লোভ ক’লা/ দুচকু ক’লা/ গাদী ক’লা/ দেশ ক’লা/ জিভা ক’লা/ শব্দ ক’লা/ মন ক’লা/ তেজ ক’লা/ তথাপিও কয়  ‘আমিবোৰ নিকা’/ ‘ধুৰন্ধৰ নেতা’…

দেশ আৰু থলুৱা, ভূমিপুত্ৰ, খিলঞ্জীয়া জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) বিধেয়ক,২০১৬ৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ সাব্যস্ত থলগিৰিৰ। জাতীয় জীৱনক আওকাণ কৰি শাসকপক্ষই গ্ৰহণ কৰা জনবিৰোধী স্থিতিৰ বিৰুদ্ধে দেশ আৰু জাতিৰ অনিৰুদ্ধ সন্তান সচেতন ৰাইজে মাৰবান্ধি থিয় দিছে। আন্দোলন আৰু প্ৰতিবাদ সৰ্বস্তৰতেই গঢ় লৈ উঠিছে। প্ৰাকৃতিকভাৱেই ই ৰূপ লৈছে বিদ্ৰোহ আৰু বিপ্লৱৰ। আৰু ইয়াৰ নেতৃত্ব লৈছে ৰাইজে। ৰাইজৰ এই নেতৃত্বক অভিবাদন আৰু শ্ৰদ্ধা জনাই জীৱনমুখী শিল্পী ৰক্তিম গোস্বামীয়ে এই বিপ্লৱক আৰু এঢাপ আগুৱাই নিবলৈ ৰাইজৰ হাতত তুলি দিছে প্ৰিয় ৰং মোৰ ক’লা(ধুৰন্ধৰ নেতা) শীৰ্ষক এটি সমাজমুখী প্ৰতিবাদী গান। মননশীল সংগীত আৰু গানেৰে অভিনৱ গায়কী শৈলীৰ মাধ্যমেদি মানুহ আৰু সমাজৰ হকে জীয়া কথাৰে প্ৰতিবাদ সাব্যস্ত কৰি সজাগ কৰি তোলা ৰক্তিম গোস্বামীৰ এই নতুন গানটোৰ সহযোগী বিৰিয়া । আজি অনুষ্ঠানিকভাৱে গানটো থলগিৰিৰ প্ৰতিবাদী সত্বাৰ ওচৰত অভিবাদনসহ অৰ্পণ কৰা হ’ল।

বিৰিয়াৰ সাঁউৰি
Previous ৰ বি ৰ'বি! 
Next খেলবোৰ শেলবোৰ

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে