ম্মু-কাশ্মীৰৰ পুলুৱামা জিলাত আজি সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণত চিআৰপিএফৰ ৪০জনৰো অধিক জোৱান নিহত হোৱাৰ ঘটনাই সমগ্ৰ দেশকে শোকাহত কৰি তুলিছে। আমি এই আক্ৰমণক নিন্দা কৰিছো। আৰু ছহিদসকলক জনাইছো অভিবাদন আৰু শ্ৰদ্ধা। জম্মু-কাশ্মীৰৰ দৰে এক স্পৰ্শকাতৰ ৰাজ্যত দেশৰ নিৰাপত্তা বাহিনীৰ এক বিশাল কনভয়ৰ ওপৰত হোৱা এনে আক্ৰমণে বহুতো দিশৰ অৱতাৰণা কৰিছে। বিভিন্ন ৰাজনৈতিক কাৰণত বোমা-বাৰুদ-গুলীবৰ্ষণেৰে ভৰা পৰিৱেশ এটা কাশ্মীৰত বহুদিন ধৰি চলি আহিছে।

দেশৰ চৰকাৰ তথা প্ৰধান মন্ত্ৰীজনে যিমানেই আবেগিক ‘ভাষণ’ আৰু শব্দৰ ফুলজাৰিৰে দেশৰ সেনানীৰ গুণ-গান নকৰক কিয়, বাস্তৱক্ষেত্ৰত দেশৰ সামৰিক বাহিনীৰ উন্নয়ন আৰু আধুনিকীকৰণৰ নামত আবণ্টিত ধনৰ পৰিমাণ খুব এটা বৃদ্ধি হোৱা নাই আৰু ই সামৰিক বাহিনীৰ আধুনিকীকৰণ বাদেই, নিৰাপত্তা ব্যয়ৰ বৰ্তমানৰ দেনা তথা  চাহিদা পূৰাবলৈকে অক্ষম। 

পাকিস্তানকে ধৰি অন্যান্য শত্ৰু ৰাষ্ট্ৰৰ সাহায্যৰে পুষ্ট এনে সন্ত্ৰাসবাদী সংগঠনবোৰৰ মূল লক্ষ্য হ’ল – কাশ্মীৰৰ সাধাৰণ জনতাক ভীতিগ্ৰস্ত কৰি ৰাখি, ৰাজ্যৰ লগতে দেশৰো উন্নয়নক স্থবিৰ কৰা আৰু অস্থিৰ পৰিৱেশৰ জন্ম দিয়া। বিভিন্ন কাৰণতে জম্মু-কাশ্মীৰকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰো বহুখিনি ঠাইত বিছিন্নতাবাদী মানসিকতাই গা কৰি উঠিছে আৰু এনে মানসিকতাক সাৰ-পানী যোগাইছে দেশৰ ৰাজনৈতিক ব্যৱস্থাত মূল সুঁতিৰ নেতাসকলৰ নীতি-আঁচনি ৰূপায়নত ব্যৰ্থতা তথা ৰাইজৰ কথাক আওকাণ কৰাৰ মনোভাৱে। ইপিনে, লক্ষ্য কৰিবলগীয়া কথাটো হ’ল – দেশৰ চৰকাৰ তথা প্ৰধান মন্ত্ৰীজনে যিমানেই আৱেগিক ‘ভাষণ’ আৰু শব্দৰ ফুলজাৰিৰে দেশৰ সেনানীৰ গুণ-গান নকৰক কিয়, বাস্তৱক্ষেত্ৰত দেশৰ সামৰিক বাহিনীৰ উন্নয়ন আৰু আধুনিকীকৰণৰ নামত আবণ্টিত ধনৰ পৰিমাণ খুব এটা বৃদ্ধি হোৱা নাই । যদিওবা এইবাৰ বাজেটত প্ৰথমবাৰলৈ দেশৰ নিৰাপত্তাৰ ব্যয় ৩ লাখ কোটিৰ সীমা অতিক্ৰম কৰিছে, ভালকৈ জুকিয়াই চালে দেখা যায় যে, নিৰাপত্তাৰ বাবে নিৰ্ধাৰিত মূলধনী ব্যয়ৰ পৰিমাণ ১.০৮ কোটিহে, যিটো বিগত বছৰৰ মূলধনী ব্যয় ৯৯.৫৩৬.৮৬ কোটিতকৈ সামান্য পৰিমাণেহে বেছি। এই পৰিমাণ সামৰিক বাহিনীৰ আধুনিকীকৰণ বাদেই, নিৰাপত্তা ব্যয়ৰ বৰ্তমানৰ দেনা তথা  চাহিদা পূৰাবলৈকে অক্ষম।

এনে কাৰণতে, সচৰাচৰ অস্থিৰ ৰাজনৈতিক পৰিৱেশৰ মাজত অধিক কূটাঘাতৰ চেষ্টা চলাই থকা সন্ত্ৰাসবাদী সংগঠনবোৰক প্ৰতিহত কৰিব পৰাকৈ দেশৰ সামৰ্থ্য আৰু শক্তি দুয়োটাই খুব এটা সুবিধাজনক অৱস্থানত থকা বুলি ক’ব নোৱাৰি। আৰু এই কথাটো দেশৰ বাবে বৰ নিৰাপদ কথা নহয়। অন্যপিনে, নিৰাপত্তাজনিত দিশ জড়িত থকাৰ কথা উল্লেখ কৰি দেশৰ সামৰিকবাহিনীৰ দ্বাৰা সংঘটিত দুৰ্নীতিৰো (যি দুৰ্নীতিৰ কোনো প্ৰমাণ কাৰো চকুত নপৰে) তদন্ত কৰিবলৈ দিয়া নহয়; যি দুৰ্নীতিৰ ক’লা ছাঁয়াই সামৰিক বাহিনীৰ ভিতৰচ’ৰাক হয়তো তেনেই ফোপোলা কৰি পেলাইছে। সন্ত্ৰাসবাদীৰ আক্ৰমণ বা কূটাঘাত সন্দৰ্ভত দেশৰ চোৰাংচোৱা সংস্থাই সকিয়াই দিয়াৰ পাছতো গৃহবিভাগে সময়সাপেক্ষে পদক্ষেপ আগনবঢ়োৱাৰ ফলতো দেশৰ তথা সামৰিক বাহিনীৰ বিস্তৰ ক্ষতি হৈ আহিছে। আজিৰ আক্ৰমণৰ সন্দৰ্ভতো চলিত বছৰৰ চলিত মাহৰ আঠ তাৰিখে অৰ্ধসামৰিক বাহিনীৰ উৰ্দ্ধতন কৰ্তৃপক্ষক চোৰাংচোৱাৰ ফালৰ পৰা  অত্যন্ত জৰুৰী বুলি এখন গুৰুত্বপূৰ্ণ পত্ৰৰে সজাগ কৰি দিয়া হৈছিল। কিন্তু ৰহস্যজনকভাৱে  এই পত্ৰৰ ভিত্তিত তিলমানো ব্যৱস্থা নোলোৱাৰ ফলত আজি দেশে হেৰুৱাবলগীয়া হ’ল প্ৰায় দুকুৰি জোৱান। ইপিনে, দেশৰ নাগৰিকসকলৰ মাজতো চলি থকা নানা সাংগঠনিক প্ৰতিবাদ আদিয়েও দেশত পৰিস্থিতিক অধিক অশান্ত কৰিছে।

https://biriyaa.com/

এনেকুৱা সময়বোৰ দেশবাসীৰ কাৰণে ‘অগ্নিপৰীক্ষা’ৰ সময়। ভাৱনা আৰু আবেগত উটি নগৈ, সেনাবাহিনীৰ জোৱানৰ শোকত উত্ৰাৱল অথবা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ‍ বাবে অতিমাত্ৰা উল্লাস – এই দুই বিপৰীত চিন্তাক যথাসম্ভৱ মনৰ পৰা আঁতৰাই ৰখাই ভাল। এনেবোৰ সময়ত দেশবাসীৰৰ একতা আৰু আন্তৰিক দেশপ্ৰেমৰ জোৱাৰে সমূহ অস্থিৰতা, কলুষতাক নোহোৱা কৰিব পাৰে আৰু তাকেই কৰিবলৈ আমি যৎপৰোনাস্তি তৎপৰ হোৱা ভাল। সতৰ্কতা, সাৱধানতা, বুদ্ধিমত্তা তথা বিশ্লেষণী শক্তিৰে দেশৰ ৰাইজে সঠিক ভূমিকা পালন কৰাটোহে এই সময়ৰ প্ৰয়োজনীয়তা। 

সম্পাদক

✉ editor@biriyaa.com

Previous প্ৰেম-ভালপোৱা অনাদি অসীম!
Next বিশ্বাস নকৰিব!