কেন্দ্ৰীয় চৰকাৰে আজি যিখন মধ্যকালীন বাজেট দাখিল কৰিছে  সেইখন অগণতান্ত্ৰিক আৰু ভাৰতীয় যি সাংবিধানিক পৰম্পৰাক নস্যাৎ কৰা হৈছে৷ চৰকাৰখনে টুয়েন্টি টু্যেন্টি মেচৰ বিশ অভাৰৰ খেলখন চৰকাৰে ২১ অভাৰৰ খেল খেলিব ধৰিছে, অৰ্থাৎ ৫বছৰীয়া চৰকাৰখনে বাজেট দাখিল কৰে ৫খন, এইখন চৰকাৰে ৬ খন বাজেট দাখিল কৰিছে৷ বাজেটত যিটো ফিছকল ডিপ’জিট সেইটো ক’ৰ পৰা আহিব তাৰ কোনো উৎস নাই৷

১) আজি তেনেকৈ তেওঁলোকে বাজেটখন দাখিল কৰিব নোৱাৰে৷ কেৱল লেখানুদানহে তেওঁলোকে দিব পাৰে৷

২) বাজেটত কেইটামান গুৰুত্বপূৰ্ণ কথা তেওঁলোকে কৈছে যিকেইটা অত্যন্ত হাস্যস্পদ৷

চৰকাৰখনে টুয়েন্টি টুয়েন্টি মেচৰ বিশ অভাৰৰ খেলখন চৰকাৰে ২১ অভাৰৰ খেল খেলিব ধৰিছে

প্ৰথম কথা, বাজেটত তেওঁলোকে কৃষকৰ ঋণ ৰেহাই দিয়াৰ কথা কৈছে আৰু ঋণ ৰেহাই তেওঁলোকে এনেকুৱা কৰিছে যে, প্ৰতিজন কৃষকলৈ বছৰেকত ৬০০০টকাকৈ বেংক একাউন্টত সোমোৱাই দিব অৰ্থাৎ মাহে ৫০০ টকাকৈ৷ ৫একৰ মাটি যাৰ বা ৫একৰতকৈ যাৰ কম৷ অসমত ৫একৰ মাটি মানে প্ৰায় ১৪বিঘা৷ এতিয়া কথাটো হ’ল, কোন কৃষকৰ কিমান মাটি আছে সেই হিচাপ সঁচাকৈ চৰকাৰৰ হাতত আছে নেকি? এইটো এটা ভাল খবৰ৷ যিসকল কৃষকৰ ১৪বিঘাতকৈ কম মাটি আছে তেওঁলোকে যদি মাহে ৫০০ টকাকৈ পায় আমাৰ কৃষকসকলৰ লাভ হ’ব কাৰণ আমাৰ কৃষকৰ অৱস্থা ইমানে বেয়া সেই কথাটো চৰকাৰে বুজি পাইছে৷ চৰকাখনে বিগত সময়ত অৰ্থনৈতিক অৱস্থা সাংঘাতিক উন্নত হোৱা বুলি কৈ আহিছিল যদিও এতিয়া প্ৰতিটো কৃষক পৰিয়াললৈ মাহে ৫০০টকাকৈ তেওঁলোকে দিছে অৰ্থাৎ এটা কৃষক পৰিয়ালে মাহে ৫০০ টকাকৈ পালেও উপকৃত হ’ব বুলি চৰকাৰখনে ভাবিছে৷

চৰকাখনে বিগত সময়ত অৰ্থনৈতিক অৱস্থা সাংঘাতিক উন্নত হোৱা বুলি কৈ আহিছিল যদিও এতিয়া প্ৰতিটো কৃষক পৰিয়াললৈ মাহে ৫০০টকাকৈ তেওঁলোকে দিছে অৰ্থাৎ এটা কৃষক পৰিয়ালে মাহে ৫০০ টকাকৈ পালেও উপকৃত হ’ব বুলি চৰকাৰখনে ভাবিছে৷

দ্বিতীয় কথাটো হ’ল, ৫লাখটকালৈকে যিসকলৰ উপাৰ্জন তেওঁলোকক আয়কৰ ৰেহাই দিয়া বুলি কৈছে অৰ্থাৎ আমি যদি হিচাপ কৰো দেখিম যে, ১২০কোটি জনসংখ্যাৰ দেশখনত কেৱল ৪কোটি মানুহেহে আয়কৰ প্ৰদান কৰিব৷ দেশৰ অৰ্থনৈতিক অৱস্থা ইমান বেয়া যে কেৱল ৪কোটি মানুহে আয়কৰ দি সমগ্ৰ দেশ চলাবলগীয়া হৈছে৷ আনহাতে, তেওঁলোকে জিএছটিৰ সংগ্ৰহ ভাল হোৱা বুলি কৈছে৷ যদি জিএছটিৰ সংগ্ৰহ ভাল তেতিয়াহ’লে চৰকাৰে কোনোধৰণৰ নিয়োগ নীতি কিয় কৰিব পৰা নাই৷ আনহাতে, আমি মন কৰিছো যে ইন্টাৰিয়ম বাজেটখনত নিয়োগ সৃষ্টিৰ এটা শব্দও উল্লেখ কৰা নাই , অৰ্থাৎ চৰকাৰখনৰ আৰ্থিক অৱস্থা সাংঘাতিকভাৱে বেয়া৷

তৃতীয় কথাটো হ’ল, চৰকাৰখনে কৈছে প্ৰধানমন্ত্ৰী মোডী,আৰু পিয়ুষ গোৱেলৰ ভাষণৰ মাজত সাংঘাতিকভাৱে পাৰ্থক্য আছে৷ তেওঁলোকে এটা সময়ত কয় যে, অৰ্থনৈতিক অৱস্থা ভাল হোৱা বুলি কয়৷ আৰু দ্বিতীয়সময়ত কয় যে, আমি আয়কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছো৷ একেটা সময়তে কয় যে, আয়কৰ বেছি সংগ্ৰহ কৰিবলৈ আমি মানুহক বাধ্য কৰাইছো৷ আনহাতে, একেটা সময়তে আয়কৰৰ পৰিমাণ ৫লাখটকালৈকে দিব নালাগে বুলি কয়৷ এই দুইটা কথাৰ মাজেৰে তেওঁলোকৰ দুমুখীয়া চৰিত্ৰৰ ওলাই পৰিছে৷

ৰু শেষত কথাটো হ’ল, নিৰ্বাচনলৈ কেৱল ৮০দিন থকাৰ সময়তে চৰকাৰখনে এনেকৈ নিৰ্বাচনী টোপ দিব নালাগিছিল৷ এইটো এটা খুব বেয়া পৰম্পৰা হৈ ৰ’ব৷ চৰকাৰখনে ভোট কিনিব বিচাৰিছে৷ কৃষকৰ ভোট কিনিব বিচাৰিছে৷ আৰ্থিকভাৱে যিসকল স্বচ্ছল,মধ্যবিত্তৰ ভোট কিনিব বিচাৰিছে৷ এইধৰণৰ আঁচনি যাতে নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত নকৰে৷ কৃষকেও যি ৬০০০টকাকৈ বছৰি একাউণ্টত জমা পাব কৈছে সেইটো সঁচাকৈ ভাল৷ অসমৰ কৃষকো উপকৃত হ’ব৷ কিন্তু নিৰ্বাচনলৈ কেৱল তেওঁলোকে২০০০টকাকৈ লাভ কৰিব৷ ২০০০টকাৰ পিছতে তেওঁলোকে নিৰ্বাচনত ভোট দিব লাগিব৷ পিছলৈ কৃষকক এনেকে নকয়তো আমি তোমালোকক ২০০০টকাকৈদিলো,তোমালোকে ভোটতো আমাক দিয়া৷ সেইটোহে লক্ষণীয় বিষয় হ’ব৷

বে দ ব্ৰ ত ব ৰা

জ্যেষ্ঠ সাংবাদিক, ৰাজনৈতিক বিশ্লেষক আৰু 'বিৰিয়া'ৰ স্তম্ভ লেখক।

Previous অহংকাৰেই কৰিব শেষ!
Next দিনটোৰ প্ৰতিফলন

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে