সমন্বয়


মাটি এটুকুৰাৰ জোখ-মাখ ফুটেৰেও কৰিব পাৰি, মিটাৰেৰেও ল’ব পাৰি। মূল উদ্দেশ্য মাটিখিনিৰ জোখ লোৱাটো। মানুহৰ শৰীৰৰো জোখ-মাখ ল’ব পাৰি। কিন্তু মানুহৰ মানসিক জগত জুখিব নোৱাৰি। ইয়াৰ উপাদানো বহুত – সাহিত্য, সংগীত, ক্ৰীড়া, হাঁহি ধেমালি, ৰাজনীতি, বিজ্ঞান চিন্তা, আধ্যাত্মিক চিন্তা ইত্যাদি। প্ৰতিজন মানুহৰে কোনোবা এটা উপাদান বেছিকৈ থাকে, কোনোবাটো কমকৈ। কিন্তু বেছিভাগ মানুহৰে মানসিক জগতৰ অধিক অংশ দখল কৰি থাকে আধ্যাত্মিক চিন্তাই। কিন্তু যেতিয়াই মানুহে নিজৰ ধৰ্মটো শুদ্ধ আৰু শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰে, তেতিয়াই সাম্প্ৰদায়িকতা বৃদ্ধি পায়।

ইয়াৰ উত্তৰ হিচাপে আমি সমন্বয়ৰ কথা কৈ আহিছোঁ। ইটো ধৰ্মই সিটো ধৰ্মৰ প্ৰতি শ্ৰদ্ধা দেখুৱাব লাগিব। আমাৰ ধৰ্মটোও ভাল, তেওঁলোকৰটোও ভাল। কোনোবাই ৰুটি খায়, কোনোবাই ভাত খায়।

সহজ ভাষাত – মিলিব লাগে, মিলাব লাগে ।

ইফটিখাৰ হুছেইন

সমাজ, জীৱন আৰু সময়ক লৈ সচেতন লেখক তথা তাৎক্ষণিক টিপ্পনীকাৰ

Previous ৰাজনীতি এক প্ৰফেচন হোৱা উচিত
Next বসন্তৰ আগন্তুক!