তাঁতশাল: এক বিপ্লৱৰ সূচনা হওক৷


                                   “তাঁতৰ গৰকা চলিমাৰি জখলা/দোৰপতিৰ শুৱলা/

                                  মাতে উঘা চেৰেকী/চিৰিশলি নাচনী/বৈ দিয়া টোলোঠা মেৰাই/

                                 হেৰা ঘুনুচা/বৈ দিয়া গামোছা/মূৰত মাৰি বিহুলৈ যাওঁ..”  (বিহুনামৰ বৰপেৰা:দ্বিতীয়খণ্ড) 

তাঁতশাল-অসমীয়া জনজীৱনৰ ৰঙীণ চানেকি৷ মহাত্মা গান্ধীয়ে অসম ভ্ৰমণৰ সময়ত অসমীয়া শিপিনীৰ নিপুণ হাতৰ সৃষ্টিৰাজি দেখি কৈছিল –‘অসমীয়া শিপিনীয়ে তাঁতৰশালত সপোন ৰচে৷ সঁচা কথা- প্ৰিয়জনৰ বাবে মৰমৰ দীঘে দি চেনেহৰ বাণীৰে বৈ উলিওৱা বিহুৱানৰ পৰাই আৰম্ভ হয় প্ৰতি গৰাকী অসমীয়া নাৰীৰ সম্ভাৱনাপূৰ্ণ জীৱন৷ অসমীয়া পুৰুষৰো প্ৰিয় নাৰীয়ে বৈ দিয়া বিহুৱানখনলৈ অযুত হেঁপাহ৷ গতিকে ক’ব পাৰি যে প্ৰত্যেক অসমীয়া পুৰুষ-নাৰীৰ মৰম আৰু হেঁপাহৰ মাজত লুকাই আছে তাঁতশালখন৷

   খিটিৰ খিটিৰ মাকো মাৰি/তোমাৰ কথা ভাবি ভাবি বহি /তাঁতে চেনাইধন দোৰপতি শুৱলা মাতে                              চেনাইধন তুমি আহি লগালা মাতে /চেনাইধন মোৰো খতি হ’লে মোৰো খতি হ’লে তাঁত৷                                                                         (বিহুনামৰ বৰপেৰা:দ্বিতীয়খণ্ড)

এসময়ত অসমৰ গাঁৱৰ প্ৰায় ভাগ মানুহৰ ঘৰত একোখন কৈ তাঁতশাল আছিল৷ অসমৰ জীয়ৰী-বোৱাৰীয়ে নিজৰ কাপোৰ নিজে তৈয়াৰ কৰি পিন্ধিছিল৷ কাজী হোৱাটো অসমীয়া নাৰীৰ গৌৰৱ আছিল৷
অসমীয়া নাৰী পথাৰৰ ৰোৱনী-দাৱনী, পাকঘৰৰ ৰান্ধনী হোৱা লগতে পাকৈত শিপিনীও আছিল৷ গামোচাত গুটিফুল বাচিব পৰাটো অসমীয়া নাৰীৰ প্ৰতিভাৰ এক মাপকাঠি আছিল৷ বৰ্তমান ব্যস্ততাপূৰ্ণ জীৱনত অসমীয়া জীয়ৰী-বোৱাৰীৰবাবে তাঁতশাল এক অতীত হৈ পৰিছে৷
আজি বহু অসমীয়া নাৰীয়ে উঘা-চেৰেকী, চিৰি, দোৰপতি, শলি-চিপকাঠি, গৰকা, নাচনীজৰী, টোলোঠা আদিৰ লগত ভালকৈ পৰিচয় নাই৷ এয়া এক পৰিতাপৰ কথা৷ কাৰণ তাঁতশালখনে আমাৰ জাতীয় পৰিচয়ক প্ৰতিনিধিত্ব কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷ এটা জাতিক সভ্যতাৰ ওচৰত পৰিচয় কৰাই দিয়া ক্ষেত্ৰত সাজপাৰে মুখ্য ভূমিকা গ্ৰহণ কৰে আৰু তাঁতশালৰ অবিহনে এয়া সম্ভৱ নহয়৷ এইটো স্বীকাৰ কৰা যায় যে বৰ্তমান সময়ৰ লগত ফেৰমাৰিবলৈ আমি ব্যস্ততাপূৰ্ণ জীৱন আঁকোৱালি ল’বলৈ বাধ্য হৈ পৰিছো৷ কিন্তু এই ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতো তাঁতশালক আমি এক নতুন দিগন্তৰ দিশত আগুৱাই নিব পাৰোঁ৷

অসমীয়া নাৰী পথাৰৰ ৰোৱনী-দাৱনী, পাকঘৰৰ ৰান্ধনী হোৱাৰ লগতে পাকৈত শিপিনীও আছিল৷ গামোচাত গুটিফুল বাচিব পৰাটো অসমীয়া নাৰীৰ প্ৰতিভাৰ এক মাপকাঠি আছিল৷

তাঁতশাল অসমৰ কুটিৰ শিল্পৰ ভিতৰত অন্যতম৷ অসমীয়া শিপিনীয়ে একে ৰাতিৰ ভিতৰত কবচ বৈ আপোনজনক যুদ্ধলৈ পঠোৱা নিদৰ্শন ইতিহাসৰ পৃষ্ঠাত সাক্ষী হৈ আছে৷ পাট-মুগাৰ বাবে অসম বিখ্যাত৷ অসমৰ প্ৰাকৃতিক আঁহ মুগা সূতাই সোণালী আঁহ ৰূপে বিশ্বৰ দৰবাৰত নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে৷ অন্যহাতেদি অসম ভিন্ন জনগোষ্ঠীৰে পৰিপূৰ্ণ এখন ৰাজ্য৷ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে প্ৰত্যেক জনগোষ্ঠীৰ জাতীয় সাজপাৰৰ আৰ্হি আৰু শৈলীৰ সুকীয়া বৈশিষ্ট্য্য আছে৷ বৰ্তমান এই মনোমোহা সুনিপুণ আৰ্হি আৰু শৈলীয়ে অসমৰ বাহিৰত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ কিন্তু পৰিতাপৰ কথাটো হ’ল- অসমত ইমান সুন্দৰ, মনোমোহা বাৰেৰহনীয়া আৰ্হি আৰু শৈলী থকা সত্ত্বেও অসমৰ তাঁতশালে সময়ৰ লগত ফেৰ মাৰি বজাৰ দখল কৰিবলৈ সক্ষম হোৱা নাই৷

শুৱালকুছি-অসমৰ মানচেষ্টাৰ (Manchester of Assam) ৷ অসমৰ তাঁতশিল্প বুলি ক’লে প্ৰথম শুৱালকুছিৰ নামে আহে৷ শুৱালকুছিত তৈয়াৰ হোৱা পাট-মুগা-এৰি কাপোৰে অসমৰ বাহিৰত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ শুৱালকুছিৰ ৯৯শতাংশ বাসিন্দা প্ৰত্যক্ষ বা পৰোক্ষভাৱে এই শিল্প উদ্যোগৰ লগত জড়িত৷ সেই অনুপাতে অসমৰ অন্য ঠাইৰ লোকসকল তাঁতশিল্পৰ প্ৰতি উদাসীন৷ অৱশ্যে ঢকুৱাখনা, ধেমাজিৰ কিছু লোক এই বৃত্তিৰ লগত জড়িত হৈ আছে৷

অসমীয়া সমাজে পৰিধান কৰা সাজ-পোচাকতে পৰিচয় পোৱা যায় অসমীয়া শিপিনীৰ হাতৰ যাদুকৰী পৰশ৷ এতিয়া সময় আহি পৰিছে এই মনোমোহা কাৰুকাৰ্যক লৈ এক বিপ্লৱ গঢ়ি তোলাৰ৷ অসমৰ তাঁতশাল এক বিপ্লৱ হৈ উঠক! অসমৰ তাঁতশালত উৎপাদিত সামগ্ৰীয়ে বজাৰ দখল কৰাৰ সময় আহি পৰিছে৷ এতিয়াও যদি গাঁৱৰ কাৰোবাৰ ঘৰৰ এঢলীয়া চালিত তাঁতশালখন এলাগী হৈ পৰি আছে, সেই তাঁতশালৰ পৰাই আৰম্ভ হওক এই অৰ্থনৈতিক বিপ্লৱ৷ নিজান পৰি থকা দুপৰীয়াবোৰত মাকো-গৰকাৰ শব্দৰে আৰম্ভ হওক বিপ্লৱৰ জয় গান৷ তাঁতশাল:এক বিপ্লৱৰ সূচনা হওক৷

                                “তাঁতৰ গৰকা/চলিমাৰি জখলা/দোৰপতিৰ শুৱলা/মাতে উঘা চেৰেকী ’’

Previous মাত্ৰা, সংখ্যা ইত্যাদি
Next বিশ্ব ফটোগ্ৰাফী দিৱস আৰু চেলফিৰ বুৰঞ্জী