গৰ কথাখিনিত পৰীক্ষাৰ ৰিজাল্ট, জীৱনৰ সফলতা আৰু সামাজিক দায়বদ্ধতাৰ কথা লিখিছিলোঁ। কিন্তু পৰীক্ষাত ভাল ৰিজাল্ট কৰিব নোৱাৰা বা বিফল হোৱা ছাত্র ছাত্ৰীৰ কথা আলোচনা নকৰাকৈয়ে ৰৈ যায়। এই সংখাটোও কম নহয়।

জনসংখ্যা বৃদ্ধিৰ লগে লগে নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ লৈছে। তাৰ বিপৰীতে চৰকাৰী চাকৰিৰ সুবিধা কম। অসমৰ ছবিখন আৰু বেছি হতাশজনক। ডাঙৰ উদ্যোগ আদিও নাই। গতিকে যি আছে, তাতেই আত্মনিয়োগ কৰিব লাগিব। কৃষি, মীন পালন, উদ্যান শস্য, কুকুৰা বা গাহৰি পালন আদিত প্ৰচুৰ সম্ভাৱনা আছে।

নিৰ্মাণ কাৰ্য্যৰ সৈতে জড়িত বিভিন্ন সুবিধা আছে। সুখৰ কথা যে, এতিয়া বহুত শিক্ষিত নিবনুৱাই এনেবোৰ কামত হাত দিছে। এনেকি পিঠা-লাড়ু, আচাৰ আদি বিক্ৰী কৰিও কিছুমানে ভাল উপাৰ্জন কৰিছে । ঘৰৰ কাষতে সৰি থকা বিভিন্ন ফলমূল আদিৰো মূল্য আছে । তাক ব্যৱহাৰ কৰিব জানিব লাগিব ।

আমাৰ ৰাইজৰো কিছু কৰণীয় আছে। নিবনুৱা সকলক উৎসাহ যোগাব লাগিব। সহায় কৰিব লাগিবক। আজিকালি ইণ্টাৰনেটতো এনেকুৱা জীৱিকাৰ কথা পোৱা যায়। কিছুমান অনুষ্ঠানেও দিহা পৰামৰ্শ দিয়ে। খবৰ ল’ব লাগিব। আটাইতকৈ ডাঙৰ দায়িত্ব চৰকাৰৰ। চৰকাৰী আৰ্থিক সাহায্য দিয়াৰ ব্যৱস্থা কৰি তেওঁলোকক আকৰ্ষিত কৰিব পাৰিব লাগিব। ধনাত্মক চিন্তাইহে আমাক প্ৰগতি দিব। 

ইফটিখাৰ হুছেইন

সমাজ, জীৱন আৰু সময়ক লৈ সচেতন লেখক তথা তাৎক্ষণিক টিপ্পনীকাৰ

Previous জাতীয় মহানায়ক  শুক্লধ্বজ 
Next বান্দৰ অদৰকাৰী প্ৰাণী? বান্দৰক  খাদ্য যোগানৰ কথা ভাবিব কোনে?