সৰস্বতী পূজা আহিলে ঐ 


https://biriyaa.com/

ৰস্বতী পূজা আহিলে ঐ প্ৰত্যেক বছৰে সৰস্বতী পূজা আহে। ৰাষ্টাই ৰাষ্টাই মেক আপৰ বলত আনদিনা ৰণচণ্ডী হোৱা সকলো সেইদিনা স্বয়ং সৰস্বতীহৈ পৰে। ল’ৰাবোৰৰ মন দুৰু দুৰু কৰে। “তাইক মই প্ৰ’পজ মাৰিমেই মাৰিম” বুলি পূজাৰ আগৰাতি টোপনি নাহে। এইবোৰ এগালমান কাহিনী।

এতিয়া মূল কথাটো হ’ল সৰস্বতী যে বিদ্যাৰ দেৱী সেই কথাষাৰ সৰস্বতী আৰু মণ্ডপৰ পণ্ডিতজনৰ বাহিৰে আন কাৰো মনত নাথাকে। এৰা ছেল্ফি আৰু দামী দামী কাপোৰৰ আগতনো ক’ৰ বিদ্যা টিকি থাকিব পাৰিব হে? আমিও সেইকাৰণে লগতেই দুখনমান ছেল্ফি উঠি দিওঁ। বিদ্যাৰ দেৱীগৰাকীক উপযুক্ত স্মৰণ হিচাপে এবাৰ অসমৰ এটা চেনেলে এখন কুইজ পাতিছিল। সুন্দৰী এগৰাকীক সোধা হ’ল : “অসমীয়া সাহিত্যত ৰসৰাজ অৰ্থাৎ হাঁহিৰ ৰজা বুলি কাক কোৱা হয়?”। তেওঁ ফুল কন্ফিডেন্সত উত্তৰ দিলে : “কপিল শৰ্মা!”। আৰু সেইদিন ধৰি অসমৰ কোনো চেনেলে সৰস্বতীপূজাৰ দিনা কুইজ পতাৰ ধৃষ্টতা পুনৰ দেখুওৱা নাই।

https://biriyaa.com/

এই ডি.এচ.এল.আৰ বোলা বস্তুটোৱে আচলতে পূজাৰ সৌন্দৰ্য আৰু অধিক বঢ়াই দিলে যোৱাকেইবছৰমানৰ পৰা। ছোৱালীবোৰে ফটো উঠি ফেচবুকত দিব লাগিব বুলি অত্যাধিক সচেতন হৈ সাজ-পাৰ পৰিধান কৰে আৰু ল’ৰাবোৰে ছোৱালীৰসুন্দৰ সুন্দৰ ফটো তুলি যেনে তেনে ৱাটচ এপ নাম্বাৰটো পোৱাৰ ধান্দাত থাকে। লোকচান কাৰো নাই। লাভ সবৰেই। যাৰ প্ৰেম পীৰিতি চেনি আদিৰপ্ৰতি কোনো ধৰণৰ ৰাপ নাই তেওঁলোকে হামৰাও কাঢ়ি থাকে পূজাৰ খিচিড়িখিনিৰ কাৰণে। সেই অমৃত সম খিচিড়িৰ আগত কোনে পাত্তা পাব বাৰু?

এইবাৰ সৰস্বতী পূজা আপোনাৰ কাৰণে সুখকৰ হওক সেয়ে কামনা কৰিলো। প্ৰেয়সী/প্ৰেয়স যদি নাই তেন্তে এই পূজাৰ পৰাই প্ৰেয়সী/প্ৰেয়সৰ উভৈনদী হওক…. 

সা য় ন্ত ন শ ই কী য়া

চিন্তা উদ্ৰেককাৰী ব্যংগৰে পঢ়ুৱৈক আকৰ্ষণ কৰা  অসমৰ নতুন প্ৰজন্মৰ এগৰাকী ব্যংগ লেখকৰ লগতে ৰাজনৈতিক বিশ্লেষক আৰু কুইজমাষ্টাৰ। বিৰিয়াৰ পাঠকৰ বাবে শইকীয়াৰ নিয়মীয়া ব্যংগৰ শিতান - 'শুনা শুনা সৰ্বজন'।

Previous দিনটোৰ প্ৰ তি ফ ল ন
Next অপাৰেচন অল ক্লিয়েৰ-এ বিধ্বস্ত কৰা ভাৰত-ভূটান সীমান্তৰ  খৈৰাণিত  হস্তী অনুকূল পৰ্য্যটনৰ নৱ্যৰূপ

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে