ৰুচিসন্মত সংগীতেৰে অসমীয়া সংগীত শিল্পক নান্দনিক ৰূপ দিয়া শিল্পী ৰূপম ভূঞাৰ নৱতম শ্ৰৱ্য সঁফুৰা শুভকামনা কাইলৈ বিয়লি সমজুৱা হ’ব। দিপাংক শইকীয়াৰ শব্দ, সুৰ আৰু সংগীতেৰে ৰূপম ভূঞাৰ কণ্ঠত উৰ্বশী মহন্তৰ পৰিকল্পনাৰে কাইলৈ বিয়লি চাৰি বজাত কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্চন প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব শুভকামনা । গুৰুত্বপূৰ্ণ যে, সংগীতক সুস্থ পৰম্পৰাৰে আগুৱাই নিবলৈ অসমৰ মুষ্টিমেয় যিকেইজন সচেতন আৰু দায়বদ্ধ সংগীত শিল্পীয়ে কঠোৰ পৰিশ্ৰম কৰি আছে তাৰ ভিতৰত ৰূপম ভূঞা অন্যতম।  নিৰ্বাচিত কথা-সুৰ আৰু সংগীতেৰে স্ব-চানেকী বহন কৰা ৰূপম ভূঞা আৰু দিপাংক শইকীয়াৰ শুভকামনাই অসমীয়া গীতিশ্ৰোতাৰ মন আৰু বিবেকক আলোড়িত কৰাৰ থল আছে। তেওঁলোকৰ এই প্ৰচেষ্টাক সন্মান জনাই বিৰিয়াই দৰ্শকৰ বাবে মুকলি কৰি দিছে শুভকামনাৰ আভাষ। 

বিৰিয়াৰ সাঁউৰি
Previous ছহিদ জোৱানলৈ বিৰিয়াৰ সংগ্ৰামী অভিবাদন আৰু শ্ৰদ্ধাঞ্জলি!
Next পলিটিক্স নকৰিবা বন্ধু