নাগৰিকত্ব(সংশোধনী) বিধেয়কৰ বিৰুদ্ধাচৰণ কৰি মিজোৰামৰ জনতাই গ্ৰহণ কৰা বিচ্ছিন্নতাবাদৰ স্থিতিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সমাজ আৰু ৰাজনীতিত এক নতুন ইংগিত দিছে। বিধেয়কখনৰ ভয়াৱহতা আৰু মিজো জনতাৰ ভৱিষ্যত বিপদাপন্ন হোৱা বিষয়টো লৈ মিজো ৰাইজে চৰম ক্ষোভ প্ৰকাশ কৰি আজি গণৰাজ্য দিৱস বৰ্জনেৰে ভাৰতক চিৰদিনলৈ বিদায় জনাই চীনৰ সৈতে থকাৰ যি হুংকাৰ দিছে ই অতি তাৎপৰ্যপূৰ্ণ। গত ২৩ তাৰিখে মিজোৰামত ছাত্ৰ সংগঠনে উলিওৱা এক প্ৰতিবাদী সমদলত চীনা ভাষাতেই চীনৰ সতেহে থাকিবলৈ আগ্ৰহ প্ৰকাশ কৰাৰ এই কথা ৰাজহুৱা হয়। ৰাজ্যখনৰ সমূহ অনাচৰকাৰী সংগঠনৰ সামূহিক সংস্থা এনজিঅ’ ক’অৰ্ডিনেচন কমিটিয়ে গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান দি জানিবলৈ দিছিল যে- যিহেতু মিজো ৰাইজৰ অনুৰোধ, আহ্বান, প্ৰতিবাদ সকলো আওকাণ কৰি দেশৰ চৰকাৰে অবৈধ বহিৰাগতকহে অধিক গুৰুত্ব দিছে, তেন্তে মিজো ৰাইজেনো গণৰাজ্য দিৱসত ভাগ লোৱাৰ অৰ্থ ক’ত? দেশৰ চৰকাৰখনে মিজোৰামক ভাৰতৰ অংগ বুলি মানসিকভাৱে গ্ৰহণ কৰা নাই বাবেই, তেওঁলোকৰ মতক আওকাণ কৰিছে আৰু সেয়েই ভাৰতৰ পৰা বিছিন্ন হোৱাই উচিত বুলি তেওঁলোকে দেশৰ গণৰাজ্য দিৱসক সাৰ্বজনীনভাৱে বৰ্জন কৰিছে।  মিজো জনতাৰ এই চৰম স্থিতি যদি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে গ্ৰহণ কৰিবলগীয়া হয়, অনাগত দিনত কি এক পৰিস্থিতিৰ উদ্ভৱ হ’ব সেয়া ঠাৱৰ কৰাটোৱেই কঠিন। মিজোৰামে গ্ৰহণ কৰা কঠোৰ স্থিতিক যদি ৰাষ্ট্ৰই আজিৰ তাৰিখত আওকাণ কৰি বিধেয়কখন কাৰ্যকৰীকৰণৰ বাবেই আকোঁৰগোজ হৈ থাকে, তেন্তে তেনে পৰিস্থিতিৰ সূচনা হ’বলৈ বেছি পৰ নালাগিব।

কিন্তু, কেৱল ধৰ্মৰ আফিং খাই নিছাগ্ৰস্ত দেশৰ প্ৰধানমন্ত্ৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰী আদিয়ে কোলাৰটো এৰি বোকালৈ মন কৰাদি দেশৰ নাগৰিকক বাদ বিদেশীক আদৰিবলৈ উঠি-পৰি লগাৰ সময়ত এই কথাবোৰলৈ চকু নিদিলে হাতৰ কুঠাৰ ভৰিত মৰাৰ দৰে অৱস্থা হ’বলৈ বেছিপৰ নালাগে।

কেৱল মিজোৰাম বুলিয়েই নহয়, উত্তৰ পূৰ্বাঞ্চলত বিছিন্নতাবাদ আজিৰ কথা নহয়। স্বাধীনতাৰ প্ৰায় সমান্তৰালকৈয়ে নগালেণ্ডত বিদ্ৰোহী নেতা ফিজোৰ নেতৃত্বত স্বাধীন নগাভূমিৰ দাবী উত্থাপন হয়, যিয়েই পিছলৈ নগালেণ্ডৰ দীৰ্ঘদিনীয়া উগ্ৰপন্থী সংগঠনৰ জন্ম দিয়ে। আজিৰ তাৰিখতো নগালেণ্ডৰ সেই দাবী আৰু বিছিন্নতাবাদী সমস্যাৰ সমাধান হোৱা নাই। ঠিক তেনেদৰে অসমতো আলফাৰ, এন ডি এফ বি, কে এল অ’ আদি নানা বিদ্ৰোহী সংগঠনে স্বাধীনতাৰ দাবী উত্থাপন কৰি আহিছে। শেহতীয়াকৈ অসমত পুনৰ নতুন চামৰ মাজত আলফাত যোগ দিয়াৰ যি মনোবৃত্তি ব্যাপক হৈ উঠিছে, সেয়া চিন্তনীয়। এনে পৰিপ্ৰেক্ষিতত, কেৱল ভোট বেংকৰ স্বাৰ্থত, খিলঞ্জীয়া ৰাইজৰ যুক্তি, মত-আদৰ্শ আওকাণ কৰাটো চৰকাৰখনৰ বাবে অতিকে বিপদজনক হৈ উঠিব পাৰে। কেৱল সেয়াই নহয়, অহৰহ উত্তৰ-পূৱৰ ৰাজ্যকেইখনলৈ শেনচকু দি থকা এছিয়াৰ অন্যতম বৃহৎ শক্তি চীনদেশে যে, উত্তৰ-পূৱত গঢ় লোৱা বিছিন্নতাৰ দাবীৰ  সুবিধা নল’ব, সেয়া পোনছাটেই নুই কৰা নাযায়। বিভিন্ন কাৰণত উত্তৰ-পূৱে কেন্দ্ৰৰ পৰা যে গুৰুত্ব নাপায়, সেই কথা অপ্ৰিয় হ’লেও সত্য। দেশৰ তথাকথিত ‘মূল’ ভূখণ্ডৰ অধিকাৰীসকলে যে উত্তৰ-পূৱক ভাৰত অংগ বুলি নাভাৱে, সেয়া সময়ে সময়ে দেখা পোৱা আচাৰ আচৰণ আদিয়ে প্ৰমাণ কৰে। আৰু সেয়েই ভাৰতৰ পৰা বাদ হোৱা, সাৰ্বভৌম হোৱা আদিৰ দৰে দাবীৰ উত্থাপন দিনে দিনে ব্যাপক হ’ব ধৰিছে। কিন্তু, কেৱল ধৰ্মৰ আফিং খাই নিছাগ্ৰস্ত দেশৰ প্ৰধানমন্ত্ৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰী আদিয়ে কোলাৰটো এৰি বোকালৈ মন কৰাদি দেশৰ নাগৰিকক বাদ বিদেশীক আদৰিবলৈ উঠি-পৰি লগাৰ সময়ত এই কথাবোৰলৈ চকু নিদিলে হাতৰ কুঠাৰ ভৰিত মৰাৰ দৰে অৱস্থা হ’বলৈ বেছিপৰ নালাগে, সেয়া সংশ্লিষ্ট সকলে মনত ৰখাটোহে যুগুত। 

সম্পাদক

✉ editor@biriyaa.com

Previous স্বৰ্গত ভূপেন দাৰ স্বগতোক্তি
Next দিনটোৰ প্ৰ তি ফ ল ন

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে