জীৱনটো এক সুৰীয়া অনুৰণন; যি অবিৰাম বৈ থাকে। পিছে আমি কাণ উনাই শুনিছোনে? ধ্বংস হ’বলৈ ওলোৱা পৃথিৱীৰ অন্তিমটো প্ৰজন্মৰ এজন ব্যক্তিয়ে সাম্ভাৱ্য মানৱ সভ্যতাৰ চিৰ বিন্যাসৰ শোকত দগ্ধ হৈ বাকী থকা জীৱনটোৰ মুহূৰ্তকে এটা যাপন কৰিব, নে পৃথিৱীৰ শেহৰটো সূৰ্যোদয় চাবৰ বাবে উদ্বাউল হৈ পাহাৰৰ শিখৰলৈ মূৰ তুলি চাব? তেওঁ উদিত ভাস্কৰ উদ্দেশ্যি এষাৰি কৃতজ্ঞতাৰ বাণী মুখ ফুটাই ক’বনে; যাৰ বাবে এটা সভ্যতাৰ জন্ম আৰু বিকাশ সম্ভৱ হৈ উঠিছে, প্ৰকৃততে তাৰ মাজেদিয়েই আমাৰ জীৱনটোৰ পৰম ৰূপটো প্ৰতিভাত হয়। এই পথেদি জীৱনটোক চিনিব বুজিব পাৰিলে অমল জীৱন প্ৰেমেৰে আজীৱন আৱৰি ৰাখিব পাৰি।পাৰ্থ বিজয় দত্ত
https://biriyaa.com/  কথাশিল্পৰে জীৱন আৰু সময়ক মুগ্ধ কৰি তোলা কথাকাৰ পাৰ্থ বিজয় দত্তলৈ বিৰিয়াৰ শ্ৰদ্ধাৰ্ঘ্য
ই কথাখিনি পাৰ্থই কাগজত লিখি হোৱাটছএপ কৰি মোলৈ পঠিয়াই দিছিল। ইতিবাচক নামৰ কিতাপখন পাৰ্থৰ নামত উৎসৰ্গা কৰাৰ কথা তেওঁক যেতিয়া কৈছিলো, তেওঁ বিনয়েৰে এই প্ৰস্তাৱৰ বাবে যোগ্য নহয় বুলি এৰাই চলিবলৈ চেষ্টা কৰিছিল। পাৰ্থৰ এই স্বভাৱৰ কথা মই জানো। বহুবাৰ টেলিফোনত গল্পৰ বাবে প্ৰথমে অনুৰোধ, পিছত দাবী-ধমকিও দিছিলো। কথাটো স্বাতীক ক’লো। তেওঁ বুজি পালে। দাদা যি ভাল দেখে কৰক। আপুনি কিয় পাৰ্থৰ নামত ‘ইতিবাচক’ উৎসৰ্গা কৰিব খুজিছে মই হৃদয়ংগম কৰিছো।
স্বাতীয়ে যেতিয়া ডক্টৰেট সন্মান লাভ কৰিছিল, পাৰ্থৰ আনন্দৰ সীমা নোহোৱা হৈছিল। বিয়া হোৱাৰ আগৰে পৰা দুয়োজনক জানো। এক অনুভৱৰ পৃথিৱীত দুয়ো বাস কৰে। পাৰ্থ আৰক্ষী বিষয়া হ’লেও সাহিত্য কৰ্মৰ প্ৰতিহে তেওঁৰ অনুৰাগ অধিক আছিল।

স্বাতীক ক’লো, সৰুকৈ তোমালোকৰ এটা লেখা কিতাপখনত সন্নিবিষ্ট হ’ব। লিখি মোলৈ পঠিয়াই দিবা। এনেকৈ দুয়োজনকে ক’ব পাৰো।স্বাতীয়ে যেতিয়া ডক্টৰেট সন্মান লাভ কৰিছিল, পাৰ্থৰ আনন্দৰ সীমা নোহোৱা হৈছিল। বিয়া হোৱাৰ আগৰে পৰা দুয়োজনক জানো। এক অনুভৱৰ পৃথিৱীত দুয়ো বাস কৰে। পাৰ্থ আৰক্ষী বিষয়া হ’লেও সাহিত্য কৰ্মৰ প্ৰতিহে তেওঁৰ অনুৰাগ অধিক আছিল। অৱশ্যে আৰক্ষী বিষয়াৰ কৰ্তব্য পালনত যে কেতিয়াবা অনীহা দেখুৱাইছিল বুলি ধেমালিতেও কোনেও কোৱা নাছিল। নিজৰ কৰ্তব্য পালন কৰিবলৈ যাওতে লাভ কৰা অভিজ্ঞতাৰে পাৰ্থই কেবাটাও গল্প লিখিছিল।

পাৰ্থ বিজয় দত্তৰ হাতৰ আখৰ (সৌজন্য : ৰত্না ভৰালী তালুকদাৰ)

‘জনসাধাৰণ’ কাকত সম্পাদনা কৰি থকা সময়ত বিশেষ সংখ্যাৰ প্ৰস্তুতিৰ সময়ত পাৰ্থক এটা ফোন কৰা যায়। স্বাতীটো আমাৰ নিয়মীয়া লেখিকা। বিশেষকৈ হিন্দী গল্পৰ অনুবাদ স্বাতীৰ হাতত মূল লেখাতকৈয়ে অধিক প্ৰাণৱন্ত হৈ উঠে। পাৰ্থৰ গল্পত জীৱনৰ কোনো ধূসৰতা নাছিল। স্পষ্ট মানৱতাবাদ আৰু প্ৰকৃতিৰ প্ৰেমৰ আকাশৰ তলত পাৰ্থই নিজক বিচাৰি পাইছিল। এই চফল ডেকা ল’ৰাজনক যেতিয়া কেন্সাৰে কুৰুকি কুৰুকি খাইছিল সেই যন্ত্ৰণাৰ মুখামুখি হোৱাৰ সাহস আছিল স্বাতী।

https://biriyaa.com/
যেন দুয়োজনে দুয়োজনৰ বাবে জন্ম পাইছিল। ফেচবুকত স্বাতী আৰু পাৰ্থৰ উজ্জ্বল হাঁহি ভৰা মুখবোৰ দেখিবলৈ নাপাম বুলি ভাবিবলৈকে বেয়া লাগে। খুব কষ্টত আছিল তেওঁ। কিন্তু মুখত কেতিয়াও সেই ভাব দেখুওৱা নাছিল। অসমীয়া ভাষা যিসকল লোকে অধিক কলাত্মক আৰু অৰ্থৱহ কৰি তুলিবলৈ অপ্ৰাণ চেষ্টা চলাইছিল তাৰ ভিতৰত পাৰ্থ আছিল অন্যতম। আজি লিখিবলৈ একো মন যোৱা নাই। নিতুপৰ্ণই বাৰে বাৰে কৈ আছে, পাৰ্থ দাৰ বিষয়ে অকণমান কিবা লিখি দিয়ক। তোমাক বিদায় নজনাও পাৰ্থ… সদায় কাষতে থাকিবা, হৃদয়ত…।
অসমীয়া ভাষা যিসকল লোকে অধিক কলাত্মক আৰু অৰ্থৱহ কৰি তুলিবলৈ অপ্ৰাণ চেষ্টা চলাইছিল তাৰ ভিতৰত পাৰ্থ আছিল অন্যতম।
বে দ ব্ৰ ত ব ৰা

জ্যেষ্ঠ সাংবাদিক, ৰাজনৈতিক বিশ্লেষক আৰু 'বিৰিয়া'ৰ স্তম্ভ লেখক।

Previous খেলবোৰ শেলবোৰ
Next চিনেমাৰ কথা জীৱনৰ কথা