তেওঁয়েই লিখিছিল বিশ্ব সাহিত্যৰ সেই বহুপঠিত গভীৰ আশাবাদৰ উপন্যাসখন৷ ‘দ্যা ওল্ড মেন এণ্ড্‌ দ্যা ছি’৷ ছান্টিয়াগো নামৰ বুঢ়া মাছমৰীয়া এজনৰ কাহিনী আছিল সেয়া৷ প্ৰথম বিশ্বযুদ্ধৰ সমাপ্তিৰ পিছত তেওঁ লিখিছিল ‘এ ফেয়াৰৱেলচ্ টু আৰ্মছ্’৷ যুদ্ধ সম্পৰ্কে তেওঁৰ অভিজ্ঞতা আছিল প্ৰচুৰ৷ প্ৰথম বিশ্বযুদ্ধ, দ্বিতীয় মহাযুদ্ধ আনকি স্পেনিছ চিভিল ৱাৰৰ সময়তো তেওঁৰ আছিল প্ৰত্যক্ষ অভিজ্ঞতা৷  তেওঁ লিখিছিল ‘ফৰ হুম দ্য বেল টলচ’৷ যিখন উপন্যাসক লৈ জনপ্ৰিয় ’মেটালিকা’  নামৰ সংগীত শিল্পীৰ দলটোৱে ৰচিছিল যুদ্ধ বিৰোধী এটা গান৷

এয়া আছিল স্পেনিছ চিভিল ৱাৰৰ পিছত লিখা যুদ্ধ সম্পৰ্কীয় এখন উল্লেখযোগ্য উপন্যাস৷ প্ৰথম বিশ্বযুদ্ধৰ সময়ত আমেৰিকাৰ ৰেডক্ৰ’চৰ এগৰাকী এম্বুলেন্স ড্ৰাইভাৰ হিচাপে নিজকে নিয়োজিত কৰিছিল তেওঁ৷ মহাযুদ্ধৰৰ বিভীষিকাত আনকি গুলীবিদ্ধ হ’ব লগাও হৈছিল তেওঁ৷ তাৰপিছতে তেওঁ লিখিছিল প্ৰেম আৰু যুদ্ধৰ সেই মৰ্মস্পৰ্শী উপন্যাসখন- এ ফেয়াৰৱেলচ্ ট্যু আৰ্মছ্‌’৷

তাৰ পিছত স্পেনিছ চিভিল ৱাৰ৷ যুদ্ধবাজ পৃথিৱীখন কিন্তু সলনি নহ’ল ইয়াৰ পিছতো৷ ১৯৩৯ চনত আকৌ আৰম্ভ হ’ল দ্বিতীয় মহাযুদ্ধৰ৷ এইবাৰো তেওঁ জড়িত হ’ল যুদ্ধৰ স’তে৷ এইবাৰ  কিন্তু পেছা সলনি হ’ল তেওঁৰ৷ এগৰাকী যুদ্ধত্তোৰ সাংবাদিক হিচাপে পৃথিৱীবাসীক যুদ্ধৰ খবৰ দিবলৈ বাছি লৈছিল সাংবাদিকতাৰ বৃত্তি৷

তেওঁ আন কোনো নহয়, তেওঁয়েই সাহিত্যৰ নোবেল বঁটা বিজয়ী সাহিত্যিক আৰ্নেষ্ট হেমিংৱে৷ যুদ্ধই যিগৰাকী  ব্যক্তিক  কৰি তুলিছিল সীমাহীন অভিজ্ঞতাৰ ভাণ্ডাৰ৷ ভালেকেইখন যুদ্ধৰ প্ৰত্যক্ষ অভিজ্ঞতাই কিজানি তেওঁক কৰি তুলিছিল ভাৰাক্ৰান্ত৷ সেইকাৰণেই কিজানি কিউবাৰ সাগৰ তীৰত বহি মাছ ধৰাৰ অভিনয় কৰিছিল তেওঁ৷ কিন্তু সকলোকে হতচকিত কৰি গভীৰ আশাবাদৰ জয়গান গোৱা, যুদ্ধৰ বিৰুদ্ধে বিশ্বমানৰ উপন্যাস ৰচা মানুহজনে এদিন কৰি পেলাইছিল আত্মহত্যা৷

যুদ্ধবাজ ৰাষ্ট্ৰনায়কসকলৰ ক্ষমতা আৰু প্ৰভূত্ব বিস্তাৰৰ মৰ খকে যে সাধাৰণজনৰ একো কল্যাণ সাধন নকৰে সেই কথা বুজি উঠিছিল বহুতো বিদ্বান ব্যক্তিয়ে৷ বিজ্ঞান যে নৰহত্যাকাৰীৰ হাতৰ পুতলা নহয়, সেই কথা চিন্তা কৰিয়েই হয়তো নোবেল বঁটা বিজয়ী মহান চিন্তাবিদ সাহিত্যিক বাৰ্ট্ৰাণ্ড ৰাছেলকে ১৮ গৰাকী বিভিন্ন ক্ষেত্ৰত নোবেল বিজয়ী ব্যক্তিয়ে জাৰ্মানীত ১৯৫৫ চনত আৱাজ তুলিছিল যুদ্ধৰ বিৰুদ্ধে৷
বিশ্ব ইতিহাসৰ পাতে-পাতে  বৰ্ণিত হৈ যুদ্ধৰ কথা৷ মানুহৰ ইতিহাসেই হ’ল সংগ্ৰাম আৰু প্ৰতিষ্ঠা লাভৰ ইতিহাস৷

যুদ্ধক বাদ দি হয়তো প্ৰতিষ্ঠিত হোৱা নাই মানৱ জাতিৰ ইতিহাস আৰু সভ্যতা৷ কিন্তু তাৰ পিছতো বিৰোধ কৰা হৈছে যুদ্ধৰ৷ যুদ্ধই যে মানৱ জাতিৰ সুদুৰপ্ৰসাৰী কল্যাণ সাধন কৰিব নোৱাৰে সেই কথা বাৰে বাৰে উচ্চাৰিত হৈ আহিছে আৰু সংগঠিত হৈছে এচাম লোক যুদ্ধৰ বিৰুদ্ধে৷ ৰচনা কৰিছে যুদ্ধ বিৰোধী সাহিত্য, গান, চিনেমা, চিত্ৰ নহ’লে জানো প্ৰত্যক্ষ যুদ্ধৰ অভিজ্ঞতালব্ধ  আৰ্নেষ্ট হেমিংৱেই ৰচনা কৰিব পাৰে- ‘এ ফেয়াৰৱেল ট্যু আৰ্মছ্‌’ৰ দৰে উপন্যাস?

লিও টলষ্টয়ৰ ‘যুদ্ধ আৰু শান্তি’ৰ দৰে বহুপঠিত উপন্যাসৰ কথা নতুনকৈ দোহাৰাৰ হয়তো আৰু কোনো প্ৰয়োজন নাই এতিয়া। প্ৰথম আৰু দ্বিতীয় মহাযুদ্ধৰ পিছত মানৱজাতিয়ে দেখিছিল যুদ্ধৰ ভয়াৱহতা৷ যুদ্ধবাজ ৰাষ্ট্ৰনায়কসকলৰ ক্ষমতা আৰু প্ৰভূত্ব বিস্তাৰৰ মৰ খকে যে সাধাৰণজনৰ একো কল্যাণ সাধন নকৰে সেই কথা বুজি উঠিছিল বহুতো বিদ্বান ব্যক্তিয়ে৷ বিজ্ঞান যে নৰহত্যাকাৰীৰ হাতৰ পুতলা নহয়, সেই কথা চিন্তা কৰিয়েই হয়তো নোবেল বঁটা বিজয়ী মহান চিন্তাবিদ সাহিত্যিক বাৰ্ট্ৰাণ্ড ৰাছেলকে ১৮ গৰাকী বিভিন্ন ক্ষেত্ৰত নোবেল বিজয়ী ব্যক্তিয়ে জাৰ্মানীত ১৯৫৫ চনত আৱাজ তুলিছিল যুদ্ধৰ বিৰুদ্ধে৷ আচৰিতভাবে এবছৰৰ ভিতৰতে যুদ্ধৰ বিৰুদ্ধে চহী কৰা নোবেল বিজয়ী ব্যক্তিৰ সংখ্যা বাঢ়ি ৫২ হৈছিলগৈ৷ যুদ্ধৰ বিৰুদ্ধে বাৰ্ট্ৰাণ্ড ৰাছেল আছিল অতিমাত্ৰা সৰৱ৷ আনকি ছিগমণ্ড ফ্ৰ’য়েড, এলবাৰ্ট আইনষ্টাইন আদিৰ দৰে যুগজয়ী ব্যক্তিসকল আণবিক যুদ্ধৰ বিৰুদ্ধে মাৰবান্ধি থিয় হৈছিল৷ বৌদ্ধিক আৰু মনোবৈজ্ঞানিক দৃষ্টিভংগীৰে তেঁওলোকে যুদ্ধৰ বিৰুদ্ধে অৱস্থান লৈছিল৷ বিশ্বখ্যাত এই মহান ব্যক্তিসকলে সদায় মানৱতাবোধৰ জয়গান আৰু চিন্তাৰ স্বাধীনতাক অগ্ৰাধিকাৰ দিছিল৷

দ্যা গ্ৰেট ডিক্টেটৰ মহান শিল্পী চাৰ্লি চেপলিনৰ বক্তব্য।                                                                            সৌজন্য : ইউ টিউব

বহু সাহিত্যিক, গায়ক, কথাছবি নিৰ্মাতাই যুদ্ধৰ বিৰুদ্ধে মহান কৰ্মৰাজিৰ সৃষ্টি কৰি মানৱ জাতিক বুজাব খুজিছিল যুদ্ধৰ বিভীষিকা, ভয়াৱহতা, বিষাদগ্ৰস্ততা আৰু অপ্ৰাপ্তিৰৰ কান্দোনক৷ নাম ল’ব পাৰি এলবাৰ্টো মোৰাভিয়াৰ ‘ট্যু ৱমেন’ নামৰ উপন্যাসখনৰ৷ যুদ্ধই কিদৰে পংগু কৰি পেলায় জীৱন সেই কথা মোৰাভিয়াৰ উপন্যাসখনে দাঙি ধৰিছে পাতে পাতে৷ বব ডিলান, মাইকেল জেকচন, মেটালিকা  ইত্যাদি মহান সংগীত শিল্পীয়ে ৰচিছিল যুদ্ধ বিৰোধী গান৷ এইখিনিতে মহান চাৰ্লি চেপলিনৰ ‘দ্যা গ্ৰেট ডিক্টেটৰ’ ছবিখনৰ শেষৰ ফালে চাৰ্লি চেপলিনৰ মুখেৰে ওলোৱা সেই বিখ্যাত বক্তব্যখিনি শুনি লব পাৰে৷ যুদ্ধৰ বিৰুদ্ধে আৰু মানৱতাবাদৰ সপক্ষে সেই বক্তব্যখিনি আজিৰ তাৰিখতো সমানেই প্ৰাসংগিক৷  ইতিহাস পাতৰ কলংকিত নায়ক হিটলাৰক লৈ সেয়া আছিল এক তীৰ্য্যক ব্যঙ্গ৷ তদুপৰি অস্কাৰ জয়ী চিনেমা ‘ন’ মেনছ্‌ লেণ্ড’ এখন যুদ্ধবিৰোধী প্ৰখ্যাত চিনেমা৷ য’ত দেখুৱাই দিয়া হৈছে যুদ্ধই সাধাৰণ সৈনিকৰ জীৱনক লৈ কৰা ল’ৰা-ধেমালি৷

যুদ্ধক বাদ দি হয়তো প্ৰতিষ্ঠিত হোৱা নাই মানৱ জাতিৰ ইতিহাস আৰু সভ্যতা৷ কিন্তু তাৰ পিছতো বিৰোধ কৰা হৈ আহিছে যুদ্ধৰ৷ যুদ্ধই যে মানৱ জাতিৰ সুদুৰপ্ৰসাৰী কল্যাণ সাধন কৰিব নোৱাৰে সেই কথা বাৰে বাৰে উচ্চাৰিত হৈ আহিছে আৰু সংগঠিত হৈছে এচাম লোক যুদ্ধৰ বিৰুদ্ধে৷

এনেকুৱা অজস্ৰ যুদ্ধবিৰোধী সৃষ্টিৰাজি তথা শিল্পকৰ্মৰ উদাহৰণ দিব পাৰি৷ কিন্তু দুখনকৈ হৈ যোৱা বিশ্বযুদ্ধ, ভাৰত-চীনৰ যুদ্ধ,পাক-ভাৰতৰ কাৰ্গিল যুদ্ধ, উপসাগৰীয় যুদ্ধ, ইৰাক-ইৰাণৰ যুদ্ধই যি শিকাই গ’ল তাৰপিচতো এচাম যুদ্ধবাজ ৰাষ্ট্ৰনায়ক আৰু প্ৰভূত্ব বিস্তাৰৰ ৰাজনীতিকৰ হুংকাৰত এতিয়াও আমাক যুদ্ধন্মাদ কৰি তুুলিব খোজে৷ সীমান্তৰ দুয়োপাৰ হৈ উঠে গৰ্জনমুখৰ৷ নিৰাপদ দূৰত্বত অৱস্থান কৰি কিছুমানে  যুদ্ধৰ বাবে উচতাই থাকে দেশক৷ পাইকাৰী হাৰত  সৃষ্টি হোৱা জনতাৰ ট্ৰেজেডীক তেওঁলোকে দূৰৰ পৰাই কৰিব বিচাৰে উপভোগ৷

মহান সাহিত্যিক আৰ্নেষ্ট হেমিংৱে

কিন্তু যুদ্ধই বাৰে বাৰে সাধাৰণজনৰহে জীৱন আৰু সম্পত্তিৰ বিনাশ সাধন কৰে৷ কৰ’না ভাইৰাছ সংক্ৰমণৰ এই পৃথিৱীত  আমাক বাৰুকৈয়ে শিকাইছে বিশ্বত মানুহৰ বাবে প্ৰয়োজনীয় উপাদান কি৷ পাৰমাণৱিক অস্ত্ৰ ,গোলাবাৰুদ নে চিকিৎসা সামগ্ৰী৷ বিজ্ঞানৰ প্ৰভুত উন্নতিয়ে আমাক লৈ গৈছে মহাকাশৰ মজিয়ালৈ কিন্তূ বিজ্ঞান যেন জনতাৰ কল্যাণৰ বাবে প্ৰয়োগ কৰাত আজিও ব্যৰ্থ৷ বাৰ্ট্ৰাণ্ড ৰাছেল, এলবাৰ্ট আইনষ্টাইনৰ দৰে মহান বিজ্ঞানীসকলে সেই সময়ৰে পৰা বিজ্ঞানক মানৱজাতিৰ কল্যাণৰ বাবে ব্যবহাৰ কৰিবলৈ আৱাজ উঠাই আহিছিল৷ হিৰোশ্বিমা নাগাচাকিৰ কৰুণ পৰিণতিয়েও যেন আমাক শিক্ষা দিব পৰা নাই৷ প্ৰতিযোগিতা চলোৱা হয় জৈৱিক তথা পাৰমাণৱিক অস্ত্ৰ মজুত ৰখাৰ অন্ধ উন্মাদনাত৷ মাৰ্কিন যুক্তৰাষ্ট্ৰ নিয়ন্ত্ৰিত অস্ত্ৰৰ বজাৰখন লক্ষ্য কৰিলেই এই কথা ওলাই পৰে ৷

এখন সৰু দেশ হিচাপে কিউবাই এইক্ষেত্ৰত দেখুৱাইছে এক আশাব্যঞ্জক খবৰ৷ দেশখনে অস্ত্ৰ নিৰ্মাণতকৈ গুৰুত্ব প্ৰদান কৰিছে চিকিৎসা সামগ্ৰী নিৰ্মাণত৷ গুৰুত্ব দিছে যুদ্ধবাজ একনায়কত্ববাদী ৰাজনীতিকৰ সলনি চিকিৎসকৰূপী মানৱ সম্পদ গঢ়াত ৷ কৰ’নাকালীন এই সময়ত বিশ্ববাসীয়ে দেখিছে কিউবাৰ মহানুভৱতা৷

গতিকে যুদ্ধৰ বিৰুদ্ধে বিশ্ববাসীৰ ঐক্যবদ্ধ আৱাজে এই বিশ্বত কঢ়িয়াই আনিব পাৰে মানৱতা আৰু ভাতৃত্ববোধৰ জয়গান৷ যুদ্ধৰ শেষত এই কথাৰেই শিক্ষা দিছে আমাক যুদ্ধৰ বিভীষিকাই৷ ইয়াৰ কাৰণে লাগিব অধিকাংশ জনতাৰ যুদ্ধৰ বিৰুদ্ধে ঐক্যবদ্ধ আৱাজ৷ কোনোবা একনায়কত্ববাদী ৰাষ্ট্ৰনেতাৰ হুংকাৰত যে এই বিশ্বৰ শান্তিপ্ৰিয় মানুহে উঠা-বহা নকৰে তাৰ বাবে সংগঠিত হ’ব লাগিব৷ যুদ্ধবাজ তথা মহাশক্তিধৰ আমেৰিকাইও ভিয়েটনাম আৰু ইৰাক যুদ্ধত অংশগ্ৰহণ কৰি মৃত্যুৰ কিৰিলি বিয়পাই দিয়াৰ বাবে এটা সময়ত নিজ দেশৰ জনতাৰে প্ৰতিবাদৰ সন্মুখীন হ’ব লগা হৈছিল৷ যুদ্ধৰ বিৰুদ্ধে ৰাজপথত নামিছিল আমেৰিকাৰ জনতা৷যুদ্ধ আৰু ৰাজনীতিৰ নামত দেশৰ  সাধাৰণ জনতাক বাৰে বাৰে প্ৰতাৰণা কৰাৰ বিৰুদ্ধে নতুন প্ৰজন্মই মাৰবান্ধি উঠিব লাগিব  আৰু বিদায় দিব লাগিব যুদ্ধক৷

Previous হাৰিবলৈও শিকোচোন কেতিয়াবা
Next আমাৰ নদীত থকা শিহুবোৰ