দেশৰ মুঠ জাতীয় উৎপাদনৰ হাৰ  -২৩.৯ শতাংশলৈ নিম্নগামী হোৱাৰ সমান্তৰালভাৱে দেশ সন্মুখীন হ’ব ধৰিছে সীমাহীন সমস্যাৰ৷ কিছুদিন পুৰ্বে কেন্দ্ৰীয় চৰকাৰে দেশবাসীক জনাইছিল যে দেশৰ অৰ্থব্যৱস্থা এতিয়া গভীৰ সংকটত৷ জি.ডি.পিৰ হাৰ নিম্নগামী হৈ পৰিছে -২৩.৯ শতাংশলৈ৷ কৰ’না মহামাৰীৰ ফলত যোৱা এপ্ৰিল মাহৰ পৰা জুন মাহলৈকে হোৱা তিনিমহীয়া গণনাত ওলাই পৰিছে যে দেশৰ জিডিপি সংকুচিত হৈ পৰিছে -২৩.৯ শতাংশলৈ৷ ইয়াৰ মাজতে দেশৰ সেনাবাহিনীৰ তৰফৰ পৰা জনোৱা হৈছে যে লাডাখত চীনা সৈনিকৰ আৰম্ভ হৈছে ৰণচালি৷ সমান্তৰালভাৱে উত্তপ্ত হৈ আছে ভাৰত-পাক সীমান্ত৷

দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ খাতিৰত আজি পুনৰবাৰ পাৱজি মোৱাইল গেমকে ধৰি ১১৮টা চাইনিজ এপ ভাৰতত নিষিদ্ধ ঘোষণা কৰিলে ভাৰত চৰকাৰে৷ ইয়াৰ আগতেও ভাৰতে জনপ্ৰিয় টিক-টককে ধৰি ৫৯টা চাইনিজ এপ ভাৰতত নিষিদ্ধ ঘোষণা কৰিছিল৷ কিন্তু দেশৰ সমস্যা কি গেম নিষিদ্ধকৰণে সমাধান কৰি পেলাব নেকি?

মানুহৰ দ্বাৰা সৃষ্ট সমস্যাক লৈ ভগৱানক দোষ ঠেলি দিয়া উচিত নহয়৷ উল্লেখযোগ্য যে কিছুদিন আগতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেশৰ শোচনীয় অৰ্থনৈতিক দুৰৱস্থাক ‘ভগৱানৰ কাম’ বুলি উল্লেখ কৰিছিল৷

ইয়াৰ মাজতে আজি কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে টুইটাৰ যোগে মোদীক কটাক্ষ কৰে৷ প্ৰাক্তন কংগ্ৰেছ সভাপতি গৰাকীয়ে উল্লেখ কৰিছে ”মোদী মেড ডিজাষ্টাৰ্চ’’ অৰ্থাৎ মোদীয়ে দেশত কি কি বিপৰ্যয় মাতি আনিলে৷ টুইটাৰত ৰাহুল গান্ধীয়ে উল্লেখ কৰিছে যে, “ভাৰত এতিয়া মোদীৰ দ্বাৰা সৃষ্ট বিপৰ্যয়ত ভুগিছে৷ ভয়ানক ভাৱে নিম্নগামী হৈছে দেশৰ জি.ডি.পিৰ হাৰ, যোৱা ৪৫ বছৰত ইমান বৃহৎ পৰিমাণৰ বেকাৰত্বৰ হাৰ দেখা পোৱা নাছিল দেশবাসীয়ে, ১২ কোটি লোকে হেৰুৱাইছে নিজৰ কৰ্মসংস্থাপন, প্ৰতিদিনে সৰ্বাধিক হাৰত বৃদ্ধি হৈছে কৰ’না আক্ৰান্তৰ সংখ্যা, আমাৰ দেশৰ সীমান্তত উপস্থিত হৈছে শত্ৰু দেশৰ সেনা৷ ’’
এনেদৰে টুইটাৰযোগে চোকা সমালোচনা কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে৷ ইয়াৰ আগতে কংগ্ৰেছ আমোলৰ প্ৰাক্তন অৰ্থমন্ত্ৰী পি.চিদম্বৰমে উল্লেখ কৰিছিল যে মানুহৰ দ্বাৰা সৃষ্ট সমস্যাক লৈ ভগৱানক দোষ ঠেলি দিয়া উচিত নহয়৷ উল্লেখযোগ্য যে কিছুদিন আগতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দেশৰ শোচনীয় অৰ্থনৈতিক দুৰৱস্থাক ‘ভগৱানৰ কাম’ (act of God)বুলি উল্লেখ কৰিছিল৷ দেশৰ বিত্তমন্ত্ৰী এগৰাকীৰ এনেকুৱা মন্তব্যৰ আঁত ধৰি পি.চিদম্বৰমে যথেষ্ট কঠোৰ সমালোচনা কৰি কয় যে মহামাৰীৰ উদ্ভৱ হৈছে প্ৰাকৃতিক কাৰণত কিন্তু এই প্ৰাকৃতিক দুৰ্যোগৰ লগত আমাৰ দেশত যুক্ত হৈছে মানুহৰ দ্বাৰা সৃষ্টি হোৱা দুৰ্যোগ৷ প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীৰ সুৰতেই আজি ৰাহুল গান্ধীয়েও দেশৰ শোচনীয় আৰ্থিক পৰিস্থিতিৰ ওপৰত এনেদৰে মন্তব্য প্ৰকাশ কৰে৷

Previous পুথিভঁৰাল : এক সুমধুৰ অতীত
Next ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষকৰ দুৰ্বিসহ কাহিনীৰে শিক্ষক দিৱসৰ প্ৰাসংগিকতা