জাজাতি-বৰ্ণ-ধৰ্মৰ সংকীৰ্ণতম গণ্ডীত ৰৈ বিভেদ আৰু হিংসাৰ গৰল বিয়পোৱা সমাজক সমতাৰ পিনে আগবাঢ়ি যোৱাৰ এক নতুন পথ দেখুৱাই গৌৰৱেৰে ঠিয় হ’ল তামিলনাডুৰ তিৰুপুট্টুৰৰ এগৰাকী মহিলা। নাম এম এ স্নেহা পাৰ্থিৱৰাজা। পেশাত অধিবক্তা স্নেহাই অলপতে তিৰুপুট্টুৰৰ তহছিলদাৰৰ কাৰ্য্যালয়ৰ পৰা লাভ কৰা ‘জাতিহীন, ধৰ্মহীন হোৱাৰ চৰকাৰী প্ৰমাণপত্ৰ’। বহুবছৰ ধৰি চলাই অহা চেষ্টা, আবেদন-নিবেদনৰ পাছত এই প্ৰমাণপত্ৰ লাভ কৰাৰ স্নেহা পাৰ্থিৱৰাজাৰ এই পদক্ষেপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

স্নেহাৰ জাতি-ধৰ্মহীন পৃথিৱীৰ এই সপোনৰ পাতনি শৈশৱতেই আৰম্ভ হৈছিল, যেতিয়া তেওঁৰ নামৰ আগত কেৱল পিতৃৰ নামৰ আদ্যাক্ষৰৰ লগতে মাতৃৰ নামৰ আদ্যাক্ষৰো যোগ হৈছিল। কেৱল সেয়াই নহয়, প্ৰাথমিক বিদ্যালয়তে তেওঁৰ পৰিচয়ৰ সতে কোনো জাত বা ধৰ্মৰ মোহৰ লগোৱা নাছিল অসবৰ্ণ বিবাহত আৱদ্ধ পিতৃ-মাতৃয়ে। জীৱনৰ কোনো প্ৰপত্ৰতে জাতি-ধৰ্মৰ ঘৰকেইটা পূৰ্ণ নকৰা স্নেহাৰ এই স্থিতিয়ে লাহে লাহে তেওঁক সকলোৰে মাজত আদৰ্শ কৰি তুলিছিল। পিতৃ-মাতৃৰ মুক্ত চিন্তা আৰু আদৰ্শৰে সম্পৃক্ত স্নেহা পাৰ্থিৱৰাজাৰ ব্যক্তিগত জীৱন সদায়েই  জাত-পাতৰ চিন্তাৰ পৰা বাহিৰত। সমাজৰ, আত্মীয়-কুটুম্বৰ নানা প্ৰশ্নৰ সন্মুখীন হৈয়ো নিজৰ স্থিতিত দৃঢ় হৈ থকা স্নেহাই নিজৰ বিয়াতো কোনো ধৰ্মীয়-জাতিগত ৰীতি-নিয়ম পালন নকৰাকৈয়ে বিবাহপাশত বহে।

নিজৰ চৌপাশে অহৰহ জাতিগত প্ৰমাণপত্ৰৰ ব্যৱহাৰ আৰু প্ৰয়োজনীয়তা দেখি থকা স্নেহাই এদিন অনুভৱ কৰিলে যে, তেওঁৰ দৰে জাতি-ধৰ্ম বিশ্বাস নকৰা মানুহৰ বাবেও এখন চৰকাৰী প্ৰমাণপত্ৰ থকা উচিত।

নিজৰ চৌপাশে অহৰহ জাতিগত প্ৰমাণপত্ৰৰ ব্যৱহাৰ আৰু প্ৰয়োজনীয়তা দেখি থকা স্নেহাই এদিন অনুভৱ কৰিলে যে, তেওঁৰ দৰে জাতি-ধৰ্ম বিশ্বাস নকৰা মানুহৰ বাবেও এখন চৰকাৰী প্ৰমাণপত্ৰ থকা উচিত আৰু সেই অনুভৱকে আধাৰ কৰি ২০১০ৰ পৰা ইয়াৰ বাবে বিভিন্ন স্থানত আবেদন কৰিবলৈ লয়। কিন্তু প্ৰায় ৭ বছৰ বিফল মনোৰথ হৈ উভতাৰ পাছত অৱশেষত এই বছৰৰ ৫ ফেব্ৰুৱাৰীত স্নেহাৰ সপোন সাকাৰ হ’ল আৰু তেওঁ চৰকাৰী পক্ষৰ পৰা নিজৰ আকাংক্ষিত ‘জাতিহীনতা, ধৰ্মহীনতাৰ প্ৰমাণ পত্ৰ’ লাভ কৰে।

সামাজিক ন্যায়ৰ সপক্ষত থকা আৰু মানুহক কেৱল মানুহ হিচাপে গ্ৰহণ কৰিব পৰাৰ মানসিকতাৰ এখন সমাজ গঢ়াৰ সপোন দেখা স্নেহা আৰু তেওঁৰ পৰিয়ালৰ এই পদক্ষেপে অনেক লোককে আকৰ্ষিত আৰু অনুপ্ৰাণিত কৰিছে। অনাগত দিনত হয়তো তেওঁ দেখুওৱা পথত খোজ দিবলৈ অনেকেই আগবাঢ়িব, নাথাকিব জাত-পাত-ধৰ্মৰ নামত হোৱা বিভীষিকা-হিংসা-দ্বেষৰ কৰাল। সেইখন পৃথিৱীৰ অন্যতম বাটকটীয়া হিচাপে স্নেহা পাৰ্থিৱৰাজাৰ এই সাহসী খোজে মানুহক চিৰদিন সাহসী কৰি যাব। 

বিৰিয়াৰ সাঁউৰি
Previous পলিটিক্স নকৰিবা বন্ধু
Next আ ড় ষ্ট