প্ৰদূষণ সাম্প্ৰতিক সময়ৰ আটাইতকৈ উদ্বেগজনক সমস্যা৷ বিজ্ঞান-প্ৰযুক্তিক পুঁজিপতি বা ব্যৱসায়ীসকলে কেৱল মুনাফা উপাৰ্জনৰ আহিলা হিচাপে গণ্য আৰু ব্যৱহাৰ কৰাৰ ফলত প্ৰদূষণৰ সমস্যা মাত্ৰাধিক হাৰত বাঢ়িছে৷ উন্নয়নশীল আৰু অনুন্নত দেশসমূহত ইয়াৰ প্ৰভাৱ সৰ্বাধিক৷ উন্নত দেশসমূহৰ নাগৰিকসকলৰ শিক্ষা আৰু সচেতনতা তথা তাৰ আইন-কানুনে সততে প্ৰদূষণৰ বিৰুদ্ধে প্ৰয়োজনীয় পদক্ষেপ আগবঢ়ায় আৰু প্ৰশাসনিক ব্যৱস্থা হাতত লয়৷ কিন্তু ভাৰতৰ দৰে দেশত প্ৰদূষণৰ ভয়াৱহতা সম্পৰ্কে তেনেই নগণ্যসংখ্যক নাগৰিক সচেতন আৰু প্ৰদূষণ ৰোধৰ বাবে থকা আইন-কানুনবোৰো দৰাচলতে পুঁজিপতি, কৰ্পৰেটৰ পৰিৱেশ বা প্ৰকৃতি ধ্বংসকাৰী পদক্ষেপসমূহ সম্পৰ্কে তেনেই উদাসীন হৈ থাকে৷ উল্লেখ্য যে, বিশ্বৰ সৰ্বাধিক প্ৰদূষিত চহৰৰ ১৩খন চহৰেই ভাৰতৰ৷ গুৰুগ্ৰাম আৰু গাজিয়াবাদে সৰ্বাধিক প্ৰদূষিত চহৰৰ তালিকাত বিশ্বৰ ভিতৰতে ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰিছে৷ সৰ্বাধিক প্ৰদূষিত দেশ হিচাপে বাংলাদেশ আৰু পাকিস্তানৰ পাছতে ভাৰতে স্থান লাভ কৰিছে৷ আনহাতে, পৃথিৱীৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত ৰাজধানী হিচাপে চিহ্নিত হৈছে ভাৰতৰ ৰাজধানী দিল্লী৷ পৰিৱেশ প্ৰদূষণে ভাৰতক অজগৰ সাপৰ দৰে মেৰিয়াই ধৰাৰ পাছতো দেশৰ চৰকাৰ, দেশৰ সৰহভাগ নাগৰিক উদ্বিগ্ন নহয় কিয়? আনকি সৰহভাগ শিক্ষিত ৰাইজো মৌন কিয়? কোৱা বাহুল্য যে, প্ৰদূষণৰ ভয়াৱহতাই পোনপ্ৰথমে সৰ্বস্বান্ত কৰে দৰিদ্ৰ আৰু অশিক্ষিত নাগৰিকসকলক৷

ভাৰতৰ দৰে দেশত প্ৰদূষণৰ ভয়াৱহতা সম্পৰ্কে তেনেই নগণ্যসংখ্যক নাগৰিক সচেতন আৰু প্ৰদূষণ ৰোধৰ বাবে থকা আইন-কানুনবোৰো দৰাচলতে পুঁজিপতি, কৰ্পৰেটৰ পৰিৱেশ বা প্ৰকৃতি ধ্বংসকাৰী পদক্ষেপসমূহ সম্পৰ্কে তেনেই উদাসীন হৈ থাকে৷ উল্লেখ্য যে, বিশ্বৰ সৰ্বাধিক প্ৰদূষিত চহৰৰ ১৩খন চহৰেই ভাৰতৰ৷
চহকী আৰু ক্ষমতাশালী লোকসকলে নিজকে বিভিন্ন কৃত্ৰিম উপায়ে প্ৰদূষণৰ কু-প্ৰভাৱৰ পৰা মুক্ত কৰি ৰাখিবলৈ সক্ষম হয়৷ উদাহৰণস্বৰূপে, আপোনাৰ চহৰৰ বায়ু প্ৰদূষিত হ’লে দৰিদ্ৰ নাগৰিকে সেই দূষিত বায়ু সেৱন কৰিয়েই চলিব লাগিব৷ কিন্তু চহকীসকলে বাহিৰৰ দূষিত বায়ু সেৱন কৰিব নালাগে কাৰণ তেওঁলোকে ‘এয়াৰ পিউৰীফায়াৰ’ ব্যৱহাৰ কৰে, এচি গাড়ীত ঘূৰা-ফুৰা কৰে৷ সেয়ে দূষিত বায়ুয়ে পোনপ্ৰথমে প্ৰাণ কাঢ়ি নিব চহৰখনৰ দুখীয়া-অশিক্ষিতসকলৰ৷ তাতোকৈ ডাঙৰ দুৰ্ভাগ্যৰ কথা হ’ল যে পৰিৱেশ প্ৰদূষণৰ বাবে যে তেওঁলোকে মৃত্যু হ’ল সেই কথাও এই দুৰ্ভগীয়া লোকসকলে বুজি নাপাব৷ একাংশ প্ৰকৃতিপ্ৰেমী, পৰিৱেশবিজ্ঞানী বা কৰ্মী সকলে অৱশ্যে বিভিন্ন সময়ত প্ৰদূষণৰ সমস্যা সৃষ্টি কৰা বিভিন্ন পুঁজিপতি বা উদ্যোগৰ বিৰুদ্ধে মাত মাতিছে৷ কিন্তু যিহেতু চৰকাৰবোৰে এই বৃহৎ পুঁজিপতি বা উদ্যোগৰ মালিকবোৰৰ ধনৰ সহয়ত গঠন হয়, সেয়ে প্ৰায় ক্ষেত্ৰতে চৰকাৰবোৰে অন্ধ ধৃতৰাষ্ট্ৰৰ ভাও লয়৷ কিয়নো পৰিৱেশ প্ৰদূষণ আমাৰ দেশত নিৰ্বাচনী ইছ্যু নহয়৷ ২০১৯ চনৰ নিৰ্বাচনত প্ৰদূষণ এটা প্ৰধান ইছ্যু হ’বনে? যুৱ ভাৰতে, শিক্ষিত ভাৰতে প্ৰদূষণ সম্পৰ্কীয় এজেণ্ডা চাইহে ৰাজনৈতিক দলক ভোট দিবনে? কমিউনিষ্ট পাৰ্টী সমূহ বা কংগ্ৰেছ, আপ, তৃণমূল, এনচিপি আদি দলবোৰে প্ৰদূষণৰ সমস্যাক গুৰুত্ব দি নিৰ্বাচনত নামিব নে?

ফেচবুক, হোৱাটছ এপ, আদি সামাজিক মাধ্যমৰ জৰিয়তে নৰেন্দ্ৰ মোদীক ‘বিকাশ পুৰুষ’, ‘চুপাৰমেন’ হিচাপে প্ৰচাৰ কৰা হৈছিল আৰু ছ’চিয়েল মিডিয়াৰ প্ৰ’পাগাণ্ডা, অপপ্ৰচাৰৰ দ্বাৰা প্ৰভাৱিত হৈ এই যুৱক-যুৱতীসকলে মোদীক ভোট দিছিল৷ মোদীজীয়ে বছৰি দুই কোটি চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিল৷ এই প্ৰতিশ্ৰুতি যে এটা নিৰ্বাচন জিকাৰ বাবে দিয়া নিৰ্লজ্জ ফাকি আছিল, সেয়া মোদীক ভোট দিয়া প্ৰায় সকলো যুৱক-যুৱতীয়ে বুজি উঠিছে৷
ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় ৬৫%ৰ বয়স ৩৫ বছৰ বা তাতকৈ কম৷ ২০২০ চনত এজন ভাৰতীয় নাগৰিকৰ গড় বয়স ২৯ বছৰ হ’ব বুলি অনুমান কৰা হৈছে৷ এক কথাত ক’বলৈ হ’লে ভাৰতবৰ্ষ হ’ল যুৱক-যুৱতীৰ দেশ৷ অলপতে এটা সমীক্ষাত কোৱা হৈছে যে ভাৰতৰ ৮কোটি ১০ লাখ ভোটাৰে ২০১৯চনত জীৱনত পোনপ্ৰথমবাৰৰ বাবে ভোটদান কৰিব৷ তাৰমানে ২০১৪চনত এই ভোটাৰসকলৰ বয়স ১৮বছৰতকৈ কম আছিল৷ অৰ্থাৎ এওঁলোক এতিয়া ১৮-২২ বছৰীয়া যুৱক বা যুৱতী৷ এই নতুন ভোটাৰসকলে প্ৰায় ২৮২খন লোকসভাৰ আসনত নিৰ্ণায়ক ভূমিকা ল’ব বুলি কোৱা হৈছে৷ কিন্তু এওঁলোকৰ  কৰ্মসংস্থাপনৰ বাবে কিবা বাস্তৱসন্মত পৰিকল্পনা কোনো এটা দলে ঘোষণা কৰিছে নে? ২০১৪ চনতো বুজন পৰিমাণৰ নতুন ভোটাৰ আছিল ৷ ফেচবুক, হোৱাটছ এপ, আদি সামাজিক মাধ্যমৰ জৰিয়তে নৰেন্দ্ৰ মোদীক ‘বিকাশ পুৰুষ’, ‘চুপাৰমেন’ হিচাপে প্ৰচাৰ কৰা হৈছিল আৰু ছ’চিয়েল মিডিয়াৰ প্ৰ’পাগাণ্ডা, অপপ্ৰচাৰৰ দ্বাৰা প্ৰভাৱিত হৈ এই যুৱক-যুৱতীসকলে মোদীক ভোট দিছিল৷ মোদীজীয়ে বছৰি দুই কোটি চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিল৷ এই প্ৰতিশ্ৰুতি যে এটা নিৰ্বাচন জিকাৰ বাবে দিয়া নিৰ্লজ্জ ফাকি আছিল, সেয়া মোদীক ভোট দিয়া প্ৰায় সকলো যুৱক-যুৱতীয়ে বুজি উঠিছে৷ সেয়ে ২০১৪ চনত মোদীক সমৰ্থন কৰা দেশৰ বৃহৎসংখ্যক যুৱক-যুৱতীয়ে এইবাৰ মোদীৰ বিৰোধিতা কৰিছে৷ ভাৰত চৰকাৰৰ এন. এছ. এছ. অ. (নেছনেল ছেম্পল ছাৰ্ভে অফিছ)ৰ মতে যোৱা ৪৫ বছৰৰ ভিতৰত ভাৰতত নিৱনুৱাৰ হাৰ সৰ্বাধিক হৈছে৷ ২০১৭-১৮চনত এই হাৰত বৃদ্ধি হৈছে ৬.১%৷ চহৰাঞ্চলত নিৱনুৱাৰ হাৰ আছিল ৭.৮% আৰু গ্ৰামাঞ্চলত ৫.৩% ৷ চি. এম. আ. ই. (চেণ্টাৰ ফ’ৰ মণিট’ৰিং ইণ্ডিয়ান ইক’নমি)ৰ এক সমীক্ষামতে ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত লেবাৰ ফ’ৰ্চ পাৰ্টিচিপেশ্ব’ন  হাৰ আছিল ৪৩.৮%৷ এইবছৰ এই হাৰ কমি গৈ ৪২.৭% হৈছে৷ লেবাৰ ফ’ৰ্চ পাৰ্টিচিপেশ্ব’ন  হাৰ মানে হ’ল শ্ৰম কৰিব পৰা নাগৰিক আৰু দেশৰ মুঠ জনসংখ্যাৰ অনুপাত (অৰ্থাৎ কৰ্মসংস্থাপন পোৱা বা কৰ্মসংস্থাপন বিচাৰি ফুৰা ১৫-৬৪ বছৰ বয়সৰ জনসংখ্যা)৷ গতিকে এই হাৰ হ্ৰাস হোৱাৰ অৰ্থ হ’ল কাম বিচাৰি ফুৰা বা কাম কৰি থকা লোকৰ সংখ্যা হ্ৰাস পোৱা৷ আমি ওপৰত ইতিমধ্যে উল্লেখ কৰিছো যে মোদীৰ ৰাজত্বত নিবনুৱাৰ সংখ্যা অভাৱনীয় হাৰত বাঢ়িছে৷ এফালে কৰ্মসংস্থাপন বিচাৰি যোৱা মানুহৰ সংখ্যা কমিছে, আনফালে নিৱনুৱাৰ সংখ্যা বাঢ়িছে৷ তাৰ মানে কৰ্মসংস্থাপন দিয়াৰ সামৰ্থ্য মোদী চৰকাৰৰ আছে বুলি ভাৰতীয় নাগৰিকে বিশ্বাস কৰিবলৈ লাহে লাহে এৰি দিছে৷ আনহাতে, কৰ্মসংস্থাপন বিচাৰি ফুৰা লোকসকলকো চৰকাৰে সংস্থাপন দিব পৰা নাই৷ সেয়ে এইবছৰৰ ফেব্ৰুৱাৰী মাহত ভাৰতৰ নিবনুৱাৰ হাৰ হৈছে ৭.২% ৷ নিবনুৱাৰ হাৰ মানে হৈছে কৰ্মসংস্থাপন নোপোৱা নাগৰিক আৰু শ্ৰম কৰাৰ সামৰ্থ্য থকা নাগৰিকৰ অনুপাত৷ চি. এম. আ. ই.ৰ এক ৰিপোৰ্ট মতে ২০১৬ চনৰ বিমুদ্ৰাকৰণ আৰু ২০১৭চনৰ জিএছটিৰ পাছত ২০১৮ চনত ১.১ কোটি লোকে কৰ্মসংস্থাপন হেৰুৱাইছে৷  মোদীৰ ‘মেক ইন ইণ্ডিয়া’ আঁচনিও কৰ্মসংস্থাপন সৃষ্টিত চূড়ান্তভাৱে ব্যৰ্থ হৈছে ৷ বিমুদ্ৰাকৰণৰ জৰিয়তে কোটিৰ হিচাপত কৰ্মসংস্থাপন শেষ কৰা হ’ল৷ অৰ্থাৎ, বছৰি দুই কোটি চাকৰি দিয়াৰ সলনি মোদীৰ শাসনে চাকৰিৰ সংখ্যা হ্ৰাস কৰি নিৱনুৱাৰ সংখ্যা বৃদ্ধিহে কৰিলে৷ মোদী চৰকাৰে ‘মুদ্ৰা’ আচনিৰে নিৱনুৱাক সংস্থাপন দিয়া বুলি ঢাক-ঢোল বজাই আহিছে৷ কিন্তু এই যোজনাৰে কিমান নিৱনুৱাক কৰ্মসংস্থাপন দিছে তাৰ হিচাপ চৰকাৰে দিয়া নাই৷ আনহাতে, পুঁজিপতিৰ হৈ কাম কৰা মোদী চৰকাৰৰ দিনত ৰাজহুৱা শিক্ষা আৰু স্বাস্থ্যখণ্ডক ধ্বংস কৰাৰ বাবে পদে পদে বিভিন্ন কৌশলী পদক্ষেপ আগবঢ়াইছে৷ শিক্ষাৰ বাবে বাজেট কৰ্তন কৰা হৈছে যাৰ ফলত চৰকাৰী উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহে মাচুল বৃদ্ধি কৰিবলৈ বাধ্য হৈছে৷ বিজ্ঞান-গৱেষণাৰ বাবে পুঁজিৰ আবন্টন কমাই দিয়া হৈছে৷ বিজ্ঞানক পংগু কৰি বিজ্ঞানৰ নামত কেতবোৰ অপবিজ্ঞান আৰু অবৈজ্ঞানিক কথাৰ প্ৰসাৰত গুৰুত্ব দিয়া হৈছে৷ বিজেপি দল ঘোৰ বিজ্ঞানবিৰোধী৷ কিন্তু বিজ্ঞান-প্ৰযুক্তিৰ অগ্ৰগতি অবিহনে দেশৰ প্ৰগতি সম্ভৱ নহয়৷ গতিকে বিজ্ঞান, শিক্ষা আৰু স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে উপযুক্ত আৰু বাস্তৱসন্মত পদক্ষেপ আগবঢ়োৱাটো জৰুৰী হ’ব৷ তদুপৰি মোদী চৰকাৰৰ শাসনত কৃষকৰ আত্মহত্যা নকমিল, অথচ কৃষকৰ বীমা কৰোৱা কোম্পানীয়ে হাজাৰ কোটিৰ হিচাপত মুনাফা লভিলে৷ অৰ্থাৎ মোদীজীৰ বন্ধু পুঁজিপতি আৰু ডাঙৰ ডাঙৰ ক’ৰ্পৰেট গোষ্ঠীক সকলো সা-সুবিধা আৰু কোটি কোটি মুনাফা লাভৰ বাট মুকলি কৰি দিয়া হৈছে৷ কিন্তু কৃষক-শ্ৰমিকৰ সুবিধা আৰু উপাৰ্জন বৃদ্ধিৰ বাবে আন্তৰিকতাৰে একো কৰা নহ’ল৷ কেৱল কোটি কোটি টকা খৰছ কৰি জাকজমকীয়া বিজ্ঞাপন দিয়া আৰু নিৰ্বাচনী সভাত ডিঙিৰ সিৰ ফুলাই মিছা কথা আৰু ভুল তথ্যৰে কৃষক-শ্ৰমিকৰ বাবে চকুলো টোকাৰ অভিনয় কৰি মোদী চৰকাৰে পাঁচ বছৰীয়া কাৰ্য্যকাল সম্পূৰ্ণ কৰিলে৷ গতিকে এনে এখন ব্যৰ্থ চৰকাৰক, মোদীৰ দৰে এগৰাকী মিছলীয়া নেতাক আমি পুনৰ দেশৰ শাসনভাৰ দিয়াটো উচিত হ’বনে? আমাৰ বোধেৰে, মোদী আৰু বিজেপিৰ শাসন দেশৰ বাবে শুভ নহয়৷ যোৱা পাঁচ বছৰত তাৰ প্ৰমাণ আমি হাতে হাতে পাইছোগ৷ সেয়ে কৃষক-শ্ৰমিক-জোৱানৰ মৰ্মবেদনা বুজি নোপোৱা, কৃষিখণ্ডক শক্তিশালী কৰিব নোখোজা চৰকাৰ এখন ২০১৯ চনত শাসনলৈ অহাটো আমি নিবিচাৰো।

সি যি নহওক, আমাৰ সন্মুখত আজিৰ তাৰিখত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰ হ’ল- আহিবলগীয়া দিনবোৰত কি নতুন পৰিকল্পনাৰে বৰ্ধিত নিৱনুৱা সমস্যা হ্ৰাস কৰা হ’ব? কেনেদৰে ভাৰতৰ ভাগি পৰা অৰ্থনীতিক শক্তিশালী কৰি তুলিব? মোদীজীৰ বন্ধু পুঁজিপতিবোৰক হাজাৰ কোটি হিচাপত ঋণ দি দেউলীয়া হোৱা ৰাজহুৱা বেংকবোৰক কিদৰে গতি দিয়া হ’ব? কৃষিখণ্ড আৰু ইয়াৰ লগত জড়িত উদ্যোগৰ উন্নয়নৰ বাবে কেনেকুৱা পদক্ষেপ গ্ৰহণ কৰিব লাগিব? দেশত বিজ্ঞানমনস্কতা কেনেদৰে গঢ়ি তুলিব? লেকামহীন পুঁজিবাদী বিকাশ (নে বিনাশ?)ৰ ফলত বৰ্ধিত প্ৰদূষণ কিদৰে ৰোধ কৰা হ’ব? ভৱিষ্যতৰ চৰকাৰ বা ৰাজনৈতিক দলবোৰৰ হাতত এই প্ৰশ্নবোৰৰ সঠিক উত্তৰ আছেনে? এক সুৰক্ষিত আৰু প্ৰগতিশীল ভাৰতৰ স্বাৰ্থত যুৱক-যুৱতীসকলে এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি ২০১৯ৰ লোকসভা নিৰ্বাচনত ভোট দিব নে? 

কৌ শি ক তা লু ক দা ৰ

মুম্বাইস্থিত আই আই টি বোম্বেৰ গৱেষক ছাত্ৰ।

Previous মাজুলীৰ আধাসৰীয়া অভিজ্ঞতা
Next গণতন্ত্ৰ