ৱশেষত কোটি কোটি নিৰন্ন মানুহৰ দেশ ভাৰতবৰ্ষত ৭০০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি  ফ্ৰান্সৰ পৰা আহি পালে ৰাফেল যুঁজাৰু বিমান৷ আশা কৰা হৈছে যে বিদেশৰ পৰা আমদানিকৃত এই ৰাফেল  বিমানে দেশৰ সামৰিক শক্তি বৃদ্ধি ঘটোৱাৰ লগে লগে আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰতো যোগাব শক্তি আৰু দেশবাসীৰ মনত যোগাই তুলিব অনুপ্ৰেৰণা৷ শক্তিধৰ দেশসমূহৰ ভিতৰত এতিয়া সোমাই পৰিল ভাৰতৰো নাম৷ সৰ্বমুঠ ৫৯,০০০ হাজাৰ কোটি টকা ব্যয় কৰি ক্ৰয় কৰা ৩৬ খন ৰাফেল বিমানৰ পাঁচখন ইতিমধ্যে আহি পাকিস্তানৰ সীমান্তৱৰ্তী আম্বালাত অৱতোৰণ কৰিলে৷ সুত্ৰই প্ৰকাশ কৰা অনুসৰি অহা আগষ্টৰ ভিতৰত বাকী সংখ্যক বিমানো দেশৰ ভিতৰত আহি পাব৷

এই শক্তিৰ প্ৰয়োজনীয়তা আছিল৷ ৰাফেল বিমানৰ প্ৰয়োজন আছে দেশ আৰু দেশবাসীৰ নিৰাপত্তাৰ খাতিৰত৷ চাৰিওদিশে যেতিয়া শত্ৰু দেশে আগুৰি থাকে তেতিয়া দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত সকলোপিনে সাজুহৈ থকাটো নিশ্চয় বাঞ্ছনীয়৷ দেশৰ নিৰাপত্তাৰ দিশটো যদি কপকপীয়া নহয় তেন্তে চাৰিওদিশে আগুৰি থকা শত্ৰু ৰাষ্ট্ৰই যিকোনো সময়তে আক্ৰমণ কৰি তচনচ কৰি দিব পাৰে দেশ আৰু দেশৰ প্ৰগতি৷ সেয়েহে অন্যান্য দিশসমূহৰ অঙ্গাঙ্গী ভাৱে নিৰাপত্তাৰ দিশটো চৰকাৰ এখনে গুৰুত্ব প্ৰদান কৰাটো নিন্তান্তই জৰুৰী৷ সেয়েহে ইতিমধ্যে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে ফ্ৰান্সৰ পৰা ৰাফেল বিমান ক্ৰয় কৰিলে৷ অৱশ্যে দেশে যুদ্ধ বিমান ক্ৰয় কৰাটো কোনো নতুন কথা নহয়৷

বহু বিতৰ্ক আৰু বিবাদৰ অন্তত ভাৰতভূমিত আহি পোৱা এই ৰাফেলক লৈ দেশবাসীৰ প্ৰত্যাশা কি আচলতে? মহামাৰীৰ এই অচলাৱস্থাৰ মাজতে দেশে লাভ কৰা এই সামৰিক শক্তিক লৈ অত্যুৎসাহী হৈ পৰাৰ কিবা যুক্তি আছে নেকি?

হাজাৰ কোটি টকা খৰচ কৰি আমদানি কৰা এই বিমানৰ ক্ষেত্ৰত অৰিহণা আছে প্ৰতিগৰাকী ভাৰতীয়ৰ৷ এই টকা গৰীৱ মজদুৰ শ্ৰমজীৱী জনতাকে ধৰি সকলো ভাৰতীয়ৰ ত্যাগৰ বিনিময়ত অৰ্জন কৰা টকা৷ দেশৰ নিৰাপত্তাৰ খাতিৰত যিসকলে এতিয়ালৈকে বলিদান দিলে তেওঁলোক আৰু তেওঁলোকৰ পৰিয়ালৰ ত্যাগ অবিহনে এই সপোন হয়তো আধৰুৱা হৈ থাকিলেহেঁতেন৷ বহু বিতৰ্ক আৰু বিবাদৰ অন্তত ভাৰতভূমিত আহি পোৱা এই ৰাফেলক লৈ দেশবাসীৰ প্ৰত্যাশা কি আচলতে? মহামাৰীৰ এই অচলাৱস্থাৰ মাজতে দেশে লাভ কৰা এই সামৰিক শক্তিক লৈ অত্যুৎসাহী হৈ পৰাৰ কিবা যুক্তি আছে নেকি?

চীন পাকিস্তানৰ লগতে শেহতীয়াভাৱে যোগ দিয়া নেপালৰ যুদ্ধংদেহী মনোভাৱক উচিত প্ৰতুত্তৰ দিয়াই জানো এই ৰাফেল ক্ৰয়ৰ উদ্দেশ্য নাছিল? ২০১৬ চনৰ পৰাই চলি থকা এই প্ৰক্ৰিয়াটোৱে শেহতীয়াকৈ চীন-ভাৰতৰ মাজত গালোৱান উপত্যকাত সংঘটিত ঘটনাটোৰ পাছতেই অধিক খৰতকীয়া গতি ল’লে৷ ইয়াৰ ইংগিত প্ৰতিৰক্ষা  মন্ত্ৰীগৰাকীয়ে পুৰ্বতেই দিছিল৷ মহামাৰীৰ এই অস্থিৰ সময়ছোৱাৰ মাজতো দেশৰ নিৰাপত্তাৰ ভাবুকিস্বৰূপ দেশসমূহক উচিত শিক্ষা দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ নৰমপন্থী মনোভাৱ লোৱা নহ’ব বুলি প্ৰধানমন্ত্ৰী গৰাকীয়ে কৈয়েই দিছিল ইতিমধ্যে৷ গতিকে দেশত ৰাফেল যুঁজাৰু বিমান আহি নোপোৱাৰ কোনো প্ৰশ্নই নাছিল৷

ৰাফেলৰ প্ৰসংগৰ পৰা সামান্য ফালৰি কাটি অহা যাওঁক-

পুল’ৱামা আক্ৰমণৰ পিছত দেশত এনেকুৱা এক বাতাবৰণৰ সৃষ্টি হৈছিল যেন অচিৰেই ভাৰত-পাকৰ মাজত পুনৰাই সূচনা হ’ব যুদ্ধৰ৷ কিন্তু একো নহল সময়ত৷ চল্লিশ গৰাকীকৈ চি.আৰ.পি.এফ জোৱান স্বহীদ হোৱাৰ পিছতো তদন্ত প্ৰক্ৰিয়া আগবাঢ়িল খুউৱ লেহেমীয়া গতিত৷ তাৰ মাজতে শিৰোনামাত আহিল দাবিন্দৰ সিঙৰ নাম৷ পুলৱামা আক্ৰমণৰ লগত সাঙোৰ খাই পৰিছিল এই দাবিন্দৰ সিঙৰ নাম৷ কিবা হ’ল জানো? একো নহ’ল৷ কাশ্মীৰৰ পৰা উঠাই লোৱা ৩৭০ ধাৰা আৰু নিৰ্বাচনী ধামখুমীয়াত হেৰাই গ’ল সকলো৷ দেশত আকৌ এবাৰ মোডী চৰকাৰ৷

তাৰ পিছত গালোৱান সংঘৰ্ষ৷ আকৌ ভাৰতীয় সেনা জোৱানৰ বলিদান৷ লাডাখৰ সুউচ্চ শিখৰত গৈ প্ৰধানমন্ত্ৰীৰ হুংকাৰ৷ ফলাফলত ৰাফেল যুঁজাৰু বিমান আহি পালে দেশৰ মাটিত৷

প্ৰশ্ন হয়, শত্ৰু পক্ষৰ কাল্পনিক আক্ৰমণ সৃষ্টিৰ নাট ৰচি দেশবাসীৰ মনত জগাই তোলা হৈ আহিছে নেকি অতুল্য দেশভক্তি আৰু সীমাহীন ঘৃণাৰ ৰাজনীতি? কথাবোৰ বহুতে উপলব্ধি কৰে হয়তো কিন্তু দেশদ্ৰোহীৰ শিকলি পিন্ধি অন্ধকাৰ কুঠৰীত সোমাই পৰাৰ ভয়ত চুপ হৈ থাকে বহুতে৷

প্ৰশ্ন হয়, শত্ৰু পক্ষৰ কাল্পনিক আক্ৰমণ সৃষ্টিৰ নাট ৰচি দেশবাসীৰ মনত জগাই তোলা হৈ আহিছে নেকি অতুল্য দেশভক্তি আৰু সীমাহীন ঘৃণাৰ ৰাজনীতি? কথাবোৰ বহুতে উপলব্ধি কৰে হয়তো কিন্তু দেশদ্ৰোহীৰ শিকলি পিন্ধি অন্ধকাৰ কুঠৰীত সোমাই পৰাৰ ভয়ত চুপ হৈ থাকে বহুতে৷ সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা এই দুনীয়াত বেছিসংখ্যকে পাৰ কৰিছে তলাবন্ধৰ এই সময়চোৱাত কমেডি ভিডিঅ চাই৷ দেশপ্ৰেমী মিডিয়াৰ নিৰন্তৰ প্ৰচাৰত আপ্লুত একাংশ জনতা৷ দেশভক্তি আৰু ঘৃণা ৰাজনীতিৰ ককটেইলত মোহাচন্ন আন একাংশ জনতা৷ যেন দেশত পাকিস্তান আৰু চীনৰ বাহিৰে অন্য একো সমস্যাই নাই৷

কিন্তু আচল সত্যবোৰ আমি পাহৰি আছো নে আমাক পাহৰাই ৰখাৰ কৌশল অৱলম্বন কৰা হৈছে?

অসমৰ বান সমস্যাটো আজিকোপতি ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষিত নহ’ল৷ বছৰি লাখ লাখ লোক সৰ্বস্বান্ত হয় বানত৷ অসমৰ বান সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত কোনো এখন চৰকাৰে সুপৰিকল্পিত আঁচনি লোৱা দেখা নগল৷ কেবল প্ৰতিশ্ৰুতিৰ ফুলজাৰি৷ একমাত্ৰ সম্পদৰ ওপৰত চকু দিয়া চৰকাৰে নিৰ্মাণ কৰিব নোৱাৰে কেইটামান মথাউৰি৷ যাৰ ফলত লাখ লাখ বানত ডুব যোৱা জনতা বাস কৰিবলগীয়া হয় আশ্ৰয় শিবিৰত৷ তেনে এখন দেশত হাজাৰ কোটি টকা ব্যয় কৰি আমদানিকৃত ৰাফেল বিমানে পূৰণ কৰিব পাৰিব নেকি সাধাৰণ ৰাইজৰ কিবা প্ৰত্যাশাৰ?

Photograph: Manvender Vashist/PTI Photo

সমগ্ৰ দেশত কৰ’না অতিমাৰীয়ে দেখুৱাই দিলে দেশৰ স্বাস্থ্য, বাণিজ্যকে ধৰি বিভিন্ন খণ্ডৰ বিধস্ত ৰূপটো৷ দেশত ৰোজগাৰবিহীন লোকে আত্মহত্যা কৰিছে, কৃষক ৰাইজৰ অৱস্থা সেই যুগ যুগ ধৰি অপৰিৱৰ্তিত হৈয়েই আছে৷

যুদ্ধ বিমান আগতেও ক্ৰয় কৰা হৈছিল কিন্তু বাতৰি চেনেলৰ ইমান হৈ চৈ হয়তো নাছিল৷  চীন আৰু পাকিস্তানেই আমাৰ একমাত্ৰ সমস্যা নহয়৷ দেশৰ সমস্যা একমাত্ৰ সীমান্তই নহয়৷ আভ্যন্তৰীণ বহু সমস্যাৰে ভৰি আছে আমাৰ দেশ৷ চকু সেইফালেও দিয়া হওক৷

দেশৰ সংবাদ মাধ্যম আৰু অন্যান্য সচেতন মহলে এইবোৰৰ কথাও প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰক৷ জনতাক সজাগ সচেতন কৰাৰ সামান্যতম প্ৰয়াসো কৰক৷ তৈলমৰ্দনৰ সীমা অতিক্ৰম কৰি  দেশৰ প্ৰকৃত ছবিখন লুকুৱাই ৰাখি কাল্পনিক ছবি এখন সদায় দেখুৱাই থকাটো অন্যায়৷ আমি আৰম্ভণিতেই উল্লেখ কৰিছো যে দেশৰ নিৰাপত্তাৰ দিশটোৰ খাতিৰত প্ৰয়োজন আছে ৰাফেল বিমানকে আদি কৰি অন্যান্য সা-সৰঞ্জামৰ৷ যুদ্ধ বিমান আগতেও ক্ৰয় কৰা হৈছিল কিন্তু বাতৰি চেনেলৰ ইমান হৈ চৈ হয়তো নাছিল৷  চীন আৰু পাকিস্তানেই আমাৰ একমাত্ৰ সমস্যা নহয়৷ দেশৰ সমস্যা একমাত্ৰ সীমান্তই নহয়৷ আভ্যন্তৰীণ বহু সমস্যাৰে ভৰি আছে আমাৰ দেশ৷ চকু সেইফালেও দিয়া হওক৷ এমুঠি অন্নৰ বাবে হাহাকাৰ কৰি থকা সৰ্বসাধাৰণ জনতাৰ মৰ্মবেদনা উপলব্ধি কৰক গণতান্ত্ৰিক চৰকাৰখনে৷

আশা কৰা গৈছে জনতাৰ বেদনা চৰকাৰখনে বুজি উঠিব৷

অন্যথা গণতন্ত্ৰ আৰু গণতন্ত্ৰৰ নামত কৰা প্ৰহসন ৰাইজে বুজি উঠি বিকল্পৰ সন্ধান কৰোতে বৰ বেছি সময় নালাগে৷

Previous আমাৰ ভৱিষ্যৎ!
Next প্ৰকৃতি সংগঠনৰ প্ৰকৃত কীৰ্তি!