ৰস্বতী পুজাৰ দুপৰীয়া… আনবোৰ নিউজ চেনেল সুন্দৰী সন্ধানত ব্যস্ত। অসমৰ একমাত্ৰ ব্যতিক্ৰমী চেনেলটিয়ে সুন্দৰী সন্ধান বাদ দি ৰাইজক সৰস্বতী পূজা সংক্ৰান্তীয় আন এক ব্যতিক্ৰমী লাইভ কভাৰেজ দেখুৱাবলৈ আৰম্ভ কৰিলে। সেয়া হ’ল সৰস্বতী পূজাথলী সমূহৰ ভোগ ৰন্ধা পাকঘৰৰ পৰা লাইভ!! এয়া মই চানৰাইজ একাডেমীত উপস্থিত আছো বুলি পুজাথলীৰ ভোগঘৰৰ ভিতৰত সোমাই গৈ এজনে আটাহ পাৰিবলৈ আৰম্ভ কৰিলে। `এয়া চাওক দৰ্শকসকল, আমি আপোনালোকে সৰস্বতী পুজাৰ এক ব্যতিক্ৰমী অভিজ্ঞতা দিবলৈ আপোনালোকক সৰস্বতী পুজাৰ পাকঘৰৰ পৰা লাইভ দেখুৱাবলৈ লৈছো। এয়া মমমমই সসসসৰচতী পূজাৰ পাপপপকঘৰৰ পৰা আপোনালোকক দেখুৱাইছো… এয়া কেৰাহীত খিছিৰি; খিছিৰি এয়া খিছিৰি!! ভাত(!) দালি(!) আলু, কবিৰে বনোৱা হৈছে খিছিৰি! মই আমাৰ কেমেৰা পাৰ্ছনক অনুৰোধ কৰিম তেওঁ যেন বক-বককৈ কেৰাহীত উতলি থকা খিছিৰি  খিনি আমাৰ দৰ্শক সকলক দেখুৱায়।

https://biriyaa.com/

হিহা মে আছাম কা কৌনো বাস্তু নাই.. সব বাহিৰৰ আছে একদম বিলাতী খিছিৰি, ৰাইজ বিলাক খাই কেনে ভাল পাব, হামি লাবৰা থো বন্ধ কৰি দিছে, হামি ৰাইজক গোপাল মহাৰাজ কা পনীৰ আৰ মটৰ চবজি খুৱাই আছো, আমাৰ খৰু খৰু মাইনা বিলাক পনীৰ খাই কেনে ভাল পায়।
এয়া চাউল,এয়া আলুগুটি। আৰু এয়া বিহালি… নহয় ক্ষমা কৰিব বিলাহী। ইয়াৰে চচচছ নহয় মানে টক বনোৱা হব।  কি সুন্দৰ আয়োজন! আমি এইবাৰ যাম আমাৰ ৰান্ধনি দাদাৰ ওচৰলৈ… দাদা আপুনি কি ৰান্ধিছে?(!) আপোনাৰ খিছিৰি ৰান্ধি কেনে অনুভৱ হৈছে? আমাৰ দৰ্শক সকলক অকণ জনাওকচোন… ৰান্ধনিয়ে কপালৰ ঘামখিনি হাতেৰে মছি লৈ গাইছে- খিছিৰি ৰন্ধন প্ৰকৰণ আৰু তেওঁৰ অনুভৱ! এইবাৰ আমি আয়োজক সমিতিৰ এগৰাকী বিষয়ববীয়াৰ লগত কথা পাতি জানিবলৈ চেষ্টা কৰিম তেখেতসকলে কেনে ব্যতিক্ৰমী ভোগৰ আয়োজন কৰিছে সেই বিষয়ে..`.অ, আমি আমাৰ ভক্তপ্ৰাণ ৰাইজক ভোগ হিচাবে অলপ স্পিছাল খানা খুৱাব চেষ্টা কৰিছো। এই খিচুৰী যা বনোৱা হৈছে ইহা মে চাৱল যি আছে সেইথো কেব জহা মানে বেংগলৰ ৰামপাল জহা, বেৰেলী মচুৰ দাল, জলন্ধৰ আলু, আৰু কোচবিহাৰৰ কবি দেওৱা হৈছে… হিহা মে আছাম কা কৌনো বাস্তু নাই.. সব বাহিৰৰ আছে একদম বিলাতী খিছিৰি, ৰাইজ বিলাক খাই কেনে ভাল পাব, হামি লাবৰা থো বন্ধ কৰি দিছে, হামি ৰাইজক গোপাল মহাৰাজ কা পনীৰ আৰ মটৰ চবজি খুৱাই আছো, আমাৰ খৰু খৰু মাইনা বিলাক পনীৰ খাই কেনে ভাল পায়। মুথতে হামাৰ পুজাৰ খানা স্পেছিয়েল আছে, অহা বছৰ আমি খিছিৰি বন্ধ কৰি কেনে কেব জহা চাউলৰ ভেজ বিৰিয়ানি আৰু আলু পোষ্ঠ দিম ভাবিছো।` খিছিৰি আমাৰ খুন্দৰী বাইদেউ বিলাকে খাবলৈ অলপ দিগদাৰ পায় কাৰণ মেক আপথু নষ্ট হৈ যায় না!  `ধন্যবাদ ডাঙৰীয়া কি সুন্দৰ ব্যতিক্ৰমী চিন্তা খিছিৰি ঠাইত বিৰিয়ানি …` আমি আগ্ৰহেৰে ৰৈ থাকিম সৰস্বতী পুজাত বিৰিয়ানি খাবলৈ!! আহক এতিয়া আমি সকলোৱে কওঁ সৰস্বতী মাই কি জয়য়য়য়য়য়!. আটাহ তুংগত উঠিল!! এৰা, সৰস্বতী পূজাৰ ভোগৰ মেনু সলনি হবলৈ সৰহ দিন নাই ৰাইজ! 

অ ৰি ন্দ ম তা লু ক দা ৰ

বজালী মহাবিদ্যালয়ৰ ভ্ৰমণ আৰু পৰ্য্যটন পৰিচালনা বিভাগৰ সমন্বয়ক তথা সহযোগী অধ্যাপক অৰিন্দম তালুকদাৰ এগৰাকী সুলেখক আৰু আলোকচিত্ৰানুৰাগী।

Previous মেৰে পাছ 'ভোট' হে !
Next অ ধি ষ্ঠা ত্ৰী