মাৰ দেশৰ বেছিভাগ নাগৰিকৰে ৰাজনৈতিক সচেতনতা যথেষ্ট দুৰ্বল। তেওঁলোকে ভাৱে – ৰাজনীতিৰ কথা কেৱল ৰাজনৈতিক নেতাৰ হে কাম। সেয়ে তেওঁলোকে ৰাজনৈতিক কথাৰ প্ৰতি আগ্ৰহী নহয়। কোনটো দলৰ কোনখন চৰকাৰে কি কি কাম কৰিলে , সেইবোৰে ৰাইজক কিভাবে উপকৃত কৰিলে – এই বিষয়ে তেওঁলোকে জানিব নোখোজে। এই কথাটোৱে ৰাজনৈতিক দলবোৰক সহায় কৰি আহিছে। প্ৰতিটো দলৰে কিছু কৰ্মী আৰু সমৰ্থক থাকে। বাকীসকলৰ কিছুমান নিৰপেক্ষ আৰু কিছুমান অসচেতন। নিৰ্বাচনৰ সময়ত দলবোৰে এইখিনি মানুহক আকৰ্ষিত কৰিবলৈ বিভিন্ন উপায় / কৌশল অৱলম্বন কৰে। নতুন সপোন, নতুন ফৰ্মূলা লৈ আহে। যিটো দলে বেছি মানুহ আকৰ্ষণ কৰিবলৈ সক্ষম হয়, সেইটো দলেই সফলতা লাভ কৰে। যিমানেই সচেতনতা বাঢ়িব, সিমানেই এনে নাগৰিকৰ সংখ্যা কমিব। গণতন্ত্ৰও অধিক শক্তিশালী হৈ পৰিব। দলবোৰেও মিছা সপোন , মিছা প্ৰতিশ্ৰুতি দিব নোৱাৰিব। সামাজিক ধ্যান ধাৰণাই মানুহক ব্যক্তিগত স্বাৰ্থ পূৰণ সলনি ৰাইজৰ স্বাৰ্থক অধিক গুৰুত্ব দিবলৈ শিকায়। ৰাইজৰ ভাল হওক, দেশৰ ভাল হওক – এনে চিন্তা ধাৰাৰ প্ৰসাৰ আৰু প্ৰচাৰ বেছিকৈ হোৱা উচিত।

ইফটিখাৰ হুছেইন

সমাজ, জীৱন আৰু সময়ক লৈ সচেতন লেখক তথা তাৎক্ষণিক টিপ্পনীকাৰ

Previous ব্যংগ লিখোঁ আহক
Next ফা গু না ওঁ ঠ ত  ব স ন্ত ৰ গা ন