অব্ তেৰা ক্যা হোগা কালিয়া?


‘শ্বো‘শ্বোলে’ চিনেমাখনত গব্বৰ সিঙে তেওঁৰ অনুগত ডকাইত কালিয়াৰ মূৰত বন্দুক থৈ এক কৌতূহলী ভাষাত সোধে : “অব্ তেৰা ক্যা হোগা কালিয়া?”। কালিয়াই ভয়ে ভয়ে উত্তৰ দিয়ে : “চৰদাৰ…ম্যেনে আপকা নমক খায়া হ্যে চৰদাৰ”। এই বিখ্যাত শাৰী দুটা এতিয়াৰ অসমত বৰকৈ প্ৰযোজ্য হ’ব। এতিয়া আমাৰ হিমু দাই বা কি জবাব দিয়ে নাগপুৰক?

www.cartoonistnituparna.org

কিয়বা বিধেয়কখনৰ সমৰ্থনত ইমান হৈ হাল্লা কৰি ভাষণ দিয়াৰ পিছতো থমকি ৰ’ল? নাগপুৰ আৰু আনবোৰেচোন এতিয়া শান্তিত থাকিবই নিদিব আমাৰ দাদা সকলক। কালি উদাত্ত কণ্ঠেৰে গৰজি ভাষণ দিয়া শুনিছিলো, কিবা হেনো অসমৰ ডাঙৰ লোকচান হ’ল বিধেয়কখন ৰৈ যোৱাৰ কাৰণে? আচলতে লোকচান তেওঁৰহে হ’ল। ক’বলৈ অলপ বেয়া পাইছে হয়তো। অসমৰ মানুহৰ উল্লাস দেখি ৰাজনৈতিক ভৱিষ্যৎ যে সিমান ভাল নহয় সেইটো হয়তো ভালদৰে উপলব্ধি কৰিছে এইবাৰ। সি যি কি নহওক, কালিয়াক জনালো অল দা বেষ্ট আগন্তুক দিনৰ বাবে! 

Previous ৰেডিঅ' গীতিমালা
Next গান্ধী হত্যাৰ আখৰা আৰু কিছু বিক্ষিপ্ত প্ৰাসংগিক চিন্তা