যোৱা ১৪ ফেব্ৰুৱাৰীৰ দিনা জম্মু-কাশ্মীৰৰ পুলৱামাত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ফলত প্ৰায় অৰ্ধশতাধিক জোৱানে প্ৰাণ হেৰুৱাবলগীয়া হ’ল৷ এই ঘটনাই সকলো মানুহকে ক্ষোভিত কৰিলে, সকলোৱে কন্দুৱালে৷ সকলোৱে ছহিদসকলৰ পৰিয়ালৰ কাষত থিয় দিলে, সন্ত্ৰাসবাদক ধিক্কাৰ দিলে৷ পুলৱামাৰ ঘটনা আৰু ছহিদৰ বলিদানক লৈ কোনেও যাতে ৰাজনৈতিক মুনাফা লাভৰ অংক নকৰে তাৰ বাবে শোকবিহ্বল নাগৰিকে সকিয়াই দিলে৷ বিৰোধী দলসমূহে মুহূৰ্ততে চৰকাৰৰ কাষত থিয় দি ঘোষণা কৰিলে- ‘সন্ত্ৰাসবাদক পৰাস্ত কৰাৰ ক্ষেত্ৰত আমি সকলো প্ৰকাৰে চৰকাৰৰ লগত আছো৷’ ছহিদৰ বলিদানক চেল্যুট জনাই বিৰোধী দলসমূহে দেশৰ প্ৰতি দায়িত্ব আৰু নাগৰিকৰ মতৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিয়েই কোনো ধৰণৰ ৰাজনীতিত লিপ্ত নহ’ল৷ তাৰ পৰিৱৰ্তে শাসকীয় দলটোৱে কি কৰিলে? ছহিদৰ চিতাৰ জুই নুমাই শেষ নৌহওঁতেই শাসকীয় দলৰ কৰ্মকৰ্তা, সমৰ্থক আৰু ফেচবুক বাহিনীয়ে ৰাজনীতি কৰা আৰম্ভ কৰি দিলে৷ চি আৰ পি এফ জোৱানসকলৰ বলিদানক অতি কৌশলেৰে ব্যৱহাৰ কৰি তেওঁলোকে বিজেপিৰ বাবে ভোট যোগাৰ কৰা আৰম্ভ কৰিলে৷

জোৱানসকলে বা এওঁলোকৰ পৰিয়ালবৰ্গই জানো যুদ্ধ বিচাৰে? যিয়ে যুদ্ধ কৰে তেওঁ কেতিয়াও যুদ্ধক লৈ উৎসৱ নকৰে, আৰু যিসকলে যুদ্ধত আনন্দ প্ৰকাশ কৰে তেওঁ কেতিয়াও যুদ্ধ নকৰে৷ যুদ্ধ কেৱল বিচাৰে টিভি ষ্টুডিঅ’ত বহা বা ঘৰত বহি ফেচবুক কৰা বিজেপিৰ সমৰ্থকসকলে৷ এওঁলোকেই সৰ্বসাধাৰণৰ মাজতো যুদ্ধোন্মাদনা জগাই তুলিছে৷ কিন্তু কিয় প্ৰয়োজন হৈছে এই উন্মাদনা
পুলৱামাৰ আক্ৰমণৰ বাবে পাকে-প্ৰকাৰে ৰাহুল গান্ধী, কানহায়া কুমাৰ, সাংবাদিক ৰৱিশ কুমাৰ, সীতাৰাম য়েছুৰী আদিক জগৰীয়া কৰি অপপ্ৰচাৰ কৰিলে৷ শাসকীয় দলৰ বহতীয়া সংবাদ মাধ্যম, সামাজিক মাধ্যমে অতি পৰিকল্পিতভাৱে মোদী আৰু বিজেপিক সমালোচনা কৰা ব্যক্তিসকলৰ বিৰুদ্ধে ঘৃণা বিয়পাই দিলে আৰু জনতাৰ মাজত যুদ্ধৰ উন্মাদনা জগাই তুলিলে৷ কিন্তু বহুকেইগৰাকী প্ৰতিৰক্ষা বিশেষজ্ঞ, সেনাৰ অৱসৰপ্ৰাপ্ত উচ্চ পদস্থ বিষয়া তথা বিশিষ্ট সাংবাদিকে এই যুদ্ধোন্মাদনা দেশৰ বাবে ক্ষতিকৰ বুলি মুকলিকৈ ক’লে৷ সেইবাবেই বিজেপি-আৰএছএছৰ  কৰ্মকৰ্তা-সমৰ্থকে যুদ্ধ নিবিচৰা ভাৰতীয় নাগৰিকসকলক পাকিস্তানী, সন্ত্ৰাসবাদৰ সমৰ্থক বুলি প্ৰচাৰ কৰিলে৷ তেওঁলোকক যুদ্ধ লাগে৷ তেওঁলোকে নিজেই যুদ্ধত যোগদান নকৰে; যুদ্ধ কৰিব লাগিব দেশৰ সেনাবাহিনীৰ জোৱানসকলেহে৷ কিন্তু এই জোৱানসকলে বা এওঁলোকৰ পৰিয়ালবৰ্গই জানো যুদ্ধ বিচাৰে? যিয়ে যুদ্ধ কৰে তেওঁ কেতিয়াও যুদ্ধক লৈ  উৎসৱ  নকৰে, আৰু যিসকলে যুদ্ধত আনন্দ প্ৰকাশ কৰে তেওঁ কেতিয়াও যুদ্ধ নকৰে৷ যুদ্ধ কেৱল বিচাৰে টিভি ষ্টুডিঅ’ত বহা বা ঘৰত বহি ফেচবুক কৰা বিজেপিৰ সমৰ্থকসকলে৷ এওঁলোকেই সৰ্বসাধাৰণৰ মাজতো যুদ্ধোন্মাদনা জগাই তুলিছে৷ কিন্তু কিয় প্ৰয়োজন হৈছে এই উন্মাদনাৰ? সন্ত্ৰাসবাদৰ বিৰোধিতা কৰা মানেই কি পাকিস্তানৰ লগত যুদ্ধ কৰা? কাৰ্গিল যুদ্ধৰ পাছৰ পৰা উৰিৰ ‘চাৰ্জিকেল ষ্ট্ৰাইক’ৰ আগলৈকে ভাৰতৰ সেনাবাহিনী আৰু চোৰাংচোৱাই সন্ত্ৰাসবাদক পৰাস্ত কৰাৰ বাবে যুঁজা নাই নেকি? যুঁজিছে৷ যুঁজি যুঁজি বহুতো জোৱান ছহিদ হৈছে৷ এই ছহিদসকলৰ খবৰ আপুনি ৰাখিছিলনে? ছহিদসকলৰ পৰিয়ালবোৰ এতিয়া কেনে আছে আপুনি জানে নে? যুদ্ধকামী বিজেপিৰ সমৰ্থকে জানে নে? নাজানে!  বিজেপিয়ে ছহিদৰ নাম ব্যৱহাৰ কৰি ভোট বিচাৰিবহে জানে৷ উৰিৰ ‘চাৰ্জিকেল ষ্ট্ৰাইক’ৰ বাবে নিজকে নিজে বাঃবাঃ দি বিজেপিয়ে ভোট ভিক্ষা কৰিছিল৷ সেনা জোৱানৰ বলিদানক নিজৰ নিকৃষ্ট ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰাটো কেনে জঘন্য ৰাজনীতি হ’ব পাৰে ভাবি চাওকচোন৷  উল্লেখ্য যে, বিমুদ্ৰাকৰণে সন্ত্ৰাসবাদীৰ কঁকাল ভাগিব বুলি মোদীজীয়ে প্ৰচাৰ কৰিছিল৷ বিমুদ্ৰাকৰণৰ পাছতো কিমান ভাৰতীয়ই সন্ত্ৰাসবাদৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হৈছে সেয়া নিশ্চয় কোৱাৰ প্ৰয়োজন নাই৷ উৰিৰ ‘চাৰ্জিকেল ষ্ট্ৰাইক’ৰ ফলত পাকিস্তানে মোদীৰ ভয়ত কম্পমান বুলিও প্ৰচাৰ হৈছিল৷ তেনেহ’লে মোদীৰ ৰাজত্বত কিদৰে পুলৱামাৰ দৰে জঘন্য কাণ্ড হ’বলৈ পালে? সি যি নহওক, ভাৰতীয় বায়ুসেনাই পুলৱামাৰ প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে পাকিস্তানৰ বালাকোটস্থিত সন্ত্ৰাসবাদীৰ ঘাটিত ‘এয়াৰ ষ্ট্ৰাইক’ কৰিলে৷ এই আক্ৰমণৰ ফলত কিমান সন্ত্ৰাসবাদী হতাহত হ’ল তাৰ হিচাপ ভাৰতীয় বায়ুসেনাই ৰাজহুৱা কৰাৰ আগতে  মোদীৰ সমৰ্থক মিডিয়া আৰু ফেচবুকবাহিনীয়ে ৩০০/৪০০ সন্ত্ৰাসবাদী নিহত হোৱা বুলি প্ৰচাৰ কৰি এই ‘এয়াৰ ষ্ট্ৰাইক’ৰ বাবে মোদীজীক নায়ক সজাই পুনৰ ৰাজনৈতিক মুনাফা আদায় কৰাত লাগি গ’ল৷ মোদীজীক কৃতিত্ব দি ৰাজপথত ডাঙৰ ডাঙৰ বেনাৰ ওলোমোৱা হ’ল৷
শাসকীয় দলৰ বহতীয়া সংবাদ মাধ্যম, সামাজিক মাধ্যমে অতি পৰিকল্পিতভাৱে মোদী আৰু বিজেপিক সমালোচনা কৰা ব্যক্তিসকলৰ বিৰুদ্ধে ঘৃণা বিয়পাই দিলে আৰু জনতাৰ মাজত যুদ্ধৰ উন্মাদনা জগাই তুলিলে৷ কিন্তু বহুকেইগৰাকী প্ৰতিৰক্ষা বিশেষজ্ঞ, সেনাৰ অৱসৰপ্ৰাপ্ত উচ্চ পদস্থ বিষয়া তথা বিশিষ্ট সাংবাদিকে এই যুদ্ধোন্মাদনা দেশৰ বাবে ক্ষতিকৰ বুলি মুকলিকৈ ক’লে৷
আপোনালোকে শান্ত মগজুৰে ভাবকচোন- ‘এয়াৰ ষ্ট্ৰাইক’ৰ বাবে কৃতিত্বৰ দাবীদাৰ কোন? ভাৰতীয় বায়ুসেনা নহয় নে? আনহাতে, ভাৰতে বালাকোটত আক্ৰমণ কৰাৰ এদিন পাছতে পাকিস্তানৰ বায়ুসেনায়ো ভাৰতৰ ভূমিত আক্ৰমণ কৰি জবাব দিলে, আমাৰ এগৰাকী বায়ুসেনাৰ পাইলট পাকিস্তানী সেনাৰ কবললৈ গ’ল৷ লগতে ছয়গৰাকী মান ভাৰতীয় জোৱান ছহিদ হ’ল৷ ভাৰতে দাবী কৰা মতে হেলিকপ্টাৰৰ যান্ত্ৰিক বিজুতিৰ বাবেই এই জোৱানসকলৰ প্ৰাণ গ’ল৷ পাকিস্তানৰ আক্ৰমণ বা যান্ত্ৰিক বিজুতি, যি কাৰণতে নহওক আমাৰ জোৱানে প্ৰাণ হেৰুৱালে৷ এনেদৰে কিমান জোৱানে প্ৰাণ দি আছে আৰু ক্ষমতালোভী ৰাজনীতিকে এই শ্বহীদসকলৰ চিতাৰ জুইত হাত সেকি সেকি কিমান নিকৃষ্ট ৰাজনীতি কৰি আহিছে তাৰ খবৰ আমি ৰাখিছো জানো? সি যি কি নহওক, ভাৰতীয় পাইলটগৰাকীক পাকিস্তানে বিনাচৰ্তে মুক্তি দি ভাৰতলৈ শান্তি-আলোচনাৰ হাত আগবঢ়াইছে বুলি সদৰি কৰিছে৷ পাইলটগৰাকীৰ বন্দী আৰু মুক্তিৰ ঘটনাই কিন্তু ভাৰতৰ সাধাৰণ ৰাইজৰ মাজত গা কৰি উঠা যুদ্ধোন্মাদনা নিঃশেষ কৰিলে৷ আজিৰ তাৰিখত বিজেপিৰ কৰ্মকৰ্তা-সমৰ্থকৰ বাহিৰে আন কোনেও যুদ্ধ বিচৰা নাই৷ অলপতে বিজেপি নেতা ৱাই. এছ. য়েডুৱাৰাপ্পাই মন্তব্য আগবঢ়াইছে যে, যুদ্ধৰ উত্তেজনাৰ ফলত ভাৰতীয় নাগৰিকৰ মনত ৰাষ্ট্ৰবাদী আৱেগ জাগি উঠিছে আৰু এই আৱেগৰ বাবেই বিজেপিয়ে আগন্তুক নিৰ্বাচনত ২২ খনমান আসন বেছিকৈ লাভ কৰিব৷ তাৰ মানে লোকসভা নিৰ্বাচনত বিজেপিৰ আসন বৃদ্ধি কৰাৰ বাবেহে যুদ্ধোন্মাদনা জগাই তোলা হৈছে নেকি? এই উন্মাদনাই যদি যুদ্ধৰ ৰূপ পালেহেঁতেন, সেই যুদ্ধত আমাৰ জোৱানসকলৰ প্ৰাণ নগ’লহেঁতেন নে? সেনাৰ জোৱানৰ প্ৰাণৰ বিনিময়তো ভোট লাগে নেকি?

আমি সকলোৱে সন্ত্ৰাসবাদ নিঃশেষ হোৱাটো বিচাৰো৷ সন্ত্ৰাস নিৰ্মূলৰ বাবে যি কূটনৈতিক আৰু সামৰিক পদক্ষেপ আগবঢ়াব লাগে সেয়া দেশৰ চৰকাৰ আৰু সেনাই নিৰ্ধাৰণ আৰু গ্ৰহণ কৰাটো আমি সমৰ্থন কৰো৷ কোৱা বাহুল্য যে, আমাৰ দেশৰ সেনা বা চোৰাংচোৱাই নিজৰ প্ৰাণ সংকটত ৰাখি হ’লেও গোপনে দিনে-ৰাতিয়ে বিভিন্ন পদক্ষেপ আগবঢ়াই আহিছে৷ কিন্তু কোনো চৰকাৰ বা ৰাজনৈতিক দলে ইয়াৰ বাবে ব্যক্তিগত ৰাজনৈতিক মুনাফা লাভৰ অংক কৰিলে আমি সমৰ্থন কৰিব নোৱাৰো৷ ৰাজনৈতিক ক্ষমতা দখলৰ স্বাৰ্থত আমাৰ দেশৰ নিৰীহ নাগৰিক, সেনাৰ জোৱানক বলিৰ পঠা সজোৱাৰ বিৰোধিতা কৰো৷ কিন্তু বিজেপিয়ে আজি এনেকুৱা এক নিকৃষ্ট ৰাজনীতিৰ আশ্ৰয় লোৱা দেখা গৈছে৷ বিজেপিৰ নিৰ্বাচনী সভাৰ মঞ্চত ছহিদসকলক ব্যৱহাৰ কৰা হৈছে, বিজেপিৰ নেতাই সৈনিকৰ পোছাক পিন্ধি নিৰ্বাচনী প্ৰচাৰ চলাইছে৷ সৈনিকৰ পোছাক পিন্ধি ভোট ভিক্ষা কৰি ফুৰাতকৈ সেনাবাহিনীত যোগদান কৰি দেশসেৱা কৰিব নোৱাৰি নে? এইখিনিতে কথা এটা সুধিব মন গৈছে- কিমানজন সৈনিকৰ পোছাক পিন্ধি নিৰ্বাচনী প্ৰচাৰ কৰা নেতা, ছহিদৰ বলিদানক লৈ ৰাজনীতি কৰা মন্ত্ৰী বা তেওঁলোকৰ পৰিয়ালৰ সদস্যইনো সৈন্যবাহিনীত যোগদান কৰিছে? সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত কিমানজন নেতা-মন্ত্ৰী বা নিউজৰুমত বহি যুদ্ধ বিচৰা সাংবাদিকৰ প্ৰাণ গৈছে? মই এই কথাটো বুজি নাপাওঁ- কিয় কেৱল সাধাৰণ নাগৰিকসকলহে সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হয়, কিয় সাধাৰণ পৰিয়ালৰ পৰা গৈ সেনাবাহিনীত যোগদান কৰা জোৱানসকলেহে দেশৰ বাবে প্ৰাণ দিবলগীয়া হয়?

 

আগন্তুক লোকসভা নিৰ্বাচনৰ মূল চালিকা শক্তি যদিহে পাকিস্তান বা যুদ্ধোন্মাদনা হয়, তেন্তে ভাৰতৰ বাবে ই ভীষণ ক্ষতিকৰ হ’ব৷ এই নিৰ্বাচনৰ ইছ্যু হ’ব লাগিব কৃষক-শ্ৰমিক-জোৱানৰ সমস্যা৷ (জোৱান মানে আমি ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী আৰু সেনাৰ জোৱানসকলক বুজাইছো৷) নৰেন্দ্ৰ মোদী আৰু বিজেপিয়ে ২০১৪ৰ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিবোৰৰ কিমানকেইটা পালন কৰিলে, যোৱা পাঁচ বছৰে মোদী চৰকাৰে দেশৰ অৰ্থনীতি, স্বাস্থ্য, শিক্ষা খণ্ডত কি ভাল কাম কৰিলে সেই কথাবোৰ আমি চিন্তা কৰি চোৱা উচিত৷ আমাৰ দৃষ্টিত মোদীজীয়ে দিয়া প্ৰায়বোৰ প্ৰতিশ্ৰুতিয়ে ফুটুকাৰ ফেন হ’ল আৰু এইখন চৰকাৰৰ নীতি আৰু কাম-কাজৰ ফলত নিৱনুৱা সমস্যা বৃদ্ধি পালে, ভাৰতীয় অৰ্থনীতি দুৰ্বল হ’ল৷ মোদীৰ ৰাজত্বত দুৰ্নীতি নকমিল, মূল্যবৃদ্ধি নকমিল, বিদেশৰপৰা ক’লা ধন ঘূৰি নাহিল৷ দেশত সাম্প্ৰদায়িকতা বৃদ্ধি পালে, সংবিধানখনলৈ ভাবুকি আহিল, শিক্ষা আৰু গৱেষণাৰ বাজেট হ্ৰাস পালে৷ সেয়ে বোধহয় চৰকাৰৰ এই বিফলতাবোৰ ঢাকিবলৈ সাধাৰণ জনতাৰ মাজত কৃত্ৰিমভাৱে যুদ্ধোন্মাদনা বা সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই দিয়াৰ ষড়যন্ত্ৰ চলি আছে৷ এই ষড়যন্ত্ৰ ওফৰাই আমি ভাৰতৰ প্ৰগতি স্বাৰ্থত আৰু সংবিধানৰ সপক্ষেহে ভোট দান কৰিব লাগিব৷ অন্যথা ভাৱৰীয়া ৰাজনৈতিক নেতাৰ চকুত ‘ঘঁৰিয়ালৰ চকুপানী’ দেখি আমি আৱেগিক আৰু বিচলিত হ’লে বিপদ আমাৰে হ’ব৷ সেয়ে ছহিদৰ চিতাৰ জুইত হাত সেকি মোদী-বন্দনা কৰা মিথ্যাচাৰ আৰু প্ৰৱঞ্চনাৰ ৰাজনীতিক আমি নিঃশেষ কৰিবই লাগিব৷ 

কৌ শি ক তা লু ক দা ৰ

মুম্বাইস্থিত আই আই টি বোম্বেৰ গৱেষক ছাত্ৰ।

Previous ছলিয়ে ছাগে!   
Next নাম-উপনাম