অসমত আগৰ দৰেই কথাবোৰ হ’বলৈ গৈ আছে। দপদপ কৈ জুইকুৰা অলপ সময়ৰ কাৰণে জ্বলে আৰু যি সময়ত আটাইতকৈ বেছি জ্বলিব লাগে সেইসময়ত নুমাবলৈ ধৰে। জুবিন গাৰ্গে কি ক’লে, কোন বিধায়কে কি কৰিছে, আজি হিমন্ত বিশ্বই কাক কাট মাৰি কথা ক’লে আদি কথাত লাগি থাকোতে আচল ইচ্ছ্যু ক’ৰবাতে থাকিলেগৈ। চিজিল ৰূপত যিটো গণ আন্দোলন চলি আছিল সেইটো কিবা চূৰ্ণ-বিচূৰ্ণ হোৱা যেন হ’ল। আমি এন্টাৰ্টেইনমেন্ট ভাল পোৱা এটা জাতি। কূট-কৌশলবোৰ বৰ এটা বুজি পোৱা যেন নালাগে। যিখিনিয়ে নেপথ্যৰ কাহিনীবোৰৰ আচল অৰ্থ বুজি পোৱা যেন লাগে তেওঁলোকৰ কথা কোনেও শুনিব নিবিচাৰে।

চৰকাৰখনে কিমান গুৰুত্ব দিছে সাধাৰণ নাগৰিকবোৰৰ কথা আৰু আহ্বানত সেইটো নেতাবোৰৰ দম্ভালি মৰা ভাষণবোৰতেই স্পষ্ট। যেন তেওঁলোকে অসমৰ বিৰাট ডাঙৰ কিবা উপকাৰ হে কৰিছে সপক্ষে মাত মাতি। বিধেয়কবিৰোধী সকলো নেতৃত্ব এক লগ হৈ কাম কৰি আছিল বুলিয়েই ক’ব লাগিব। অসমে সাধাৰণতে এইটো বস্তু নেদেখে। আনকালে আছুৱে কিবা এটা কথা ক’লে কৃষক মুক্তিয়ে আন এটা কথা কয়। এইবাৰ সেইটো হোৱা নাছিল। পন্থা বেলেগ হ’লেও সমুজ্জ্বল ভট্টাচাৰ্য্য আৰু অখিল গগৈৰ উদ্দেশ্য আৰু কন্ঠ একেই আছিল। সকলোবোৰ আজিৰ পৰা প্ৰায় এসপ্তাহমান আগলৈ ঠিকেই গৈ আছিল। এতিয়া নাজানো কিয় মনবোৰ আৰু অধিক সেমেকা হ’ল। আমি পুনৰ চাহৰ কাপত ধুমুহা তুলিছো নি বাৰু? 

সা য় ন্ত ন শ ই কী য়া

চিন্তা উদ্ৰেককাৰী ব্যংগৰে পঢ়ুৱৈক আকৰ্ষণ কৰা  অসমৰ নতুন প্ৰজন্মৰ এগৰাকী ব্যংগ লেখকৰ লগতে ৰাজনৈতিক বিশ্লেষক আৰু কুইজমাষ্টাৰ। বিৰিয়াৰ পাঠকৰ বাবে শইকীয়াৰ নিয়মীয়া ব্যংগৰ শিতান - 'শুনা শুনা সৰ্বজন'।

Previous বাটে ঘাটে : সৰভোগৰ দৈ, শতায়ুৰে কীৰ্তিমান হ’ব খোজা উদ্ধৱ চন্দ্ৰ বায়ন এন্ড ছ’ন্‌ আৰু গজেন্দ্ৰমোহনৰ চপ
Next ক’লা কাপোৰ, তৰুণ গগৈ আৰু হিমন্তবিশ্ব

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে