মগ্ৰ দেশ জোকাৰি থৈ গ’ল পুলৱামাৰ নৃশংস ঘটনাই৷ আৰু স্বাভাৱিকতেই উক্ত ঘটনাৰ পিছতেই আৰম্ভ হ’ল প্ৰতিক্ৰিয়া৷ কিন্তু এই প্ৰতিক্ৰিয়া প্ৰকাশৰ মাজতেই যেন আৰম্ভ হৈছে আন এখন যুদ্ধ৷ যেন কোনে কিমান বেয়াকৈ ক’ব পাৰে! হয়, এনে ঘটনাত আমাৰ খং উঠিছে, ছহিদসকলৰ বাবে আমাৰ অন্তৰ ভাঙি পৰিছে, আমাৰ মাজৰ বহুতেই হয়তো ভালকৈ শুব পৰা নাই৷

https://biriyaa.com/

কিন্তু এই ঘটনাক লৈ এচাম নামি পৰিছে পুনৰ ৰাজনীতিত৷ শেহতীয়াকৈ ৰাজ্যত পাকিস্তান জিন্দাবাদ ধ্বনি দি গ্ৰেপ্তাৰ হৈছে দুই যুৱক৷ যিসময়ত আমি উত্তেজনা কম কৰি দেশত কেনেদৰে শান্তি ঘুৰি সেই কথা চিন্তা কৰিব লাগিছিল,তেনে সময়ত ফেচবুক বা বিভিন্নজন সামাজিক গণ মাধ্যমসমুহৰ জৰিয়তে যেন উত্তেজনা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছে অসংখ্যই৷ আনহাতে উক্ত ঘটনাৰ লগত নাগৰিকত্ব(সংশোধনী) বিলখনক টানি অনাটো তেনেই অমুলক৷ উক্ত বিলৰ লগত এই ঘটনাক সাঙুৰি ৰাজ্যখন যেন পুনৰ অশান্ত কৰিব বিচৰা হৈছে৷

যিসময়ত আমি উত্তেজনা কম কৰি দেশত কেনেদৰে শান্তি ঘুৰি সেই কথা চিন্তা কৰিব লাগিছিল,তেনে সময়ত ফেচবুক বা বিভিন্নজন সামাজিক গণ মাধ্যমসমুহৰ জৰিয়তে যেন উত্তেজনা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছে অসংখ্যই৷

তদুপৰি বাৰে বাৰে আছুকে ধৰি যিকেইটা সংগঠনে উক্ত বিলৰ বিৰোধিত কৰিছিল, সেই সংগঠনসমুহক ঠাট্টা মস্কৰা কৰা মানেই নিজৰ ভৰিত নিজেই কুঠাৰ মৰাৰ লেখীয়া কথা৷ আমি ধৰ্ম পাহৰি মানুহৰ শান্তিৰ বাবে কাম কৰাটো বেছি প্ৰয়োজনীয়,সেয়া কাশ্মীৰেই হওক বা অসমেই হওক৷ তদুপৰি বুৰঞ্জী নজনাকৈ কোনো ক্ষেত্ৰতে মন্তব্য আগবঢ়োৱাটো নিষ্প্ৰোয়জনীয়৷ ফেচবুকত যুদ্ধ কৰা অথবা যিকোনো সম্প্ৰদায়ৰ বিৰুদ্ধে আগবঢ়োৱা অশালীন মন্তব্যই দেশত হিংসা বৃদ্ধি কৰাৰ বাহিৰে একো কৰিব নোৱাৰে৷ তদুপৰি আপোনাৰ মতৰ বিৰুদ্ধে কোনোবাই মত দিলেই যে, তেওঁ আপোনাৰ শত্ৰু হ’ব তেনে কথা নহয়৷ বহু মুনি বহু মত এই ফকৰা-যোজনা ফাঁকিক সাৰোগত কৰি আমি বৰ্তমান সময়খিনিত ধৈৰ্য্য ধৰিব লাগিব, নহ’লে হয়তো এটা সময়ত এই দেশ,মানুহৰ দেশ হৈ নাথাকিব৷ 

ৰ শ্মি ৰে খা দা স

সুলেখক, সাংবাদিক তথা 'বিৰিয়া'ৰ নিয়মীয়া বিশ্লেষক।

Previous অসমীয়া লিখিব নজনা পণ্ডিত
Next প দ ক্ষে প!