সমবাসী ৰাইজৰ অর্থনৈতিক স্বতন্ত্রতাপ্রাপ্তিৰ আকাঙ্খিত সংগ্রামখনৰ গ উত্থাপিত হলে সাধাৰণতে বহুমূলীয়া প্রাকৃতিক সম্পৰাজি, আৰু বিশেষকৈ চা তথা তেল সম্পদৰ পৰিধিতে পর্যালােচনা সীমাবদ্ধ ৰাখাে। ফলত কেতিয়াজ অর্থনৈতিক স্বতন্ত্রতা বা বিকাশৰ আধাৰস্বৰূপ কৃষিক্ষেত্ৰৰ গুৰুত্ব অজানিতে তো যােৱা যেন লক্ষ্য কৰা হৈছে। অথচ, যিকোনাে স্বতন্ত্র অর্থনৈতিক প্রক্রিয়াৰে প্ৰাৰয়িত পুঁজি গঠন বা ঔদ্যোগীকৰণৰ অত্যাৱশ্যকীয় অৱলম্বনৰ নিশ্চিতি কৃষিক্ষেত্ৰৰ পৰাই অহাৰ কথাটো সম্প্রতি ঐতিহাসিকভাবে প্রমাণিত হৈছে। আন্তর্জাতিক অর্থনীতির শেহতীয়া ধ্যান-ধাৰণাসমূহে সদ্যহতে এক পাৰস্পৰিক নিৰ্ভৰশীলতাৰ যুগলৈ আগুৱাই নিছে যদিও, কৃষিৰ দৰে বিষয় কিন্তু এতিয়াও ন্যূনতম মৌলিক প্রয়ােজন বুলিহে বিবেচিত হােৱা উচিত। আৰু যিকোনাে মৌলিক প্রয়ােজনৰ ক্ষেত্ৰতে আত্মনিৰ্ভৰশীল হ’বলৈ চেষ্টা কৰাটোৱেই হৈছে সময়ৰ চিৰন্তন-সকীয়নি। বিশেষকৈ আমাৰ দৰে ভূমি পৰিৱেষ্টিত অঞ্চল এটাৰ বাবে এনে আত্মনিৰ্ভৰশীলতা কিমান প্রয়ােজনীয়, তাৰ প্ৰমাণাে যােৱা চাৰিটা দশকত আমি বহুবাৰ পাইছাে। একমাত্র আমাৰ কৃষিক্ষেত্ৰৰ শােচনীয় অৱস্থাৰ বাবেই প্রতিপক্ষই এইবুলি দম্ভ কৰাৰ সাহস পর্যন্ত গােটাব পাৰিছে যে, উত্তৰ ভাৰতৰ পৰা খাদ্য কঢ়িওৱা ট্রাক আৰু ট্রেইনকেইখনৰ চলাচল বন্ধ কৰি দিলেই হেনাে অসমবাসীৰ সংগ্রামী চেতনা বেলুন ফুটাদি ফুটি থাকিব। আৰু ইয়াৰ পৰিপ্ৰেক্ষিততে, জাতীয় পুঁজি গঠন তথ্য ঔদ্যোগিক উৎপাদনৰ ঘৰুৱা বজাৰ নিশ্চিতিৰ দৰে শাস্ত্রীয় প্রয়ােজনসমূহৰ লগতে দিল্লীবাদ বিৰােধী সংগ্রাম। ধাৰাটোক শক্তিশালী অৱলম্বন দিয়াৰ বাবেও কষিক্ষেত্ৰৰ সমস্যাবিলাক সমূহায়ান। লােৱাৰ আৱশ্যক হৈছে। অসমৰ শতকৰা আশীভাগ জনসংখ্যাই কৃষিকাৰ্যৰ সৈতে জড়িত বুলি আমি সদায়েই আওৰাই অহা পৰিসংখ্যাত গৌৰৱ কৰিবলগীয়া কিন্তু কোনাে কথা নাই। যিমান পাৰি কম শতাংশ ৰাইজক উন্নত কৃষি পদ্ধতিৰ সৈতে ভডিত কৰি সর্বাধিক উৎপাদনৰ লক্ষ্য ল’ব পৰাটোহে সমাজখনৰ আচল কৃতিত্ব। কেরল এনে পদক্ষেপেহে প্ৰাৰম্ভিক পুঁজি গঠনত সহায় কৰাৰ উপৰিও অই উৎপাদনমুখী কৰ্মৰ বাবে কৃষিক্ষেত্ৰৰ অতিৰিক্ত মানৱ সম্পদক মুকলি কৰি দিব পাৰিব।

কিন্তু অসমত আজি উন্নত কৃষি পদ্ধতি অৱলম্বনৰ পথত ইমানবোৰ অন্তৰায় আৰু আসোঁৱাহে হেঁচা মাৰি ধৰিছে যে সাধাৰণ কৃষকজনক স্কেল আধুনিকীকৰণৰ যােগাত্মক দিশবােৰ আঙুলিয়াই দিয়াতেই সমস্যা সমাধানে নহয়। অসমৰ কৃষকে পৰিশ্ৰম নকৰে বুলি সঘনাই উত্থাপিত অভিযােগবােৰ আচলতে তেনেই উপৰুৱা আৰু ভিত্তিহীন। পর্যাপ্ত পৰিশ্ৰম আমাৰ কৃষকসকলেও কৰে। কিন্তু, পৰিশ্রমেই কেৱল উন্নত কৃষিৰ একমাত্র উপাদান নহয়। তাৰ বাবে পুজি আৰু প্ৰযুক্তিৰ প্রয়ােজন। কৃষকৰ স্বার্থ সুৰক্ষিত হােৱা এক ভূমিনাতিৰ প্রয়ােজন। অসমৰ দৰিদ্র কৃষকজন কিন্তু এই পৰৱর্তী উপাদান তথা অৱলম্বনসমূহৰ পৰা সদায়েই বঞ্চিত হৈ আহিছে। এপিনে সাম্রাজ্যবাদী চাহ লুণ্ঠনকাৰীৰ আগ্রাসী ভূমিকই থলুৱা কৃষকৰ ভূমি ক্রমান্বয়ে সংকুচিত কৰি আনিব ধৰিহে আৰু আনপিনে, গ্রামাঞ্চলৰ বৰ্দ্ধিত জনসংখ্যাই সেই সংকুচিত কৃষিভূমিৰ ওপৰত জনমূৰি হেঁচা বঢ়াই আনিছে। বহু বিভাজিত ক্ষুদ্রাতিক্ষুদ্র পথাৰবােৰ এতিয়া আৰু কৃষিকাৰ্যৰ বাবে অর্থনৈতিকভাৱেই ফলপ্রসূ প্রস্তাৱনা হৈ থকা নাই৷ তেনেদৰে, দুবেলা দুমুঠি খাবলৈ নােজোৰা দৰিদ্ৰ কৃষকৰ পৰিয়ালটোক উন্নত প্রযুক্তি ব্যৱহাৰৰ উপদেশ দিও কোনাে লাভ নাই। তেনে প্রযুক্তিৰ বাবে প্রয়ােজনীয় পুঁজি সংগ্রহ তেওঁৰ দ্বাৰা নিজাববীয়াকৈ সম্ভৱ নহয়। মাজতে উপৰুৱা এক ধ্যান-ধাৰণাৰে পুঁজি আমদানি কৰি কৃষিপাম আদি পতাৰ তৎপৰতা দেখিবলৈ পােৱা গৈছিল। কিন্তু নগৰীয়া বিলাসৰ নিচিনাকৈ লােৱা সেই কৃষি পামবােৰে আচল কৃষকক কাহানিও চুবগৈ নােৱাৰিলে। ফলত উপৰুৱা উচ্ছাসৰ অন্ত পৰাৰ লগে লগে কৃষি পামবােৰাে নিঃচিহ্ন হৈ পৰিল।

অসমৰ দৰিদ্র কৃষকজন কিন্তু এই পৰৱর্তী উপাদান তথা অৱলম্বনসমূহৰ পৰা সদায়েই বঞ্চিত হৈ আহিছে। এপিনে সাম্রাজ্যবাদী চাহ লুণ্ঠনকাৰীৰ আগ্রাসী ভূমিকই থলুৱা কৃষকৰ ভূমি ক্রমান্বয়ে সংকুচিত কৰি আনিব ধৰিহে আৰু আনপিনে, গ্রামাঞ্চলৰ বৰ্দ্ধিত জনসংখ্যাই সেই সংকুচিত কৃষিভূমিৰ ওপৰত জনমূৰি হেঁচা বঢ়াই আনিছে। বহু বিভাজিত ক্ষুদ্রাতিক্ষুদ্র পথাৰবােৰ এতিয়া আৰু কৃষিকাৰ্যৰ বাবে অর্থনৈতিকভাৱেই ফলপ্রসূ প্রস্তাৱনা হৈ থকা নাই৷
এটা কথা অৱশ্যে স্পষ্ট যে, অসমৰ কৃষিজগতখনৰ অত্যাধুনিকীকৰণৰ বাবে যি ধৰণৰ চৰকাৰী তৎপৰতাৰ প্রয়ােজন আছিল, ভাৰতীয় ৰাষ্ট্রযন্ত্রৰ পৰা সেই আন্তৰিকতা আমি কাহানিও আশা কৰা অনুচিত। গতিকে প্ৰাৰম্ভিক পর্যায়ৰ পুঁজি বিনিয়ােগ বা প্রযুক্তি হস্তান্তৰৰ বাবে বেচৰকাৰী পৰ্যায়ত অসমবাসী ৰাইজৰ পৰাই সমূহীয়া প্রচেষ্টা এটা হ’ব লাগিব। যিসকল ব্যক্তি, গােষ্ঠী বা সংগঠনে অসমৰ অর্থনৈতিক স্বতন্ত্রতাপ্রাপ্তি কামনা কৰি সংগ্ৰামৰ পথ লৈছে, তেওঁলােকে কৃষিক্ষেত্ৰৰ উত্তৰণকে সেই সংগ্ৰামৰ প্ৰথম খােজ বুলি গ্ৰহণ কৰা উচিত। নগৰীয়া পুতৌ দৃষ্টিৰে কৃষকৰ মাজত ধন ছটিয়াই, বা মাৰুতী য়ামাহাৰে দুঘণ্টাৰ বাবে গৈ কৃষিপাম গঠন কৰি এই উত্তৰণ আনিব নােৱাৰি। কৃষিক্ষেত্ৰৰ আধুনিকীকৰণৰ প্ৰসংগত যিখিনি সহায় সহযােগিতা আমাৰ সাধাৰণ কৃষকজনে ৰাষ্ট্রৰ পৰা পােৱা উচিত আছিল অহe পােৱা নাই, সেই সুবিধা আৰু আন্তগাঁথনিকে বেচৰকাৰী পৰ্যায়ত আমি এতিয়া দিব পাৰিব লাগিব। তদুপৰি, কৃষকৰ স্বাৰ্থই ৰক্ষণাবেক্ষণ পােৱা ভূমিনীতি এটাও আমাক লাগে। বহিৰাগত লুণ্ঠনকাৰীৰ আগ্রাসী ভূমিকাই আমাৰ থলুৱা কৃষকসকলক যিদৰে ভুমিৰ পৰা উচ্ছেদ কৰি আনিব ধৰিছে, বা বহুজাতিকৰ অবাধ বেদখলত স্বয়ং চৰকাৰেও যিদৰে সক্রিয় সহযােগিতা আগবঢ়াইছে, তাৰ বিৰুদ্ধে শক্তিশালী জনমত গঠন হ’ব লাগিব। ভাৰতীয়ই হওক বা বিদেশীয়েই হওক, বহিৰাগতৰ হাতলৈ ভূমিৰ মালিকীস্বত্ব হস্তান্তৰ অবৈধ বুলি ঘােষিত হােৱা উচিত। মহাজনী শােষণৰ পৰিণতি হিচাপে বেনামী জমিদাৰ কিছুমানে আমাৰ গ্ৰাম্যাঞ্চলত এতিয়া লাতে লাহে যিদৰে গা কৰি উঠিব ধৰিছে, তাৰপৰা কৃষকক পৰিত্ৰাণ দিব পৰা ব্যৱস্থা আমাক লাগে। অসমৰ বিস্তৃত জনজাতি অধ্যুষিত অঞ্চল তথা কৃষিৰ মূল আধাৰ। চৰ অঞ্চলবিলাকৰ কৃষকক আজি পর্যন্ত ভূমিৰ স্থায়ীস্বত্ব প্রদান কৰা হােৱা নাই। ফলত মালিকানা প্রশ্নতে অনিশ্চয়তাৰ জীৱন যাপন কৰা পৰিশ্ৰমী কৃষকজনে। প্রেৰণাহীনভাৱে কৃষিকার্য চলাই যােৱা পৰিলক্ষিত হৈছে। এই মৌলিক দুর্বলতাসমূহ। সামৰিব পৰাকৈ এক স্পষ্ট ভূমিনীতিৰ দাবীত সংগ্রাম আৰম্ভ কৰাৰাে সময় আজি আহিছে। চাহ, তেল বা অন্যান্য প্রাকৃতিক সম্পদে আমাৰ আকাংক্ষিত স্বতন্ত্র অর্থনীতিক চালিকাশক্তি প্রদান কৰিব ঠিকেই; কিন্তু কৃষিয়েই হ’ব লাগিব সেই স্বতন্ত্রতাৰ মূল আধাৰ। নতুন দিল্লীৰ দাসত্বৰ শৃংখল ভাঙিব বিচৰা সকলাে ব্যক্তি আৰু সংগঠনেই এই দিশটোক গুৰুত্ব সহকাৰে ল’ব বুলি আমি আশা ৰাখিছাে।

বুধবাৰ, ৯ জুন, ১৯৯৩

 

(সম্পাদকৰ টোকা – আজি ছহিদ সাংবাদিক পৰাগ কুমাৰ দাসৰ জন্মদিন উপলক্ষে তেওঁৰ এই গুৰুত্বপূৰ্ণ আৰু সদা প্ৰাসংগিক লেখাটোৰেই তেওঁলৈ আমাৰ অভিবাদন আৰু শ্ৰদ্ধা জনালোঁ। গ্ৰন্থ উৎস – নিষিদ্ধ কলম আৰু অন্যান্য)

প ৰা গ কু মা ৰ দা স

অনিৰুদ্ধ। খামিডাঠ। দৃঢ় বাক্‌। উদ্যমী আৰু উদ্দীপ্ত এক নাম। অসমৰ থলগিৰিৰ হকে যুঁজি ছহিদ সাংবাদিক। অসমীয়া জনজীৱনৰ প্ৰাতঃস্মৰণীয় ব্যক্তিত্ব।

Previous স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰক কেন্দ্ৰ কৰি অস্থায়ী হোৱাৰ আশংকাত উত্তপ্ত অৰুণাচল
Next গোস্বামীৰ ছোৱালীজনী, দাসৰ ল'ৰাটো