যোৱা কিছুদিনৰ পৰা আমাৰ দৈনন্দিন সময়খিনিক এক শ্বাসৰূদ্ধকাৰী হিচাপে ঘোষণা কৰাৰ প্ৰচেষ্টা এটা চলাই থকা হৈছে।কথাতে কয় বোলে শত্ৰুৱেও সেই শিক্ষা নাপাওক, যি শিক্ষা পাকিস্তানে পাওক। শত্ৰুতাৰ যদি চৰম উদাহৰণ দিবলৈ হয়, সেয়া ভাৰত-পাকিস্তান। চিৰবৈৰী পাকিস্তান।এখোপ আগুৱাই গৈ কোনো-কোনোৰ মতে পাকিস্তান মানে মুছলমান আৰু মুছলমানেই শত্ৰু। এই সাম্প্ৰদায়িক চৰকাৰৰ দিনত এই বাৰ্তা বিয়পি যোৱাটো একো অসম্ভৱ আৰু অকল্পনীয় নহয়।বন্দী অভিনন্দনক মোকলাই দি পাকিস্তানে শান্তিৰ যি বাৰ্তা প্ৰেৰণ কৰিলে তাৰবাবে ইমৰাণ খানক অভিনন্দন জনোৱা হোৱা নাই, কাৰণ চিৰশত্ৰুৰ প্ৰাসংগিকতা এতিয়াও বৰ্তমান। ১৪ ফেব্ৰুৱাৰীৰ পুলৱামা আক্ৰমণৰ পিছত আমাৰ মনত অন্য কথা কিছুমানেহে দোলা দি গৈছে। 

শেহতীয়াকৈ যুৱ-প্ৰজন্মৰ মাজত ‘গেম’ এটা বিৰাট জনপ্ৰিয় হৈছে-পাব্‌-জি। বিমান এখনেৰে গৈ আপুনি লক্ষ্যস্থানত উপস্থিত হ’ব লাগে আৰু সমুখ-সমৰলৈ অহা শত্ৰুপক্ষক গুলীয়াই বা ব’ম পেলাই ধ্বংস কৰিব লাগে। থোৰতে এয়াই পাব্‌-জি খেলৰ নিয়ম। আপোনাৰ গুলীত কিমান শত্ৰু নিহত হ’ল বাওঁফালে স্ক্ৰীণত জিলিকি থাকিব।কোন শত্ৰুক গুলীয়ালে সেয়াও স্ক্ৰীণত প্ৰাপ্ত হ’ব।’ইউ কিল্ড্‌(এনিমিছ নেম) বাই (ৱেপন্‌)’ বুলি। কথা হ’ল এই শ্বাসৰুদ্ধকাৰী সময়ত(?)পাব্‌-জি গেমৰ কথা আমি কিয় ক’ব লগা হৈছে? পাব্‌-জি গেমত আপুনি নিজৰ ধৰণে সাজ-পোছাক, অস্ত্ৰ-শস্ত্ৰ বাছি ল’ব পাৰে।

১৪ ফেব্ৰুৱাৰীৰ পুলৱামা আক্ৰমণৰ পিছত ভাৰতীয় চৰকাৰ আৰু সামৰিক বাহিনীৰ প্ৰত্যুত্তৰ দিয়াৰ পাল পৰিল। সেইমতে পুলৱামা অক্ৰমণৰ মূল অভিযুক্ত আত্মঘাতী বোমাৰু আছিল চৰৰ গুৰু গাজি ৰছিদ সহিতে জঈছ-ঈ-মহম্মদৰ ঘাটিত আক্ৰমণ কৰা হ’ল ১৬ ফেব্ৰুৱাৰীত।খবৰ আহিল যে গাজি ৰছিদ নিহত হ’ল। কৌতূহলৰ কথা এয়াই যে ভাৰতবৰ্ষই গাজি ৰছিদৰ মৃতদেহ দেখা নাই, পাকিস্তানেও ঘোষণা কৰা নাই সেই জঘন্য অপৰাধীৰ মৃত্যু হোৱা বুলি। 

আশ্বৰ্য্যৰ কথা এয়ে যে, গোলাঘাটত বিষাক্ত সুৰা পান কৰি মৃত্যুবৰণ কৰা লোকৰ নিৰ্দিষ্ট সংখ্যাটো সকলো বাতৰি কাকত আৰু নিউজ চেনেলত বেলেগ বেলেগ যদিও এয়াৰ ষ্ট্ৰাইকত নিহতৰ সংখ্যা কিন্তু সকলোতে একেই-৩২৫+২৫=৩৫০! যুঁজাৰু বিমানেৰে প’কত ১০০০ কিলোগ্ৰাম ওজনৰ বোমা পেলাই দিয়া হ’ল, লগে-লগে আমাৰ স্ক্ৰীণত ভাঁহি আহিল ‘ইউ কিলড্‌ থ্ৰি হাণ্ড্ৰেড ফিফ্‌টি এনিমিজ’।
ভাৰতবৰ্ষৰ সংবাদমাধ্যমে কিন্তু ঠিকেই গম পালে যে সেইজন গাজি ৰছিদ। পাব্‌-জি গেমৰ সৈতে কি মিল! শত্ৰুক গুলীয়াই দিয়া হ’ল আৰু আমাৰ ম’বাইল/কম্পিউটাৰ স্ক্ৰীণত ভাহি আহিল- ‘ইউ কিলড্‌ গাজি ৰছিদ’।

ভাৰতীয় সংবাদমাধ্যমত গাজি ৰছিদৰ যি ফটো প্ৰকাশ হ’ল,দেখা গ’ল যে সেয়াও এপ্‌ এটাত সম্পাদনা কৰি জ’নভন জ’ভিৰ মুখৰ পৰিৱৰ্তে গাজি ৰছিদৰ মুখ লগাই দিয়া হৈছে। দ্যা ৱায়াৰ, স্ক্ৰ’ল আদি সংবাদমাধ্যমে ইতিমধ্যেই এই বাতৰি প্ৰকাশ কৰিছে,তাকো প্ৰমাণসহিতে। ২৬ ফেব্ৰুৱাৰীত এয়াৰ ষ্ট্ৰাইকৰ জৰিয়তে ৩৫০জন জঈছ-ঈ-মহম্মদৰ সন্ত্ৰাসবাদীক হত্যা কৰা হ’ল বুলি ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰী আৰু সামৰিক বিভাগে প্ৰতিশোধ আকাংক্ষী ভাৰতীয় নাগৰিকক জনালে।এইখিনিতে আৰু এটা আশ্বৰ্য্যৰ কথা এয়ে যে, গোলাঘাটত বিষাক্ত সুৰা পান কৰি মৃত্যুবৰণ কৰা লোকৰ নিৰ্দিষ্ট সংখ্যাটো সকলো বাতৰি কাকত আৰু নিউজ চেনেলত বেলেগ বেলেগ যদিও এয়াৰ ষ্ট্ৰাইকত নিহতৰ সংখ্যা কিন্তু সকলোতে একেই-৩২৫+২৫=৩৫০! যুঁজাৰু বিমানেৰে প’কত ১০০০ কিলোগ্ৰাম ওজনৰ বোমা পেলাই দিয়া হ’ল, লগে-লগে আমাৰ স্ক্ৰীণত ভাঁহি আহিল ‘ইউ কিলড্‌ থ্ৰি হাণ্ড্ৰেড ফিফ্‌টি এনিমিজ’। আল্‌ জাজিৰাই প্ৰকাশ কৰা এক বাতৰি মতে সেই এয়াৰ ষ্ট্ৰাইকত কোনো লোক হতাহত হোৱা নাই। তেওঁলোকৰ গ্ৰাউণ্ড ৰিপোৰ্ট অনুসৰি বিশাল পথাৰ আৰু অৰণ্য এখনৰ কাষতহে (ইছলামাবাদৰ পৰা ১০০ কি:মি: দূৰৈৰ জাবা নামৰ ঠাইত)বোমা বিস্ফোৰিত হৈছে।

যি কি নহওক ২৬ ফেব্ৰুৱাৰীৰ দোভাগ নিশালৈ ‘চিকেন ডিনাৰ’ৰ আশাত দেশৰ যুৱ প্ৰজন্মই পাব্‌-জি গেম খেলি থকা সময়ছোৱাত আমাৰ মাননীয় প্ৰধান মন্ত্ৰীয়ে পুৱতি নিশালৈ সাৰে থাকি এয়াৰ ষ্ট্ৰাইকৰ সাক্ষী হৈ ৰ’ল। ৩৫০ শত্ৰু নিহত হোৱাৰ পিছতহে তেওঁ শুলে। দেশৰ জনসাধাৰণে এই কথাবোৰ গম নাপায়। সহজে প্ৰাপ্ত সংবাদমাধ্যমক ভৰষা কৰি তেওঁলোকে হয়তো ভাৰতৰ আক্ৰমণক চেল্যুট জনাইছেই। সমাগত নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত বিভিন্ন কথাই চিন্তা কৰিবলগীয়া। এই দেশত প্ৰধান মন্ত্ৰীয়ে মন কী বাত শুনাব পাৰে। জনসাধাৰণে মন কী বাত শুনাব খুজিলে সেয়া দেশদ্ৰোহিতাৰ অপৰাধ। এইসময়ৰ কিন্তু গুৰুত্বপূৰ্ণ প্ৰশ্ন এটাই- আমি কাক বিশ্বাস কৰিম- চৰকাৰ, সংবাদমাধ্যম নে পাব্‌-জি গেমক?

অম্লানজ্যোতি দেউৰী

লেখক-পৰ্য্যালোচক

Previous  সৰল সচেষ্ট!            
Next চ'তে ৰঙে বসন্ত!