ৰাম কথাৰ সমান্তৰালভাৱে কওক কামৰ কথাও


ৱশেষত অযোধ্যাৰ বিবাদিত ভূমিত ৰাম মন্দিৰৰ ভূমি পূজন তথা শিলান্যাস হৈ গ’ল সুকলমে৷ ইতিহাসত নজিৰ সৃষ্টি কৰি দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ধৰ্মনিৰপেক্ষ ভাৰতত পূজা পাত কৰি হিন্দুৰ আৰাধ্য ভগৱান ৰাম মন্দিৰৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰিলে৷ ৫০০ বছৰৰ দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত শুভাৰম্ভ হোৱা এই প্ৰক্ৰিয়াক লৈ স্বাভাবিকতেই উৎফল্লিত ভাৰতৰ হিন্দু সমাজ৷
দেশবাসীৰ মনত ৰাম বন্দনা অনন্তকালজুৰি বৈয়েই আছিল আৰু অনাগত দিনলৈ হয়তো বৈয়েই থাকিব৷ কিন্তু এইবাৰৰ ৰাম আহিল এগৰাকী ৰাজনৈতিক ৰামৰ ৰূপ লৈ৷ ৰাম বন্দনাৰ আঁৰত এইবাৰ ৰাজনীতিৰ অলংকৰণে আগন্তুক ভাৰতবৰ্ষত কি ৰূপ লয় সেয়া সময়ে কব৷ ইতিমধ্যে জয়শ্ৰী ৰামৰ মংগল ধ্বনি অসমৰ তেজপুৰৰ ঠেলামাৰৰ পৰা বাজি উঠিলেই৷ ঘৃণা আৰু সাম্প্ৰদায়িকতাৰ ৰাজনীতিৰ চৰ্বত পান কৰি মদমত্ত হৈ এতিয়া আগন্তুক ২০২১ৰ  বিধানসভা নিৰ্বাচনলৈ সাজু হোৱাৰহে কথা৷

আজি ৰাম বন্দনা কৰি এই লেখা আগবঢ়াব খোজা নাই৷ দেশত যোৱা কেবাদিনো ধৰি বহুত হ’ল ৰামৰ কথা৷ এতিয়া কামৰ কথা আলোচনা কৰা যাওক৷

সত্যক আচলতে বৰ বেছিদিন লুকুৱাই ৰাখিব পৰা নাযায়৷  দেশৰ ভালেকেইগৰাকী অৰ্থনীতিবিদে বাৰম্বাৰ কৈ আহিছে যে দেশ সাংঘাতিক এক মন্দাৱস্থাৰে গতি কৰি আহিছে৷ কৰ’না মহামাৰীৰ বহু পূৰ্বৰ পৰাই দেশত অৰ্থনৈতিক সংকট চলি আহিছে৷ কিন্তু ইমানৰ পিছতো চৰকাৰ প্ৰশাসনে নিৰ্বিকাৰ তথা অতি চালাকি ভাৱে কথাবোৰ লুকুৱাই ৰাখি দেশবাসীৰ মনোযোগ অন্যফালে ঢাল খুৱাই আহিছে৷ বাৰম্বাৰ উচ্চাৰণ কৰি আহিছে চীন আৰু পাকিস্তানৰ কথা৷ এই কথা সত্য যে চীন তথা পাকিস্তানৰ আগ্ৰাসী ভূমিকাৰ কাৰণে ভাৰতে সময় দিব লগা হৈছে যথেষ্ট৷ বলিদান দিব লগা হৈছে দেশৰ সেনা জোৱান৷ সেয়া বাৰু এক অন্য বিষয়৷ কিন্তু দেশৰ অভ্যন্তৰীণ পৰিকাঠামোক কিয় উলাই কৰি অহা হৈছে বাৰম্বাৰ? চৰকাৰী লেকামত উঠা বহা কৰা এচাম মিডিয়াই দেশবাসীক অসত্য আৰু ফুচুৰি খবৰ দেখুৱাই পতিয়ন নিয়াব বিচাৰে যে দেশত যেন সমস্যা কেবল পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াটোহে৷ অথচ দেশ তথা আমাৰ ৰাজ্য অসমত লাখ লাখ লোক অনাহাৰত, কৰ্মহীন লোকে নিজৰ পৰিয়াল পোহ পাল দিব নোৱাৰি আত্মহত্যা কৰিছে, ৰোজগাৰহীন লোক ভুগিছে মানসিক বিকাৰগ্ৰস্ততাত, বন্ধ হৈ পৰিছে উদ্যোগ প্ৰতিষ্ঠান৷

দেশত যেন সমস্যা কেবল পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াটোহে৷ অথচ দেশ তথা আমাৰ ৰাজ্য অসমত লাখ লাখ লোক অনাহাৰত, কৰ্মহীন লোকে নিজৰ পৰিয়াল পোহ পাল দিব নোৱাৰি আত্মহত্যা কৰিছে, ৰোজগাৰহীন লোক ভুগিছে মানসিক বিকাৰগ্ৰস্ততাত,

গতিকে মহামাৰীৰ এই সময়ছোৱাত দেশৰ সাধাৰণ নাগৰিকৰ দুৰ্দশাক তিলমাত্ৰও গুৰুত্ব প্ৰদান নকৰি ৰাজনীতিৰ ৰং বোলাই সাধাৰণ নাগৰিকৰ সমস্যাৰাজিক গাপ দি ৰখাটো দেশৰ অৰ্থনীতিৰ বাবে মংগলজনক নহয়৷

যোৱা ২৫ মাৰ্চ ২০২০ ত দেশজুৰি তলাবন্ধ ঘোষণা হোৱাৰ পিছৰেপৰা বিভিন্ন ৰাজ্যত কৰ্মৰত হাজাৰ হাজাৰ শ্ৰমিক মজদুৰৰ দুৰ্দশাগ্ৰস্ত ছবিখন জলজলপটপট হৈ পৰিল৷ সমগ্ৰ বিশ্বৰ জনতাই প্ৰতক্ষ্য কৰিলে আমাৰ দেশৰ শ্ৰমিক সকলোৰ কৰুণ ছৱিখন৷

আজিৰ পৰা প্ৰায় এক দশক পূৰ্বে এক সমীক্ষাত জানিব পৰা গৈছিল যে দেশৰ ৯২ শতাংশ শ্ৰমিক কাম কৰে অসংগঠিত ক্ষেত্ৰত৷ কম মজুৰি, কৰ্মক্ষেত্ৰত প্ৰয়োজনীয় সা সুবিধাৰ অভাৱ, নাই কোনো ভাট্টা, পেন্সন,আপদকালীন ছুটী ইত্যাদি সমস্যাৰে আক্ৰান্ত আমাৰ দেশৰ শ্ৰমিকসকল৷ দেশৰ বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানৰ উৎপাদন আৰু বিপনন ক্ষেত্ৰত জড়িত এই শ্ৰমিকসকলৰ জীৱনৰ মানদণ্ড তেতিয়াও আছিল অতি নিম্ন মানদণ্ডৰ৷ আচৰিত ভাৱে এই পৰিস্থিতি যোৱা এটা দশকৰ পিচতো উন্নত নহল৷ স্মাৰ্ট চিটিৰ কথা কোৱা ভাৰত চৰকাৰে আচলতে কোনোদিনে ভবা নাই দেশৰ শ্ৰমিকসকলৰ উন্নতি কৰিবলৈ কিবা ব্যৱস্থা গ্ৰহণৰ কথা৷

লাখ লাখ শ্ৰমিক যেতিয়া নিজৰ ঘৰমুখী হোৱাৰ বাসনাত মাইলৰ পিছত মাইল খোজকাঢ়ি আগবাঢ়ি যায়, হাতত ৰুটীৰ টুকুৰা লৈ ৰেলৰ চেপাত যেতিয়া কৰুণ মৃত্যুক সাৱটি লয় সেই দেশত কেনেদৰে উদযাপন কৰিব পাৰি ৰাম মন্দিৰ স্থাপনৰ উল্লাস?

(তলাবন্ধ সময়ৰ ক্ষুধা)

কিন্তু ইয়াৰ পিছত কি হ’ব তেন্তে?

যি দুৰ্বিহস অভিজ্ঞতা আৰু ক্ষুধাক সম্বল কৰি নিজ ঘৰলৈ উভতিল এই বহিঃৰাজ্যত কৰ্মৰত শ্ৰমিকসকল, তেওঁলোকে আকৌ নিজৰ আৰু পৰিয়ালৰ ভাতমুঠিৰ কাৰণে উভতি যাব পাৰিবনে সেই কৰ্মক্ষেত্ৰলৈ? ইফালে দেশত ঘণ্টায় প্ৰতি বাঢ়ি গৈ আছে কৰ’না আক্ৰান্ত লোকৰ সংখ্যা৷ বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰিছে – এই ৰোগৰ পৰা তৎকালীন মুক্তি সম্ভৱ নহয়৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ সমূহেও ঘোষণা কৰিবলৈ বাধ্য হৈছে যে দীঘলীয়া হ’ব কৰ’নাৰ বিৰুদ্ধে যুদ্ধ৷

ইয়াৰ পিছত সেই স্বাভাৱিক প্ৰশ্ন-এই সকল শ্ৰমিকৰ মুখত ভাত আহিব কিদৰে? যিসকল শ্ৰমিক মজদুৰ এতিয়া দেশৰ বিভিন্ন ৰাজ্যৰ পৰা নিজ নিজ গৃহ তথা গাঁৱলৈ উভতি আহিছে তেওঁলোকৰ ৰোজগাৰ কি হ’ব?

অন্য ৰাজ্যৰ কথা বাদ দি আমাৰ অসমৰ কথাকে কব পাৰি৷ কৃষিক্ষেত্ৰৰ সীমাহীন সমস্যাত জৰ্জড়িত আমাৰ ৰাজ্যখন৷ কৃষিক্ষেত্ৰত নাই কোনো আধুনিক ব্যৱস্থা, প্ৰাকৃতিক দুৰ্যোগত বিপৰ্যস্ত আমাৰ কৃষিভূমি৷ লগতে চৰকাৰী বিভাগৰ তৰফৰ পৰা কৃষিক্ষেত্ৰখনক উন্নতি কৰিবলৈ আজিকোপতি কোনো ব্যৱস্থাই গ্ৰহণ কৰা দেখা নগল৷ অকল ব্ৰেণ্ড এম্বেছেদৰ পাতি ঢাক ঢোল বজাব খোজা চৰকাৰখনৰ পৰা একোৱেই আশা কৰিব নোৱাৰি এই সময়ত৷ সংকটৰ এই সময়ত সেই সকল শ্ৰমিক মজদুৰৰ কি হ’ব এতিয়া?

ইফালে নিয়োজনৰ ক্ষেত্ৰত নাই কোনো অন্যান্য উদ্যোগ-প্ৰতিষ্ঠান৷ গতিকে সেই আওপুৰণি কৃষিক্ষেত্ৰখনলৈ উভতি গৈ ভিৰ কৰিব নেকি এইসকল লোকে?
অথচ অসমৰ দৰে উৰ্বৰা ভূমিত এটা সময়ত গুটি সিচি দিলেই লহপহকৈ গছ আৰু শষ্য গজি উঠে বুলি কোৱা হৈছিল৷ কিন্তু অসমীয়াৰ কৰ্মবিমুখ চৰিত্ৰ আৰু বহিৰাগতৰ আগ্ৰাসনত সেই উৰ্বৰা ভূমি আজি আৰু পাবলৈ নাই৷
যদিহে বহিঃৰাজ্য ফিৰৎ এইসকল শ্ৰমিক গ্ৰাম্যাঞ্চলৰ কৃষিক্ষেত্ৰত জড়িত হৈ পৰে তেন্তে অতিৰিক্ত শ্ৰমৰ বোজাই উৎপাদন আৰু মজুৰিত যথেষ্ট প্ৰভাৱ পেলাব৷ দেশৰ ৮৫ শতাংশ কৃষিভূমি এতিয়া ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কৰ হাতত৷ গতিকে নতুনকৈ কৃষিক্ষেত্ৰত নিয়োজিত হৈ ভাতমুঠি মোকোলাই লোৱাৰ আশা ক্ষীণ৷
কৃষকৰ চৰম দুখলগা অৱস্থাৰ পৰিণতিতে যোৱা দুটা দশকত দেশত কৃষক আত্মহত্যাৰ হাৰ দুই লাখতকৈও অধিক৷ তেনেক্ষেত্ৰত কৃষিখণ্ডত অতিৰিক্ত বোজা সম্ভৱ নহয়৷
কৃষিক বাদ দি অন্যান্য কাৰিকৰী, হস্তশিল্প,মৎস পালন ,পশুপালন ইত্যাদিত নিয়োজিত হোৱাৰ সুযোগ আছে যদিও পৰিকাঠামোৰ দুৰ্বল স্থিতি আৰু জনসাধাৰণৰ ক্ৰয়ক্ষমতাৰ অভাৱত উৎপাদিত পণ্যৰ বিক্ৰীৰ ক্ষেত্ৰত প্ৰভাব পৰিব পাৰে৷

ইফালে ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ অধীনত এতিয়া কোনো কাম নাই৷ যিখিনি আছে সেইখিনি ঠিকাদাৰ মধ্যভোগী আৰু দালালৰ কৃপাত সেই স্থানত বিবৰ্জিত সাধাৰণ গাঁৱৰ শ্ৰমিক৷ টেক্টৰৰ দ্বাৰা আলিপদূলি নিৰ্মাণ কৰা এতিয়াৰ ব্যৱস্থাত এনৰেগা আঁচনি পৰিণত হৈছে লুণ্ঠনৰ প্ৰক্ৰিয়াত৷ গতিকে নিয়োজিত হোৱাৰ সুবিধা তাত একেবাৰে নাই৷ শ দিনৰ ঠাইত দহ দিনৰ কামো যোগাৰ হোৱাৰ সম্ভাৱনা নাই এই আঁচনিত৷

কিন্তু ইমানবোৰ নিৰাশাজনক স্থিতিৰ মাজতো সময়ৰ সতে খোজ মিলাবই লাগিব আমি৷ যোগাৰ কৰিব লাগিব ভাতমুঠি৷ পৰিয়াল পৰিজনৰ দায়িত্ব লোৱাটো হ’ব অতি দায়বদ্ধতাৰ কাম৷

গতিকে যিসমূহ ক্ষেত্ৰত নিয়োজিত হৈ পেটৰ ভাতমুঠি যোগাৰ হোৱাৰ সম্ভাৱনা আছে সেইসমূহ ক্ষেত্ৰত হাতউজান দিয়াতো হব সময়ৰ আহ্বান৷
কৃষিকাৰ্য, মৎস পালন, পশুপালন, হাহঁ কুকুৰা পালন আদি ক্ষেত্ৰত পদ্ধতিমূলকভাৱে আগবাঢ়ি যাব লাগিব৷ এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগ আৰু বিষয়াৰ দৃষ্টিগোচৰ বাধ্যতামূলক হ’ব লাগিব৷ আপাদকালীন এই সময়ত নিৰ্দিষ্ট এলেকা ভিত্তিক কাৰিকৰী আৰু হস্তশিল্পক গুৰুত্ব দিব লাগিব৷ যিসকল শ্ৰমিক বহিঃৰাজ্যৰ পৰা উভতি আহি কৰ্মহীন হৈ বহি আছে তেওঁলোকক লগত লৈ কৰিব পাৰি এই প্ৰকল্প৷ গ্ৰামীণ পৰিকাঠামো বৃদ্ধিত সুযোগ থকা বিভিন্ন কামৰ উদ্যোগ চৰকাৰে হাতত লব পাৰে৷ বনানীকৰণ, বান্ধ নিৰ্মাণ, বান্ধৰ ৰক্ষণাবেক্ষণ ইত্যাদি ইত্যাদি৷

অতি দৰকাৰী বিষয় হ’ল এই সময়ত জৈৱিক কৃষিকৰ্মৰ ওপৰত গুৰুত্ব দিয়াটো৷ কৰ’না মহামাৰীয়ে আমাক শিকাই গৈছে যে ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত জৈব ফচলৰ গুৰুত্ব কিমান৷ গাঁও বা চহৰ অঞ্চলৰ কৰ্মহীন যুৱক-যুৱতীসকলোক লগত লৈ পৰি থকা মাটিত জৈৱিক ফচলৰ উৎপাদন কৰি বজাৰ গঢ়াৰ লক্ষ্য কৰি লোৱা উচিত৷ বজাৰো আমাৰ পথাৰ আমাৰ বুলি সামাজিক মাধ্যমত চিঞৰি থাকিবলৈ আচলতে এতিয়া সময় নাই৷

আমাৰ ৰাজ্যৰ মহিলাসকলক লৈ তৈয়াৰ হ’ব পাৰে উৎপাদনৰ এক বৃহৎ উদ্যোগ৷ পৰ্যাপ্ত ঋণ দান কৰি বিভিন্ন আত্মসহায়ক গোট সৃষ্টি কৰি আমাৰ মহিলাসকলক বিভিন্ন উৎপাদনমুখী কামত নিয়োজিত কৰাৰ ব্যৱস্থা কৰিব লাগে৷ কৰ’নাকালীন এই সময়ত মাস্ক তৈয়াৰী, চেনিটাইজাৰ তৈয়াৰী ইত্যাদি কামৰ ব্যাপক চাহিদা পৰিলক্ষিত হৈছে৷ অন্যান্য ক্ষেত্ৰসমূহ যেনে হাহঁ কুকুৰা পালন, বোৱা কটা, হস্তশিল্প ইত্যাদি৷

ইয়াৰোপৰি স্ব-নিয়োজনৰ সুবিধা থকা বিভিন্ন ক্ষেত্ৰসমূহত চৰকাৰী উদ্যোগৰ সহযোগিতাৰে আগবাঢ়ি যোৱাৰ পৰিকল্পনা কৰিব লাগিব৷

দেশৰ এই মানৱ সম্পদ সমূহক যদি সঠিককৈ ব্যৱহাৰ কৰি বিকল্পৰ সন্ধান দিব পৰা নাযায় তেন্তে দেশত দুৰ্ভিক্ষৰ বাহিৰে অন্য গতি নাই৷ এইক্ষেত্ৰত চৰকাৰ তথা চৰকাৰী বিভাগসমূহে যাতে  সঠিক ব্যৱস্থাৱলী গ্ৰহণ কৰে৷ কাৰণ দেশত বহুত হ’ল ধৰ্মৰ কথা —-এতিয়া চাউল কঠাৰ সন্ধান দিয়াৰ ব্যৱস্থা কৰক৷ চেলিব্ৰিটি মাতি আনি, ব্ৰেণ্ড এম্বেছাদৰৰ বাজনা বজাই, আঁচনি তৈয়াৰৰ নামত আমাৰ ৰাজ্যৰ মানুহক ৰোজগাৰহীন কৰ্মহীন নকৰিব৷ অসম তথা অসমীয়াৰ বুকুত সাহস আৰু শকতি আছে শইচ গজাই ভাতমুঠি যোগাৰ কৰিব পৰাকৈ৷ প্ৰয়োজন মাথোঁ সাহস আৰু অনুপ্ৰেৰণাৰ৷ 

Previous অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদন পোহৰলৈ!
Next মাত্ৰা, সংখ্যা ইত্যাদি