দেশপ্ৰেমৰ জোৱাৰ আৰু আৰ্ট অফ ৱাৰ


চীনক চিনিবলৈ টান৷ ইতিহাসে বাৰে বাৰে এই কথা প্ৰমাণ কৰি দি আহিছে যে চীনক চিনিবলৈ সঁচাকৈয়ে বৰ টান৷ ১৯৬২ ৰ পৰা আজিলৈকে চীনৰ মতলৱ বাজিক ভাৰতবৰ্ষ বাদেই বিশ্বৰ অন্যান্য দেশেই তৎ ধৰিব পৰা নাই৷  শেহতীয়া গালোৱান সংঘৰ্ষৰ পিছত ভাৰত-চীনৰ সম্পৰ্কই পুনৰাই প্ৰমাণ কৰিছে দুই দেশৰ মাজৰ তিক্ততাপূৰ্ণ সম্পৰ্কৰ এক নতুন অধ্যায়ক৷  অথচ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চীনা ৰাষ্ট্ৰপতি জিন পিং দোলনাত একেলগে বহি ফটো  উঠাৰ দৃশ্য বৰ বেছি দিনৰ পূৰ্বৰ নহয়৷ তেন্তে কি গ’লাগলিৰ চলেৰে মিঠা চুৰিৰে আঘাত কৰাৰ সেই পুৰাতন নীতিকেই অনুসৰণ কৰিলে নেকি চীন আৰু চীনৰ লালফৌজে?

এইখিনিতে চীন সম্পৰ্কে এখন কিতাপৰ কথা উল্লেখ কৰিব পাৰি৷ যিশুখ্ৰীষ্টৰ জন্মৰ প্ৰায় চাৰে পাঁচশ বছৰ আগেয়ে  এগৰাকী চীনা সমৰকলাবিদ সুনৎ সু(sun Tzu) য়ে ‘আাৰ্ট অফ ৱাৰ’ নামেৰে  সমৰকলাৰ ওপৰত এখন গ্ৰন্থ লিখিছিল৷ সমৰকলাৰ ওপৰত লিখা এই গ্ৰন্থ খনক আচৰিত ভাবে পূৱ আৰু পশ্চিম এচিয়াৰ প্ৰায়বোৰ দেশে সামৰিক কলা কৌশল আৰু নীতি নিয়মৰ প্ৰয়োগৰ ক্ষেত্ৰত বহুলাংশে অনুসৰণ কৰি চলে৷ যুদ্ধ আৰু শতৰুৰ ওপৰত আক্ৰমণ কৰাৰ কলা কৌশলৰ ক্ষেত্ৰত চীন দেশে এই গ্ৰন্থখনক শতিকাজুৰি প্ৰয়োগ কৰি আহিছে৷

যুদ্ধৰ নিয়মেই হ’ল শতৰুক বাগি মৰা৷ বিপক্ষৰ দুৰ্বল মুহূৰ্তক তন্নতন্নকৈ নিৰীক্ষণ কৰি সঠিক সময়ত আক্ৰমণ কৰা৷ এই কথাবোৰ ‘আৰ্ট অফ ৱাৰ’ নামৰ সমৰকলাৰ কিতাপখনত লিপিবদ্ধ আছে ভালকৈয়ে৷  গতিকে চীনে চেগ বুজি সঠিক সময়তেই ভাৰতীয় সেনাৰ ওপৰত আক্ৰমণ কৰিলে৷ আক্ৰমণৰ সকলো ধৰণৰ কলা কৌশল চীনৰ আয়ত্বাধীন৷ সি লাগিলে সামগ্ৰীৰ বেচাকিনাৰ জৰিয়তেই হওঁক,গোলাবাৰুদৰ দ্বাৰাই হওঁক কিম্বা বিষাণুৰ দ্বাৰাই হওঁক৷

ইফালে পাকিস্তানৰ সতে “লাইন অৱ কন্ট্ৰোলত’’ অব্যাহত থকা ভাৰতৰ বিবাদ দীৰ্ঘদিনীয়া৷ পুল’ৱামা কাণ্ডৰ পিছত ভাৰত পাকিস্তানৰ মাজত অৱনতি ঘটা সম্পৰ্কই ভৱিশ্যতে কোনদিশে গতি কৰে সেয়া হয়তো সময়ে ক’ব কিন্তু ইয়াৰ মাজতে হঠাতে আহি পৰিলেহি নেপাল৷ নেপাল সেইখন দেশ যিখন দেশৰ অৰ্থনীতি বহুলাংশে নিৰ্ভৰশীল ভাৰতৰ ওপৰত৷ তেনে এখন দুৰ্বল দেশে যেতিয়া উত্তৰাখণ্ডৰ এটুকুৰা সৰু ঠাইক নিজৰ বুলি দাবী কৰি ৰাতাৰাতি দেশৰ মানচিত্ৰই সলনি কৰাৰ সাহস কৰিব পাৰে ইয়াৰ আঁৰত যেন লুকাই আছে অদৃশ্য এক শক্তি৷

লাডাখ কিম্বা লেহ অঞ্চলত চীনা সেনাৰ আগ্ৰাসনৰ বিষয়টোৱে যোৱা মে মাহৰ পৰাই তোলপাৰ লগাই আছিল৷ অৱশেষত গালোৱানত ভাৰতীয় সেনাৰ বিশগৰাকীকৈ বীৰ জোৱানে দিব লগা হ’ল দেশৰ বাবে আত্মবলিদান৷ সেয়া যেন ‘আৰ্ট অৱ ৱাৰ’ ৰ নীতিকেই প্ৰয়োগ কৰিলে চীনে৷ এফালে কৰোনা মহামাৰীৰ কৱলত দেশ৷ দেশৰ অভ্যন্তৰৰ সমস্যাৰাজিক লৈ যুঁজি থকাৰ মাজতে আকৌ সীমান্তত বীৰ জোৱান শ্বহীদ হ’ব লগা হ’ল৷ দেশ আৰু দেশৰ জনতাই কথাবোৰ সহজভাবে গ্ৰহণ কৰা নাই এইবাৰ৷ অচিন চীনক চিনি লোৱাৰ সময় এয়া৷

দেশৰ অভ্যন্তৰৰ সমস্যাৰাজিক লৈ যুঁজি থকাৰ মাজতে আকৌ সীমান্তত বীৰ জোৱান শ্বহীদ হ’ব লগা হ’ল৷ দেশ আৰু দেশৰ জনতাই কথাবোৰ সহজভাবে গ্ৰহণ কৰা নাই এইবাৰ৷ অচিন চীনক চিনি লোৱাৰ সময় এয়া৷

এই বিবাদ আলোচনাৰ মাজেৰে সমাধান হোৱাৰ সুৰুঙা ওলাবনে নাই সেয়া সময়ে ক’ব৷ কিন্তু ভাৰতক এনেদৰে ব্যতিব্যস্ত কৰাৰ পৰিণাম যে চীনে ভুগিব লাগিব সেই কথা চীনেও হয়তো বুজিব পাৰিছে৷ কাৰণ ৬২ ভাৰত আৰু ২০২০ ভাৰতৰ মাজত তফাৎ যথেষ্টখিনি৷ ইতিমধ্যে ভাৰত চৰকাৰে জনপ্ৰিয় টিক-টককে ধৰি ৫৯ টা চাইনিজ এপচ্ ভাৰতত নিষিদ্ধ ঘোষণা কৰিছে৷ বিভিন্ন বাদানুবাদৰ মাজেৰে এই নিষিদ্ধ ঘোষণা ইতিমধ্যে কাৰ্যকৰীও হৈছে৷

ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সৌ  সিদিনা লাডাখৰ নিমু অঞ্চলত উপস্থিত হৈ ভাৰতীয় সেনাৰ মনোবল বৃদ্ধিৰ লগতে ভাৰতে গ্ৰহণ কৰিবলগীয়া শেহতীয়া স্থিতি সম্পৰ্কে  স্পষ্ট বক্তব্য ৰাখি আহিছে৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে বিস্তাৰবাদৰ সলনি উন্নয়নৰ কথা দোহাৰিছে৷ যুগ সলনি হৈছে৷ সলনি হৈছে সময়ৰ৷ এঘাৰহাজাৰ ফুট উচ্চতৰ ভুমিত উপস্থিত হৈ তেওঁ এই কথাওঁ কৈছে যে কৃষ্ণই যেনেদৰে হাতেৰে মোহন বাঁহী বজায় ঠিক তেনেদৰে সুদৰ্শন চক্ৰও চলায়৷ ভাৰতীয় সেনাৰ মনোবল নিশ্চয় এইবোৰ কথাই যথেষ্টখিনি বৃদ্ধি কৰিব৷

কিন্তু গোটেই বিষয়বোৰ সঠিকভাৱে বিশ্লেষণ কৰি চালে দেখা যায় যে ভাষণত সৰ্বদা দেশ নচলে৷ দেশৰ আভ্যন্তৰীণ পৰিকাঠামো আৰু দেশপ্ৰেমৰ জোৱাৰ একে বিষয় নহয়৷ টেলিভিশ্যনসৃষ্ট দেশপ্ৰেমৰ আৱেগে সমাধান কৰিব নোৱাৰে দেশৰ সীমা সমস্যাৰ৷ চাইনিজ এপচ্ নিষিদ্ধ কৰিলেই চীনক ৰুধিবলৈ আমি সক্ষম নহবওঁ পাৰো৷ এইসময়ছোৱাত প্ৰয়োজন হলে হয়তো দেশৰ জনতাই বহুখিনিয়ে ত্যাগ কৰিবলৈ সদা প্ৰস্তুত হৈ আছে৷  সামান্য কেইটামান এপচ্ কোনো বিষয়েই হয়তো নহয়৷  কিন্তু সঠিক আৰু সৰ্বজনগ্ৰাহ্য নীতি অৱলম্বনৰ  জৰিয়তে দেশবাসীৰ মনত আশাৰ সঞ্চাৰ কৰাটোহে মূল বিষয়৷ বাস্তৱিক আৰু দিকনিৰ্ণায়ক পৰিকল্পনাইহে বচাব পাৰিব এই দেশৰ সীমা আৰু এই দেশৰ সৈনিকক৷

দেশৰ বাহিৰে ভিতৰে অজস্ৰ অপশক্তি৷ কৰোনা মহামাৰীৰ বহু আগৰে পৰাই দেশৰ অৰ্থনীতি মন্দাৱস্থাৰে গতি কৰি আহি আছে৷  লক্ষণীয় কথাটো হ’ল আৱেগৰ জোৱাৰে যেন আমাক ভুল দিশে টানি লৈ নাযায়৷ প্ৰকৃত ভাৰতীয় হিচাপে প্ৰমাণ কৰিবলৈ এইসময়ত সকলোৱে গুৰুত্ব দিব লাগিব কৰ্মসংস্কৃতিক৷ এখন মজবুত দেশ গঢ়ি উঠে সুস্থ চিন্তা কৰ্মৰাজিৰ দ্বাৰাহে৷ ভাষণ হয়তো এক অনুঘটকহে৷

Previous আমাৰ মাজৰ পৰা হেৰাই যাবলৈ ধৰা মাছুৱৈ জন্তু: উদ
Next শাসনলৈ অহাৰ জখলাহে আছিল নেকি নিষ্পেষিত জনতাৰ কণ্ঠ অখিল গগৈ?