বিগত ২০১৮ বৰ্ষটো বিজ্ঞান আৰু প্ৰযুক্তিৰ জগতখনৰ বাবে যথেষ্ট প্ৰতিশ্ৰুতিসম্পন্ন বুলি বিবেচিত হয়। অনেক যুগান্তকাৰী আৱিস্কাৰ তথা উদ্ভাৱনৰ মাজতে, পাৰ হৈ যোৱা বৰ্ষটোত নোবেল বঁটাৰে সন্মানিত কৰা হয় লেজাৰ পদাৰ্থবিজ্ঞানৰ ক্ষেত্ৰখনত যুগান্তকাৰী আৱিস্কাৰৰ বাবে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আৰ্থাৰ আস্কিন তথা জেৰাৰ্ড মৌৰৌ আৰু ড’না ষ্ট্ৰিকলেণ্ডক।

আৰ্থাৰ আস্কিনে এটা সপোন দেখিছিল; পোহৰৰ কিৰণেৰে কোনো বস্তু স্থানান্তৰিত কৰাৰ। ১৯৬০ চনত লেজাৰ ৰশ্মিৰ আৱিস্কাৰৰ লগে লগে এই সপোনে দিঠকলৈ বাট পোনালে। আৰম্ভ হ’ল নিউয়ৰ্কস্থিত বেল পৰীক্ষাগাৰত অবিৰত গৱেষণা।

লেজাৰ ৰশ্মিত পোহৰৰ তৰংগই সুসংগতভাৱে গতি কৰে; অন্যহাতে সাধাৰণ পোহৰ তৰংগত ৰামধেনুৰ সাতোটি ৰঙ মিশ্ৰিত হৈ থাকে আৰু সকলো দিশতে সিঁচৰতি হৈ পৰে। তেওঁ গৱেষণাৰ হিচাপে মাইক্ৰ’মিটাৰ আকাৰৰ স্ফটিক গোলক লেজাৰেৰে প্ৰজ্বলিত কৰে আৰু গোলকটো লৰচৰ কৰা দেখা পায়। আশ্চৰ্য্যজনকভাৱে, গোলকটো উচ্চ প্ৰাৱল্যৰ পোহৰৰ কিৰণৰ দিশে অৰ্থাৎ মধ্যম অংশলৈ গতি কৰে। দৰাচলতে, যিমানে তীক্ষ্ন লেজাৰ নহওক কিয়, ইয়াৰ প্ৰাৱল্য কেন্দ্ৰৰ পৰা বাহিৰৰ বেৰৰ দিশে ক্ৰমান্বয়ে হ্ৰাস পায়। গতিকে লেজাৰ কণাৰ ওপৰত যি বিকিৰণ চাপৰ সৃষ্টি হয়, সিও সলনি হয় আৰু কণাবোৰক কিৰণৰ মধ্যভাগলৈ ঠেলি পঠিয়াই কেন্দ্ৰতে ধৰি ৰাখে। লেজাৰ ৰশ্মিক অভিকেন্দ্ৰিত কৰি, কণাবোৰক উচ্চ প্ৰাৱল্যৰ পোহৰৰ অংশলৈ গতি কৰাবলৈ আস্কিনে কেইবাপ্ৰকাৰৰো কাঁচৰ লেন্স ব্যৱহাৰ কৰিছিল।

যোৱা কেইবাটাও দশকত গৱেষকসকলে আস্কিনৰ পদ্ধতিৰে বিভিন্ন গৱেষণা কাৰ্য্য চলাই আছে। আস্কিনৰ আৱিস্কাৰৰ দ্বাৰা জৈৱিক তন্ত্ৰৰ গৱেষণাত নতুন দিশৰ সূচনা হয়।চিপিএ পদ্ধতিৰে সৃষ্টি কৰা অতি হস্ৰ আৰু উচ্চ প্ৰাৱল্যৰ লেজাৰ ৰশ্মিৰ আৱিস্কাৰে চকুৰ অপাৰেচনৰ সতে জড়িত চিকিৎসাবৈজ্ঞানিক প্ৰক্ৰিয়ালৈ এক আমূল পৰিৱৰ্তনৰ সূচনা কৰে।

পৰৱৰ্তীকালত পোহৰৰ এই বেষ্টনীয়েই ‘অপটিকেল টুইজাৰ’ নামেৰে জনাজাত হৈ পৰে। বহুবছৰৰ চেষ্টা আৰু গৱেষণাৰ অন্তত ১৯৮৬ চনত আস্কিনে অপটিকেল টুইজাৰ ‘অণুপ্ৰতিৰোধ’ আৰু বেষ্টনীবদ্ধ কৰিবলৈ সক্ষম হয়। তেওঁ ‘অপটিকেল টুইজাৰ’ বিভিন্ন জৈৱিক তন্ত্ৰৰ অধ্যয়নত ব্যৱহাৰ কৰিছিল আৰু বেক্টেৰিয়াৰ স্থানান্তৰত বিশেষভাৱে সফল হৈছিল।

যোৱা কেইবাটাও দশকত গৱেষকসকলে আস্কিনৰ পদ্ধতিৰে বিভিন্ন গৱেষণা কাৰ্য্য চলাই আছে। আস্কিনৰ আৱিস্কাৰৰ দ্বাৰা জৈৱিক তন্ত্ৰৰ গৱেষণাত নতুন দিশৰ সূচনা হয়। বৰ্তমান বিশ্বৰ বিভিন্ন গৱেষণাগাৰত কোনো বস্তু স্পৰ্শ নকৰাকৈ কাটিবলৈ, ঠেলিবলৈ বা টানিবলৈ অপ্টিকেল টুইজাৰ ব্যৱহাৰ কৰা হয়। সংক্ৰমিত বস্তুৰ পৰা নিৰোগী তেজৰ কোষবোৰ পৃথক কৰিবলৈ একেলগে কেইবাহাজাৰ অপটিকেল টুইজাৰ ব্যৱহাৰ কৰা হয়। এই প্ৰক্ৰিয়া অপটিকেল গ্ৰাফী নামেৰে জনাজাত।

নোবেল বঁটাৰ আনটো অংশ প্ৰদান কৰা হয় জেৰাৰ্ড মৌৰৌ আৰু ড’না ষ্টিকলেণ্ডক। ১৯৮০ চনৰ মাজভাগত ষ্টিকলেণ্ড আৰু মৌৰৌৱে লেজাৰ পদাৰ্থবিজ্ঞানক ‘ছিৰ্পড পালচ্ এম্প্লিফিকেচন’ বা চিপিএ নামেৰে এক যুগান্তকাৰী আৱিস্কাৰ কৰে। লেজাৰ ৰশ্মি প্ৰস্তুত হয় পোহৰৰ কণা ফ’টনৰ শৃংখল বিক্ৰিয়াৰ ফলত আৰু এই প্ৰক্ৰিয়াত কণাবোৰ স্পন্দিতৰূপত নিৰ্গত হয়। চিপিএ পদ্ধতিত এক চুটি স্পন্দনৰ লেজাৰ লোৱা হয়; সময়ৰ সতে প্ৰসাৰিত আৰু পৰিৱৰ্ধিত কৰি পুনৰ একেলগে চেপা মাৰি ধৰা হয়। সময়ৰ সতে স্পন্দনৰ সংকোচন বা প্ৰসাৰণৰ দ্বাৰা স্পন্দনৰ প্ৰাৱল্যকো ইচ্ছানুসৰি বৃদ্ধি কৰিব পৰা যায়। এই পদ্ধতি ব্যৱহাৰ কৰি অতি উচ্চ প্ৰাৱল্যৰ লেজাৰ সৃষ্টিৰ লগতে আন অনেক গৱেষণাতো ইয়াক প্ৰয়োগ কৰা হৈছে। চিপিএ পদ্ধতিৰে সৃষ্টি কৰা অতি হস্ৰ আৰু উচ্চ প্ৰাৱল্যৰ লেজাৰ ৰশ্মিৰ আৱিস্কাৰে চকুৰ অপাৰেচনৰ সতে জড়িত চিকিৎসাবৈজ্ঞানিক প্ৰক্ৰিয়ালৈ এক আমূল পৰিৱৰ্তনৰ সূচনা কৰে।

 

এইখিনিতে উল্লেখ কৰিব পাৰি যে, চিপিএ সম্পৰ্কীয় গৱেষণাৰ সতে জড়িত ড’না ষ্ট্ৰিকলেণ্ড পদাৰ্থবিজ্ঞানত নোবেল পোৱা তৃতীয়গৰাকী মহিলা। মেৰী কুৰী তথা মাৰিয়া জি মেয়াৰৰ দৰে বিশ্বৰ শ্ৰেষ্ঠতম বিজ্ঞানীৰ সতে একে পৰ্য্যায় লাভ কৰিবলৈ সক্ষম হোৱা ড’না ষ্ট্ৰিকলেণ্ডৰ নোবেল বিজয়ী এই গৱেষণাই এই কাৰণতো বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। 

 

দেৱাশ্ৰী বৰগোঁহাই

ইউনিভাৰ্চিটি অব্ ছায়েন্স এণ্ড টেকন’লজী, মেঘালয়ত সহকাৰী অধ্যাপিকাৰূপে কৰ্মৰত। মূলতঃ তত্ত্বীয় বিজ্ঞানৰ ক্ষেত্ৰখনত গৱেষণাৰ বাবে আগ্ৰহী। বিজ্ঞানৰ জগতখনত বিচৰণ কৰিলেও সাহিত্য আৰু হস্তশিল্পৰ চৰ্চাত আগ্ৰহী। বিজ্ঞানভিত্তিক ই আলোচনী "গুড মৰ্ণিং ছায়েন্স"ৰ অসমীয়া শিতানসমূহৰ কাৰ্যবাহী সম্পাদক।

Previous
Next প্ৰকৃত আন্দোলন আৰু স্বাধিকাৰ

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে