ভাৰতীয় সংবিধানে ভাৰতৰ নাগৰিকসকলক কিছুমান মৌলিক অধিকাৰ দিছে, যিবিলাকৰ ওপৰত ৰাষ্ট্ৰযন্ত্ৰই সাধাৰণ অৱস্থাত হস্তক্ষেপ কৰিব নোৱাৰে।সংবিধানে ভাৰতৰ নাগৰিকসকলৰ বাবে অৱশ্য পালনীয় কিছুমান মৌলিক কৰ্তব্যও নিৰ্ধাৰণ কৰি দিছে। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা তথা ৰাষ্ট্ৰীয় সংগীতক সন্মান প্ৰদৰ্শন কৰা, শান্তি-শৃংখলা-ভাতৃত্ববোধ বৰ্তাই ৰখা, প্ৰয়োজনত দেশৰ বাবে নিজকে উচৰ্গা কৰা-আদি আমাৰ মৌলিক কৰ্তব্য। স্বাধীন আৰু সুসভ্য জীৱনবোধ এটা গঢ়ি তুলিবলৈ তথা তেনেকুৱা এটা জীৱন যাপন কৰিবলৈ প্ৰয়োজনীয় সকলোবোৰ অধিকাৰ আৰু আইনী সাহায্য ভাৰতীয় সংবিধানে ভাৰতীয় ৰাইজক নিৰংকুশভাৱে প্ৰদান কৰিছে। 
প্ৰেম,বিষাদ,মমতা আদিৰ দৰে দেশপ্ৰেমো মানুহৰ এক স্বাভাৱিক প্ৰবৃত্তি; কিছুমানে এই প্ৰবৃত্তিৰ বশৱৰ্তী হৈয়ে হাঁ‌হি হাঁ‌হি দেশমাতৃৰ বাবে ফাঁ‌চিকাঠত উঠিবলৈয়ো কুণ্ঠাবোধ নকৰে।
সংবিধানে,আইনে, প্ৰশাসনে বা সমাজে মানুহক ৰাষ্ট্ৰীয় সংগীত বাজিলে থিয় হ’বলৈ বাধ্য কৰিব পাৰে, ৰাষ্ট্ৰীয় পতাকাক চেল্যুট দিবলৈ বাধ্য কৰিব পাৰে বা দেশৰ জয়ধ্বনি দিবলৈ বাধ্য কৰিব পাৰে, কিন্তু দেশপ্ৰেমী হ’বলৈ কোনেও কাকো শিকাব নোৱাৰে বা বাধ্য কৰিব নোৱাৰে। প্ৰেম,বিষাদ,মমতা আদিৰ দৰে দেশপ্ৰেমো মানুহৰ এক স্বাভাৱিক প্ৰবৃত্তি; কিছুমানে এই প্ৰবৃত্তিৰ বশৱৰ্তী হৈয়ে হাঁ‌হি হাঁ‌হি দেশমাতৃৰ বাবে ফাঁ‌চিকাঠত উঠিবলৈয়ো কুণ্ঠাবোধ নকৰে। কিন্তু কিছুমান মানুহৰ চেতনাত দেশপ্ৰেমৰ নামমাত্ৰও বিকাশ নঘটে, আৰু সেয়েহে বদন বৰফুকনৰ দৰে মানুহে নিজৰ ক্ষুদ্ৰ ব্যক্তিস্বাৰ্থ চৰিতাৰ্থ কৰিবৰ বাবে দেশমাতৃক বিপদত পেলাব পৰা যিকোনো কাম অতি সহজতে কৰি পেলাব পাৰে।
স্বাধীন আৰু সুসভ্য জীৱনবোধ এটা গঢ়ি তুলিবলৈ তথা তেনেকুৱা এটা জীৱন যাপন কৰিবলৈ প্ৰয়োজনীয় সকলোবোৰ অধিকাৰ আৰু আইনী সাহায্য ভাৰতীয় সংবিধানে ভাৰতীয় ৰাইজক নিৰংকুশভাৱে প্ৰদান কৰিছে।
দেশপ্ৰেমৰ সংজ্ঞা দিয়া সহজ নহয়,  কিন্তু দেশদ্ৰোহৰ সংজ্ঞা নিৰ্ধাৰণ কৰাটো তুলনামূলকভাৱে সহজ। ৰাষ্ট্ৰীয় সংগীত বাজিলে থিয় নিদিয়াটো বা ভাৰত মাতা কী জয় বুলি ধ্বনি নিদিয়াটো দেশদ্ৰোহীৰ লক্ষণ নহ’বও পাৰে। আনহাতে, কৌৰৱৰ চাউল খাই পাণ্ডৱৰ গীত গোৱাৰ দৰে কথাই কথাই ভাৰত মাতা কী জয় বুলি চিঞৰ ধৰাজনেও কেতিয়াবা ভিতৰি ভিতৰি দেশৰ ক্ষতি হ’ব পৰা কামত লিপ্ত হৈ থাকিব পাৰে। শত্ৰু দেশৰ ভেঁ‌টি খাই বিভীষণৰ দৰে চোৰাংচোৱাগিৰী কৰাটো যিদৰে দেশদ্ৰোহ, বিনা কাৰণত ৰাজপথত তামোলৰ পিক পেলোৱাটোও কিন্তু সৰু হ’লেও দেশদ্ৰোহেই।
ভাৰতীয় সংবিধানে ভাৰতৰ নাগৰিকসকলক অবাধ বাক স্বাধীনতা দিছে। সেয়েহে আমি টেঁটু ফালি চৰকাৰক গালি পাৰিব পাৰো, সাংসদ ভৱন আক্ৰমণ  কৰি ফাঁ‌চিকাঠত ওলমা কোনোবা সন্ত্ৰাসবাদীক ছহিদ ঘোষণা কৰি ৰাজপথত শান্তি সমদল বাহিৰ কৰিব পাৰো। আমি বুজি পোৱা উচিত আৰু মনত ৰখা উচিত যে চৰকাৰক সমালোচনা কৰা মানেই দেশদ্ৰোহ নহয়, এখন প্ৰকৃতাৰ্থত গণতান্ত্ৰিক দেশৰ একো একোজন দ্বায়িত্বশীল নাগৰিক হিচাপে চৰকাৰক প্ৰশংসা কৰা বা সমালোচনা কৰাৰ নৈতিক আৰু সাংবিধানিক অধিকাৰ আমাৰ সকলোৰে আছে। কিন্তু দেশৰ বিপদৰ সময়ত কোনো শত্ৰু দেশৰ জিন্দাবাদ কৰাটো এশ শতাংশই দেশদ্ৰোহ। এখন দেশৰ মাটি-পানী-বায়ুৰে পৰিপোষিত হৈ সেই দেশৰ সৈতে মানসিকভাৱে একাত্ম হ’ব নোৱৰাটো একান্তই দেশদ্ৰোহ বা চূড়ান্ত অকৃতজ্ঞতাবোধ। উন্নত জীৱন প্ৰণালী, ভোগৰ সকলো উপাচাৰেৰে পৰিপূৰ্ণ কোনো  ধনী দেশলৈ  গৈ জীৱন উপভোগ কৰাৰ অধিকাৰ সকলোৰে আছে, কিন্তু আনৰ প্ৰাচুৰ্য্যৰ আবুৰেৰে নিজৰ শৈশৱ-কৈশোৰক প্ৰতিপালিত কৰা জন্মভূমি দুখীয়া দেশখনক ঢাকি ৰখাতো প্ৰকৃতাৰ্থত দেশদ্ৰোহ। আচলতে দেশদ্ৰোহী মানুহবোৰ চৰম অকৃতজ্ঞ আৰু অসুখী মানুহ। যাৰ মনত নিজৰ দেশেই নাই, তেওঁ‌ৰ আছে কি? দেশ বুলিলে আদেশ নালগে,কিন্তু দেশ বুলিলে লাগে পবিত্ৰ আৱেগ।সেয়েহে হয়তো কবিয়ে কৈছে-
“ধৰেনে জনম কেৱে এই মৰতত
     শিলাময় কৰি তাৰ হিয়া,
এয়ে মোৰ জন্মভূমি বুলি মনে মনে
                                                                   এবাৰো যি কোৱা নাইকিয়া?” 
জানমনি বৰা

লেখক-পৰ্য্যালোচক

Previous কাশ্মীৰ : এটা ৰাজনৈতিক সাধু
Next 'ভোট'ৰ মুখত ৰাম নাম