তিয়া পৰীক্ষাৰ সময়। এই পৰীক্ষাই ছাত্র ছাত্ৰী সকলৰ জীৱনৰ দিশ নিৰ্ণয় কৰিব। ভাল ৰিজাল্ট, ভাল কলেজ, ভাল চাকৰি, সুন্দৰ জীৱনৰ সপোনৰ লগে লগে পিতৃ মাতৃৰ আকাংক্ষা। আৰু আছে তীব্ৰ প্ৰতিযোগিতা। তাৰপিছত সফলতাৰ জোখমাখ।

সফলতা মানে কি ?
আমাৰ সমাজৰ বেছিভাগ মানুহেই ধনী হোৱা মানেই সফল হোৱা বুজায়। তেওঁলোকৰ স্কেলত দেশ বা সমাজৰ প্ৰতি থকা দায়িত্ব বা কৰ্তব্য অৰ্থহীন। কিন্তু আমি সমাজখনক তেনেকৈ এৰি দিমনে? প্ৰথমে নিজৰ সন্তানক এজন ভাল মানুহ হিচাপে গঢ়িবলৈ চেষ্টা কৰিব লাগিব। পিছলৈ এজন সুনাগৰিক হওক। সমাজক, দেশক ভাল পাবলৈ শিকক। পৰীক্ষাৰ ৰিজাল্ট, জীৱনৰ সফলতা আৰু সামাজিক দায়বদ্ধতা – এই তিনিওটা কথা আমাৰ সন্তানে বুজি পাব লাগিব। তেতিয়াহে আমি এখন সুস্থ , সুন্দৰ সমাজ গঢ়িবলৈ সক্ষম হ’ব পাৰিম। 

ইফটিখাৰ হুছেইন

সমাজ, জীৱন আৰু সময়ক লৈ সচেতন লেখক তথা তাৎক্ষণিক টিপ্পনীকাৰ

Previous অসম বন্ধ
Next না ও বৈ চা