ম আদমী পাৰ্টিয়ে ডিজিটেল মিডিয়াক ৰাজনীতিলৈ আগমন ঘটোৱাৰ পিছৰ পৰ্যায়ত বিজেপি দলে ডিজিটেল মিডিয়াক ৰাজনৈতিক হাথিয়াৰৰ প্ৰধান অংগ কৰি লয়৷ মূলতঃ যুৱ চামক সততে আকৰ্ষণ কৰিব পৰা আৰু আবেগ সৃষ্টি কৰিব পৰা বাক্যাংশ প্ৰয়োগ কৰি সাধাৰণ মানুহৰ মন মগজুত দখল দিবলৈ চেষ্টা কৰে৷ মন কৰিবলগীয়া যে ব্যক্তিগত কোম্পানীৰ প্ৰডাক্ট আকৰ্ষণীয় কৰিবৰ বাবে যি পলিচি গ্ৰহণ কৰা হয় ঠিক একেদৰে বৰ্তমানৰ ৰাজনৈতিক দল সমূহেও একে পন্থাকে হাতত লোৱা দেখা গৈছে৷ বৃহৎ বৃহৎ বিজ্ঞাপন এজেঞ্চিৰ দ্বাৰা যিদৰে বয়বস্তুৰ বিপণন কৰা হয়, ৰাজনীতিৰ ক্ষেত্ৰতো বৰ্তমান ব্যৱহাৰ কৰা হয় সেই নীতি৷ নেতাৰ ভাষণৰ পৰা সাজ পোচাকলৈকে এই এজেঞ্চিৰ নিৰ্দেশনা মতেই সকলোখিনি কৰা হয়৷ এতিয়াৰ সময়ত এক কৃত্ৰিম ভাৱমূৰ্ত্তি তৈয়াৰ কৰাই হ’ল মূল কথা৷ বহু নেতাই নিজস্ব ব্ৰেণ্ডিঙৰ বাবেও এনে এজেঞ্চিৰ কাষ চাপে৷ ৰাজহুৱা সমস্যা, উন্নয়ন এইবোৰ গৌণ কথা৷ এবাৰ ৰাজধানীত বিছনাখন পাতিব পাৰিলে চৌধ্য পুৰুষলৈকে খাব পৰাকৈ ধন চপাব পাৰি৷

অসমৰ প্ৰেক্ষাপটলৈ লক্ষ্য কৰিলে দেখো যে সঁচাকৈয়ে যদি মূল্যবোধ, নীতি আদৰ্শৰ কথা মুখ্য হ’লহেঁতেন তেতিয়া হলে হাজাৰ হাজাৰ কোটি কেলেংকাৰীত জড়িত নেতাসকলে আনক চোৰ বুলি টিপ্পনী নকৰিলেহেঁতেন৷ অথবা এটা দল এৰি আনটো দললৈ বাগৰ মাৰি পূৰ্বৰ আয়ৰ উৎসক ভেঙুচালি নকৰিলেহেঁতেন৷ উপাৰ্জনহীন ছাত্ৰ সংগঠন কৰা নেতাই ছাত্ৰ সংগঠন এৰিয়েই ৰাজকীয় বিয়া অথবা নামজ্বলা ব্যৱসায়ীৰ দৰে জীৱন যাপন কৰিব নোৱাৰিলেহেঁতেন৷ অৱশ্যে এতিয়াও অসমত বহু নেতাই চেল্ফ ব্ৰেণ্ডিংৰ সৈতে বিশেষ ভাবে পৰিচিত নহয়৷ ৰাষ্ট্ৰীয় দল সমূহে হাইকমাণ্ডৰ নিৰ্দেশত চাবি দিয়া পুতলাৰ দৰে ঘূৰি থাকে৷  ইফালে আঞ্চলিক দল সমূহে যি কোনো এটা সমস্যাক সুদৃঢ় ইচ্ছ্যুলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হোৱা নাই সঠিক ৰণকৌশলৰ অভাৱত৷

ৰাইজৰ দল নাম দি গঠন হোৱা দলটোৱে বহুতৰ মুৰত হয়তো পানী ঢালিব লগীয়া পৰিৱেশৰ সৃষ্টি কৰিব৷ কাৰণ ৰাজনীতিৰ ভাষণত আটাইতকৈ অধিক ব্যৱহাৰ কৰা শব্দটো হল ৰাইজ৷

শেহতীয়াকৈ অসমত বিশেষ ভাৱে চৰ্চা লাভ কৰা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে  অলপমান ৰাষ্ট্ৰীয় দলৰ ফৰ্মূলা গ্ৰহণ কৰিছে যেন অনুমান হয়৷ অসম জাতীয় পৰিষদে বৃহৎ হৰ্ডিংচ লগাইছে নাম ঘোষণাৰ পিছতে৷ পিছে এই দলটোৰ নেতৃত্বৰ পূৰ্বৰ ৰেকৰ্ডক বাদ দি যদি নামটোলৈ চাওঁ তেন্তে দেখিবলৈ পাম যে এজিপি  আৰু এজেপি  প্ৰায় একেই হৈছে৷ তদুপৰি “হৰ হৰ মোডী ঘৰ ঘৰ মোডী” টেগ লাইনৰ নকল কৰি “ ঘৰে ঘৰে আমি” লাইনটোৱে ডুপ্লিকেট প্ৰডাক্ট যেন বুলি ভাবিবলৈ বাধ্য কৰে৷ একো আকৰ্ষণ নাই৷ কেৱল আনক অনুকৰণ কৰিয়ে সাধাৰণভাৱে চলাই নিয়াৰ তাগিদা যেন অনুমান হয়৷ ব্ৰেণ্ড নেম এটা ক্ৰিয়েট কৰা ইমান সহজ নহয়৷ আন নামৰ লগত মিল থকা কোনো প্ৰডাক্টৰ নিজস্ব ভাৱে বজাৰত ব্ৰেণ্ড নেম ক্ৰিয়েট কৰিবলৈ সক্ষম নহয়৷ আন ব্ৰেণ্ডৰ নামৰ পিঠিত উঠিয়েই চলি থাকিব লাগিব৷

ইফালে ৰাইজৰ দল নাম দি গঠন হোৱা দলটোৱে বহুতৰ মুৰত হয়তো পানী ঢালিব লগীয়া পৰিৱেশৰ সৃষ্টি কৰিব৷ কাৰণ ৰাজনীতিৰ ভাষণত আটাইতকৈ অধিক ব্যৱহাৰ কৰা শব্দটো হল ৰাইজ৷ নেতা সকলক ৰাইজৰ প্ৰতিনিধি বুলিয়েই কোৱা যায় যদিও দলীয় টিকট পাবৰ বাবে দলক মোটা ধনৰ অৰিহণা জমা দিবলগীয়া হয়৷ কেন্দ্ৰীয় নেতাক ব্যক্তিগত ভাবে দিয়া পূজা-পাতৰ কথা নকলোৱেই যেনিবা৷ এই ৰাইজ, ৰাইজৰ দল শব্দ কেইটা ৰাইজৰ দল নামৰ দলটোৰ বিপৰীতে থকা ৰাজনৈতিক দলে ও উচ্চাৰণ কৰিব আৰু “ৰাইজৰ দল”ৰ মাৰ্কেটিং তেতিয়া ভাল হ’ব৷ ৰাইজৰ দলৰ নাম লৈ বিৰুদ্ধে ভাষণ দিব লগা হলেও হিতে বিপৰীত হোৱাৰ সম্ভাৱনাই অধিক৷ বৰ্তমান সময়ত ৱেবচাইটৰ প্ৰফেচনেল ডমেইন নেম এটা কিনিবলৈ লোৱা সকলে সহজে অনুমান কৰিব পাৰে যে সহজ আৰু মুখে মুখে চলি থকা শব্দ এটাৰ কিমান ভেল্যু৷ সহজে ৰাইজক আকৰ্ষণ কৰিব পৰা আৰু চৰ্চাত থাকিব পৰা এটা নাম বাচি উলিয়াব পৰাটো সহজ কাম নহয়৷ নীতি আদৰ্শ, মিছন ভিজন বাদ দি সম্প্ৰতি গঠন হোৱা দুয়োটা ৰাজনৈতিক দলৰ ভিতৰত সাধাৰণ মানুহৰ মুখে মুখে চৰ্চিত হব পৰা এটা নাম “ৰাইজৰ দল”৷ এই নাম যি গৰাকী ব্যক্তিয়ে প্ৰস্তাৱ কৰিছিল তেখেতে আৱেগ সৃষ্টি কৰিব পৰা আৰু চৰ্চাত থাকিব পৰাকৈ ডমেইন এটা ক্ৰিয়েট কৰাত সফল হ’ব যেন অনুমান কৰিব পাৰি, যদিহে বিপণনৰ কৌশলবোৰ সঠিক ৰূপত উপস্থাপন হয়৷ বাকী সময় আৰু ৰাইজৰ হাতত৷ 

Previous এন চি আৰ বিৰ ৰিৰ্পট: ভাৰতবৰ্ষত প্ৰতি ১৬ মিনিটত সংঘটিত হয় এটাকৈ ধৰ্ষণৰ ঘটনা৷
Next আইতাৰ নগা ঢাৰিত বহি শুনা সাধুবোৰ আৰু আজিৰ বৃদ্ধাশ্ৰম