বিজ্ঞান দিৱস বনাম শ্লোগান দিৱস


 “সহজ ভাঙনিত বি মানে বিশেষ, জ্ঞান মানে জ্ঞানেই; মিলাই লৈ বিজ্ঞান অৰ্থাৎ কোনো বিষয়ৰ সন্দৰ্ভত খৰচি মাৰি আহৰণ কৰা জ্ঞানেই হ’ল বিজ্ঞান৷” ঠিক এনেকৈয়ে বিজ্ঞান দিৱসৰ দিনটোত মাইকৰ আগত ভাষণ আগবঢ়াই বিজ্ঞানৰ সাধনা কৰা লোক চাগৈ দেধাৰ ওলাব৷ আৰু এই মুহূৰ্তত, আপুনি এই লেখাটো পঢ়ি থাকোতেও হয়তো ক’ৰবাত কোনোবাই মাইক এটাৰ আগত আপোনাৰ লগে লগেই চিঞৰি গৈছে – বি মানে বিশেষ,জ্ঞান মানে জ্ঞানেই……!! এইবোৰ একদম সাধাৰণ পৰিঘটনা৷ ইয়াত সময় কাৰকটোৱে (টাইম ফেক্টৰ) কাম কৰিছে, এই ক্ষেত্ৰত দুয়োজনৰ বাবে সময়ৰ মাত্ৰাটো একেই হৈছে ৷
 বাৰু ইমান জটিললৈ নাযাওঁ, তেনেকুৱা কথাবোৰ ইমান চমুকৈ বুজিব-বুজাব পৰা সহজ সূত্ৰ নহয়৷ গতিকে সহজতে আমি বুজিব পৰা পৰিঘটনা দুটামানকে অলপ লিৰিকি-বিদাৰি চাওঁচোন বাৰু আহক৷
পৰিঘটনা ১
বিজ্ঞান দিৱসৰ প্ৰাসংগিকতাত বিদ্যালয়ৰে এজন শিক্ষকে বক্তৃতা আৰম্ভ কৰিলে, ঠিক তেনেদৰেই – “বি মানে বিশেষ, জ্ঞান মানে জ্ঞানেই……!!”  বহুতো কথা কৈ গ’ল, বিৱৰ্তনৰ কথাও উনুকিয়ালে, হিটলাৰক বেয়া বুলিও ক’লে, ইন্টাৰনেটৰ সুফল-কুফলৰ কথা সকলো ক’লে, পৰমাণু শক্তিক মানৱ কল্যাণৰ হকে ব্যৱহাৰ কৰাৰো পক্ষত আছে তেখেত৷ সকলোবোৰ কৈ শেষত এনেদৰে সামৰনি মাৰিলে-“ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰো মনবোৰ বিজ্ঞানৰ পোহৰেৰে উদ্ভাসিত হৈ উঠক, তাৰ কামনাৰে আমিও ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই আমাৰ চমু বক্তব্যৰ সামৰনি মাৰিলোঁ!”
পৰিঘটনা ২
কাহিনীৰ ভদ্ৰলোকজন আধুনিক৷ বহুজাতিক কোম্পেনীত কাম কৰে৷ কেৰিয়াৰত সফল আৰু জীৱনত বহুত সুখী৷ আগতে “পঢ়াত বেয়া আছিল”, এদিন মাকে ধৰি-বান্ধি নিলে জনৈক নামজ্বলা জ্যোতিষীৰ ওচৰলৈ, তেখেতে চাই-চিতি মাথোঁ দুটাকৈ পাথৰ পিন্ধিবলৈ দিলে,তেতিয়াৰ পৰা পিছলৈ ঘুৰি চাবলগীয়া হোৱা নাই, কেৰিয়াৰ ব্যক্তিগত জীৱন সকলোফালে জয় জয়-ময় ময়৷ ভদ্ৰলোকে উদাত্তে কৈ গ’ল তেনেকৈ তেখেতৰ সফলতাৰ কাহিনী আৰু মোৰ কানত বাজি থাকিল-“বি মানে বিশেষ, জ্ঞান মানে জ্ঞানেই……!!”
পৰিঘটনা ৩
আমাৰ এই কাহিনীৰ আধুনিকাই ডাইনী কোনো কাৰণতেই বিশ্বাস নকৰে, তেখেতৰ মতে সেইবোৰ তেনেই নিম্ন মানসিকতাৰ লোকে কৰা অন্ধবিশ্বাস৷ কিন্তু হঠাতে কথাৰ প্ৰসংগত এবাৰ হোষ্টেলত কিদৰে নিশা ভূতে আমনি কৰিছিল আৰু ওজা লগাই খেদিহে কেনেকৈ সকাহ পালে সেয়া বৰ ভয়ে ভয়ে ক’ল৷ তেখেতে “মিছন বীৰুবালাক” বৰ শলাগে, “জেউতী আই বেংকক” শলাগে কিন্তু “ইলোৰা বিজ্ঞান মঞ্চই” দিহা কৰা “মৰোণত্তৰ দেহ দান” কাৰ্য্যটো ধৰ্মবিৰোধী আৰু নৰকবাস খাটিবলগীয়া কাম বুলি মানে৷ উভতিবৰ পৰত মোৰ কানত বাজি থাকে-“বি মানে বিশেষ……!!”
পৰিঘটনা ৪
মই প্ৰ’ফেছনেলী মেজিক প্ৰদৰ্শন কৰোঁ, মেহনত কৰি  শিকিও আছোঁ, লগতে বিজ্ঞানমনস্ক তথা যুক্তিবাদী হ’বলৈ সদায় চেষ্টা কৰোঁ৷ তাক লৈ মোৰ বন্ধু এজনৰ আক্ষেপ, মই হেনো দুমুখীয়া নীতিৰ মানুহ৷ তেখেতে যাদুবিদ্যাক তন্ত্ৰ-বিদ্যা বুলিহে মানে৷ তেখেতৰ মতে মই হেনো তান্ত্ৰিক, গতিকে বিজ্ঞানৰ কথা মই ক’লে নুশুৱাই৷ তেখেত কিন্তু উচ্চশিক্ষিত এজন কৰ্মচাৰী৷ যথেষ্ট ধৰ্মপৰায়ণ লোক৷ তেখেতে বেদক বিজ্ঞানৰ আদিমূল বুলি বিশ্বাস কৰে আৰু মোৰ যাদুবিদ্যাক প্ৰেত-বিদ্যা বুলি৷
মোৰ কানত বাজি থাকে সেইটো শ্লোগান, “সহজ ভাঙনিত বি মানে বিশেষ, জ্ঞান মানে জ্ঞানেই……!!”
উপসংহাৰ
আচলতে কিছুমান ক্ষেত্ৰত বিজ্ঞান এতিয়াও শ্লোগান হৈয়ে আছে, বিজ্ঞান দিৱস বুলি উদযাপন কৰা ২৮ ফেব্ৰুৱাৰীৰ দিনটোও হয়তো শ্লোগান দিৱস হৈয়ে ৰৈ গৈছে৷ আমি মন-মগজুৰ দেৱালে দেৱালে সেই শ্লোগান লিখিয়ে বিজ্ঞানৰ চৰ্চা কৰিছোঁ বুলি ভাৱি অন্য গ্ৰহৰ জীৱৰ লগত ফেৰ মাৰিবলৈ ওলাইছো৷ 
Avatar
গৌ ৰী শং ক ৰ দা স
Previous বিজ্ঞান চৰ্চা
Next পক্ষী গণনাৰে চি ভি ৰমনলৈ শ্ৰদ্ধাৰ্ঘ্য কটন বিশ্ববিদ্যালয়ত : ২৮ বিধ ভিন্ন প্ৰজাতিৰ পক্ষী লিপিবদ্ধ