ৰাজনীতি এক প্ৰফেচন হ’ব পাৰেনে?যদি বাচি বাচি এশজন মানুহক এই প্ৰশ্নটো সোধা যায়,তেন্তে হয়তো নিৰানব্বৈজন মানুহৰে উত্তৰ হ’ব ৰাজনীতি এক সেৱা হোৱা উচিত,প্ৰফেচন নহয়।কাৰণ ৰাজনীতি দেশৰ অতীত,বৰ্তমান আৰু ভৱিষ্যতৰ সৈতে অংগাগীভাৱে জড়িত,দেশৰ প্ৰতিজন নাগৰিকৰ জীৱনৰ প্ৰতিটো মূহুৰ্তৰ সৈতে সংযুক্ত।ৰাজনীতিয়ে পাৰি দিয়া শয্যাতে মানুহৰ জন্ম হয়,মানুহে মৃত্যু বৰণ  কৰে।ৰাজনীতিয়ে নিৰ্ধাৰণ কৰে মানুহৰ জীৱনৰ পথ।


ৰাজনীতিকসকল প্ৰকৃতাৰ্থত দেশৰ তথা সমাজৰ গুৰি ব’ঠা ধৰোঁ‌তা।গতিকে দেশ এখনৰ প্ৰগতি আৰু নাগৰিকসকলৰ জীৱন যাত্ৰাৰ মানদণ্ড বহু পৰিমাণে নিৰ্ভৰ কৰে ৰাজনীতিকসকলৰ যোগ্যতাৰ ওপৰত।সেইবাবে যোগ্য মানুহহে সক্ৰিয় ৰাজনীতিলৈ আহিব লাগে বা ৰাজনীতিত যোগ্য মানুহকহে স্থান দিয়াৰ ব্যৱস্থা এটা থাকিব লাগে।
ক্ৰিকেটৰ কথাই ধৰা যাওক।আমাৰ দেশত প্ৰতি মূহুৰ্ততে হাজাৰ হাজাৰ ক্ৰিকেটাৰৰ জন্ম হয়।শ শ ক্ৰিকেটাৰে ৰাজ্যিক,ৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰিকেট খেলে।তাৰ মাজৰ পৰা মাত্ৰ ১১ জনেহে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পায়।সেই সুযোগৰ সদ্ব্যৱহাৰ কৰিবলৈ তেওঁ‌লোকে যৎপোৰনাস্তি চেষ্টা কৰে।
ৰাজনীতিকসকল প্ৰকৃতাৰ্থত দেশৰ তথা সমাজৰ গুৰি ব’ঠা ধৰোঁ‌তা।গতিকে দেশ এখনৰ প্ৰগতি আৰু নাগৰিকসকলৰ জীৱন যাত্ৰাৰ মানদণ্ড বহু পৰিমাণে নিৰ্ভৰ কৰে ৰাজনীতিকসকলৰ যোগ্যতাৰ ওপৰত।
তাৰবাবে  তেওঁ‌লোকে ঈৰ্ষণীয় পৰিমাণৰ মাননি পায়,সমান্তৰালভাৱে অৰ্জন কৰে যশস্যা।কোবাল গতিৰে বাউণ্ডেৰী স্পৰ্শ কৰিবলৈ আগবঢ়া বল এটা ধৰিবলৈ ড্ৰাইভ কৰোঁ‌তে এজন ক্ৰিকেটাৰৰ হাত-ভৰিৰ হাঁ‌ড় ভগাৰো সম্ভাৱনা থাকে।কেতিয়াবা খেলপথাৰতে কোনো খেলুৱৈৰ মৃত্যু পৰ্যন্ত হয়।কিন্তু সকলোবোৰ বিপদৰ সম্ভাৱনা থকাৰ স্বত্বেও খেলপথাৰত নিজৰ কথা চিন্তা নকৰি নিজৰ ১০০ শতাংশ উজাৰি দিবলৈ তেওঁ‌লোকে কুন্ঠাবোধ নকৰে।কাৰণ তেওঁ‌লোক প্ৰফেচনেল,ক্ৰিকেট তেওঁ‌লোকৰ জীৱন,জীৱিকা।ৰাজনীতিক সকলৰ বাবেও ৰাজনীতি তেনেকুৱা হোৱা উচিত।আমাৰ দেশত ৰাজনীতি মানেই এজনী সোণৰ কণী পৰা হাঁ‌হ।যেতিয়ালৈকে ৰাজনীতিক প্ৰফেচন হিচাপে লোৱা নহয়,তেতিয়ালৈকে ৰাজনীতি কলুষিত হৈয়ে থাকিব।
জানমনি বৰা

লেখক-পৰ্য্যালোচক

Previous নিসৰ্গ আৰু নাৰী মনস্তত্বক লৈ বন্দনা নাথৰ এ জাৰ্ণি অৱ থ’টছ
Next সমন্বয়