ব্যংগ লিখোঁ আহক


সৰুৰে পৰাই দেউতাক দেখি দেখি ব্যংগ লিখিবলৈ চেষ্টা কৰিছিলো। তেতিয়া অৱশ্যে ব্যংগৰ নামত গোবৰ কিছুমানহে ওলাইছিল মোৰ। এতিয়া ব্যংগ লিখিবলৈ লৈছো ভালকৈ। কি ওলাইছে নাজানো আৰু লিখি গৈছো মুঠতে।

আজিকালি অৱশ্যে ব্যংগ লিখাটো বৰ ৰিস্কি কাম। কোন সময়ত কোন আৱেগিক জনে বেয়া পাই যায় তাৰ গেৰেন্টি নাই। লাগি যাব আপোনাৰ পিছত ষাঁড় গৰুৰ নিচিনাকৈ। কিন্তু তেওঁলোক যদি ষাঁড় হয়, আপুনিও বলধ হ’ব লাগিব। গাধ হ’বলৈ কোৱা নাই বাৰু বলধেই হ’ব। আপুনিও ব্যংগ লিখক বুইছে। ব্যংগ লিখিলে আপুনি বেয়া পোৱা মানুহজনক তিল্ তিল্ কৈ মাৰিব পাৰে। গান এটা আপুনি গালে মানুহজনে শুনিব। ইমছ’নেল মানুহ হ’লে গানটোৱে কাম কৰিব নিজৰ। কিন্তু যদি গঁড়ৰ চৰ্ম সদৃশ যদি কোনোবা হয় তেন্তে গানে কাম নকৰিব। এইবোৰ ক্ষেত্ৰতে ব্যংগই কাম কৰে।

ব্যংগ মানে কৌতুক নহয় কিন্তু সেইটো মনত ৰাখিব। সেইকাৰণে হয়তো ব্যংগ লিখাটো অলপ ‘কামোৰ’ বুলিও ভাবে বহুতে। একো নাই। এবাৰ ট্ৰাই কৰি চাওকচোন আজি আপুনি।

সা য় ন্ত ন শ ই কী য়া

চিন্তা উদ্ৰেককাৰী ব্যংগৰে পঢ়ুৱৈক আকৰ্ষণ কৰা  অসমৰ নতুন প্ৰজন্মৰ এগৰাকী ব্যংগ লেখকৰ লগতে ৰাজনৈতিক বিশ্লেষক আৰু কুইজমাষ্টাৰ। বিৰিয়াৰ পাঠকৰ বাবে শইকীয়াৰ নিয়মীয়া ব্যংগৰ শিতান - 'শুনা শুনা সৰ্বজন'।

Previous গোস্বামীৰ ছোৱালীজনী, দাসৰ ল'ৰাটো
Next ৰাজনৈতিক সচেতনতা