কাৰ্টুন : গুণ্ডুজ্‌ আঘায়েৱ

লষ্টয়ৰ ‘যুদ্ধ আৰু শান্তি’ আৰু আৰ্নেষ্ট হেমিংৱেৰ ‘হে যুদ্ধ বিদায়’ পঢ়িছোঁ। বিশ্ব যুদ্ধৰ অন্য কিতাপো পঢ়িছোঁ। ইংৰাজী ৱাৰ ফিল্ম কেইখনমান চাইছোঁ। হিন্দী ছবি ‘বৰ্ডাৰ’ চাইছোঁ। যুদ্ধৰ বিভীষিকা আৰু তাৰ পিছৰ পৰিৱেশ মই ভালকৈ অনুভৱ কৰিব পাৰোঁ। হিৰোছিমা , নাগাচাকিৰ কথা এতিয়াও মনত পৰে। সেয়ে কওঁ – যুদ্ধ নালাগে, শান্তি লাগে। বিশ্বৰ লাখ লাখ মানুহে কৈ আহিছে। ৰাষ্ট্ৰসংঘৰ জন্ম হৈছে।

তাৰপিছতো কিন্তু কেতিয়াবা দুখন দেশৰ মাজত যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হয়, বা যুদ্ধ লাগে। বৰ্তমান ভাৰত আৰু পাকিস্তানৰ মাজত তেনে এক পৰিৱেশ গঢ়ি উঠিছে। সন্ত্ৰাসবাদীৰ আক্ৰমণৰ উত্তৰ হিচাপে ভাৰতে সন্ত্ৰাসবাদীৰ ঘাটি উৎখাত, তাৰপিছত ভাৰতীয় বায়ু সেনাৰ পাইলট অভিনন্দন পাক সেনাৰ হাতত বন্দী হোৱাৰ বাতৰি চৰ্চালৈ আহিছে। সকলোৱে কৈছে – যুদ্ধ নহয়, শান্তি লাগে। পাকিস্তানৰ ছ’চিয়েল মিডিয়াতো এই আহ্বান দেখা গৈছে। সকলোৱে অনুভৱ কৰিছে – যুদ্ধই কেৱল ধ্বংস কৰে।

 

 

কথাবোৰ আলাপ আলোচনাৰে সমাধা হওক। অভিনন্দন ভাৰতলৈ উভতি আহক। এইমুহূৰ্তত মোৰ ‘বৰ্ডাৰ’ ছবিখনৰ শেষৰ দৃশ্যত বাজি থকা গানটোলৈ মনত পৰিছে –

জংগ্ তো চান্দ ৰোজ হোতে হে
জীন্দেগী বৰছো তলক ৰোতে হে … 

ইফটিখাৰ হুছেইন

সমাজ, জীৱন আৰু সময়ক লৈ সচেতন লেখক তথা তাৎক্ষণিক টিপ্পনীকাৰ

Previous যুদ্ধৰ দামামা: আৱেগ বনাম বিবেক
Next মানুহৰ বাবে বিজ্ঞান আৰু বিজ্ঞানৰ বাবে মানুহ