰ ওপৰত সৱল জনমতৰ হেঁচা প্ৰয়োগ কৰি খিলঞ্জীয়াসকলে পৰস্পৰৰ মাজৰ মতানৈক্য দূৰ কৰি একেলগে থিয় হোৱাৰ লগতে নিজকে মানৱ সম্পদলৈ ৰূপান্তৰিত কৰি দেশৰ স্বাৰ্থ ৰক্ষা কৰাৰ আজি গত্যন্তৰ নাই |

Previous সংকটকালত মুষ্টিবদ্ধ হোৱাৰ সময়
Next নিতু-হিমু কীৰ্ত্তন

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । প্ৰয়োজনীয় ক্ষেত্ৰসমূহত *এৰে চিন দিয়া হৈছে