জি পবিত্ৰ শিক্ষক দিৱস৷ চৰকাৰী ভাবে বহু কৃতী শিক্ষকক বাচনি কৰি বিভিন্ন পদক প্ৰদানেৰে সন্মানিত কৰিব৷ কিন্তু বছৰ বছৰ ধৰি বিনা বেতনে শিক্ষকতাকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰি যিসকল মহান শিক্ষকে শিক্ষাৰ পোহৰ বিলাই, মানুহ গঢ়াৰ খনিকৰ হিচাপে নিজকে উচৰ্গা কৰিলে তেওঁলোকে আজি কি বুলি সান্তনা লভিব? এই অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষকসকলোৰ দুখেৰে ভৰা জীৱন কাহিনী সীমাসংখ্যাহীন৷

অসম মুলুকত হাজাৰ হাজাৰ তেনে শিক্ষকে কটাবলগীয়া হৈছে দুৰ্বিসহ জীৱন৷ পৰিয়ালৰ ভৰণপোষণৰ সমস্যাক প্ৰতি নিয়ত সংগী হিচাপে লৈ সেইবোৰৰ প্ৰতি বিশেষ ভ্ৰুক্ষেপ নকৰি বিৰামহীন ভাৱে চলাই গৈ আছে শিক্ষাদান কাৰ্য৷ নিজৰ পৰিয়ালৰ পোহপাল, লৰা-ছোৱালীৰ পঢ়াশুনাৰ সমস্যাকে ধৰি সকলো সমস্যাক তল পেলাই থৈ আনৰ দুখত সদায় ছাঁৰ দৰে থাকি, আনৰ সমস্যা আদিক লৈ সহায়ৰ হাত আগবঢ়াবলৈ সদা প্ৰস্তুত হৈ থাকে এইসকল শিক্ষক৷ কিন্তু তাৰ পিছতো এইসকল ব্যক্তি সুদীৰ্ঘদিন ধৰি অৱহেলিত হৈ আহিবলগীয়াত পৰিছে৷ অসমৰ কেবাহাজাৰো শিক্ষা গুৰুই বছৰ বছৰ বছৰ ধৰি সম্পূৰ্ণ বিনা বেতনে  শিক্ষকতাৰ দৰে মহান বৃত্তিক আকোৱালি লৈ দুৰ্বিসহ জীৱন অতিবাহিত কৰিবগীয়া হোৱাতো অতি পৰিতাপৰ বিষয়৷ এইসকল শিক্ষা গুৰুৰ বাবে শিক্ষক দিৱসৰ কিবা প্ৰাসংগিকতা থাকিব পাৰে নে? এনেদৰে  প্ৰচূৰ সম্ভাৱনা থকা এই  মহান শিক্ষক সকলৰ প্ৰতি চৰকাৰৰ দৃষ্টি পৰিবনে?

(ফটো উংস-ইন্টাৰনেট)

চৰকাৰে প্ৰাদেশিকীকৰণ কৰাৰ বাবে বছৰ বছৰ ধৰি মাথো প্ৰতিশ্ৰুতিহে দি আহিছে অথচ আজিলৈকে আন কেবা হাজাৰ বিদ্যালয়ক  প্ৰাদেশিকীকৰণ কৰিবলৈ সক্ষম হোৱা নাই৷ উল্লেখ্য যে প্ৰাদেশিকীকৰণৰ দাবীত এই শিক্ষকসকলে জিলা সদৰৰ উপৰিও দিছপুৰলৈ গৈ বহু বছৰ আন্দোলন কৰি পুলিচৰ  লাঠিৰ কোব খাবলগীয়াতো পৰিছে৷ প্ৰাদেশিকীকৰণৰ দাবীত জিলা সদৰত আমৰণ অনশন কাৰ্যসূচীত ভাগ লৈ অনাহাৰে থকাৰো উদাহৰণ অজস্ৰ আছে৷ বহু আন্দোলনৰ হেঁচাত পৰি ২০১৩ চনত বহুতো অকল্পনীয় চৰ্ত জাপি দি কিছু শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ কৰিলে যদিও চৰকাৰী মেৰপেচত পৰি তথা চৰকাৰী কৰ্মচাৰীক সন্তুষ্ট কৰিব নোৱাৰি আন কেবা হাজাৰ শিক্ষানুষ্ঠানে প্ৰাদেশিকীকৰণৰ মুখ নেদেখিলে৷

বহু শিক্ষকে  ঘৰুৱা শিক্ষকতাৰে পৰিয়াল চলাই আছে যদিও দিন যোৱাৰ লগে লগে বহুতৰ বয়সে নমনা হৈ পৰিছে৷  লৰা-ছোৱালী,পত্নী  মা দেউতা ভাই ভনী সহ নিজ পৰিয়ালবোৰৰ পোহপাল দিয়াটো খুবেই কঠিন হৈ পৰিছে৷ আনহাতে সম্প্ৰতি কৰ’ণা মহামাৰীৰ বাবে ল’কডাউন চলি থকাত আৰ্থিক সংকট আৰু অধিক পৰিমাণে বৃদ্ধি পাইছে৷

২০১৪ চনৰ ৩০ জুনত ৮৯ খন বিদ্যালয় পুনৰ প্ৰাদেশিকীকৰণৰ বাবে সকলো কাম শেষ কৰি বিত্ত বিভাগলৈ পদ সৃষ্টিৰ বাবে প্ৰেৰণ কৰে বিদ্যালয়বোৰক দুটা ভাগত ভাগ কৰি। (ক) স্বীকৃতি লাভৰ পৰা ০১-০১-২০০৩ লৈ, (খ) ২০০৪ ৰ পৰা আজিৰ তাৰিখলৈকে। (জ্যেষ্ঠতাৰ ভিত্তিত আগৰ খিনি আগতে লোৱা নিয়ম।) শৰৎ বৰকটকী শিক্ষামন্ত্ৰী হৈ থাকোতে বিধান সভাৰ অধিৱেশনতো আলোচনা মৰ্মে এই বিদ্যালয় সমূহ প্ৰাদেশিকীকৰণৰ বাবে অনুমোদন  লাভ কৰে৷ অথচ বিত্ত বিভাগৰ মেৰপেচত সেয়া তেনেকৈয়ে পৰি থাকিল৷ এতিয়া এওঁলোকে আন্দোলন কৰি কৰি  উপায়হীন হৈ প্ৰাদেশিকীকৰণৰ আশা বাদ দিয়া যেনেই হৈছে৷ এনেকি বহু শিক্ষকে দিন হাজিৰা কৰিও পৰিয়ালৰ ভৰণপোষণ দিব নোৱাৰি আত্মহত্যা কৰিব লগা হৈছে৷ বহু শিক্ষকে  ঘৰুৱা শিক্ষকতাৰে পৰিয়াল চলাই আছে যদিও দিন যোৱাৰ লগে লগে বহুতৰ বয়সে নমনা হৈ পৰিছে৷  লৰা-ছোৱালী,পত্নী  মা দেউতা ভাই-ভনীসহ নিজ পৰিয়ালবোৰৰ পোহপাল দিয়াটো খুবেই কঠিন হৈ পৰিছে৷ আনহাতে সম্প্ৰতি কৰ’ণা মহামাৰীৰ বাবে ল’কডাউন চলি থকাত আৰ্থিক সংকট আৰু অধিক পৰিমাণে বৃদ্ধি পাইছে৷

ইমানবোৰ নিৰাশাজনক স্থিতিৰ মাজতো তেওঁলোকে এতিয়াও আশাপালি ৰৈ আছে নিজ বিদ্যালয়খন প্ৰাদেশীকৃত হোৱালৈ৷ বহু শিক্ষকৰ অৱসৰ গ্ৰহণ কৰাৰো সময় আহি পৰিছে৷ কিন্তু অৱসৰৰ আগে আগে নিজ হাতে গঢ়া বিদ্যালয়খন প্ৰাদেশিকীকৰণ হোৱাৰ আশা তথাপি মনত পুহি ৰাখিছে তেওঁলোকে৷

(বঞ্চিত শিক্ষকৰ প্ৰতিবাদ,ফটো-ইন্টাৰনেট)

উল্লেখযোগ্য যে যোৱা ১৮ আগষ্টত প্ৰাদেশিকীকৰণৰ নামত ভেকোঁভাওনা কৰি কিছু শিক্ষানুষ্ঠানৰ নাম চৰকাৰী ৱেবচাইট যোগে ঘোষণা কৰিছিল৷ কিন্তু শিক্ষকৰ সলনি তেওঁলোকক বিভূষিত কৰা হ’ল টিউটৰ ৰূপে৷ ইমান বছৰে শিক্ষকতা কৰাৰ বিনিময়ত তেওঁলোকক টিউটৰ হিচাপেহে মজুৰি দিব৷ প্ৰায় ৮০ শতাংশ ভেন্সাৰ শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰতি এয়াই হ’ল অসম চৰকৰাৰ প্ৰকৃত সন্মান (?)। দীৰ্ঘ বঞ্চনাৰ পাছত অসমৰ ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰতি প্ৰাদেশিকীকৰণৰ নামত চৰম প্ৰতাৰণা কৰিলে। চমক সৃষ্টিৰে প্ৰাদেশিকীকৰণ কৰা হ’ল বুলি ঘোষণা কৰিলে যদিও প্ৰকৃতাৰ্থত নানা অন্যায় চৰ্ত আৰোপ কৰি প্ৰবঞ্চনাৰ জাল মেলিলে। দীৰ্ঘদিনে সেৱা আগৱঢ়াই অহা এইসকল শিক্ষকৰ প্ৰতি এয়া ঘোৰ অন্যায়৷ শিক্ষা বিভাগৰ এয়া আজব কাণ্ড নহয়নে? এই ক্ষেত্ৰতো পৰীক্ষাৰ ফলাফল, ছাত্ৰ সংখ্যাকে আদি কৰি বিভিন্ন চৰ্তাৱলীৰ পৰিপেক্ষিতত কেবাশ শিক্ষানুষ্ঠানক বঞ্চিত কৰিছে৷ আনকি ২০১৪ আৰু ২০১৮ চনত প্ৰাদেশিকীকৰণৰ বাবে যোগ্য বিবেচিত কৰা বিদ্যালয়কো বাদ দিছে৷ চৰকাৰ তথা অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠানে আজি জাকজমকতাৰে শিক্ষক দিৱস পালন কৰাৰ দিনাখন এইসকল দুৰ্ভগীয়া শিক্ষকৰ কথা চৰকাৰে  এবাৰ ভাবিবনে?

Previous ৰাহুল গান্ধীৰ কটাক্ষঃ “মোদী সৃষ্ট সমস্যা’’ত থানবান দেশ
Next এইচ.আই.ভি আক্ৰান্ত নাৰীৰ বিলৈ: লকডাউনৰ ফলত জীৱনদায়িনী ঔষধৰ বাবে হাহাকাৰ