দায়িত্ববোধ মানুহৰ সহজাত প্ৰবৃতি নহয়, সময় আৰু বয়সৰ লগে লগে এই অত্যুত্তম গুণ আহৰণ কৰি ল’ব লাগে। এই গুণ আহৰণ কৰিব লাগে বাবেই মানুহে এদিনতেও আহৰণ কৰিব নোৱাৰে- ই এক দীৰ্ঘদিনীয়া অনুশীলন।

আমি সততে আমাৰ নতুন প্ৰজন্মক দোষাৰোপ কৰোঁ দায়িত্বজ্ঞানহীন বুলি, কিন্তু তেওঁলোকক শৈশৱকালৰ পৰা সেই গুণ অনুশীলনৰ আখৰাত গুৰুত্ব প্ৰদান নকৰোঁ

অন্তৰৰ পৰা দায়িত্ববোধৰ মনোভাৱ নাহিলে কোনো ব্যক্তিয়ে ইয়াক আয়ত্ত কৰিব নোৱাৰে। আমি সততে আমাৰ নতুন প্ৰজন্মক দোষাৰোপ কৰোঁ দায়িত্বজ্ঞানহীন বুলি, কিন্তু তেওঁলোকক শৈশৱকালৰ পৰা সেই গুণ অনুশীলনৰ আখৰাত গুৰুত্ব প্ৰদান নকৰোঁ; গতিকে আজিৰ প্ৰজন্মই যদি এই মহৎ গুণ আহৰণ কৰা নাই বা নকৰে তেন্তে ক’ৰবাত নহয় ক’ৰবাত জ্যেষ্ঠসকল কিছুপৰিমাণে হ’লেও দোষী।

সৰুৰে পৰা যদি শিশুৰ সাধ্য অনুযায়ী কিছুমান কাম কৰিবলৈ দায়িত্ব দিয়া যায়, তেন্তে তেওঁলোকে নিশ্চয় শিকিব। যেনে- পাঁচ বছৰীয়া শিশু এগৰাকীক যদি সিহঁতৰ ব্যৱহাৰ্য্য সামগ্ৰী এটাকেই যত্ন কৰি থ’বলৈ কোৱা হয়, বা অভিভাৱকে কামৰপৰা ঘৰলৈ আহি পোৱাৰ লগে লগে নিজৰ পিন্ধি যোৱা হাতঘড়ীটোকে খুলি শিশুটোৰ হাতত দি ভালকৈ এটা নিৰ্দিষ্ট ঠাইত থ’বলৈ কয়, তেন্তে তেওঁ সেই কাম কৰিব আৰু সদায় সেই কাম কৰাটো তেওঁৰ দৈনন্দিন কাম বুলি ভাবিবলৈ ল’ব; তেনেকেই অলপ অলপ কৈ দৈনন্দিন জীৱনত এটা মহৎ গুণৰ অনুশীলন হ’ব আৰু পৰৱৰ্তী সময়ত তেওঁ অন্য কিছুমান কামো নিজৰ দায়িত্ব বুলিয়েই কৰিবলৈ ল’ব।■

Previous সম্ভাৱনা আৰু প্ৰতিশ্ৰুতিৰ ডাঙৰি লৈ বিৰিয়াৰ নতুন যাত্ৰা...
Next বলয়গ্ৰাসত সূৰ্য্য: এই বছৰৰ প্ৰথমটো বিৰল মহাজাগতিক পৰিঘটনা