পেট্ৰ’ল-ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধি : বিপৰ্য্যস্ত জনতা


ফটো সৌজন্য : ইণ্টাৰনেট
দেশবাসীয়ে তলাবন্ধৰ এই সময়ছোৱাতে আকৌ মুখামুখি হ’বলগীয়া হ’ল পেট্ৰ’ল-ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধিৰ স’তে৷ কৰ’নাকালীন এই সময়ছোৱাত দেশবাসীয়ে ইতিমধ্যে সীমাহীন দুৰ্ভোগৰ সন্মুখীন হৈ আহিছে৷ অন্ন-বস্ত্ৰ-বাসস্থানৰ সীমাহীন সমস্যাৰাজিৰ মাজেৰে দেশৰ সাধাৰণ জনতাই আজি কোনোমতে ৰক্ষা কৰিছে নিজৰ আৰু পৰিয়ালৰ প্ৰাণ৷ দেশৰ অৰ্থনীতি সেই নোটবন্দীৰ বহু পূৰ্বৰে পৰাই মন্দাৱস্থাৰেই চলি আহিছে৷ কৰ’না মহামাৰীৰ কৱলত দেশৰ অৱস্থা আৰু বেছি তথৈবচ৷ সমগ্ৰ দেশতে কৰ্মসংস্থাপন হেৰুওৱা লোকৰ বেদনাগধূৰ ছবিখনে ভৱিষ্যৎ ভাৰতৰ ছবিখন যথেষ্ট ধূসৰ কৰি ৰাখিছে৷ এই সময়তে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ লগতে তেল বিপণন কোম্পানীসুমূহে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত অভাৱনীয় আবকাৰী কৰ বৃদ্ধিৰে দেশৰ সাধাৰণ জনতাক মাধমাৰ শোধাবলৈ যোৱাটো কিমানদূৰ যুক্তিসংগত সেয়া ভাবিবলগীয়া৷ কৰ সংগ্ৰহৰ নামত সাধাৰণ জনতাৰ পকেটৰ পৰা টকা উলিয়াই লৈ অৰ্থনীতিৰ জোৰা-টাপলি মৰাটো হাস্যকৰ৷ কাৰণ ইয়াৰ প্ৰভাৱ চিধাচিধি পৰিব সাধাৰণ কৃষক ৰাইজৰ ওপৰত৷
দেশৰ অৰ্থনীতি সেই নোটবন্দীৰ বহু পূৰ্বৰে পৰাই মন্দাৱস্থাৰেই চলি আহিছে৷ কৰ’না মহামাৰীৰ কৱলত দেশৰ অৱস্থা আৰু বেছি তথৈবচ৷ সমগ্ৰ দেশতে কৰ্মসংস্থাপন হেৰুওৱা লোকৰ বেদনাগধূৰ ছবিখনে ভৱিষ্যৎ ভাৰতৰ ছবিখন যথেষ্ট ধূসৰ কৰি ৰাখিছে৷ এই সময়তে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ লগতে তেল বিপণন কোম্পানীসুমূহে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত অভাৱনীয় আবকাৰী কৰ বৃদ্ধিৰে দেশৰ সাধাৰণ জনতাক মাধমাৰ শোধাবলৈ যোৱাটো কিমানদূৰ যুক্তিসংগত সেয়া ভাবিবলগীয়া৷
 কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰা ১০ টকা আবকাৰী শুল্ক আৰু ৰাজ্য চৰকাৰে বৃদ্ধি কৰা ১৩ টকা মূল্য সংযোজিত কৰৰ পৰিপ্ৰেক্ষিতত দেশত এনেদৰে বৃদ্ধি পাই আহিছে পেট্ৰ’লৰ মূল্য৷ দেশত ৯২ দিনীয়া তলাবন্ধৰ সময়ে দেশৰ অৰ্থনীতিত সাংঘাতিকভাৱে প্ৰভাৱ পেলাইছে৷ বিশ্বজুৰি কৰ’না ভাইৰাছৰ আতংকৰ এই সময়ছোৱাত অৰ্থনৈতিক মন্দাৱস্থাই সকলো দেশকে কম বেছি পৰিমাণে চুই গৈছে৷ এই সময়চোৱাত খাৰুৱা তেলৰ ব্যৱসায়ত যথেষ্ট পৰিমাণে প্ৰভাৱ পৰিছে৷ আন্ত:ৰাষ্ট্ৰীয় বজাৰখন লক্ষ্য কৰিলে হয়তো তুলনামূলকভাৱে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ’ব লাগিছিল কম৷ কিন্তু তলাবন্ধৰ কাৰণে হোৱা অচলাৱস্থাৰ অচিলা লৈ আৰম্ভ কৰে এই বৃদ্ধিৰ হাৰ৷ যোৱা ১৮ টা দিনৰ বৃদ্ধি কালত পেট্ৰ’ল-ডিজেলৰ মূল্যই বাঢ়ি আহি আহি আজিৰ অৱস্থা পালেহি যে ৰাজধানী চহৰত আজি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য সমপৰ্য্যায়ৰ৷ দেশৰ ৰাজধানীত আজিৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য হৈছেগৈ ৭৯.৮৮ টকা আৰু মুম্বাইত হৈছেগৈ ৮৬.৫৪ টকা৷ গুৱাহাটীত এই মূল্য ৮৩.৯৮ টকা৷ পেট্ৰ’ল আৰু ডিজেলৰ এই মূল্যবৃদ্ধিক লৈ ইতিমধ্যে দেশৰ জনতাৰ মাজত সপক্ষে-বিপক্ষে বিভিন্ন আলোচনা হোৱা পৰিলক্ষিত হৈছে৷ নোটবন্দীৰ সময়ৰ বহু পূৰ্বৰে পৰা ভাগি পৰা অৰ্থনীতি, কৰ’নাকালীন এই সময়ছোৱাত দেশৰ সকলো দিশতে হোৱা অচলাৱস্থাৰ জোৰা মাৰিবলৈকে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ  সিদ্ধান্ত লোৱা বুলি একপ্ৰকাৰ মানি ল’ব পাৰি৷ বিৰোধী পক্ষই চৰকাৰক ইতিমধ্যে এই সিদ্ধান্ত বাতিল কৰি সাধাৰণ জনতাৰ মুৰত ৰামটাঙোন নামাৰিবলৈ আহ্বান জনাইছে ৷
অসমকে ধৰি বিভিন্ন ৰাজ্যত ইতিমধ্যে বৰ্ষাকালীন কৃষিকৰ্মৰ কাম আৰম্ভ হৈছে৷ এইখিনি সময়তে যেতিয়া ডিজেলৰ মূল্য উৰ্ধগামী হৈ আছে ইয়াৰ প্ৰভাৱ সাধাৰণ খেতিয়কৰ ওপৰত পৰাটো নিশ্চিত৷ পেট্ৰ’ল-ডিজেলৰ মূল্য উৰ্ধগামী হৈ গৈ থকাৰ লগে লগে বাঢ়ি গৈ থাকিব অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ দাম৷ সাধাৰণ জনতাই এমুঠি অন্নৰ বাবে হাহাকাৰ কৰি থাকিবলগীয়া হোৱা এই সময়ত পেট্ৰ’ল-ডিজেলৰ নামত চৰকাৰক কৰ দান কৰি কি ধৰণৰ দেশভক্তিৰ নিদৰ্শন দেখুওৱা হয় সেয়া সময়ে ক’ব৷ ইয়াৰ বলি যাতে সাধাৰণ জনতা হ’বলগীয়া নহয়, সেয়াহে বিচাৰ্য্য বিষয়৷
Previous আমাৰ নদীত থকা শিহুবোৰ
Next খ্যাতিমানৰ বিফলতা